বন্দৰ আব্বাছত আক্ৰমণৰ পিছতে খৰ্গহস্ত ইৰান, আমেৰিকান এয়াৰবেছলৈ ধাৰাবাহিক মিছাইল বৰ্ষণ

বৃহস্পতিবাৰে স্থানীয় সময় পুৱা ৪:৫০ বজাত ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাৰ এটা এয়াৰবেছক লক্ষ্য কৰি প্ৰত্যুত্তৰমূলক আক্ৰমণ চলায়

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানৰ মাজত চলি থকা শান্তি আলোচনা ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱাৰ দিশে অগ্ৰসৰ হৈছে । ইয়াৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি ইৰানৰ ইছলামিক ৰিভল্যুশ্বনেৰী গাৰ্ড কৰ্পছে (IRGC) আমেৰিকাৰ সামৰিক ঘাটিত এক ডাঙৰ আক্ৰমণ চলোৱাৰ দাবী কৰিছে । আনহাতে, এই সামৰিক সংঘাতৰ প্ৰভাৱ এতিয়া চুবুৰীয়া দেশসমূহৰ ওপৰতো পৰা দেখা গৈছে । কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, তেওঁলোকৰ আকাশমাৰ্গলৈ অহা কেইবাটাও মিছাইল আৰু ড্ৰ’ন তেওঁলোকে আকাশতে প্ৰতিৰোধ কৰি ধ্বংস কৰিবলৈ সক্ষম হৈছে ।

বন্দৰ আব্বাছ বন্দৰত আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ-

ইৰানৰ অৰ্ধ-চৰকাৰী সংবাদ প্ৰতিষ্ঠান ‘তাচনিম নিউজ এজেঞ্চী’ৰ এক প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে স্থানীয় সময় পুৱা ৪:৫০ বজাত ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাৰ এটা এয়াৰবেছক লক্ষ্য কৰি প্ৰত্যুত্তৰমূলক আক্ৰমণ চলায় । আইআৰজিচিয়ে জনোৱা মতে, বুধবাৰে নিশা ইৰানৰ গুৰুত্বপূৰ্ণ ‘বন্দৰ আব্বাছ’ৰ ওচৰত আমেৰিকাই চলোৱা বিমান আক্ৰমণৰ প্ৰতিশোধ ল’বলৈহে তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে । অৱশ্যে, সুৰক্ষাৰ স্বাৰ্থত ইৰানে আমেৰিকাৰ কোনটো সামৰিক ঘাটিত এই আক্ৰমণ চলাইছে, সেই কথা এতিয়াও প্ৰকাশ কৰা নাই ।

আমেৰিকাক চৰম সকীয়নি-

এই আক্ৰমণৰ পিছতেই ইৰানৰ ৰিভল্যুশ্বনেৰী গাৰ্ডছে আমেৰিকাক পোনপটীয়াকৈ এক চৰম আৰু কঠোৰ সকীয়নি প্ৰদান কৰিছে । ইৰানে স্পষ্ট কৰি দিছে যে যদি আমেৰিকাই পুনৰ এনেধৰণৰ আক্ৰমণ কৰাৰ দুঃসাহস কৰে, তেন্তে ইয়াৰ পৰিণতি ইয়াতকৈও ভয়াবহ আৰু মাৰাত্মক হ’ব । ভৱিষ্যতে হ’বলগীয়া যিকোনো ধৰণৰ ক্ষয়-ক্ষতিৰ বাবে কেৱল আক্ৰমণকাৰী আমেৰিকাই দায়ী থাকিব বুলিও ইৰানে হুংকাৰ দিয়ে ।

আত্মৰক্ষাৰ বাবে আক্ৰমণ চলোৱা হৈছিল : আমেৰিকা

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত এগৰাকী আমেৰিকান সামৰিক বিষয়াই আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘ৰয়টাৰ্ছ’ক জনোৱা মতে, বুধবাৰে নিশা প্ৰায় ১:৩০ বজাত ইৰানৰ বান্দৰ আব্বাছ চহৰৰ পূব অংশত আমেৰিকান সেনাই এক বৃহৎ অভিযান চলাইছিল। উক্ত স্থানত তিনিটা ডাঙৰ বিস্ফোৰণৰ শব্দ শুনা গৈছিল ।

আমেৰিকাৰ দাবী অনুসৰি, ইৰানৰ সেই সামৰিক ঘাটিটোৱে ‘ষ্ট্ৰেইট অৱ হৰমুজ’ জলপথত নিয়োজিত আমেৰিকান সেনা আৰু বাণিজ্যিক জাহাজসমূহৰ নিৰাপত্তাৰ বাবে ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছিল । সেয়েহে, সম্পূৰ্ণ আত্মৰক্ষাৰ স্বাৰ্থতহে আমেৰিকাই এই সামৰিক পদক্ষেপ গ্ৰহণ কৰিছিল ।

