'এয়া আক্ৰমণ নহয়, শাস্তি হে...'; ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ

‘এয়া আক্ৰমণ নহয়, শাস্তি হে…’; ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ

ইৰাণৰ বিৰুদ্ধে বৰ্তমানলৈকে আমেৰিকাই গ্ৰহণ কৰা সৰ্ববৃহৎ সামৰিক ব্যৱস্থাৰ সন্দৰ্ভত এটা ডাঙৰ দাবী উত্থাপন হৈছে। ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাই। ড’নাল্ড ট্ৰাম্পে কয় যে এইটো কেৱল আক্ৰমণ নহয়, শাস্তিহে। মধ্যপ্ৰাচ্যত উত্তেজনা পুনৰবাৰ তীব্ৰতৰ হৈ পৰিছে। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে ব্যাপক বিমান আক্ৰমণ চলাই হৰমুজ

ইৰাণৰ বিৰুদ্ধে বৰ্তমানলৈকে আমেৰিকাই গ্ৰহণ কৰা সৰ্ববৃহৎ সামৰিক ব্যৱস্থাৰ সন্দৰ্ভত এটা ডাঙৰ দাবী উত্থাপন হৈছে। ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাই। ড’নাল্ড ট্ৰাম্পে কয় যে এইটো কেৱল আক্ৰমণ নহয়, শাস্তিহে।

মধ্যপ্ৰাচ্যত উত্তেজনা পুনৰবাৰ তীব্ৰতৰ হৈ পৰিছে। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে ব্যাপক বিমান আক্ৰমণ চলাই হৰমুজ প্ৰণালীৰ আশে-পাশে থকা কেইবাটাও সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে। আমেৰিকান বিষয়াসকলৰ মতে, এই কাৰ্যবাহী প্ৰায় ১০ দিন পূৰ্বে কৰা আক্ৰমণৰ তুলনাত বহু বেছি ব্যাপক আৰু শক্তিশালী আছিল। আনহাতে, ইৰাণেও আমেৰিকান আক্ৰমণৰ প্ৰত্যুত্তৰত আমেৰিকাৰ যুদ্ধজাহাজলৈ মিছাইল আৰু ড্ৰোণ আক্ৰমণ চলাইছে।

ইৰাণৰ ৮০টাকৈ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাই। এজন জ্যেষ্ঠ আমেৰিকান বিষয়াৰ মতে, এইবাৰৰ সামৰিক পদক্ষেপ পূৰ্বৰ তুলনাত চাৰিৰ পৰা পাঁচ গুণ ডাঙৰ আছিল আৰু এই অপাৰেচন কেইবা ঘণ্টালৈকে চলিব পাৰে। বিষয়াজনে ইয়াক এপ্ৰিল মাহত হোৱা যুদ্ধবিৰতিৰ পিছত ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ আটাইতকৈ তীব্ৰ সামৰিক অভিযান বুলি অভিহিত কৰে।

আমেৰিকান সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি, এই আক্ৰমণ কেৱল প্ৰতিশোধমূলক নহয়, বৰঞ্চ ইৰাণক এক কঠোৰ বাৰ্তা দিয়াৰ উদ্দেশ্যে কৰা হৈছে। বিষয়াজনে ইংগিত দিয়ে যে সামৰিক অভিযান এতিয়াই শেষ হোৱা নাই আৰু অনাগত দিনতো এই ব্যৱস্থা অব্যাহত থাকিব পাৰে। আমেৰিকান সেনাই জনোৱা মতে, তেওঁলোকৰ লক্ষ্য আছিল ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক সামৰ্থ্য। আমেৰিকাই দাবী কৰিছে যে হৰমুজ প্ৰমালীত বাণিজ্যিক জাহাজসমূহৰ বাবে বিপদ সৃষ্টি কৰিবলৈ এই ঘাটিসমূহ ব্যৱহাৰ কৰা হৈছিল।

আনহাতে, ইৰাণে আমেৰিকান আক্ৰমণৰ প্ৰত্যুত্তৰত ওমান সাগৰত থকা আমেৰিকাৰ নৌসেনাৰ জাহাজসমূহলৈ এণ্টি-শ্বিপ ক্ৰুজ মিছাইল আৰু ড্ৰোণ নিক্ষেপ কৰিছে। প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ যুদ্ধজাহাজলৈ অন্ততঃ দুটা এণ্টি-শ্বিপ ক্ৰুজ মিছাইল আৰু কেইবাটাও ড্ৰোণ নিক্ষেপ কৰা হৈছে। মিছাইলসমূহ প্ৰতিহত কৰা হৈছে নে নাই, বা ইয়াৰ ফলত হোৱা কোনো ক্ষতিৰ বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা হোৱা নাই আৰু আমেৰিকায়ো এই আক্ৰমণৰ কথা নিশ্চিত কৰা নাই। ইৰাণৰ উপকূলত আজি নিশা হোৱা বৃহৎ আক্ৰমণ আৰু তেল বাণিজ্যৰ ৰেহাই বাতিল কৰাৰ প্ৰত্যুত্তৰত ইৰাণৰ ফালৰ পৰা এই পদক্ষেপ লোৱা হ’ব পাৰে।

আমেৰিকান চেন্ট্ৰেল কমাণ্ড (CENTCOM)ৰ মতে, মঙলবাৰে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা তিনিখন বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত এই সামৰিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমেৰিকাই সতৰ্ক কৰি দিছে যে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যক লক্ষ্য কৰি লোৱাৰ যিকোনো প্ৰচেষ্টাই গধুৰ মূল্য ভৰিব লাগিব।

সামৰিক পদক্ষেপৰ সমান্তৰালভাৱে আমেৰিকাই ইৰাণৰ তেল ব্যৱসায়ৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে। ৱাশ্বিংটনে কয় যে বাণিজ্যিক জাহাজৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত এই পদক্ষেপ লোৱা হৈছে। আনহাতে, ইৰাণে এই নিষেধাজ্ঞাক যোৱা মাহত হোৱা চুক্তিৰ স্পষ্ট উলংঘা বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক এই ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক: নাটো সন্মিলনৰ পূৰ্বে ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ: মিছাইল আৰু ড্ৰোনৰ আঘাতত কঁপি উঠিল কিয়েভ

শেহতীয়া প্ৰৱন্ধসমূহ