পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা; উৰণৰ পিছতেই দাউ দাউ কৈ জ্বলি উঠিল বিমান

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

ব্ৰিটেইনৰ চাউথেণ্ড বিমানবন্দৰত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। বিমানবন্দৰটোৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে বিচক্ৰাফ্ট বি২০০ নামৰ এখন সৰু যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।

জানিব পৰা মতে বিমানখনে নেদাৰলেণ্ডৰ লেলিষ্টাডলৈ গৈ আছিল, কিন্তু উৰণৰ পিছতেই বিস্ফোৰণ ঘটি দাউ দাউ জ্বলি উঠে বিমানখন।  

প্ৰত্যক্ষদৰ্শীৰ মতে, এটা প্ৰচণ্ড শব্দ কৰি অগ্নিকুণ্ডত পৰিণত হয় বিমানখন। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিসমূহত বিমানখনৰ পৰা ধোঁৱা আৰু জুইৰ শিখা দেখা গৈছে।সন্দেহ কৰা হৈছে যে কাৰিকৰী বিজুতি ঘটাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ৰাণৱেৰ ওচৰতে বিস্ফোৰণ হয়।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে এচেক্স আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স চাৰ্ভিচে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।অৱশ্যে বিমানখনত কিমানজন লোক আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক অনুমান অনুসৰি কাৰিকৰী বিজুতি বা ইঞ্জিন বিকল হ’ব পাৰে।

লগতে পঢ়ক: মহাকাশত শুভাংশ শুক্লাৰ বিদায় অনুষ্ঠান; আনডকৰ পূৰ্বে ক’লে ‘ভাৰত সকলোতকৈ শ্ৰেষ্ঠ’

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী; সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সম্পূৰ্ণ সমৰ্থন

ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ লেমীৰ সৈতে বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৈঠকত তেওঁলোকে সন্ত্ৰাসবাদ আৰু ইয়াক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে নিৰ্ণায়ক বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । শনিবাৰে পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিবলৈ নতুন দিল্লীত উপস্থিত হয় লেমী । ব্ৰিটিছ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে সীমা অতিক্ৰম কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত তেওঁৰ দেশ ভাৰতৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে । লগতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে লেমীয়ে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ সফল সম্পাদনত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই মাইলৰ খুঁটিত উপনীত হ’বলৈ দুয়োপক্ষৰ গঠনমূলক সহযোগিতাৰ শলাগ লয় । বিবৃতিটোত কোৱা হৈছে যে দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে । লেমীয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, প্ৰযুক্তি, উদ্ভাৱন আৰু স্বচ্ছ শক্তিকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা আৰু অধিক বৃদ্ধিৰ বাবে ব্ৰিটেইনৰ প্ৰবল ইচ্ছা প্ৰকাশ কৰে ।

এফ টি এয়ে দুয়োখন দেশৰ বাবে নতুন অৰ্থনৈতিক সুযোগ মুকলি কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে । বিবৃতিটোত আৰু কোৱা হৈছে যে দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত মত বিনিময় কৰে । ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও আলোচনাত মিলিত হয় লেমী । জয়শংকৰে কয়, ভাৰতে আশা কৰিছে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতি ব্ৰিটেইনে বুজিব ।

ব্ৰিটিছ উচ্চায়ুক্তত দিয়া এক সাক্ষাৎকাৰত ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰী লেমীয়ে কয় যে যোৱা মাহৰ আৰম্ভণিতে দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ বাবে আলোচনা সম্পূৰ্ণ হৈছে । আমাৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে অতি শীঘ্ৰে ভাৰত ভ্ৰমণ কৰি মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহী । দুয়োখন দেশে একেলগে বহু কাম কৰিব পাৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিক মন্ত্ৰী জয়শংকৰৰ সৈতে বিশ্বৰ পঞ্চম আৰু ষষ্ঠ বৃহত্তম অৰ্থনীতিৰ মাজত ব্যৱসায়ৰ প্ৰসাৰৰ বিষয়েও আলোচনা কৰা হয় ।

লগতে পঢ়ক : জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কানাডালৈ যাব নৰেন্দ্ৰ মোদী ; প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে জনালে আমন্ত্ৰণ