কুৱেইটত হাই-এলাৰ্ট-

এই ভয়াৱহ সামৰিক সংঘৰ্ষৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে । কুৱেইট চৰকাৰে আধিকাৰিকভাৱে ঘোষণা কৰিছে যে দেশখনৰ নিৰাপত্তা সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ প্ৰতিৰক্ষা বাহিনীয়ে ২৪ ঘণ্টাই সষ্টম হৈ আছে । আকাশমাৰ্গ উলংঘা কৰি ধেঁই অহা যিকোনো মিছাইল বা ড্ৰ’ন তৎক্ষণাত চিনাক্ত কৰি আকাশতে ধ্বংস কৰাৰ বাবে কুৱেইটে বিশেষ প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰি তুলিছে ।

লগতে পঢ়ক : ঈদৰ আনন্দৰ মাজতে মধ্যপ্ৰাচ্যত যুদ্ধৰ জোকাৰণি, ইৰানৰ ভূখণ্ডত আমেৰিকাৰ বিধ্বংসী এয়াৰষ্ট্ৰাইক

‘চুক্তি নহ’লে হ’ব মহাসমৰ’: ইৰানক লৈ ট্ৰাম্পৰ হুংকাৰ, আৰৱ দেশসমূহলৈ বিশেষ আহ্বান

ইৰানৰ সৈতে সম্ভাৱ্য চুক্তি আৰু মধ্যপ্ৰাচ্যত দীৰ্ঘম্যাদী সুস্থিৰতা অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পে শনিবাৰে কেইবাখনো শক্তিশালী মুছলিম দেশৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়

ইৰানৰ সৈতে চলি থকা গুৰুত্বপূৰ্ণ কূটনৈতিক আলোচনাক লৈ এক ডাঙৰ আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে । ইছলামিক ৰিপাব্লিক অৱ ইৰানৰ সৈতে চলি থকা বাৰ্তালাপ বৰ্তমান অতি সুন্দৰভাৱে আগবাঢ়িছে বুলি উল্লেখ কৰি ট্ৰাম্পে সকীয়াই দিয়ে যে, এই আলোচনা হয় সকলোৰে বাবে এক ঐতিহাসিক চুক্তি হিচাপে প্ৰমাণিত হ’ব, নতুবা বিশ্বই পুনৰবাৰ এক বিধ্বংসী যুদ্ধৰ সন্মুখীন হ’ব লাগিব ।

এক বিবৃতিত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, “এইখন হয় সকলোৰে বাবে এক অতি ডাঙৰ চুক্তি হ’ব, নতুবা কোনো চুক্তিয়েই নহ’ব । আৰু যদি চুক্তি নহয়, তেন্তে পৰিস্থিতি এনে পৰ্যায় পাবগৈ যে বিশ্ব পুনৰ যুদ্ধক্ষেত্ৰলৈ উভতি যাব । আগতকৈও অতি বৃহৎ পৰিসৰত গুলীয়াগুলী তথা যুদ্ধ আৰম্ভ হ’ব পাৰে, যিটো আচলতে কোনেও নিবিচাৰে ।” অৱশ্যে আমেৰিকাই ইৰানৰ সৈতে এক স্থায়ী সমাধানলৈ আহিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা বুলিও তেওঁ সদৰী কৰে ।

মধ্যপ্ৰাচ্যৰ সুস্থিৰতাৰ বাবে মুছলিম দেশসমূহৰ সৈতে জৰুৰী বৈঠক-

ইৰানৰ সৈতে সম্ভাৱ্য চুক্তি আৰু মধ্যপ্ৰাচ্যত দীৰ্ঘম্যাদী সুস্থিৰতা অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পে শনিবাৰে কেইবাখনো শক্তিশালী মুছলিম দেশৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই সন্দৰ্ভত তেওঁ দাবী কৰে যে আমেৰিকাই অঞ্চলটোৰ শান্তিৰ বাবে ধাৰাবাহিকভাৱে মিত্ৰদেশসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে ।

ট্ৰাম্পে বাৰ্তালাপ কৰা নেতাসকলৰ ভিতৰত আছিল :

চৌদি আৰৱ: যুৱৰাজ মহম্মদ বিন চলমান আল চৌদ ।

সংযুক্ত আৰৱ আমিৰশ্বাহী (UAE): ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ান ।

কাটাৰ: আমিৰ তমিম বিন হমদ বিন খলিফা আল থানী, প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান বিন জচিম বিন জাবেৰ আল থানী আৰু মন্ত্ৰী আলী আল-থাৱাদী ।

