এপষ্টেইন ফাইলৰ জোকাৰণিঃ ব্ৰিটেইনৰ প্ৰথম মুছলমান মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শ্বাবানা মাহমুদ

এপষ্টেইন ফাইলৰ জোকাৰণিঃ ব্ৰিটেইনৰ প্ৰথম মুছলমান মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শ্বাবানা মাহমুদ

এপষ্টেইন ফাইলত প্ৰকাশ পোৱা তথ্যই বিগত পাঁচ বছৰত পাঁচজন প্ৰধানমন্ত্ৰীক দেখা পোৱা যুক্তৰাজ্য চৰকাৰক জোকাৰি গৈছে । শেহতীয়াকৈ ব্ৰিটেইনত প্ৰচণ্ড ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে । এপষ্টেইন ফাইলত প্ৰকাশ পোৱা তথ্যই বিগত পাঁচ বছৰত পাঁচজন প্ৰধানমন্ত্ৰীক দেখা পোৱা যুক্তৰাজ্য চৰকাৰক জোকাৰি গৈছে । ৰাজনৈতিক বিশ্লেষকে আন

এপষ্টেইন ফাইলত প্ৰকাশ পোৱা তথ্যই বিগত পাঁচ বছৰত পাঁচজন প্ৰধানমন্ত্ৰীক দেখা পোৱা যুক্তৰাজ্য চৰকাৰক জোকাৰি গৈছে ।


শেহতীয়াকৈ ব্ৰিটেইনত প্ৰচণ্ড ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছে । এপষ্টেইন ফাইলত প্ৰকাশ পোৱা তথ্যই বিগত পাঁচ বছৰত পাঁচজন প্ৰধানমন্ত্ৰীক দেখা পোৱা যুক্তৰাজ্য চৰকাৰক জোকাৰি গৈছে । ৰাজনৈতিক বিশ্লেষকে আন এজন প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে । বাতৰি অনুসৰি প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ সহযোগীসকলে ধাৰাবাহিকভাৱে পদত্যাগ কৰিছে ।

সোমবাৰে প্ৰধানমন্ত্ৰীৰ যোগাযোগ সঞ্চালক টিম এলেনে পদত্যাগ কৰে । ইয়াৰ পূৰ্বে ষ্টাৰ্মাৰৰ চীফ অফ ষ্টাফ মৰ্গান মেকছুইনীয়ে ৮ ফেব্ৰুৱাৰীত পদত্যাগ কৰিছিল । কেইৰ ষ্টাৰ্মাৰৰ পদত্যাগৰ চৰ্চাৰ মাজতে দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ সম্ভাৱনাক লৈ এতিয়া ব্ৰিটিছ ৰাজনৈতিক মহলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

ইয়াৰ ভিতৰত শ্বাবানা মাহমুদ এটা গুৰুত্বপূৰ্ণ নাম । বৰ্তমান শ্বাবানা মাহমুদ এগৰাকী বিশিষ্ট ব্ৰিটিছ ৰাজনীতিবিদ । বৰ্তমান তেওঁ দেশখনৰ গৃহ সচিবৰ পদত অধিষ্ঠিত । লেবাৰ পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী হিচাপে শেহতীয়াকৈ ব্ৰিটিছ ৰাজনীতিত কেইৰ ষ্টাৰ্মাৰৰ নেতৃত্বক লৈ হোৱা সংকটৰ মাজতে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত আগশাৰীৰ প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে শ্বাবানাই । যদি তেওঁ প্ৰধানমন্ত্ৰী হয় তেন্তে ব্ৰিটেইনৰ প্ৰথমগৰাকী মুছলমান প্ৰধানমন্ত্ৰী হ’ব, যিয়ে এই ইউৰোপীয় দেশখন এক নতুন ইতিহাস ৰচিব ।

বৰ্তমানৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰৰ ঘনিষ্ঠ সহযোগী শ্বাবানা মাহমুদ । অনুপ্ৰৱেশকাৰীৰ কন্যা হোৱাৰ পিছতো শ্বাবানা মাহমুদে ব্ৰিটেইনত অনুপ্ৰৱেশৰ ক্ষেত্ৰত শক্তিশালী স্থিতি গ্ৰহণ কৰিছে, যাৰ ফলত তেওঁ লেবাৰ পাৰ্টিৰ প্ৰিয় হৈ পৰিছে ।

গৃহ সচিব হিচাপে তেওঁ অকৰ্তৃত্বশীল অনুপ্ৰৱেশক দমন কৰা, সীমান্ত নিয়ন্ত্ৰণ কঠোৰ কৰা, স্থায়ী বাসস্থানৰ বাবে যোগ্যতাৰ সময়সীমা বৃদ্ধি কৰা (৫ বছৰৰ পৰা ১০ বছৰলৈ) আদি পদক্ষেপ গ্ৰহণ কৰিছে । এই কাৰণেই অনুপ্ৰৱেশকাৰীৰ কন্যা হোৱাৰ পিছতো এই বিষয়ত তেওঁ কঠোৰপন্থী হিচাপে পৰিচিত ।

ইয়াৰ পূৰ্বে ন্যায় মন্ত্ৰী হিচাপে তেওঁ কাৰাগাৰ সংস্কাৰ, শাস্তি প্ৰদান আৰু মানৱ অধিকাৰৰ কাম কৰিছিল । মাৰ্গাৰেট থেচাৰ আৰু বেনজিৰ ভুট্টোক তেওঁ নিজৰ প্ৰেৰণা বুলি গণ্য কৰে ।

উল্লেখ্য যে, পাক অধিকৃত কাশ্মীৰৰ মিৰপুৰৰ পৰা অহা শ্বাবানা মাহমুদক ষ্টাৰ্মাৰৰ ঘনিষ্ঠ, অভিজ্ঞ আৰু সুস্থিৰ বিকল্প হিচাপে দেখা গৈছে ।

ষ্টাৰ্মাৰৰ ওপৰত পদত্যাগৰ হেঁচা!

শেহতীয়াকৈ এপষ্টেইন ফাইলছ আৰু পিটাৰ মেণ্ডেলছনক লৈ হোৱা বিতৰ্কই কেইৰ ষ্টাৰ্মাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে । লেবাৰ পাৰ্টিৰ ভিতৰত অসন্তুষ্টি, পদত্যাগ আৰু অনুমোদনৰ ৰেটিং কম হোৱাটোৱে নেতৃত্ব পৰিৱৰ্তনৰ জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে ।

লগতে পঢ়ক : ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত কি হ’ব ভাৰতৰ স্থিতি ? স্পষ্ট কৰিলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে