ব্ৰিটেইনৰ ৰাজনীতিত ধুমুহা : ১০ বছৰত সলনি হ’ল ৬ গৰাকী প্ৰধানমন্ত্ৰী

আহকচোন জানো, যোৱা এটা দশকত ব্ৰিটেইনে কেনেকৈ একো একোগৰাকী প্ৰধানমন্ত্ৰী হেৰুৱাব লগা হ’ল

বৃটিছ ৰাজনীতিৰ এটা অস্থিৰ দশকত ১০ নম্বৰ ডাউনিং ষ্ট্ৰীটৰ সন্মুখত বিদায়ী ভাষণ দিয়া ষষ্ঠজন ব্যক্তি হিচাপে পৰিগণিত হ’ল প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ । সোমবাৰে হঠাতে তেওঁ পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে বিশ্ব ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

২০২৪ চনত নিজৰ লেবাৰ পাৰ্টীৰ হৈ এক বৃহৎ বিজয় সাব্যস্ত কৰাৰ সময়ত ষ্টাৰমাৰে ব্ৰিটেইনত স্থিৰতা অনা, অৰ্থনীতিৰ বিকাশ কৰা আৰু কনজাৰভেটিভ পাৰ্টীৰ শাসনত চলি থকা বহু বছৰীয়া ৰাজনৈতিক বিশৃংখলতাৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু মাত্ৰ দুবছৰ নৌহওঁতেই, জনপ্ৰিয়তা হ্ৰাস পোৱা আৰু “ব্ৰিটেইনক পুনৰ নিৰ্মাণ” কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে ষ্টাৰমাৰ পদত্যাগ কৰিবলৈ বাধ্য হয় ।

যোৱা ১০ বছৰৰ ভিতৰত হোৱা এই দ্ৰুত সালসলনি ব্ৰিটেইনৰ আধুনিক ৰাজনৈতিক ইতিহাসত প্ৰথম । ইয়াৰ বিপৰীতে, ইয়াৰ পূৰ্বৱৰ্তী চাৰিটা দশকত মাত্ৰ ছয়গৰাকী প্ৰধানমন্ত্ৰীয়ে শাসন কৰিছিল ।

আহকচোন জানো, যোৱা এটা দশকত ব্ৰিটেইনে কেনেকৈ একো একোগৰাকী প্ৰধানমন্ত্ৰী হেৰুৱাব লগা হ’ল :

ডেব্ৰিড কেমেৰুণ (২০১০ ৰ পৰা ২০১৬)

২০১৫ চনৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা কেমেৰুণে ২০১৬ চনৰ জুন মাহত নিজৰ পদত্যাগৰ কথা ঘোষণা কৰিছিল । ব্ৰিটেইনৰ ভোটাৰসকলে ইউৰোপীয় ইউনিয়ন (EU) ত্যাগ কৰাৰ বাবে ভোটদান (ব্ৰেক্সিট) কৰাৰ পিছদিনাই তেওঁ পদত্যাগ কৰে, কিয়নো কেমেৰুণে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি প্ৰচাৰ চলাইছিল । উল্লেখ্য যে, ইউৰোপৰ সৈতে ব্ৰিটেইনৰ সম্পৰ্কক লৈ দলটোৰ ভিতৰত দীৰ্ঘদিন ধৰি চলি থকা কন্দল শাম কটাৰ উদ্দেশ্যে কেমেৰুণেই এই ঐতিহাসিক গণভোটৰ আহ্বান জনাইছিল ।

থেৰেছা মে’ (২০১৬ ৰ পৰা ২০১৯)

মে’য়ে ২০১৬ চনৰ পৰা ২০১৯ চনৰ মে’ মাহলৈকে কাৰ্যনিৰ্বাহ কৰিছিল । ব্ৰিটেইনক ইউৰোপীয় ইউনিয়নৰ পৰা উলিয়াই অনাৰ বাবে চলোৱা তিনি বছৰীয়া এক ব্যৰ্থ প্ৰচেষ্টাৰ অন্ত পেলাই তেওঁ বিদায় লৈছিল । মে’য়ে EU-ৰ সৈতে সফলতাৰে এক বিচ্ছেদ চুক্তি কৰিবলৈ সক্ষম হৈছিল যদিও, তেওঁৰ সহযোগী কনজাৰভেটিভ পাৰ্টীৰ সদস্যসকলে এই চুক্তি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে । সংসদত তেওঁৰ প্ৰস্তাৱ তিনিবাৰকৈ পৰাজিত হৈছিল ।

বৰিছ জনছন (২০১৯ ৰ পৰা ২০২২)

আকৰ্ষণীয় ব্যক্তিত্বসম্পন্ন আৰু বিতৰ্কিত নেতা বৰিছ জনছনে ব্ৰেক্সিট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল আৰু কোভিড মহামাৰীৰ সময়ত দেশখনক পৰিচালনা কৰিছিল । কিন্তু কেইবাটাও নৈতিকতা সম্পৰ্কীয় কেলেংকাৰীয়ে তেওঁৰ প্ৰশাসনক জোকাৰি যায় । লকডাউনৰ নিয়ম উলংঘা কৰি চৰকাৰী কাৰ্যালয়ত পাৰ্টী কৰা আৰু সংসদক বিপথে পৰিচালিত কৰাৰ অভিযোগত অৱশেষত তেওঁৰ চৰকাৰৰ বহু ডজন মন্ত্ৰী-বিষয়াৰ পদত্যাগৰ পিছত জনছন ক্ষমতাৰ পৰা আঁতৰিবলৈ বাধ্য হয় ।

লিজ ট্ৰাছ (২০২২)

মুক্ত-বজাৰ অৰ্থনীতিৰ পোষকতা কৰা লিজ ট্ৰাছে কাৰ্যভাৰ গ্ৰহণ কৰাৰ মাত্ৰ ছয় সপ্তাহ (৪৫ দিন) পিছত ২০২২ চনৰ অক্টোবৰ মাহত পদত্যাগ কৰে । ইয়াৰ সৈতে তেওঁ ব্ৰিটেইনৰ ইতিহাসত আটাইতকৈ কম সময়ৰ বাবে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় । তেওঁৰ ভুল অৰ্থনৈতিক নীতি আৰু ড্ৰাষ্টিক কৰ কৰ্তনৰ পৰিকল্পনাই ব্ৰিটেইনৰ বজাৰত অৰ্থনৈতিক বিশৃংখলতাৰ সৃষ্টি কৰিছিল ।

ঋষি ছুনাক (২০২২ ৰ পৰা ২০২৪)

প্ৰায় ২০০ বছৰৰ ভিতৰত ব্ৰিটেইনৰ আটাইতকৈ কম বয়সীয়া আৰু প্ৰথম ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ছুনাকে ২০২২ চনত দায়িত্ব লৈ মুদ্ৰাস্ফীতি হ্ৰাস কৰা আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ সোঁত বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু পূৰ্বৱৰ্তী চৰকাৰসমূহৰ ভুলৰ খেসৰত ছুনাকে ভৰিবলগীয়া হ’ল । ২০২৪ চনৰ জুলাই মাহত অনুষ্ঠিত আগতীয়াকৈ নিৰ্বাচনত কনজাৰভেটিভ দলে দুই শতিকাৰ ইতিহাসত আটাইতকৈ ডাঙৰ পৰাজয়ৰ সন্মুখীন হয় আৰু ছুনাকে পদত্যাগ কৰে ।

“মই ক্ষমাপ্ৰাৰ্থী, এই পৰাজয়ৰ দায়িত্ব মই মূৰ পাতি লৈছোঁ,” ছুনাকৰ স্বীকাৰোক্তি আছিল ।

কেইৰ ষ্টাৰমাৰ (২০২৪ ৰ পৰা ২০২৬)

অৰ্থনীতিৰ পুনৰুত্থান আৰু ১৪ বছৰীয়া কনজাৰভেটিভ শাসনৰ অন্ত পেলাই বিপুল আশাৰে ক্ষমতালৈ আহিছিল লেবাৰ পাৰ্টীৰ কেইৰ ষ্টাৰমাৰ । কিন্তু মাত্ৰ দুবছৰৰ ভিতৰতে ধাৰাবাহিক নীতিগত ভুল আৰু দলীয় অন্তৰ্দ্বন্দ্বৰ বলি হয় তেওঁ । অৱশেষত সোমবাৰে তেওঁ স্বীকাৰ কৰে যে তেওঁৰ দলে এতিয়া বিশ্বাস নকৰে যে তেওঁ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত দলক নেতৃত্ব দিবলৈ আটাইতকৈ উপযুক্ত ব্যক্তি ।

উল্লেখ্য যে, কেইৰ ষ্টাৰমাৰৰ পদত্যাগে এইটো প্ৰমাণ কৰিলে যে ব্ৰিটেইনৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকট এতিয়াও শেষ হোৱা নাই । ব্ৰেক্সিটৰ পৰা আৰম্ভ হোৱা এই অস্থিৰতাই ব্ৰিটেইনৰ বিশ্বজোৰা ভাবমূৰ্তিৰ ওপৰত প্ৰশ্নবোধক চিন থিয় কৰাইছে । এতিয়া লক্ষ্যণীয় হ’ব যে ১০ নম্বৰ ডাউনিং ষ্ট্ৰীটৰ পৰৱৰ্তী দাবীদাৰ কোন হ’ব আৰু তেওঁ ব্ৰিটেইনলৈ সুস্থিৰতা ঘূৰাই আনিব পাৰিবনে ?

লগতে পঢ়ক : ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ পদত্যাগ; এৰিব লেবাৰ পাৰ্টিৰ নেতাৰ পদো

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ পদত্যাগ; এৰিব লেবাৰ পাৰ্টিৰ নেতাৰ পদো

শেহতীয়াকৈ চলি থকা সকলো জল্পনা-কল্পনা সত্য বুলি প্ৰমাণ কৰি অৱশেষত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীৰ পদ এৰাৰ সময়ত তেওঁ এক আৱেগিক বিদায়কালীন বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে দেশৰ আটাইতকৈ ডাঙৰ দায়িত্ব পালন কৰাৰ পিছত, এতিয়া তেওঁ নিজৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকাত অধিক সময় দিব বিচাৰে, অৰ্থাৎ এজন ভাল স্বামী আৰু পিতৃৰ ভূমিকা। কেইৰ ষ্টাৰমাৰে নিজৰ পত্নী ভিক্টোৰিয়াক ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁ ভাল আৰু বেয়া দুয়োটা সময়তে সদায় তেওঁৰ কাষত থিয় দিছিল। তেওঁ কয় যে তেওঁৰ পত্নী তেওঁৰ বাবে এটা শক্তিশালী আশ্ৰয় আছিল। আৱেগিক হৈ তেওঁ নিজৰ সন্তানসকলৰ কথাও উল্লেখ কৰে আৰু কয় যে সিহঁতেই তেওঁৰ গৌৰৱ আৰু আনন্দৰ আটাইতকৈ ডাঙৰ কাৰণ।