পাকিস্তান: ফিল্ড মাৰ্ছল চৈয়দ আচিম মুনিৰ আহমেদ শ্বাহ ।

তুৰস্ক: ৰাষ্ট্ৰপতি ৰেচেপ তায়িপ এৰডোগান ।

ইজিপ্ত: ৰাষ্ট্ৰপতি আবদেল ফাটাহ আল-চিচি ।

জৰ্ডান: ৰজা আব্দুল্লাহ দ্বিতীয় ।

বাহৰেইন: ৰজা হমদ বিন ইছা আল খলিফা ।

‘আব্ৰাহাম চুক্তি’ত স্বাক্ষৰ কৰিবলৈ আহ্বান-

এই বৈঠকতে ৰাষ্ট্ৰপতি ট্ৰাম্পে সকলো মুছলিম দেশকে এক বিশেষ অনুৰোধ জনায় । তেওঁ সকলোকে ঐতিহাসিক ‘আব্ৰাহাম চুক্তি’ (Abraham Accords)-ত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায় । ট্ৰাম্পে কয় যে মধ্যপ্ৰাচ্যৰ এই জটিল পৰিস্থিতি সমাধানৰ বাবে আমেৰিকাই কৰা সকলো প্ৰচেষ্টাৰ পিছত এতিয়া আন দেশসমূহেও আগবাঢ়ি আহি এই চুক্তিৰ অংশ হোৱাটো অত্যন্ত জৰুৰী । উল্লেখ্য যে, ইউ.এ.ই. আৰু বাহৰেইন ইতিমধ্যে এই চুক্তিৰ সক্ৰিয় অংশীদাৰ ।

ট্ৰাম্পে কয়, “হ’ব পাৰে কোনো এটা বা দুটা দেশৰ হাতত এই চুক্তিত অংশ নল’বলৈ নিজা কাৰণ থাকিব পাৰে আৰু তাক সন্মান জনোৱা হ’ব । কিন্তু বেছিভাগ দেশেই ইৰানৰ সৈতে হ’বলগীয়া এই চুক্তিক এক ঐতিহাসিক ঘটনাত পৰিণত কৰিবলৈ সাজু আৰু ইচ্ছুক হোৱা উচিত ।”

আব্ৰাহাম চুক্তিৰ সফলতাৰ দাবী-

ডোনাল্ড ট্ৰাম্পৰ মতে, আব্ৰাহাম চুক্তিত অন্তৰ্ভুক্ত হোৱা দেশসমূহে বিত্তীয়, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত অভূতপূৰ্ব লাভ অৰ্জন কৰিছে । আনকি শেহতীয়া যুদ্ধৰ পৰিস্থিতিৰ পিছতো কোনো এখন দেশে এই চুক্তিৰ পৰা ওলাই অহাৰ কথা চিন্তা কৰা নাই । ইয়াক বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সন্মানীয় চুক্তি বুলি অভিহিত কৰি ট্ৰাম্পে আশা প্ৰকাশ কৰে যে চৌদি আৰৱ আৰু কাটাৰে তৎকালিনভাৱে ইয়াত স্বাক্ষৰ কৰি এক নতুন আৰম্ভণি কৰিব আৰু বাকী দেশসমূহেও তেওঁলোকক অনুসৰণ কৰিব ।

আন এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে, যদি পৰিস্থিতি অনুকূল হয়, তেন্তে তেওঁ ইৰানকো এই ‘আব্ৰাহাম চুক্তি’ৰ অংশ কৰাৰ বিষয়টোক সম্পূৰ্ণ সমৰ্থন কৰিব ।

লগতে পঢ়ক : মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত

তেওঁলোকে এতিয়াও উপযুক্ত মূল্য ভৰা নাইঃ ইৰানৰ ১৪ দফীয়া প্ৰস্তাৱ মানি ল’বলৈ অমান্তি ট্ৰাম্প

ট্ৰাম্পে কয় মই অতি সোনকালে ইৰানে আমাক পঠোৱা পৰিকল্পনাটো পৰ্যালোচনা কৰিম কিন্তু মই কল্পনা কৰিব নোৱাৰো যে ই গ্ৰহণযোগ্য হ’ব

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শনিবাৰে কয় যে তেওঁ ইৰানৰ পৰা শেহতীয়াকৈ লাভ কৰা এটা নতুন প্ৰস্তাৱ পৰ্যালোচনা কৰি আছে । অৱশ্যে ইয়াৰ ফলাফলক লৈ তেওঁ গভীৰ সন্দেহ প্ৰকাশ কৰি যুক্তি দিছে যে তেহৰানে নিজৰ অতীতৰ কৰ্মৰ বাবে এতিয়ালৈকে “উপযুক্ত মূল্য ভৰা নাই”।

