মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন

মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন

ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইৰানে শনিবাৰে ভাৰত মহাসাগৰত অৱস্থিত আমেৰিকা আৰু ব্ৰিটেইনৰ কৌশলগত সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়াত দুটা মধ্যম দূৰত্বৰ বেলিষ্টিক

ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইৰানে শনিবাৰে ভাৰত মহাসাগৰত অৱস্থিত আমেৰিকা আৰু ব্ৰিটেইনৰ কৌশলগত সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়াত দুটা মধ্যম দূৰত্বৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আঘাত কৰে । আক্ৰমণৰ লগে লগে ডুবাইত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হয় আৰু তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । উল্লেখ্য যে, ৪ মাৰ্চত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰানৰ যুদ্ধজাহাজ আইৰিছ ডেনাক আক্ৰমণ কৰি ধ্বংস কৰাৰ ফলত জাহাজখনত থকা ৮৫ জনতকৈ অধিক লোকৰ মৃত্য হয় । ইয়াৰ পিছতে ভাৰত মহাসাগৰত যুদ্ধৰ এই তীব্ৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ তথ্য অনুসৰি ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে । ইৰানৰ ভূখণ্ডৰ পৰা প্ৰায় ৪ হাজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঘাটিটোৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা এয়া আটাইতকৈ ডাঙৰ আৰু বিৰল আক্ৰমণ । অৱশ্যে ইৰানে নিক্ষেপ কৰা দুয়োটা ক্ষেপণাস্ত্ৰ আকাশতে ধ্বংস কৰা বুলি নিশ্চিত কৰিছে আমেৰিকাই ।

জানিব পৰা মতে উৰণৰ পিছতে এটা ক্ষেপণাস্ত্ৰ নিস্ক্ৰিয় হোৱাৰ বিপৰীতে আনটো ক্ষেপণাস্ত্ৰ আমেৰিকাৰ যুদ্ধজাহাজৰ পৰা নিক্ষেপ কৰা ইন্টাৰচেপ্টৰ (এছ এম-৩)ৰ দ্বাৰা মাজ আকাশতে ধ্বংস হয় ।

চাগোছ দ্বীপপুঞ্জত অৱস্থিত ডিয়েগো গাৰ্চিয়া হৈছে আমেৰিকা-ব্ৰিটেইনৰ এটা গুৰুত্বপূৰ্ণ সামৰিক ঘাটি যিটো আফগানিস্তান আৰু ইৰাকত আমেৰিকাৰ বোমা আক্ৰমণৰ হাব হিচাপে ব্যৱহাৰ কৰা হৈছে ।

ইফালে ইৰানে ডিয়েগো গাৰ্চিয়াক লক্ষ্য কৰি লোৱাৰ পিছতে সামৰিক বিশেষজ্ঞসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে । এতিয়ালৈকে ইৰানৰ ক্ষেপণাস্ত্ৰৰ পৰিসৰ সীমিত বুলি ধাৰণা কৰা হৈছিল যদিও ৪০০০ কিলোমিটাৰ দূৰৰ পৰা আক্ৰমণ চলোৱাৰ চেষ্টাই ইংগিত দিয়ে যে তেহৰাণৰ হাতত এতিয়া ইউৰোপৰ লক্ষ্য কৰি লোৱাৰ ক্ষমতা আছে । পেন্টাগনে এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও কৌশলবিদসকলৰ মতে ইয়াৰ ফলত যুদ্ধৰ ভূগোল সম্পূৰ্ণৰূপে সলনি হৈছে ।

আনহাতে ইৰানৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তীব্ৰ সমালোচনা কৰিছে । আৰাঘচিয়ে কয় যে ষ্টাৰমাৰে নিজৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে গৈ ইৰানৰ বিৰুদ্ধে আগ্ৰাসনৰ বাবে ব্ৰিটিছ ঘাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে ।

তেওঁ সকীয়াই দিয়ে যে ইয়াৰ ফলত ব্ৰিটিছ নাগৰিকৰ জীৱন বিপন্ন হৈছে আৰু ইৰানে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিব । ইৰানৰ মতে ব্ৰিটেইনৰ এই পদক্ষেপে দেশখনক পোনপটীয়াকৈ যুদ্ধলৈ টানি আনিছে ।

লগতে পঢ়ক : চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