পুনৰ ভয়াৱহ ৰূপত আহিছে কভিড; এটা সপ্তাহৰ ভিতৰত ব্ৰিটেইনত দুগুণ বৃদ্ধি পালে  মৃত্যুৰ সংখ্যা

পুনৰ ভয়াৱহ ৰূপত আহিছে ক’ভিড মহামাৰী।হংকং, চিংগাপুৰৰ পিছত এইবাৰ ব্ৰিটেইনত ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে। কৰ’না ভাইৰাছে পুনৰবাৰ বিশ্বত নিজৰ উপস্থিতিৰ প্ৰমাণ দিবলৈ আৰম্ভ কৰিছে।

বৰ্তমান পৰিস্থিতি আগৰ দৰে গুৰুতৰ নহয় যদিও কিছুমান দেশত হঠাতে কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটোৱে নিশ্চিতভাৱে চিন্তাৰ সৃষ্টি কৰিছে।

এইবাৰ কৰ’নাৰ সৰ্বোচ্চ প্ৰভাৱ ব্ৰিটেইনত দেখা গৈছে, মাত্ৰ এসপ্তাহতে Covid-19ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে।

ব্ৰিটেইন চৰকাৰৰ শেহতীয়া তথ্য অনুসৰি, ২ মে’ত সমাপ্ত হোৱা সপ্তাহটোত Covid-19ত আক্ৰান্ত হৈ ১০১ জন লোকৰ মৃত্যু হয়, যিবোৰ মৃত্যুৰ প্ৰমাণ পত্ৰত উল্লেখ আছে। এই সংখ্যা যোৱা সপ্তাহতকৈ ৬৫% বেছি।

ইয়াৰ পূৰ্বে জানুৱাৰী মাহত এসপ্তাহত ১১১ জন লোকৰ মৃত্যু হৈছিল।কিন্তু ২০২৩ চনৰ নৱেম্বৰ মাহত সাপ্তাহিকভাৱে মৃত্যু হোৱা ২৭৩ জনৰ তুলনাত এই সংখ্যা এতিয়াও কম, কিন্তু এই হঠাৎ বৃদ্ধিয়ে চিন্তাৰ সৃষ্টি কৰিছে।

ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক সাক্ষাৎ জয়শংকৰৰ; কি কি বিষয়ত হ’ল আলোচনা ?

বৈদেশিক মন্ত্ৰী জয়শংকৰ আনুষ্ঠানিক ব্ৰিটেইন ভ্ৰমণত আছে । তেওঁ মঙলবাৰে সন্ধিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে । য’ত তেওঁ ষ্টাৰমাৰক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে । বিদেশ মন্ত্ৰী জয়শংকৰে নিজৰ এক্স একাউণ্টত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ ছবি শ্বেয়াৰ কৰিছে ।

তেওঁ নিজৰ পোষ্টত লিখিছে যে ১০ ডাউনিং ষ্ট্ৰীটত কেইৰ ষ্টাৰমাৰক লগ পাই তেওঁ অতি সুখী । এই সময়ছোৱাত আমাৰ মাজত দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ আদান-প্ৰদান বৃদ্ধিৰ ওপৰত আলোচনা হৈছিল । আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ইউক্ৰেইন সংঘাত সন্দৰ্ভত ব্ৰিটেইনৰ দৃষ্টিভংগীও ভাগ বতৰা কৰে ।

ইয়াৰ পূৰ্বে তেওঁ ব্ৰিটেইন আৰু আয়াৰলেণ্ডক সামৰি ছদিনীয়া ভ্ৰমণৰ প্ৰথম দিনাই মন্ত্ৰীত্বৰ আলোচনাত মিলিত হৈছিল । এই ক্ৰমত ব্ৰিটিছ বাণিজ্য মন্ত্ৰী জনাথন ৰেইনল্ডছৰ সৈতে হোৱা বৈঠকৰ সময়ত তেওঁ ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ) আলোচনাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে । আমি এফ টি এ আলোচনাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিলোঁ বুলি জয়শংকৰে ৰেইনল্ডছৰ সৈতে হোৱা বৈঠকৰ পিছত এক্সৰ ওপৰত দিয়া এটা পোষ্টত কয় ।