ট্ৰুথ ছ’চিয়েলত কৰা এটা পোষ্টত ট্ৰাম্পে কয়, “মই অতি সোনকালে ইৰানে আমাক পঠোৱা পৰিকল্পনাটো পৰ্যালোচনা কৰিম, কিন্তু মই কল্পনা কৰিব নোৱাৰো যে ই গ্ৰহণযোগ্য হ’ব । কাৰণ যোৱা ৪৭ বছৰত তেওঁলোকে মানৱতা আৰু বিশ্বৰ প্ৰতি যি কৰিছে, তাৰ বাবে তেওঁলোকে এতিয়াও উপযুক্ত মূল্য ভৰা নাই ।”

ফ্ল’ৰিডাত এয়াৰ ফৰ্চ ৱানত উঠাৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ কিছু সময়ৰ পিছতে এই পোষ্টটো পোহৰলৈ আহে । তাত সাংবাদিকসকলে তেওঁক এই ১৪ দফীয়া প্ৰস্তাৱটো দেখিছে নেকি বুলি সোধাত তেওঁ উত্তৰ দিয়ে, “নাই, মই দেখা নাই । মই ইয়াত (বিমানত) চাই আছো ।” তেওঁ লগতে কয়, “হয়, মই আপোনালোকক এই বিষয়ে পিছত জনাম ।”

ইৰানৰ সৈতে কোনো চুক্তিত আৱদ্ধ হোৱাতকৈ আমেৰিকাই ইয়াৰ পৰা আঁতৰি থকাই ভাল হ’ব বুলি তেওঁ পূৰ্বে কৰা মন্তব্যৰ কথা সাংবাদিকসকলে সোঁৱৰাই দিয়াত ট্ৰাম্পে সেই কথা অস্বীকাৰ কৰে । তেওঁ কয়, “মই তেনেদৰে কোৱা নাছিলোঁ । মই কৈছিলোঁ যে যদি আমি এতিয়া গুচি যাওঁ, তেন্তে তেওঁলোকক পুনৰ নিৰ্মাণ কৰিবলৈ ২০ বছৰ সময় লাগিব । কিন্তু আমি এতিয়াই গুচি যোৱা নাই । আমি এইটো এনেকৈ সমাধান কৰিম যাতে কোনেও ২ বছৰ বা ৫ বছৰৰ পিছত আকৌ ঘূৰি আহিবলগীয়া নহয় ।” প্ৰস্তাৱটোৰ বিষয়ে পুনৰ সোধাত তেওঁ কয়, “তেওঁলোকে মোক চুক্তিখনৰ ধাৰণাটোৰ বিষয়ে জনাইছে । এতিয়া তেওঁলোকে মোক ইয়াৰ সঠিক শব্দবোৰ দিব ।”

তথ্য অনুসৰি, ইৰানে আমেৰিকা যুক্তৰাষ্ট্ৰক এখন ১৪ দফীয়া আঁচনি দাখিল কৰিছে, য’ত লেবাননকে ধৰি সকলো মোৰ্চাতে “যুদ্ধ সমাপ্ত কৰা”ৰ লক্ষ্যৰে এক ব্যাপক গাঁথনিৰ ৰূপৰেখা দাঙি ধৰা হৈছে । এই প্ৰস্তাৱটো ৱাশ্বিংটনে পূৰ্বে প্ৰেৰণ কৰা ন দফীয়া আঁচনিৰ প্ৰত্যুত্তৰত আহিছে, য’ত কথিতভাৱে যুদ্ধবিৰতিৰ বাবে দুমাহৰ সময়সীমা অন্তৰ্ভুক্ত কৰা হৈছিল । অৱশ্যে ইৰানে কোনো বৰ্ধিত অন্তৱৰ্তীকালীন ব্যৱস্থা নাকচ কৰিছে বুলি কোৱা হৈছে । তেওঁলোকে ইয়াৰ পৰিৱৰ্তে ৩০ দিনৰ ভিতৰত এক পূৰ্ণাংগ সমাধান আৰু সাময়িক যুদ্ধবিৰতিৰ পৰিৱৰ্তে স্থায়ীভাৱে “যুদ্ধৰ অন্ত” পেলোৱাৰ ওপৰত জোৰ দিছে ।

প্ৰতিবেদন অনুসৰি, ইৰানৰ প্ৰস্তাৱত দৃঢ় সুৰক্ষা গেৰাণ্টি অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে ইৰানৰ বিৰুদ্ধে ভৱিষ্যতে যিকোনো সামৰিক আগ্ৰাসন নিষিদ্ধ কৰিব আৰু ইৰানৰ “চুবুৰীয়া পৰিৱেশ”ৰ পৰা আমেৰিকাৰ সামৰিক বাহিনী প্ৰত্যাহাৰ কৰাৰ প্ৰয়োজন হ’ব । ইয়াত বিদ্যমান নৌ-নিষেধাজ্ঞা আৰু অৱৰোধ প্ৰত্যাহাৰ কৰাৰ লগতে বিদেশত থকা ইৰানৰ জব্দ কৰা সম্পত্তি মুকলি কৰি দিয়া আৰু নিষেধাজ্ঞা তথা সামৰিক চাপৰ বাবে হোৱা ক্ষতিৰ ক্ষতিপূৰণৰো দাবী জনোৱা হৈছে ।