ভাষণৰ শেষত প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে নিজৰ পত্নীক সাৱটি ধৰে আৰু তাৰ পিছত ১০ ডাউনিং ষ্ট্ৰীটৰ ভিতৰলৈ সোমাই যায়।কেইৰ ষ্টাৰমাৰে কয় যে তেওঁ ক্ষমতাৰ সূচাৰু হস্তান্তৰ সুনিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা কৰিব আৰু নিজৰ উত্তৰাধিকাৰীক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। দেশৰ নতুন নেতৃত্বক লৈ তেওঁ কয় যে ব্ৰিটেইনৰ দায়িত্ব এনে এজন ব্যক্তিয়ে চম্ভালিব যি পূৰ্বৰ দুবছৰ  তুলনাত অধিক শক্তিশালী আৰু নিৰপেক্ষ। তেওঁ নিজৰ সৈতে কাম কৰা সতীৰ্থ, বন্ধু, ১০ ডাউনিং ষ্ট্ৰীটৰ কৰ্মচাৰী আৰু ব্ৰিটেইনৰ চৰকাৰী কৰ্মচাৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে। কেইৰ ষ্টাৰমাৰে কয় যে এই সকলোবোৰ লোকে যোৱা ৬ বছৰত তেওঁক সংগ দিছে।

কেইৰ ষ্টাৰমাৰে জানিবলৈ দিয়ে যে তেওঁ ব্ৰিটিছ ৰাজকীয় কিং চাৰ্লছ তৃতীয়ৰ সৈতে কথা পাতি নিজৰ পদত্যাগৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। ইয়াৰ লগতে তেওঁ লেবাৰ পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতিক নতুন নেতা নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ অধীনত ৯ জুলাইৰ পৰা মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু গৰমৰ বন্ধৰ পূৰ্বেই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ’ব। ষ্টাৰ্মাৰে কয় যে ছেপ্টেম্বৰ মাহত সংসদ পুনৰ খোল খাই অহাৰ পূৰ্বেই লেবাৰ পাৰ্টীৰ নতুন নেতা নিৰ্বাচন কৰা হ’ব। তেতিয়ালৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ পদত বাহাল থাকিব আৰু নিজৰ দায়িত্বসমূহ পালন কৰি যাব।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ প্ৰায় দুবছৰ ধৰি এই পদত আছিল। তেওঁ আৰম্ভণিতে কৈছিল যে তেওঁ নেতৃত্বক লৈ অহা যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ’ব আৰু পদ ত্যাগ নকৰে। অৱশ্যে, যোৱা সপ্তাহান্তৰ পৰা তেওঁৰ পদত্যাগক লৈ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ছচিয়েল মিডিয়াত লিখিছিল যে কিয়ৰ ষ্টাৰমাৰে পদত্যাগ কৰিবলৈ গৈ আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ব্ৰিটিছ চৰকাৰৰ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীয়ে ষ্টাৰ্মাৰক ক্ষমতা হস্তান্তৰৰ এক স্পষ্ট পৰিকল্পনা দাখিল কৰিবলৈ আহ্বান জনাইছিল। ইয়াৰ ভিতৰত বৈদেশিক মন্ত্ৰী, গৃহ মন্ত্ৰী আৰু শক্তি মন্ত্ৰী অন্তৰ্ভুক্ত থকা বুলি কোৱা হৈছে। যোৱা মাহত অনুষ্ঠিত হোৱা স্থানীয় নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ উপৰিও, ধাৰাবাহিকভাৱে অহা বেয়া জনমত সমীক্ষাবোৰেও দল আৰু চৰকাৰৰ ভিতৰত কিয়ৰ ষ্টাৰমাৰৰ স্থিতি দুৰ্বল কৰি তুলিছিল। এই ঘটনাবোৰৰ বাবে শাসকীয় লেবাৰ পাৰ্টীৰ ওপৰত তেওঁৰ প্ৰভাৱ আৰু কৰ্তৃত্ব লাহে লাহে হ্ৰাস পাই আহে, যাৰ ফলত তেওঁৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে।

লগতে পঢ়ক: ট্ৰাম্পৰ ভাবুকিৰ ফলত পৰিস্থিতিৰ অৱনতি; ছুইজাৰলেণ্ডত হাহাকাৰ  

১৬ বছৰৰ কম বয়সৰ কিশোৰৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ, প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে দেশখনত এতিয়াৰে পৰা ১৬ বছৰতকৈ কম বয়সৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব

শিশু আৰু কিশোৰ-কিশোৰীসকলক প্ৰযুক্তিৰ কু-প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে এক ঐতিহাসিক আৰু ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে দেশখনত এতিয়াৰে পৰা ১৬ বছৰতকৈ কম বয়সৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব । ছ’চিয়েল মিডিয়াৰ ফলত শিশুৰ মানসিক আৰু সামাজিক জীৱনত পৰা নেতিবাচক প্ৰভাৱ দূৰ কৰাৰ বাবেই চৰকাৰে এই কঠোৰ সিদ্ধান্ত লৈছে ।

উল্লেখ্য যে, বিগত বৰ্ষত অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে কিশোৰ-কিশোৰী আৰু শিশুৰ বাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰিছিল, যাক ইউৰোপৰ কেইবাখনো দেশে প্ৰশংসা কৰিছিল । অলপতে কানাডায়ো শিশুৰ সুৰক্ষাৰ লক্ষ্যৰে ছ’চিয়েল মিডিয়াৰ নিয়ম সলনি কৰাৰ কথা ঘোষণা কৰিছে ।

“সহজ নাছিল এই সিদ্ধান্ত, কিন্তু শিশুৰ শৈশৱ ঘূৰাই দিবই লাগিব”

