‘চুক্তি নহ’লে হ’ব মহাসমৰ’: ইৰানক লৈ ট্ৰাম্পৰ ডাঙৰ হুংকাৰ, আৰৱ দেশসমূহলৈ বিশেষ আহ্বান

‘চুক্তি নহ’লে হ’ব মহাসমৰ’: ইৰানক লৈ ট্ৰাম্পৰ হুংকাৰ, আৰৱ দেশসমূহলৈ বিশেষ আহ্বান

ইৰানৰ সৈতে সম্ভাৱ্য চুক্তি আৰু মধ্যপ্ৰাচ্যত দীৰ্ঘম্যাদী সুস্থিৰতা অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পে শনিবাৰে কেইবাখনো শক্তিশালী মুছলিম দেশৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ইৰানৰ সৈতে চলি থকা গুৰুত্বপূৰ্ণ কূটনৈতিক আলোচনাক লৈ এক ডাঙৰ আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ।

ইৰানৰ সৈতে সম্ভাৱ্য চুক্তি আৰু মধ্যপ্ৰাচ্যত দীৰ্ঘম্যাদী সুস্থিৰতা অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পে শনিবাৰে কেইবাখনো শক্তিশালী মুছলিম দেশৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়

ইৰানৰ সৈতে চলি থকা গুৰুত্বপূৰ্ণ কূটনৈতিক আলোচনাক লৈ এক ডাঙৰ আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে । ইছলামিক ৰিপাব্লিক অৱ ইৰানৰ সৈতে চলি থকা বাৰ্তালাপ বৰ্তমান অতি সুন্দৰভাৱে আগবাঢ়িছে বুলি উল্লেখ কৰি ট্ৰাম্পে সকীয়াই দিয়ে যে, এই আলোচনা হয় সকলোৰে বাবে এক ঐতিহাসিক চুক্তি হিচাপে প্ৰমাণিত হ’ব, নতুবা বিশ্বই পুনৰবাৰ এক বিধ্বংসী যুদ্ধৰ সন্মুখীন হ’ব লাগিব ।

এক বিবৃতিত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, “এইখন হয় সকলোৰে বাবে এক অতি ডাঙৰ চুক্তি হ’ব, নতুবা কোনো চুক্তিয়েই নহ’ব । আৰু যদি চুক্তি নহয়, তেন্তে পৰিস্থিতি এনে পৰ্যায় পাবগৈ যে বিশ্ব পুনৰ যুদ্ধক্ষেত্ৰলৈ উভতি যাব । আগতকৈও অতি বৃহৎ পৰিসৰত গুলীয়াগুলী তথা যুদ্ধ আৰম্ভ হ’ব পাৰে, যিটো আচলতে কোনেও নিবিচাৰে ।” অৱশ্যে আমেৰিকাই ইৰানৰ সৈতে এক স্থায়ী সমাধানলৈ আহিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা বুলিও তেওঁ সদৰী কৰে ।

মধ্যপ্ৰাচ্যৰ সুস্থিৰতাৰ বাবে মুছলিম দেশসমূহৰ সৈতে জৰুৰী বৈঠক-

ইৰানৰ সৈতে সম্ভাৱ্য চুক্তি আৰু মধ্যপ্ৰাচ্যত দীৰ্ঘম্যাদী সুস্থিৰতা অনাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পে শনিবাৰে কেইবাখনো শক্তিশালী মুছলিম দেশৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই সন্দৰ্ভত তেওঁ দাবী কৰে যে আমেৰিকাই অঞ্চলটোৰ শান্তিৰ বাবে ধাৰাবাহিকভাৱে মিত্ৰদেশসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে ।

ট্ৰাম্পে বাৰ্তালাপ কৰা নেতাসকলৰ ভিতৰত আছিল :

চৌদি আৰৱ: যুৱৰাজ মহম্মদ বিন চলমান আল চৌদ ।

সংযুক্ত আৰৱ আমিৰশ্বাহী (UAE): ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ান ।

