ভাৰতৰ পৰা উভতি যোৱা ইৰানৰ যুদ্ধ জাহাজ ধ্বংস কৰিলে আমেৰিকাই

IRIS Dena নামৰ ইৰানৰ এখন যুদ্ধজাহাজ আমেৰিকান চাবমেৰিনে আক্ৰমণ কৰি ধ্বংস কৰে

ভাৰত মহাসাগৰত শ্ৰীলংকাৰ উপকূলত ইৰাণৰ IRIS Dena নামৰ এখন যুদ্ধ জাহাজ আমেৰিকান চাবমেৰিনে আক্ৰমণ কৰি ধ্বংস কৰে । এই আক্ৰমণত কমেও ৮৭ জন লোক নিহত হয় বুলি বাতৰিত প্ৰকাশ । আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে নিশ্চিত কৰিছে যে শ্ৰীলংকাৰ দক্ষিণ উপকূলত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ জাহাজখন আক্ৰমণ কৰিছিল । শ্ৰীলংকাৰ নৌসেনাই ৮৭ টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ৩২ জন লোকক উদ্ধাৰ কৰাৰ বাতৰি প্ৰকাশ কৰিছে ।

পিট হেগছেথে কয় যে ভাৰত মহাসাগৰত ডুব যোৱা ইৰানৰ জাহাজখন ইছলামিক ৰিপাব্লিকৰ “প্ৰাইজ শ্বীপ”। হেগছেথে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এয়াই প্ৰথমবাৰৰ বাবে আমেৰিকাই শত্ৰুৰ জাহাজত টৰ্পিডোৰে আঘাত কৰি ধ্বংস কৰিছে ।

শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী উইজেয়থা হেৰাথে সংসদত কয় যে তেওঁৰ নৌসেনাই ১৮০ জন লোক কঢ়িয়াই অনা আই আৰ আই এছ ডেনা যুদ্ধজাহাজখন ডুব যোৱাৰ তথ্য লাভ কৰিছে । তেওঁ কয় যে দ্বীপ ৰাষ্ট্ৰখনে উদ্ধাৰ অভিযানৰ বাবে জাহাজ আৰু বায়ুসেনাৰ বিমান প্ৰেৰণ কৰে । হেৰাথে কয় যে জীৱিতসকল গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক দক্ষিণৰ বন্দৰ চহৰ গালেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

তেওঁ লগতে দাবী কৰে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এয়া প্ৰথমবাৰৰ বাবে ঘটিছে য’ত শত্ৰুৰ টৰ্পিডোৰ আঘাতত জাহাজ ডুব গৈছে । ১৯৪৫ চনৰ পিছত আমেৰিকাৰ ছাবমেৰিনে শত্ৰুৰ জাহাজ এনেদৰে ডুবুৱাটো প্ৰথমবাৰৰ বাবে ঘটিছে ।

উল্লেখ্য যে, শ্ৰীলংকাৰ গালে উপকূলত আমেৰিকাৰ আক্ৰমণত ডুব যায় ইৰাণৰ “আইৰিছ ডেনা”। ভাৰতৰ বিশাখাপট্টনমত অনুষ্ঠিত “MILAN 2026” নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰি ইৰাণলৈ উভতি গৈছিল যুদ্ধ জাহাজখন । এই যুদ্ধ জাহাজখন ইৰানৰ নৌসেনাৰ অন্যতম নতুন আৰু গুৰুত্বপূৰ্ণ যুদ্ধ জাহাজ বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে ডুমছডে ক্ষেপণাস্ত্ৰ পৰীক্ষণ আমেৰিকাৰ, হিৰোচিমাতকৈ সৃষ্টি কৰিব পাৰে অধিক ধ্বংসলীলাৰ

ইৰাণৰ “ইছফাহান পাৰমাণৱিক স্থান”ত বৃহৎ আক্ৰমণ; IRGC মুৰব্বী ছাইদ ইজাদীক হত্যা

ইৰাণৰ ছাইদ ইজাদীক হত্যা

ইৰাণৰ ইছফাহান পাৰমাণৱিক স্থান আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচীত ইজৰাইলৰ বৃহৎ আক্ৰমণ কৰা হৈছে। ইয়াৰ লগতে ইৰাণী ৰিভল্যুচনেৰী গাৰ্ডছৰ কুদছ ফৰ্চৰ পেলেষ্টাইন বিভাগৰ মুৰব্বী ছাইদ ইজাদীক ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে হত্যা কৰিছে।