প্ৰধানমন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্ট শ্বেয়াৰ কৰি এই সিদ্ধান্তৰ কথা সদৰী কৰে । তেওঁ স্বীকাৰ কৰে যে এই সিদ্ধান্ত গ্ৰহণ কৰাটো চৰকাৰৰ বাবে সহজ নাছিল । কিয়নো বিশ্বৰ বহু প্ৰভাৱশালী বৃহৎ টেক কোম্পানীয়ে চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে । কিন্তু সকলো হেঁচাক নেওচি চৰকাৰে এই সিদ্ধান্ত কাৰ্যকৰী কৰিবই বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ সৰহভাগ পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তান স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ পৰা বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ নিজৰ পোষ্টটোত উল্লেখ কৰে :

“আমি ১৬ বছৰতকৈ কম বয়সৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ ওলাইছোঁ । আজিৰ যুগত শিশুসকলে নিজকে এনে এখন পৃথিৱীৰ সৈতে খাপ খুৱাব লগা হৈছে, য’ত প্ৰযুক্তিয়ে তেওঁলোকৰ জীৱনৰ প্ৰতিটো দিশতে হস্তক্ষেপ কৰিছে । মই ইয়াক আৰু চলি থাকিবলৈ দিব নোৱাৰোঁ । সেয়েহে আমি শিশুসকলক তেওঁলোকৰ শৈশৱ ঘূৰাই দিবলৈ ওলাইছোঁ ।”

টেক কোম্পানীসমূহলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশনা

নতুন নিয়ম অনুসৰি, চৰকাৰে প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ ওপৰত তীব্ৰ চাপ সৃষ্টি কৰিছে । চৰকাৰে টেক কোম্পানীসমূহক নিম্নলিখিত পদক্ষেপসমূহ ল’বলৈ কঠোৰ নিৰ্দেশ দিছে :

বয়স পৰীক্ষণ : ব্যৱহাৰকাৰীৰ সঠিক বয়স নিৰূপণৰ বাবে কঠোৰ নিয়ম প্ৰণয়ন কৰিব লাগিব ।

এলগৰিডমৰ পৰিৱৰ্তন : শিশুসকলক আকৰ্ষিত কৰা বা আসক্তি বঢ়োৱা এলগৰিডমসমূহ সলনি কৰিব লাগিব ।

অশ্লীল সমলৰ পৰা সুৰক্ষা : শিশুসকল যাতে কোনো ধৰণৰ অশ্লীল ছবি বা আপত্তিজনক সমলৰ সংস্পৰ্শলৈ নাহে, তাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

কেৱল ছ’চিয়েল মিডিয়াই নহয়, চৰকাৰে অনলাইন গেমিং আৰু ভিডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মত হোৱা ‘লাইভ ষ্ট্ৰীমিং’ সেৱাও শিশুসকলৰ বাবে নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে । চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপে অনাগত দিনত বিশ্বৰ ডিজিটেল জগতত এক ডাঙৰ পৰিৱৰ্তন আনিব বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য যে, ব্ৰিটেইন চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ । সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ।

লগতে পঢ়ক : “ইৰাণ-আমেৰিকাৰ শান্তি চুক্তি সম্পন্ন, শুকুৰবাৰৰ পৰা মুকলি হ’ব হৰমুজ প্ৰণালী” ; ট্ৰাম্পৰ ডাঙৰ দাবী

মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন

ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইৰানে শনিবাৰে ভাৰত মহাসাগৰত অৱস্থিত আমেৰিকা আৰু ব্ৰিটেইনৰ কৌশলগত সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়াত দুটা মধ্যম দূৰত্বৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আঘাত কৰে । আক্ৰমণৰ লগে লগে ডুবাইত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হয় আৰু তীব্ৰ বিস্ফোৰণৰ শব্দ শুনা যায় । উল্লেখ্য যে, ৪ মাৰ্চত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰানৰ যুদ্ধজাহাজ আইৰিছ ডেনাক আক্ৰমণ কৰি ধ্বংস কৰাৰ ফলত জাহাজখনত থকা ৮৫ জনতকৈ অধিক লোকৰ মৃত্য হয় । ইয়াৰ পিছতে ভাৰত মহাসাগৰত যুদ্ধৰ এই তীব্ৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

ৱাল ষ্ট্ৰীট জাৰ্নেলৰ তথ্য অনুসৰি ইৰানে শনিবাৰে ভাৰত মহাসাগৰত থকা আমেৰিকা আৰু ব্ৰিটেইনৰ যৌথ সামৰিক ঘাটি ডিয়েগো গাৰ্চিয়ালৈ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে । ইৰানৰ ভূখণ্ডৰ পৰা প্ৰায় ৪ হাজাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ঘাটিটোৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা এয়া আটাইতকৈ ডাঙৰ আৰু বিৰল আক্ৰমণ । অৱশ্যে ইৰানে নিক্ষেপ কৰা দুয়োটা ক্ষেপণাস্ত্ৰ আকাশতে ধ্বংস কৰা বুলি নিশ্চিত কৰিছে আমেৰিকাই ।

জানিব পৰা মতে উৰণৰ পিছতে এটা ক্ষেপণাস্ত্ৰ নিস্ক্ৰিয় হোৱাৰ বিপৰীতে আনটো ক্ষেপণাস্ত্ৰ আমেৰিকাৰ যুদ্ধজাহাজৰ পৰা নিক্ষেপ কৰা ইন্টাৰচেপ্টৰ (এছ এম-৩)ৰ দ্বাৰা মাজ আকাশতে ধ্বংস হয় ।

চাগোছ দ্বীপপুঞ্জত অৱস্থিত ডিয়েগো গাৰ্চিয়া হৈছে আমেৰিকা-ব্ৰিটেইনৰ এটা গুৰুত্বপূৰ্ণ সামৰিক ঘাটি যিটো আফগানিস্তান আৰু ইৰাকত আমেৰিকাৰ বোমা আক্ৰমণৰ হাব হিচাপে ব্যৱহাৰ কৰা হৈছে ।