অৰ্থনৈতিকভাৱে এই পৰিকল্পনাত ইৰানৰ ওপৰত আৰোপ কৰা আমেৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো নিষেধাজ্ঞা সম্পূৰ্ণৰূপে আঁতৰোৱাৰ দাবী কৰা হৈছে । আঞ্চলিকভাৱে এই প্ৰস্তাৱটো ইৰান-আমেৰিকাৰ উত্তেজনাৰ বাহিৰলৈও বিস্তৃত হৈছে আৰু ইয়াত “সকলো মৰ্চাতে যুদ্ধ”ৰ সমাপ্তি ঘটাবলৈ কোৱা হৈছে, য’ত স্পষ্টভাৱে লেবাননৰ সংঘাতকো অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ভুল কৰিলেই পুনৰ আৰম্ভ হ’ব আক্ৰমণঃ ইৰাণক ট্ৰাম্পৰ কঠোৰ সকীয়নি

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছস্কিয়ানৰ সৈতে শনিবাৰে ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছস্কিয়ানৰ সৈতে শনিবাৰে ফোনযোগে বাৰ্তালাপ কৰে । বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঈদ উল-ফিটৰ আৰু ইৰাণৰ নৱবৰ্ষ নৌৰুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে । দুয়োগৰাকী নেতাই কেৱল উৎসৱৰ আনন্দৰ ভাগ-বতৰা কৰাই নহয়, মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে কেইবাটাও জৰুৰী নিৰাপত্তাজনিত বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ।

এই উৎসৱে সমগ্ৰ পশ্চিম এছিয়ালৈ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । শেহতীয়াকৈ অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে তেওঁৰ এই বাৰ্তাক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । তেওঁ নিৰ্দ্বিধায় কয় যে আঞ্চলিক শান্তি হৈছে বিশ্ব উন্নয়নৰ প্ৰকৃত পথ ।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ জটিল আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । তেওঁৰ মতে এনে আক্ৰমণে কেৱল আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাই নহয়, বিশ্বৰ যোগান শৃংখলতো গুৰুতৰভাৱে ব্যাঘাত জন্মাইছে, যাৰ ফলত বিশ্ব অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰিছে ।

আন এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যাতায়তৰ স্বাধীনতা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথসমূহ যাতে মুকলি আৰু সম্পূৰ্ণ নিৰাপদ হৈ থাকে, বাণিজ্যত কোনো ধৰণৰ ব্যাঘাত নপৰে সেয়া নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ ।

শেষত প্ৰধানমন্ত্ৰীয়ে ইৰাণত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে ইৰাণ চৰকাৰে আগবঢ়োৱা অবিৰত সহায়ৰ বাবে শলাগ লয় । ইৰাণে ভাৰতীয়সকলৰ প্ৰতি লোৱা পদক্ষেপৰ বাবে পেজেছস্কিয়ানক ধন্যবাদ জনায় ।

লগতে পঢ়ক : মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন

মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন

ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইৰানে শনিবাৰে ভাৰত মহাসাগৰত অৱস্থিত আমেৰিকা আৰু ব্ৰিটেইনৰ কৌশলগত সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়াত দুটা মধ্যম দূৰত্বৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আঘাত কৰে । আক্ৰমণৰ লগে লগে ডুবাইত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হয় আৰু তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । উল্লেখ্য যে, ৪ মাৰ্চত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰানৰ যুদ্ধজাহাজ আইৰিছ ডেনাক আক্ৰমণ কৰি ধ্বংস কৰাৰ ফলত জাহাজখনত থকা ৮৫ জনতকৈ অধিক লোকৰ মৃত্য হয় । ইয়াৰ পিছতে ভাৰত মহাসাগৰত যুদ্ধৰ এই তীব্ৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ তথ্য অনুসৰি ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে । ইৰানৰ ভূখণ্ডৰ পৰা প্ৰায় ৪ হাজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঘাটিটোৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা এয়া আটাইতকৈ ডাঙৰ আৰু বিৰল আক্ৰমণ । অৱশ্যে ইৰানে নিক্ষেপ কৰা দুয়োটা ক্ষেপণাস্ত্ৰ আকাশতে ধ্বংস কৰা বুলি নিশ্চিত কৰিছে আমেৰিকাই ।

জানিব পৰা মতে উৰণৰ পিছতে এটা ক্ষেপণাস্ত্ৰ নিস্ক্ৰিয় হোৱাৰ বিপৰীতে আনটো ক্ষেপণাস্ত্ৰ আমেৰিকাৰ যুদ্ধজাহাজৰ পৰা নিক্ষেপ কৰা ইন্টাৰচেপ্টৰ (এছ এম-৩)ৰ দ্বাৰা মাজ আকাশতে ধ্বংস হয় ।

চাগোছ দ্বীপপুঞ্জত অৱস্থিত ডিয়েগো গাৰ্চিয়া হৈছে আমেৰিকা-ব্ৰিটেইনৰ এটা গুৰুত্বপূৰ্ণ সামৰিক ঘাটি যিটো আফগানিস্তান আৰু ইৰাকত আমেৰিকাৰ বোমা আক্ৰমণৰ হাব হিচাপে ব্যৱহাৰ কৰা হৈছে ।

ইফালে ইৰানে ডিয়েগো গাৰ্চিয়াক লক্ষ্য কৰি লোৱাৰ পিছতে সামৰিক বিশেষজ্ঞসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে । এতিয়ালৈকে ইৰানৰ ক্ষেপণাস্ত্ৰৰ পৰিসৰ সীমিত বুলি ধাৰণা কৰা হৈছিল যদিও ৪০০০ কিলোমিটাৰ দূৰৰ পৰা আক্ৰমণ চলোৱাৰ চেষ্টাই ইংগিত দিয়ে যে তেহৰাণৰ হাতত এতিয়া ইউৰোপৰ লক্ষ্য কৰি লোৱাৰ ক্ষমতা আছে । পেন্টাগনে এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও কৌশলবিদসকলৰ মতে ইয়াৰ ফলত যুদ্ধৰ ভূগোল সম্পূৰ্ণৰূপে সলনি হৈছে ।

আনহাতে ইৰানৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তীব্ৰ সমালোচনা কৰিছে । আৰাঘচিয়ে কয় যে ষ্টাৰমাৰে নিজৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে গৈ ইৰানৰ বিৰুদ্ধে আগ্ৰাসনৰ বাবে ব্ৰিটিছ ঘাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে ।

তেওঁ সকীয়াই দিয়ে যে ইয়াৰ ফলত ব্ৰিটিছ নাগৰিকৰ জীৱন বিপন্ন হৈছে আৰু ইৰানে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিব । ইৰানৰ মতে ব্ৰিটেইনৰ এই পদক্ষেপে দেশখনক পোনপটীয়াকৈ যুদ্ধলৈ টানি আনিছে ।

লগতে পঢ়ক : চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ

ফিফা বিশ্বকাপতো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ, ইৰানে ল’লে ডাঙৰ সিদ্ধান্ত

ফিফা বিশ্বকাপতো এতিয়া আমেৰিকা আৰু ইৰানৰ মাজত সংঘটিত হোৱা যুদ্ধৰ প্ৰৱাভ পৰা পৰিলক্ষিত হৈছে

ইজৰাইল, আমেৰিকা আৰু ইৰানৰ মাজত সংঘটিত হোৱা ভয়াৱহ যুদ্ধৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো পৰিছে । ইৰানে ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে । ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ সংঘটিত কৰাৰ পিছত মধ্যপ্ৰাচ্য আৰু সমগ্ৰ বিশ্বতে উত্তেজনা অব্যাহত থকাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনে ।

চৰকাৰী টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইৰানৰ ক্ৰীড়া মন্ত্ৰী আহমদ দুনিয়ামালিয়ে কয় যে যিখন দেশে তেওঁলোকৰ সৰ্বোচ্চ নেতাক হত্যা কৰিছে, সেইখন দেশত খেলাটো অসম্ভৱ । তেওঁ স্পষ্টভাৱে কয় যে বৰ্তমানৰ পৰিস্থিতিত দলটোৰ সুৰক্ষা নিশ্চিত কৰিব পৰা নাযায় ।

শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত কৰা বিমান আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হয় । ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

ইৰানৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এই আক্ৰমণত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু দেশখনত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত বিশ্বকাপলৈ দল পঠোৱাটো অনুচিত হ’ব । উল্লেখ্য যে, ১১ জুনৰ পৰা ১৯ জুলাইলৈ আমেৰিকা, মেক্সিকো, কানাডাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ৪৮টা দলে অংশগ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে বিশ্ব ফুটবল গভৰ্নিং ব’ডিৰ সভাপতি জিয়ানি ইনফান্টিনোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰা বুলি কয় । ট্ৰাম্পে ইৰানৰ দলটোক আশ্বাস দিয়ে যে তেওঁলোকক আদৰণি জনোৱা হ’ব আৰু প্ৰতিযোগিতাখনত প্ৰৱেশ নিশ্চিত কৰা হ’ব ।

