ৰজা চাৰ্লছৰ ভাতৃ এণ্ড্ৰুক গ্ৰেপ্তাৰ; এপষ্টেইন ফাইলত ওলাইছিল নাম

ৰজা চাৰ্লছৰ ভাতৃ এণ্ড্ৰুক গ্ৰেপ্তাৰ; এপষ্টেইন ফাইলত ওলাইছিল নাম

ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ কনিষ্ঠ ভাতৃ প্ৰাক্তন ৰাজকুমাৰ এণ্ড্ৰু মাউণ্টবেটেনক গ্ৰেপ্তাৰ কৰা হৈছে।ব্ৰিটিছ আৰক্ষীয়ে তেওঁক নিজৰ পদৰ অপব্যৱহাৰৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে বিশ্বৰ বিভিন্ন দেশত এপষ্টেইন ফাইলছৰ বাবে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। এই ফাইলত ব্ৰিটেইনৰ ৰজা চাৰ্লছৰ কনিষ্ঠ ভাতৃ এণ্ড্ৰু মাউণ্টবেটেনৰ নামো প্ৰকাশ পাইছিল, যাৰ

ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ কনিষ্ঠ ভাতৃ প্ৰাক্তন ৰাজকুমাৰ এণ্ড্ৰু মাউণ্টবেটেনক গ্ৰেপ্তাৰ কৰা হৈছে।ব্ৰিটিছ আৰক্ষীয়ে তেওঁক নিজৰ পদৰ অপব্যৱহাৰৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে

বিশ্বৰ বিভিন্ন দেশত এপষ্টেইন ফাইলছৰ বাবে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। এই ফাইলত ব্ৰিটেইনৰ ৰজা চাৰ্লছৰ কনিষ্ঠ ভাতৃ এণ্ড্ৰু মাউণ্টবেটেনৰ নামো প্ৰকাশ পাইছিল, যাৰ বাবে বহু বিতৰ্কৰ সৃষ্টি হৈছিল।

এতিয়া ব্ৰিটেইনৰ আৰক্ষীয়ে এণ্ড্ৰুক গ্ৰেপ্তাৰ কৰিছে। জানিবলৈ পোৱা মতে, বৃহস্পতিবাৰে ৰজা চাৰ্লছৰ কনিষ্ঠ ভাতৃ এণ্ড্ৰু মাউণ্টবেটেন-উইণ্ডছৰক জেফ্ৰি এপষ্টেইনৰ সৈতে সম্পৰ্ক থকাৰ বাবে ৰাজহুৱা কাৰ্যালয়ত অসৎ আচৰণৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে এপষ্টেইনৰ ফাইলত উত্থাপিত হোৱা এণ্ড্ৰুৰ বিৰুদ্ধে দাবীৰ মূল্যায়ন কৰি আছে ।ইয়াৰ ভিতৰত এণ্ড্ৰুৱে ব্ৰিটেইনৰ বাণিজ্যিক দূত হৈ থকাৰ সময়ত স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ অভিযোগো আছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা ৮ বজাত ৬খন অচিহ্নিত আৰক্ষীৰ গাড়ী আৰু প্ৰায় আঠজন সাধাৰণ কাপোৰ পিন্ধা বিষয়াই ছেণ্ড্ৰিংহাম এষ্টেট স্থিত এণ্ড্ৰুৰ ঘৰত অভিযান চলায় আৰু তেওঁক গ্ৰেপ্তাৰ কৰিলে।বিশেষ কথাটো হ’ল ১৯ ফেব্ৰুৱাৰী বৃহস্পতিবাৰটো এণ্ড্ৰুৰ জন্মদিন আছিল।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত টেমছ ভেলী আৰক্ষীয়ে নিজৰ বিবৃতিত কয়-“আমি বৃহস্পতিবাৰে নৰ্ফকৰ পৰা ষাঠি বছৰীয়া এজন লোকক ৰাজহুৱা কাৰ্যালয়ত অসৎ আচৰণৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছো।ইয়াৰ লগতে বাৰ্কশ্বাৰ আৰু নৰ্ফকৰ ঠিকনাতো অনুসন্ধান চলোৱা হৈছে।বৰ্তমান লোকজন আৰক্ষীৰ জিম্মাত আছে।”

আনহাতে এণ্ড্ৰু মাউণ্টবেটেনে কোনো ধৰণৰ অন্যায়ৰ সৈতে জড়িত হোৱাৰ কথা ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে।

লগতে পঢ়ক: দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক যাৱজ্জীৱন কাৰাদণ্ড; দেশত জাৰি কৰিছিল সামৰিক আইন