ইফালে ইৰানে ডিয়েগো গাৰ্চিয়াক লক্ষ্য কৰি লোৱাৰ পিছতে সামৰিক বিশেষজ্ঞসকলৰ মাজত উদ্বেগ বৃদ্ধি পাইছে । এতিয়ালৈকে ইৰানৰ ক্ষেপণাস্ত্ৰৰ পৰিসৰ সীমিত বুলি ধাৰণা কৰা হৈছিল যদিও ৪০০০ কিলোমিটাৰ দূৰৰ পৰা আক্ৰমণ চলোৱাৰ চেষ্টাই ইংগিত দিয়ে যে তেহৰাণৰ হাতত এতিয়া ইউৰোপৰ লক্ষ্য কৰি লোৱাৰ ক্ষমতা আছে । পেন্টাগনে এতিয়াও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও কৌশলবিদসকলৰ মতে ইয়াৰ ফলত যুদ্ধৰ ভূগোল সম্পূৰ্ণৰূপে সলনি হৈছে ।

আনহাতে ইৰানৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাঘচিয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তীব্ৰ সমালোচনা কৰিছে । আৰাঘচিয়ে কয় যে ষ্টাৰমাৰে নিজৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে গৈ ইৰানৰ বিৰুদ্ধে আগ্ৰাসনৰ বাবে ব্ৰিটিছ ঘাটি ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে ।

তেওঁ সকীয়াই দিয়ে যে ইয়াৰ ফলত ব্ৰিটিছ নাগৰিকৰ জীৱন বিপন্ন হৈছে আৰু ইৰানে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিব । ইৰানৰ মতে ব্ৰিটেইনৰ এই পদক্ষেপে দেশখনক পোনপটীয়াকৈ যুদ্ধলৈ টানি আনিছে ।

লগতে পঢ়ক : চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ

‘আমাক আৰু প্ৰয়োজন নাই…’; ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক আক্ৰমণ ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ মাজতে ব্ৰিটেইনৰ পৰা সমৰ্থনৰ অভাৱৰ কথা উল্লেখ কৰে। ট্ৰাম্পে ষ্টাৰমাৰক দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বিনষ্ট কৰা বুলি সমালোচনা কৰে।

শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ মাজতে ব্ৰিটেইনৰ সমৰ্থন লাভ নকৰাৰ কথা উল্লেখ কৰে।ট্ৰাম্পে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক লক্ষ্য কৰি লৈছিল।তেওঁ কয় যে ইউৰোপীয় দেশখনে এতিয়া পশ্চিম এছিয়ালৈ বিমানবাহী জাহাজ প্ৰেৰণৰ কথা চিন্তা কৰিছে।

ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে দাবী কৰে যে আমেৰিকাক যুদ্ধত জয়ী হোৱাৰ পিছত যুদ্ধত যোগদান কৰা লোকসকলৰ প্ৰয়োজন নাই।

তেওঁ লগতে কয় যে, “যুক্তৰাজ্য যি এসময়ত আমাৰ ভাল মিত্ৰ আছিল, সম্ভৱতঃ আটাইতকৈ ভাল আছিল,অৱশেষত মধ্যপ্ৰাচ্যলৈ দুখন বিমানবাহী জাহাজ প্ৰেৰণ কৰাৰ কথা গুৰুত্বসহকাৰে বিবেচনা কৰিছে।ঠিক আছে, প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ,আমাক আৰু সেইবোৰৰ প্ৰয়োজন নাই, কিন্তু আমি মনত ৰাখিম।যুদ্ধত জয়ী হোৱাৰ পিছত আমাক যুদ্ধত যোগদান কৰা মানুহৰ প্ৰয়োজন নাই।”

ইয়াৰ পূৰ্বে বুধবাৰে ব্ৰিটেইনৰ সংসদত ভাষণ দি ষ্টাৰমাৰে কয় যে, “আমেৰিকাৰ বিমানে ব্ৰিটিছ ঘাটিৰ পৰা উৰা মাৰিছে।এইটো এটা বিশেষ সম্পৰ্ক।ব্ৰিটিছ জেট বিমানে আমাৰ যৌথ ঘাটিৰ পৰা মধ্যপ্ৰাচ্যত আমেৰিকাৰ নাগৰিকক সুৰক্ষা দিবলৈ ড্ৰোন আৰু মিছাইলবোৰ ধ্বংস কৰিছিলে। এই বিশেষ সম্পৰ্কৰ বাস্তৱ অৱস্থা এইটোৱেই।আমাৰ জনসাধাৰণক সুৰক্ষা দিবলৈ দৈনিক বুদ্ধিমত্তা ভাগ-বতৰা কৰাটোৱেই হৈছে এটা বিশেষ সম্পৰ্ক”।

ইৰাণক আক্ৰমণ নকৰাৰ সিদ্ধান্ত শুদ্ধ বুলি উল্লেখ কৰি ষ্টাৰমাৰে কয় যে, তেওঁলোকে ব্যৱস্থা গ্ৰহণৰ কোনো আইনী ভিত্তি দেখা নাপালে আৰু তেওঁলোকৰ স্থিতি একেই আছে।

লগতে পঢ়ক: নৰৱেৰ আমেৰিকান দূতাৱাসৰ সমীপত ভয়ংকৰ বিস্ফোৰণ

ৰজা চাৰ্লছৰ ভাতৃ এণ্ড্ৰুক গ্ৰেপ্তাৰ; এপষ্টেইন ফাইলত ওলাইছিল নাম

ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ কনিষ্ঠ ভাতৃ প্ৰাক্তন ৰাজকুমাৰ এণ্ড্ৰু মাউণ্টবেটেনক গ্ৰেপ্তাৰ কৰা হৈছে।ব্ৰিটিছ আৰক্ষীয়ে তেওঁক নিজৰ পদৰ অপব্যৱহাৰৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে

বিশ্বৰ বিভিন্ন দেশত এপষ্টেইন ফাইলছৰ বাবে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। এই ফাইলত ব্ৰিটেইনৰ ৰজা চাৰ্লছৰ কনিষ্ঠ ভাতৃ এণ্ড্ৰু মাউণ্টবেটেনৰ নামো প্ৰকাশ পাইছিল, যাৰ বাবে বহু বিতৰ্কৰ সৃষ্টি হৈছিল।

এতিয়া ব্ৰিটেইনৰ আৰক্ষীয়ে এণ্ড্ৰুক গ্ৰেপ্তাৰ কৰিছে। জানিবলৈ পোৱা মতে, বৃহস্পতিবাৰে ৰজা চাৰ্লছৰ কনিষ্ঠ ভাতৃ এণ্ড্ৰু মাউণ্টবেটেন-উইণ্ডছৰক জেফ্ৰি এপষ্টেইনৰ সৈতে সম্পৰ্ক থকাৰ বাবে ৰাজহুৱা কাৰ্যালয়ত অসৎ আচৰণৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে এপষ্টেইনৰ ফাইলত উত্থাপিত হোৱা এণ্ড্ৰুৰ বিৰুদ্ধে দাবীৰ মূল্যায়ন কৰি আছে ।ইয়াৰ ভিতৰত এণ্ড্ৰুৱে ব্ৰিটেইনৰ বাণিজ্যিক দূত হৈ থকাৰ সময়ত স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ অভিযোগো আছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ৮ বজাত ৬খন অচিহ্নিত আৰক্ষীৰ গাড়ী আৰু প্ৰায় আঠজন সাধাৰণ কাপোৰ পিন্ধা বিষয়াই ছেণ্ড্ৰিংহাম এষ্টেট স্থিত এণ্ড্ৰুৰ ঘৰত অভিযান চলায় আৰু তেওঁক গ্ৰেপ্তাৰ কৰিলে।বিশেষ কথাটো হ’ল ১৯ ফেব্ৰুৱাৰী বৃহস্পতিবাৰটো এণ্ড্ৰুৰ জন্মদিন আছিল।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত টেমছ ভেলী আৰক্ষীয়ে নিজৰ বিবৃতিত কয়-“আমি বৃহস্পতিবাৰে নৰ্ফকৰ পৰা ষাঠি বছৰীয়া এজন লোকক ৰাজহুৱা কাৰ্যালয়ত অসৎ আচৰণৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছো।ইয়াৰ লগতে বাৰ্কশ্বাৰ আৰু নৰ্ফকৰ ঠিকনাতো অনুসন্ধান চলোৱা হৈছে।বৰ্তমান লোকজন আৰক্ষীৰ জিম্মাত আছে।”

আনহাতে এণ্ড্ৰু মাউণ্টবেটেনে কোনো ধৰণৰ অন্যায়ৰ সৈতে জড়িত হোৱাৰ কথা ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে।

লগতে পঢ়ক: দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক যাৱজ্জীৱন কাৰাদণ্ড; দেশত জাৰি কৰিছিল সামৰিক আইন

এপষ্টেইন ফাইলৰ জোকাৰণিঃ ব্ৰিটেইনৰ প্ৰথম মুছলমান মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শ্বাবানা মাহমুদ

এপষ্টেইন ফাইলত প্ৰকাশ পোৱা তথ্যই বিগত পাঁচ বছৰত পাঁচজন প্ৰধানমন্ত্ৰীক দেখা পোৱা যুক্তৰাজ্য চৰকাৰক জোকাৰি গৈছে ।


শেহতীয়াকৈ ব্ৰিটেইনত প্ৰচণ্ড ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে । এপষ্টেইন ফাইলত প্ৰকাশ পোৱা তথ্যই বিগত পাঁচ বছৰত পাঁচজন প্ৰধানমন্ত্ৰীক দেখা পোৱা যুক্তৰাজ্য চৰকাৰক জোকাৰি গৈছে । ৰাজনৈতিক বিশ্লেষকে আন এজন প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে । বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ সহযোগীসকলে ধাৰাবাহিকভাৱে পদত্যাগ কৰিছে ।

সোমবাৰে প্ৰধানমন্ত্ৰীৰ যোগাযোগ সঞ্চালক টিম এলেনে পদত্যাগ কৰে । ইয়াৰ পূৰ্বে ষ্টাৰ্মাৰৰ চীফ অফ ষ্টাফ মৰ্গান মেকছুইনীয়ে ৮ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল । কেইৰ ষ্টাৰ্মাৰৰ পদত্যাগৰ চৰ্চাৰ মাজতে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ সম্ভাৱনাক লৈ এতিয়া ব্ৰিটিছ ৰাজনৈতিক মহলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

ইয়াৰ ভিতৰত শ্বাবানা মাহমুদ এটা গুৰুত্বপূৰ্ণ নাম । বৰ্তমান শ্বাবানা মাহমুদ এগৰাকী বিশিষ্ট ব্ৰিটিছ ৰাজনীতিবিদ । বৰ্তমান তেওঁ দেশখনৰ গৃহ সচিবৰ পদত অধিষ্ঠিত । লেবাৰ পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী হিচাপে শেহতীয়াকৈ ব্ৰিটিছ ৰাজনীতিত কেইৰ ষ্টাৰ্মাৰৰ নেতৃত্বক লৈ হোৱা সংকটৰ মাজতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত আগশাৰীৰ প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে শ্বাবানাই । যদি তেওঁ প্ৰধানমন্ত্ৰী হয় তেন্তে ব্ৰিটেইনৰ প্ৰথমগৰাকী মুছলমান প্ৰধানমন্ত্ৰী হ’ব, যিয়ে এই ইউৰোপীয় দেশখন এক নতুন ইতিহাস ৰচিব ।