যোৱা বছৰৰ ড্ৰ’ত ইৰানক বেলজিয়াম, ইজিপ্ত আৰু নিউজীলেণ্ডৰ সৈতে গ্ৰুপ জিত স্থান দিয়া হৈছিল । এই গ্ৰুপৰ সকলো মেচ আমেৰিকাত অনুষ্ঠিত হোৱাৰ কথা আছিল, দুখন লছ এঞ্জেলছত আৰু এখন ছিয়াটলত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : আমেৰিকাৰ যুদ্ধ জাহাজ আব্ৰাহাম লিংকনত মিছাইল আক্ৰমণৰ দাবী ইৰানৰ

আমেৰিকাৰ যুদ্ধ জাহাজ আব্ৰাহাম লিংকনত মিছাইল আক্ৰমণৰ দাবী ইৰানৰ

পশ্চিম এছিয়াৰত ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাতে তীব্ৰ ৰূপ লৈছে । ইয়াৰ মাজতে ইৰানে এক ডাঙৰ জাবী কৰিছে ।

পশ্চিম এছিয়াৰ জলসীমাত ইৰান আৰু আমেৰিকাৰ মাজত সামৰিক সংঘাত বিপজ্জনক স্তৰত উপনীত হৈছে । ইৰানৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে তেওঁলোকে আমেৰিকাৰ বিমানবাহী জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকনৰ ওপৰত নিখুঁত মিছাইল আৰু ড্ৰোন আক্ৰমণ চলাই জাহাজখনৰ যথেষ্ট ক্ষতিসাধন কৰে । কিন্তু আমেৰিকাই এই দাবীক ব্যৰ্থ ভাবুকি আখ্যা দি সম্পূৰ্ণৰূপে নাকচ কৰিছে ।

ইৰানৰ চৰকাৰী সংবাদ মাধ্যম প্ৰেছ টিভিৰ মতে, আই আৰ জি চিয়ে ওমানৰ ওচৰৰ সাগৰত এই অভিযান চলাইছিল । ইৰানৰ দাবী যে তেওঁলোকৰ উন্নত অস্ত্ৰই ইৰানৰ সীমান্তৰ পৰা ৩৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত যুদ্ধজাহাজখনক লক্ষ্য কৰি লৈছিল ।

আই আৰ জি চিৰ বিবৃতিত কোৱা হৈছে যে এই আক্ৰমণৰ ফলত আব্ৰাহাম লিংকন নামৰ যুদ্ধ জাহাজখন অক্ষম হৈ পৰে আৰু তীব্ৰ বেগত অঞ্চলটোৰ পৰা আঁতৰি আহিবলগীয়া হয় । ইৰানে বাহৰেইনত থকা আমেৰিকাৰ মিনা ছলমান নৌসেনা ঘাটিতো ড্ৰোন আক্ৰমণ সংঘটিত কৰাৰ দাবী উত্থাপন কৰে ।

ইফালে আমেৰিকাই ইৰানৰ এই দাবীক কল্পনাপ্ৰসূত আৰু ভুৱা বুলি দাবী কৰিছে ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে পুনৰ মোক্ষম আঘাত; দুৰ্ঘটনাত পতিত আমেৰিকাৰ সামৰিক ইন্ধন ভৰোৱা বিমান

সকাহ… ইৰানে ভাৰতৰ বাবে খুলিলে হৰমুজৰ পথ

ইৰানে ভাৰতীয় টেংকাৰসমূহক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ যাতায়তৰ অনুমতি প্ৰদান কৰিছে

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে ভাৰতে লাভ কৰিছে বৃহৎ সকাহ । জানিব পৰা মতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ইৰানৰ বৈদেশিক মন্ত্ৰী ছেইয়দ আব্বাছ আৰাঘচিৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ পিছত ইৰানে ভাৰতীয় টেংকাৰসমূহক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ যাতায়তৰ অনুমতি প্ৰদান কৰিছে । ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে এয়া এক উল্লেখযোগ্য পদক্ষেপ, কিয়নো হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সাগৰীয় পথ, য’ত বিশ্বৰ তেল আৰু প্ৰাকৃতিক গেছৰ এক উল্লেখযোগ্য অংশ পাৰ হয় ।

আৰাঘচিৰ সৈতে বৈদেশিক মন্ত্ৰীয়ে বাৰ্তালাপ কৰাৰ পিছতে ইৰাণে ভাৰতীয় তেল টেংকাৰক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিছে বুলি বৃহস্পতিবাৰে বাতৰিত প্ৰকাশ পাইছে । দুয়োগৰাকী বৈদেশিক মন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ লক্ষ্য আছিল এই গুৰুত্বপূৰ্ণ সাগৰীয় পথটো মুকলি কৰি ৰখা যাতে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ যোগানত ব্যাঘাত জন্মিব নোৱাৰে ।