কাটাৰ: আমিৰ তমিম বিন হমদ বিন খলিফা আল থানী, প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান বিন জচিম বিন জাবেৰ আল থানী আৰু মন্ত্ৰী আলী আল-থাৱাদী ।

পাকিস্তান: ফিল্ড মাৰ্ছল চৈয়দ আচিম মুনিৰ আহমেদ শ্বাহ ।

তুৰস্ক: ৰাষ্ট্ৰপতি ৰেচেপ তায়িপ এৰডোগান ।

ইজিপ্ত: ৰাষ্ট্ৰপতি আবদেল ফাটাহ আল-চিচি ।

জৰ্ডান: ৰজা আব্দুল্লাহ দ্বিতীয় ।

বাহৰেইন: ৰজা হমদ বিন ইছা আল খলিফা ।

‘আব্ৰাহাম চুক্তি’ত স্বাক্ষৰ কৰিবলৈ আহ্বান-

এই বৈঠকতে ৰাষ্ট্ৰপতি ট্ৰাম্পে সকলো মুছলিম দেশকে এক বিশেষ অনুৰোধ জনায় । তেওঁ সকলোকে ঐতিহাসিক ‘আব্ৰাহাম চুক্তি’ (Abraham Accords)-ত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায় । ট্ৰাম্পে কয় যে মধ্যপ্ৰাচ্যৰ এই জটিল পৰিস্থিতি সমাধানৰ বাবে আমেৰিকাই কৰা সকলো প্ৰচেষ্টাৰ পিছত এতিয়া আন দেশসমূহেও আগবাঢ়ি আহি এই চুক্তিৰ অংশ হোৱাটো অত্যন্ত জৰুৰী । উল্লেখ্য যে, ইউ.এ.ই. আৰু বাহৰেইন ইতিমধ্যে এই চুক্তিৰ সক্ৰিয় অংশীদাৰ ।

ট্ৰাম্পে কয়, “হ’ব পাৰে কোনো এটা বা দুটা দেশৰ হাতত এই চুক্তিত অংশ নল’বলৈ নিজা কাৰণ থাকিব পাৰে আৰু তাক সন্মান জনোৱা হ’ব । কিন্তু বেছিভাগ দেশেই ইৰানৰ সৈতে হ’বলগীয়া এই চুক্তিক এক ঐতিহাসিক ঘটনাত পৰিণত কৰিবলৈ সাজু আৰু ইচ্ছুক হোৱা উচিত ।”

আব্ৰাহাম চুক্তিৰ সফলতাৰ দাবী-

ডোনাল্ড ট্ৰাম্পৰ মতে, আব্ৰাহাম চুক্তিত অন্তৰ্ভুক্ত হোৱা দেশসমূহে বিত্তীয়, অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত অভূতপূৰ্ব লাভ অৰ্জন কৰিছে । আনকি শেহতীয়া যুদ্ধৰ পৰিস্থিতিৰ পিছতো কোনো এখন দেশে এই চুক্তিৰ পৰা ওলাই অহাৰ কথা চিন্তা কৰা নাই । ইয়াক বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সন্মানীয় চুক্তি বুলি অভিহিত কৰি ট্ৰাম্পে আশা প্ৰকাশ কৰে যে চৌদি আৰৱ আৰু কাটাৰে তৎকালিনভাৱে ইয়াত স্বাক্ষৰ কৰি এক নতুন আৰম্ভণি কৰিব আৰু বাকী দেশসমূহেও তেওঁলোকক অনুসৰণ কৰিব ।

আন এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে, যদি পৰিস্থিতি অনুকূল হয়, তেন্তে তেওঁ ইৰানকো এই ‘আব্ৰাহাম চুক্তি’ৰ অংশ কৰাৰ বিষয়টোক সম্পূৰ্ণ সমৰ্থন কৰিব ।

লগতে পঢ়ক : মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে বিশ্বই লাভ কৰিব ‘ভাল খবৰ’; আমেৰিকা-ইৰাণ যুদ্ধৰ সন্দৰ্ভত ৰুবিঅ’ই দিলে ইংগিত