অসমৰ বিপন্ন বন্যপ্ৰাণীৰ ওপৰত চকু বাংলাদেশীৰ; এছ টি এফৰ জালত ৯ সৰবৰাহকাৰী

অসমৰ বিপন্ন বন্যপ্ৰাণীৰ ওপৰত চকু বাংলাদেশীৰ; এছ টি এফৰ জালত ৯ সৰবৰাহকাৰী

এক গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা । অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে চিৰাং জিলাৰ চিদলীত এক গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত এটা

এক গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয়

বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা । অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে চিৰাং জিলাৰ চিদলীত এক গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় । এই অভিযানত এছটিএফে ৮টাকৈ বিলুপ্তপ্ৰায় সোণালী বান্দৰ (Golden Langur) উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত ৯টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ।

সৰবৰাহকাৰীৰ ভিতৰত আছে বাংলাদেশী নাগৰিক

জানিব পৰা মতে এই আন্তঃৰাষ্ট্ৰীয় ৰেকেটটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৯ জন লোকৰ ভিতৰত এজন বাংলাদেশৰ নাগৰিক । আনহাতে, ধৃত অভিযুক্তসকলৰ ভিতৰত পাঁচজন পশ্চিমবংগৰ আৰু তিনিজন অসমৰ বাসিন্দা বুলি জানিব পৰা গৈছে । এই দলটোৱে দীৰ্ঘদিনৰে পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলক কৰি কৰি বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় চলাই আহিছিল ।

ভাৰতীয় বন্যপ্ৰাণী আইনৰ অধীনত সংৰক্ষিত সোণালী বান্দৰ

অভিযানৰ সময়ত উদ্ধাৰ হোৱা আঠটা সোণালী বান্দৰ অত্যন্ত দুষ্প্ৰাপ্য আৰু বিপন্ন প্ৰজাতিৰ বুলি চিহ্নিত কৰা হৈছে । উল্লেখ্য যে, এই বিশেষ প্ৰজাতিৰ বান্দৰ কেৱল অসমৰ কিছু অংশ আৰু চুবুৰীয়া দেশ ভূটানৰ পাৰ্বত্য বনাঞ্চলতহে পোৱা যায় । ভাৰত চৰকাৰৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত এই প্ৰজাতিক কঠোৰ সুৰক্ষা প্ৰদান কৰা হৈছে ।

উদ্ধাৰ হোৱা প্ৰাণীকেইটাক ততাতৈয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু উপযুক্ত পুনৰ্সংস্থাপনৰ বাবে বন বিভাগৰ হাতত অৰ্পণ কৰা হৈছে ।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰেও সক্ৰিয় এই নেটৱৰ্ক

আৰক্ষীৰ প্ৰাথমিক তদন্তত সন্দেহ কৰা হৈছে যে এই গোটটোৱে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰেও এক বিশাল সংগঠিত নেটৱৰ্ক চলাই আছিল । এই সমগ্ৰ ক’লা বজাৰখনৰ শিপা ক’লৈ ডাল-পাল মেলিছে, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত ক্ষিপ্ৰ কৰি তুলিছে । চিণ্ডিকেটটোৰ আন সদস্যসকলক অতি শীঘ্ৰেই কৰায়ত্ত কৰা হ’ব বুলি এছটিএফে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : অচিৰেই অসমৰ পৰিচয় বহন কৰিব ৪ কিলোমিটাৰ দীঘল ‘সাংস্কৃতিক কৰিডৰ’-এ

শেহতীয়া প্ৰৱন্ধসমূহ