বৰ্তমানৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ ঘনিষ্ঠ সহযোগী শ্বাবানা মাহমুদ । অনুপ্ৰৱেশকাৰীৰ কন্যা হোৱাৰ পিছতো শ্বাবানা মাহমুদে ব্ৰিটেইনত অনুপ্ৰৱেশৰ ক্ষেত্ৰত শক্তিশালী স্থিতি গ্ৰহণ কৰিছে, যাৰ ফলত তেওঁ লেবাৰ পাৰ্টিৰ প্ৰিয় হৈ পৰিছে ।

গৃহ সচিব হিচাপে তেওঁ অকৰ্তৃত্বশীল অনুপ্ৰৱেশক দমন কৰা, সীমান্ত নিয়ন্ত্ৰণ কঠোৰ কৰা, স্থায়ী বাসস্থানৰ বাবে যোগ্যতাৰ সময়সীমা বৃদ্ধি কৰা (৫ বছৰৰ পৰা ১০ বছৰলৈ) আদি পদক্ষেপ গ্ৰহণ কৰিছে । এই কাৰণেই অনুপ্ৰৱেশকাৰীৰ কন্যা হোৱাৰ পিছতো এই বিষয়ত তেওঁ কঠোৰপন্থী হিচাপে পৰিচিত ।

ইয়াৰ পূৰ্বে ন্যায় মন্ত্ৰী হিচাপে তেওঁ কাৰাগাৰ সংস্কাৰ, শাস্তি প্ৰদান আৰু মানৱ অধিকাৰৰ কাম কৰিছিল । মাৰ্গাৰেট থেচাৰ আৰু বেনজিৰ ভুট্টোক তেওঁ নিজৰ প্ৰেৰণা বুলি গণ্য কৰে ।

উল্লেখ্য যে, পাক অধিকৃত কাশ্মীৰৰ মিৰপুৰৰ পৰা অহা শ্বাবানা মাহমুদক ষ্টাৰ্মাৰৰ ঘনিষ্ঠ, অভিজ্ঞ আৰু সুস্থিৰ বিকল্প হিচাপে দেখা গৈছে ।

ষ্টাৰ্মাৰৰ ওপৰত পদত্যাগৰ হেঁচা!

শেহতীয়াকৈ এপষ্টেইন ফাইলছ আৰু পিটাৰ মেণ্ডেলছনক লৈ হোৱা বিতৰ্কই কেইৰ ষ্টাৰ্মাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে । লেবাৰ পাৰ্টিৰ ভিতৰত অসন্তুষ্টি, পদত্যাগ আৰু অনুমোদনৰ ৰেটিং কম হোৱাটোৱে নেতৃত্ব পৰিৱৰ্তনৰ জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে ।

লগতে পঢ়ক : ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত কি হ’ব ভাৰতৰ স্থিতি ? স্পষ্ট কৰিলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে আজি ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী; কিং চাৰ্লছ আৰু ষ্টাৰমাৰক কৰিব সাক্ষাৎ

চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে আজি ৰাওনা হ’ব প্ৰধানমন্ত্ৰী মোদী

আজি চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণৰ বাবে ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই সময়ছোৱাত বহু প্ৰত্যাশিত মুক্ত বাণিজ্য চুক্তি (এফ টি এ) চূড়ান্ত কৰাৰ সমান্তৰালকৈ তেওঁ খালিস্তানী উগ্ৰপন্থীৰ উপস্থিতিকে ধৰি আঞ্চলিক আৰু বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো আলোচনা কৰিব ।

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ কাৰ্যসূচী সম্পৰ্কে তথ্য প্ৰদান কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে । ২৩ জুলাইৰ পৰা ২৪ জুলাইলৈ তেওঁ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে আলোচনাৰ বাবে ব্ৰিটেইনলৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাব বুলি কয় । ৰজা তৃতীয় চাৰ্লছকো সাক্ষাৎ কৰিব বুলি উল্লেখ কৰে তেওঁ । ভাৰত আৰু ব্ৰিটেইন উভয় দেশৰ ব্যৱসায়িক নেতাৰ সৈতেও মত বিনিময় কৰাৰ পৰিকল্পনা কৰা হৈছে । আনহাতে, দুয়োখন দেশে সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰাৰ লগতে বাণিজ্য, অৰ্থনীতি, প্ৰযুক্তি, উদ্ভাৱন, নিৰাপত্তা, জলবায়ু পৰিৱৰ্তন, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ক উন্নত কৰাৰ বিষয়েও আলোচনা কৰিব । কাৰ্যভাৰ গ্ৰহণৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো ব্ৰিটেইন ভ্ৰমণ ।

ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ-

২৪ জুলাইত ভাৰত আৰু ব্ৰিটেইনে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব । এই সময়ছোৱাত লণ্ডনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কেন্দ্রীয় মন্ত্রী পীয়ুষ গোৱেলো উপস্থিত থাকিব ৷ বাণিজ্য চুক্তিখনত চামৰা, জোতা আৰু কাপোৰৰ দৰে শ্ৰম নিবিড় সামগ্ৰীৰ ৰপ্তানিৰ ওপৰত কৰ আঁতৰোৱাৰ লগতে ব্ৰিটেইনৰ পৰা হুইস্কি আৰু গাড়ী আমদানি সস্তা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যাতে ২০৩০ চনৰ ভিতৰত দুয়োখন অৰ্থনীতিৰ মাজত বাণিজ্য দুগুণ, ১২০ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব পাৰে ।

ভাৰতৰ ষষ্ঠ বৃহত্তম বিনিয়োগকাৰী ব্ৰিটেইন-

ভাৰতৰ ষষ্ঠ বৃহত্তম বিনিয়োগকাৰী ব্ৰিটেইন, মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ ৩৬ বিলিয়ন ডলাৰ । ভাৰতো ব্ৰিটেইনৰ এক প্ৰধান বিনিয়োগকাৰী, মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ প্ৰায় ২০ বিলিয়ন ডলাৰ । মিশ্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰত-ব্ৰিটিছ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত এক বিস্তৃত আলোচনা কৰিব । পলাতক অপৰাধীক প্ৰত্যাৰ্পণ কৰাৰ সন্দৰ্ভত তেওঁ কয় যে আমি দুয়োখন দেশ যোগাযোগত আছো । তাহাউৰ ৰানাৰ দৰে আনকো কেনেকৈ প্ৰত্যাৰ্পণ কৰিব পাৰি সেই সন্দৰ্ভতো আলোচনা হ’ব ।

বিগত এবছৰত দুবাৰকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ-

উল্লেখ্য যে বিগত এবছৰত প্ৰধানমন্ত্ৰী মোদীয়ে দুবাৰকৈ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ কৰিছে । ২০২৪ চনৰ নৱেম্বৰ মাহত ব্ৰাজিলত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ সময়ত আৰু তাৰ পিছত ২০২৫ চনৰ জুন মাহত জি-৭ সন্মিলনৰ সময়ত তেওঁৰ সৈতে সাক্ষাৎ হয় । এই সময়ছোৱাত দুয়োৰে মাজত কেইবাবাৰো টেলিফোনিক কথা-বতৰাও হয় ।

মালদ্বীপ ভ্ৰমণো কৰিব-

ব্ৰিটেইনৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপলৈ আনুষ্ঠানিক ভ্ৰমণত যাব, যিটো ২০২৫ চনৰ ২৫-২৬ জুলাইলৈ হ’ব । মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মইজুৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদী মালদ্বীপলৈ যাব । এয়া হ’ব প্ৰধানমন্ত্ৰীৰ তৃতীয়টো মালদ্বীপ ভ্ৰমণ । ৰাষ্ট্ৰপতি মইজুৱে মালদ্বীপত ক্ষমতা দখল কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হ’ব বিদেশী ৰাষ্ট্ৰ প্ৰধানৰ প্ৰথম ভ্ৰমণ ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিয়ে মঞ্জুৰ কৰিলে জগদীপ ধনখড়ৰ পদত্যাগ; সুস্বাস্থ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব প্ৰধানমন্ত্ৰী মোদী; বাণিজ্যিক চুক্তিত লাগিব মোহৰ

ব্ৰিটেইন আৰু মালদ্বীপলৈ যাব প্ৰধানমন্ত্ৰী মোদী

অহা সপ্তাহত দুখন দেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২৩ৰ পৰা ২৬ জুলাইৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে দুখন দেশৰ গুৰুত্বপূৰ্ণ ভ্ৰমণলৈ যাব । প্ৰথমে তেওঁ ব্ৰিটেইন ভ্ৰমণ কৰিব আৰু তাৰ পিছত মালদ্বীপলৈ যাব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিটেইনত বাণিজ্যিক চুক্তিত মোহৰ লগাব  আনহাতে মালদ্বীপ ভ্ৰমণৰ উদ্দেশ্য হৈছে মালদ্বীপৰ সৈতে উত্তেজিত সম্পৰ্ক উন্নত কৰা ।

২৩ আৰু ২৪ জুলাইৰ পৰা ব্ৰিটেইন ভ্ৰমণত থাকিব প্ৰধানমন্ত্ৰী মোদী । দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ এক বৃহৎ উন্নয়ন হিচাপে পৰিগণিত ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব তেওঁ । এই বাণিজ্যিক চুক্তিয়ে ভাৰতীয় সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰিব, যাৰ ফলত ব্ৰিটেইনত বিক্ৰী কৰাটো সহজ হ’ব । ইয়াৰ লগতে ভাৰতত হুইস্কি আৰু গাড়ীৰ দৰে ব্ৰিটিছ সামগ্ৰী বিক্ৰী কৰাটোও সহজ হৈ পৰিব ।

ব্ৰিটেইনত বাণিজ্যিক চুক্তিত লাগিব মোহৰ-

ভাৰত আৰু ব্ৰিটেইনৰ মাজত তিনি বছৰ ধৰি বাণিজ্যিক চুক্তিৰ আলোচনা চলি আছে । ইয়াৰ লক্ষ্য আছিল বজাৰত প্ৰৱেশৰ উন্নতি আৰু দুয়োখন দেশৰ মাজত বাণিজ্য সহজতা আৰু উন্নত কৰা । ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত ব্যৱসায়িক সামগ্ৰীৰ বৈচিত্ৰ্য যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে । ভাৰত আৰু ব্ৰিটেইনৰ লক্ষ্য হৈছে বাণিজ্যিক বাধা হ্ৰাস কৰি আৰু সামগ্ৰিক সহযোগিতা বৃদ্ধি কৰি এক শক্তিশালী অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলা ।

ব্ৰিটেইনৰ পিছত আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণ । ২৫ জুলাইত দুদিনীয়া মালদ্বীপ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী । দেশখনত তেওঁ ৬০ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে ৰাষ্ট্ৰীয় দিৱস উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল ।

লগতে পঢ়ক : ‘পশ্চিম বংগই পৰিৱৰ্তন বিচাৰিছে…’; দুৰ্গাপুৰত মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যাহ্বান