জানিব পৰা মতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কেৱল ইৰানৰ সৈতে নহয়, বিশ্বৰ অন্যান্য প্ৰধান শক্তিসমূহৰ সৈতেও বাৰ্তালাপ কৰে । এই জটিল বিষয়টো তেওঁ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন ন’ৱেল বাৰোৰ সৈতেও আলোচনা কৰে । এই আলোচনাসমূহৰ লক্ষ্য আছিল সামুদ্ৰিক বাণিজ্যিক পথসমূহ মুকলি কৰি ৰখা আৰু বিশ্বৰ যোগান শৃংখলাত ব্যাঘাত জন্মাটো ৰোধ কৰা ।

আমেৰিকা, ইউৰোপ, ইজৰাইলৰ সৈতে সংযুক্ত জাহাজসমূহে এই পথত কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ সময়ত ইৰানে ভাৰতক এই বিশেষ ৰেহাই প্ৰদান কৰিছে । ভাৰতক এই ৰেহাই প্ৰদান কৰি ইৰানে এইটোও স্পষ্ট কৰি দিছে যে আমেৰিকা, ইউৰোপ, ইজৰাইলৰ সৈতে সংযুক্ত জাহাজৰ ওপৰত নিষেধাজ্ঞা অব্যাহত থাকিব যদিও ভাৰতীয় টেংকাৰে নিৰাপদে হৰমুজ প্ৰণালী অতিক্ৰম কৰিব পাৰিব । ভাৰতৰ বাবে এয়া এক কূটনৈতিক সফলতা, কিয়নো বৰ্তমান হৰমুজ প্ৰণালীত জাহাজৰ যাতায়ত ৯০% হ্ৰাস পাইছে, যাৰ ফলত কেইবাখনো দেশৰ টেংকাৰ আবদ্ধ হৈ আছে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত ভাৰত অভিমুখী জাহাজত আক্ৰমণ, বিদেশ মন্ত্ৰালয়ৰ প্ৰতিক্ৰিয়া

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানৰ ড্ৰোন আক্ৰমণ, এগৰাকী ভাৰতীয়ৰ লগতে ৪জন আহত

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানে চলোৱা ড্ৰোন আক্ৰমণত এজন ভাৰতীয়কে ধৰি চাৰিজন লোক আহত হয়

বুধবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানে চলোৱা ড্ৰোন আক্ৰমণত এজন ভাৰতীয়কে ধৰি চাৰিজন লোক আহত হয় । ডুবাই কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে বুধবাৰে পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত দুখন ড্ৰোনে আঘাত কৰাত দুজন ঘানাৰ নাগৰিক আৰু এজন বাংলাদেশী নাগৰিক সামান্য আহত হোৱাৰ বিপৰীতে এজন ভাৰতীয় নাগৰিকো আহত হৈছে । এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নিৰাপত্তা সংস্থাই । অৱশ্যে ড্ৰোন আক্ৰমণৰ পিছতো স্বাভাৱিকভাৱে চলি আছে বিমান পৰিবহণ ।

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আল মাকটুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনা কৰা ডুবাই বিমানবন্দৰে জনোৱা মতে, ৭ মাৰ্চৰ পৰা দুয়োটা বিমানবন্দৰতে বিমান সেৱা আংশিকভাৱে পুনৰ আৰম্ভ হৈছে । ইয়াৰ পূৰ্বে কম সময়ৰ বাবে বিমান সেৱা বন্ধ হৈ আছিল । যাত্ৰীসকলক তেওঁলোকৰ বিমান সংস্থাই নিৰ্ধাৰিত সময়ত তেওঁলোকৰ বিমান সেৱা নিশ্চিত নকৰালৈকে বিমানবন্দৰলৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে । বৰ্তমান বিমানৰ সময়সূচী সলনি হৈ আছে । বিমান চলাচলত গড়ে ৬০ৰ পৰা ৯০ মিনিট পলম হৈছে ।

ইয়াৰ পূৰ্বে ১ মাৰ্চত ড্ৰোন আক্ৰমণত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এটা অংশ সামান্য ক্ষতিসাধন হৈছিল । কিন্তু শীঘ্ৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় । এই ঘটনাত চাৰিজন কৰ্মচাৰী আহত হয় যদিও তাৎক্ষণিকভাৱে তেওঁলোকক চিকিৎসা সেৱা লাভ প্ৰদান কৰা হয় । বিমানবন্দৰ প্ৰশাসনে উল্লেখ কৰিছে যে পূৰ্ব পৰিকল্পিত জৰুৰীকালীন ব্যৱস্থাৰ বাবে ইতিমধ্যে প্ৰায়বোৰ টাৰ্মিনেলৰ পৰা যাত্ৰীসকলক নিৰাপদে উলিয়াই অনা হৈছে । আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে এইটোৱেই হৈছে বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত তীব্ৰতৰ হৈ উঠিছে যুদ্ধ, ভাৰতত স্তব্ধ হৈ পৰিব পাৰে ইণ্টাৰনেট!