জয়শংকৰে ব্ৰিটেইনৰ গৃহমন্ত্ৰীকো সাক্ষাৎ কৰে-

জয়শংকৰে ব্ৰিটেইনৰ গৃহ সচিব ইভেট কুপাৰক সাক্ষাৎ কৰি জনসাধাৰণৰ মাজত বিনিময়, চোৰাং ব্যৱসায় আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজিবলৈ যৌথ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে । বাণিজ্য বিভাগৰ সচিব জনাথন ৰেইনল্ডছকো সাক্ষাৎ কৰি এফ টি এ আলোচনাৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে তেওঁ ।

দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীসকলে ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আগবঢ়াই নিবলৈ সাজু হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন কাৰ্যালয়ে কয় যে এই বৈঠকত পাৰস্পৰিক অৰ্থনৈতিক বৃদ্ধি, প্ৰযুক্তিগত উদ্ভাৱন আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি বিশ্বজনীন প্ৰত্যাহ্বানৰ ক্ষেত্ৰত সহযোগিতা প্ৰসাৰিত কৰা হ’ব । ইউক্ৰেইন, পশ্চিম এছিয়া আৰু অন্যান্য বিশ্বজনীন বিষয়ত চলি থকা যুদ্ধৰ বিষয়েও দুয়োজনে আলোচনা কৰিব ।

ব্ৰিটেইন ভ্ৰমণলৈ বৈদেশিক মন্ত্ৰী জয়শংকৰ, কি কি বিষয়ত হ’ব আলোচনা ?

ভাৰত আৰু ব্ৰিটেইনৰ মাজত দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ বাবে মঙলবাৰে যুক্তৰাজ্য আৰু আয়াৰলেণ্ড ভ্ৰমণলৈ ৰাওনা হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । জয়শংকৰে প্ৰথমে লণ্ডনত ব্ৰিটিছ সমকক্ষ বৈদেশিক সচিব ডেভিদ লেমীক সাক্ষাৎ কৰিব । বৈদেশিক মন্ত্ৰীৰ এই ব্ৰিটেইন ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কাৰণ ইউক্ৰেইনক লৈ আমেৰিকা আৰু ইউৰোপৰ মাজত উত্তেজনা থকা সময়ত এই ভ্ৰমণ হৈছে ।

জয়শংকৰৰ ব্ৰিটেইন ভ্ৰমণ- কি এজেণ্ডা ?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ মাজত উত্তপ্ত বিতৰ্কৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ ব্ৰিটেইন ভ্ৰমণ । জেলেনস্কি আৰু ট্ৰাম্পৰ মাজত চলা উত্তপ্ত বিতৰ্কৰ বিষয়ে ইউৰোপকে ধৰি সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে । এনে পৰিস্থিতিত বৈদেশিক মন্ত্ৰী জয়শংকৰ আৰু ব্ৰিটিছ বৈদেশিক মন্ত্ৰী লেমীয়ে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিবনে নাই সেয়া লক্ষ্যণীয় হ’ব ।

শনিবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সাক্ষাৎ কৰে । এই সময়ত তেওঁ কৈছিল যে ব্ৰিটেইন, ইউক্ৰেইন, ফ্ৰান্স আদি দেশসমূহে একেলগে যুদ্ধৰ অন্ত পেলাবলৈ শান্তি পৰিকল্পনাত কাম কৰিব, যিটো ট্ৰাম্পৰ সন্মুখত উত্থাপন কৰা হ’ব ।

এয়া কেৱল কথা-বতৰাৰ নহয়, কাৰ্য্যৰ সময় বুলি উল্লেখ কৰি স্থায়ী শান্তিৰ বাবে শক্তিশালী নেতৃত্ব আৰু ঐক্যৰ আহ্বান জনায় তেওঁ । দেওবাৰে এখন সংবাদমেলত ষ্টাৰমাৰে কয় যে ইউৰোপে এই প্ৰচেষ্টাৰ নেতৃত্ব দিব লাগে, কিন্তু ইয়াক সফল হ’বলৈ হ’লে আমেৰিকাৰ সমৰ্থনো থাকিব লাগিব ।

ৰাছিয়াৰ প্ৰতি আমেৰিকাৰ পৰিৱৰ্তিত স্থিতিৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া-

২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভাৰত আৰম্ভণিৰে পৰা নিৰপেক্ষ হৈ আছে । এতিয়ালৈকে ভাৰতে ৰাছিয়া, ইউক্ৰেইন বা আমেৰিকা, ইউৰোপক সমৰ্থন কৰা নাই । যোৱা সপ্তাহত ইউক্ৰেইন আৰু আমেৰিকাৰ দুটা ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত ভাৰতে ভোটদান কৰা নাছিল ।

যুদ্ধৰ আৰম্ভণিৰ পৰা জো বাইডেন প্ৰশাসনলৈকে আমেৰিকাই এই যুদ্ধত ইউক্ৰেইনৰ সৈতে মুকলিকৈ আছিল আৰু কোটি কোটি টকা দি সহায় কৰিছিল যদিও ট্ৰাম্প প্ৰশাসনৰ আগমনৰ লগে লগে ইয়াৰ স্থিতি সম্পূৰ্ণৰূপে সলনি হৈছে । যুদ্ধৰ অন্ত পেলাবলৈ ইউক্ৰেইন অবিহনে ৰাছিয়াৰ সৈতে এতিয়া আমেৰিকাই কথা পাতিছে আৰু যুদ্ধ দীঘলীয়া কৰাৰ বাবে জেলেনস্কিক দোষাৰোপ কৰিছে ।

ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিও আলোচনা কৰা হ’ব-

ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি (এফ টি এ) সন্দৰ্ভতো বৈদেশিক মন্ত্ৰী জয়শংকৰ আৰু লেমীৰ মাজত আলোচনা হ’ব বুলি আশা কৰা হৈছে । যোৱা মাহত ব্ৰিটিছ বাণিজ্য সচিব জনাথন ৰেইনল্ডছে এই প্ৰেক্ষাপটত ভাৰত ভ্ৰমণ কৰিছিল । তাৰ পিছত ভাৰত আৰু ব্ৰিটেইনে এই চুক্তিৰ ওপৰত পুনৰ আলোচনা আৰম্ভ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে জয়শংকৰৰ এই ভ্ৰমণে ভাৰত আৰু ব্ৰিটেইনৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্কক প্ৰতিফলিত কৰিছে য’ত প্ৰতিৰক্ষা, বাণিজ্য, স্বাস্থ্য, শিক্ষা, সাংস্কৃতিক বিনিময় আদি ক্ষেত্ৰত শক্তিশালী সহযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে ।

‘ব্ৰিটেইনছ গট টেলেণ্ট’ত অসম কন্যা বিনীতাৰ যাদু…নৃত্য প্ৰদৰ্শনেৰে জয় কৰিলে কোটি কোটি জনতাৰ হৃদয়

ব্ৰিটেইনৰ ৰিয়েলিটি শ্ব’ ‘ব্ৰিটেইনছ গট টেলেণ্ট’ (Britain’s Got Talent)ত ভাৰতে উপস্থাপন কৰিছে এক নতুন কৃতিত্ব । অসমৰ এগৰাকী আঠ বছৰীয়া কিশোৰীয়ে নিজৰ প্ৰদৰ্শনেৰে শ্ব’টোত উপস্থিত থকা বিচাৰকক আচৰিত কৰি তুলিছে । ছ’চিয়েল মিডিয়াত কিশোৰীগৰাকীৰ এই ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে য’ত তেওঁক শ্ব’টোত জয়ী হোৱাৰ কাৰণ বুজাই দিয়া দেখা গৈছে । তেওঁৰ কথা শুনি সকলো বিচাৰক মোহিত হৈ পৰা দেখা গৈছে ।

‘ব্ৰিটেইনছ গট টেলেণ্ট’ শ্ব’ত উপনীত হ’ল ভাৰতৰ অনন্য প্ৰতিভা-

কিশোৰীগৰাকীৰ নাম বিনীতা চেত্ৰী । তেওঁ মঞ্চত আহি প্ৰথমে বিচাৰকসকলক তেওঁৰ পৰিচয় দিয়ে আৰু তাৰ পিছত কয় যে যদি তেওঁ শ্ব’টোত জয়ী হয় তেন্তে তেওঁ নিজৰ বাবে এটা পিংক প্ৰিন্সেছ হাউচ কিনিব বিচাৰিব । কিশোৰীগৰাকীয়ে কয়, ‘মোৰ নাম বিনিতা ছেত্ৰী, মোৰ বয়স আঠ বছৰ আৰু মই ভাৰতৰ অসমৰ পৰা আহিছোঁ । ব্ৰিটেইনছ গট টেলেণ্ট মোৰ সপোনৰ মঞ্চ আৰু মই ইয়াক জয় কৰিব বিচাৰো । মই এটা পিংক প্ৰিন্সেছ হাউচ কিনিব বিচাৰিম ।’

ইয়াৰ পিছত বিনীতাই তেওঁৰ নৃত্য প্ৰদৰ্শন কৰে আৰু তেওঁৰ প্ৰদৰ্শন দেখি তাত উপস্থিত থকা সকলো বিচাৰক আচৰিত হৈ পৰে । নিজৰ কলাৰে দৰ্শকক আচৰিত কৰি তোলে বিনীতাই । কিশোৰীগৰাকীৰ প্ৰদৰ্শন দেখি কোনেও বিশ্বাস কৰিব পৰা নাছিল যে তেওঁৰ বয়স মাত্ৰ আঠ বছৰ । বিনীতাই তেওঁৰ প্ৰদৰ্শনৰ বাবে ষ্টেণ্ডিং অভেচন লাভ কৰে । বিচাৰকসকলে বিনীতাৰ এই প্ৰদৰ্শনক ‘আগতে কেতিয়াও দেখা নোপোৱা’ বুলি অভিহিত কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে নিৰ্বাচন কৰে ।

অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আনন্দ মহিন্দ্ৰায়ো প্ৰশংসা কৰিলে বিনীতাক-

বিনীতাৰ উজ্জ্বল প্ৰদৰ্শন কেৱল শ্ব’টোৰ বিচাৰকেই নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰশংসা কৰে । বিনীতাৰ এই ভিডিঅ’টো তেওঁৰ এক্স একাউণ্টত শ্বেয়াৰ কৰি লিখিছে, ‘অসমৰ পৰা ব্ৰিটেইনলৈ অসমৰ প্ৰতিভা ব্ৰিটেইনছ গট টেলেণ্টত জিলিকি উঠে । কণমানি বিনীতা ছেত্ৰীয়ে নিজৰ আচৰিত প্ৰদৰ্শেনেৰে ব্ৰিটেইনছ গট টেলেণ্টৰ বিচাৰকসকলক আচৰিত কৰি তুলিছিল আৰু শ্ব’টোৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িছে । মোৰ শুভেচ্ছা এই কণমানি ছোৱালীজনীৰ প্ৰতি আৰু আশাকৰোঁ তেওঁ নিজৰ বাবে এটা পিংক প্ৰিন্সেছ হাউচ কিনিব পাৰিব ।’

অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ‘মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানী’ৰ স্বত্বাধিকাৰী আনন্দ মহিন্দ্ৰায়ো বিনীতাৰ নৃত্য প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কণমানি বিনীতাৰ প্ৰদৰ্শনক নিজৰ সোমবাৰৰ প্ৰেৰণা বুলি অভিহিত কৰি তেওঁ লিখিছে, ‘মাত্ৰ আঠ বছৰীয়া । বিশ্বমানৰ । লোহাৰ দৰে শৰীৰ কাৰণ আপোনাৰ শৰীৰৰ ওপৰত এই ধৰণৰ আয়ত্ত থকাটো বহুত কষ্ট আৰু অভ্যাসৰ দ্বাৰাহে আহে । নিজৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ মনোনিৱেশ কৰি আগবাঢ়ি যোৱা । এই ছোৱালীজনী মোৰ সোমবাৰৰ প্ৰেৰণা ।‘

বিনীতাই ‘ব্ৰিটেইনছ গট টেলেণ্ট’ৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িছে । এনে পৰিস্থিতিত তেওঁক সমৰ্থন কৰিবলৈ সমগ্ৰ ভাৰতবৰ্ষই তেওঁৰ সৈতে থিয় দিছে ।

আমেৰিকাৰ সৈতে নহ’ল সমাধান, ব্ৰিটেইন, ফ্ৰান্সে বন্ধ কৰিব ৰাছিয়া-ইউক্ৰেইন যুদ্ধ!

হোৱাইট হাউচত ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত হোৱা তীব্ৰ বিতৰ্কই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিতৰ্কৰ পিছত চুক্তিখন বাতিল কৰা হৈছিল।

এতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ব্ৰিটেইন আৰু ফ্ৰান্সৰ জৰিয়তে ৰাছিয়াৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ চেষ্টা কৰি আছে।

ট্ৰাম্পৰ সৈতে হোৱা বিতৰ্কৰ পিছত, তেওঁ লণ্ডনত উপস্থিত হৈ এখন বৈঠক অনুষ্ঠিত কৰে। জানিব পৰা মতে ব্ৰিটেইন, ফ্ৰান্স আৰু ইউক্ৰেইনে যুদ্ধবিৰতি পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ সন্মত হৈছে।

ব্ৰিটেইন, ফ্ৰান্স আৰু ইউক্ৰেইনে যুদ্ধবিৰতি পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ সন্মত হৈছে, যাক আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থাপন কৰা হ’ব। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেৰী ষ্টৰ্মাৰে এই তথ্য দিছিল।

ষ্টৰ্মাৰে কৈছিল যে পৰিকল্পনাটো চাৰিখন দেশৰ নেতাসকলৰ মাজত আলোচনাৰ পিছত আহিছিল।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত ‘ওভাল অফিচ’ত (আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়) তীব্ৰ বিতৰ্কৰ এদিন পিছত এই পৰিকল্পনাৰ উদ্ভৱ হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ বিশ্বাস কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনত স্থায়ী শান্তি বিচাৰে। তেওঁ নিজৰ এই দাবী পুনৰাবৃত্তি কৰিছিল যে ইয়াক বজাই ৰাখিবলৈ আমেৰিকাৰ নিৰাপত্তা গেৰাণ্টিৰ প্ৰয়োজন হ’ব।

ষ্টৰ্মাৰে দেওবাৰে ইউক্ৰেইনৰ বিষয়ে আলোচনা কৰিবলৈ লণ্ডনত ইউৰোপীয় নেতাসকলৰ এখন সন্মিলনৰ আয়োজন কৰিছে।

ইউক্ৰেইনত শান্তিৰ সম্ভাৱনা কঢ়িয়াই অনাৰ লক্ষ্যৰে এসপ্তাহ ধৰি চলি থকা কূটনৈতিক প্ৰচেষ্টাৰ এইটো এটা পৰ্যায় আছিল। কিন্তু দেওবাৰে ইউৰোপীয় নেতাসকলৰ সন্মিলনত ওভাল অফিচৰ অনুষ্ঠানটোৱে আধিপত্য বিস্তাৰ কৰিছিল।

যেতিয়া ট্ৰাম্প আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্সে জেলেনস্কিক ওভাল অফিচত আমেৰিকাৰ সমৰ্থনৰ বাবে পৰ্যাপ্ত কৃতজ্ঞ নহয় বুলি অভিযোগ কৰিছিল।

মুছলমানসকলৰ বাবে ডনাল্ড ট্ৰাম্পৰ তুঘলকি নিৰ্দেশনা! আমেৰিকাৰ পৰা ব্ৰিটেইনলৈ আলোড়ন

ডনাল্ড ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ এসপ্তাহো হোৱা নাই। ৰাষ্ট্ৰপতি হোৱাৰ পিছতে তেওঁ ইটোৰ পিছত সিটো সিদ্ধান্ত লৈ আছে, যাৰ বাবে বিশ্বৰ বিভিন্ন দেশত এই বিষয়ে আলোচনা কৰা হৈছে।

ডনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশনাৰ পিছত আটাইতকৈ ডাঙৰ অস্থিৰতা বাঢ়িছে মুছলমান দেশবোৰত। আমেৰিকাৰ পৰা ব্ৰিটেইনলৈকে, ট্ৰাম্পৰ সিদ্ধান্তৰ দ্বাৰা মুছলমানসকল হতবাক আৰু বিচলিত হৈছে।

ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত ২০১৭ চনৰ কাৰ্যবাহী আদেশ আমেৰিকাত “বিদেশী সন্ত্ৰাসবাদী”ৰ প্ৰৱেশৰ সৈতে সম্পৰ্কিত আছিল। যিয়ে মুছলমানসকলক অঘোষিতভাৱে লক্ষ্য কৰি লৈছিল।

এতিয়া, ট্ৰাম্প নতুন ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমেৰিকাৰ এই সম্প্ৰদায়ৰ ওপৰত আৰু অধিক কঠিন হৈ পৰিছে। ট্ৰাম্পে ফিলিস্তিনি পন্থী শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

আন্তৰ্জাতিক শৰণাৰ্থী সহায় প্ৰকল্পৰ (আইআৰএপি) অধিবক্তা দীপা আলাগেচনে কৈছিল যে নতুন আদেশটো ২০১৭ চনত তেওঁৰ প্ৰথম কাৰ্যকালৰ দ্বাৰা কেইবাখনো মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ ওপৰত লগোৱা অঘোষিত ভ্ৰমণ নিষেধাজ্ঞাতকৈ বেয়া আছিল।

এইটো কোৱা হৈছিল যে এয়া কেৱল আমেৰিকাৰ বাহিৰৰ লোকসকলক ইয়াত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰয়াস নহয়, লগতে মানুহক আমেৰিকাৰ পৰা বাহিৰ লৈ যোৱাৰ বাবে একে যুক্তি ব্যৱহাৰ কৰি আছে। ট্ৰাম্পৰ আদেশৰ পিছত, আৰৱ দেশবোৰতো এক আলোড়ন সৃষ্টি হৈছে।

ট্ৰাম্পৰ নতুন আদেশত আমেৰিকা প্ৰশাসনৰ বিষয়াসকলক তাত প্ৰৱেশ কৰাৰ আগতে কঠোৰ স্ক্ৰীণিং কৰিব লগা দেশসমূহৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।

আদেশটোত ২০২০ চনৰ পিছত জ’ বাইডেনৰ কাৰ্যকালত এই দেশসমূহৰ পৰা আমেৰিকালৈ অহা লোকসকলকো অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰশাসনক এই লোকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কাৰ্যবাহী আদেশটোত এইটোও কোৱা হৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব যে বিদেশী নাগৰিকসকলে আমেৰিকান নাগৰিক, আমেৰিকান সংস্কৃতি বা চৰকাৰৰ প্ৰতি শত্ৰুতা নকৰে।

ইয়াত আমেৰিকাৰ নাগৰিকসকলও অন্তৰ্ভুক্ত আছে যিসকলে শেহতীয়াকৈ এই দেশবোৰত বসতি স্থাপন কৰিছে। এইটোও কোৱা হৈছিল যে এই লোকসকলে ঘোষণা কৰা বিদেশী সন্ত্ৰাসবাদীসকলক ওকালতি আৰু সহায় বা সমৰ্থন কৰা উচিত নহয়।

আনহাতে, ট্ৰাম্প প্ৰশাসন অহাৰ পিছৰে পৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হতবাক হৈ পৰিছে। ট্ৰাম্পৰ মন্ত্ৰী এলন মাস্কে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ বিৰুদ্ধে মৰ্চা মুকলি কৰিছে।

বহু ব্ৰিটিছ পাকিস্তানীয়ে কৈছে যে “আমি ইয়াত অস্থিৰতাৰ উত্তাপ অনুভৱ কৰিছো আৰু দূৰ-দূৰণিৰ লোকসকলক ভুল তথ্য প্ৰদান কৰিছো বুলি খবৰ ওলাইছে”।

“ইয়াৰ কাৰণ হৈছে এলন মাস্ক। মাস্কে পাকিস্তানী বংশোদ্ভূত ব্ৰিটিছ যৌন উৎপীড়নৰ অপৰাধীসকলৰ বিষয়ে খং বিয়পাবলৈ তেওঁৰ সামাজিক মাধ্যমৰ মঞ্চ ব্যৱহাৰ কৰি আহিছে। এই মানুহজন অত্যন্ত বিপদজনক”।