ইৰাণৰ ক’ম চহৰৰ এটা এপাৰ্টমেণ্টত ইজৰাইলৰ আক্ৰমণত ইজাদী নিহত হোৱা বুলি আইডিএফে প্ৰকাশ কৰে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে এই কথা নিশ্চিত কৰিছে।

কোন আছিল ছাইদ ইজাদী

ইজৰাইল কাটজে কৈছিল যে, ইজাদীয়ে “২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলত সংঘটিত হোৱা গণহত্যাৰ পূৰ্বে হামাছক ধন আৰু অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিছিল।”

তেওঁ লগতে কয়, ‘ইজৰাইলৰ চোৰাংচোৱা সংস্থা আৰু বায়ুসেনাৰ বাবে এইটো এক ডাঙৰ কৃতিত্ব।নিহত ইজৰাইলী আৰু পণবন্দীসকলৰ বাবে এয়া ন্যায়।”

কাটজে কৰিলে দাবী

কাটজে চলিত বৰ্ষৰ আৰম্ভণিতে এটা চোৰাংচোৱা তথ্য উদঙাই দিছিল, য’ত দাবী কৰা হৈছিল যে ২০২১ চনৰ জুন মাহত তেতিয়াৰ হামাছৰ নেতা ইয়াহ্যা সিনৱাৰ আৰু মহম্মদ ডেইফে ইৰাণৰ কুদছ বাহিনীৰ মুৰব্বী ইছমাইল কানীলৈ এখন চিঠি প্ৰেৰণ কৰিছিল।

য’ত ইজৰাইল আক্ৰমণ কৰাৰ পৰিকল্পনাৰ বাবে সমৰ্থন বিচৰা হৈছিল।অৱশেষত ২০২৩ চনৰ ৭ অক্টোবৰত এই পৰিকল্পনা কাৰ্যকৰী কৰা হয়।

কাটজে ক’লে, “এই নথিখনত ​​হামাছৰ নেতাসকলে ইজৰাইলক ধ্বংস কৰিবলৈ ইৰাণৰ কুডছ বাহিনীৰ অধিনায়কৰ পৰা ৫০ কোটি ডলাৰ দাবী কৰিছে।”

লগতে পঢ়ক: ‘ভাৰত-পাক যুদ্ধ বন্ধ কৰাৰ বাবে আমি ক্ৰেডিট বা নোবেল বঁটা নাপাওঁ’; পুনৰ আৱেগিক ডনাল্ড ট্ৰাম্প

তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ;  সামৰিক আৰু পাৰমাণৱিক স্থানত আক্ৰমণ

তেহৰাণত ইজৰাইলে চলাইছে ধ্বংসযজ্ঞ

ইজৰাইলে পুনৰ ইৰানৰ তেহৰাণৰ ওপৰত ধ্বংস যজ্ঞ চলাইছে। ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইল সেনাই বোমাৰে আক্ৰমণ কৰে।ইয়াৰ উপৰিও ইজৰাইলে ইৰাণী সেনাৰ ঘাটি আৰু ইয়াৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছে।

শুকুৰবাৰে পুৱা ইজৰাইলে ইৰাণক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।ইজৰাইলে কয় যে তেহৰানে মিছাইল আৰু ড্ৰ’ন আক্ৰমণৰ আশংকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

ইজৰাইলৰ এজন সামৰিক বিষয়াই কয় যে ইজৰাইলে “ডজন ডজন” পাৰমাণৱিক আৰু সামৰিক লক্ষ্যত আক্ৰমণ চলাইছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ইৰাণৰ বাবে পাৰমাণৱিক বোমা নিৰ্মাণ কৰা বিজ্ঞানীসকলকো ইজৰাইলে আক্ৰমণ কৰিছে ।

ইৰাণৰ পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য

প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কয় যে আমি নাটাঞ্জত থকা ইৰাণৰ মূল পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি লোৱা হৈছে, আমি ইৰাণৰ বোমা নিৰ্মাণৰ কাম কৰা ইৰাণৰ মূল পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য কৰি লৈছিলো, আৰু আমি ইৰাণৰ বেলিষ্টিক মিছাইল প্ৰগ্ৰেমৰ কেন্দ্ৰটোকো আক্ৰমণ কৰিলোঁ।

এই আক্ৰমণৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছে নেতান্যাহুৱে।তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পক তেওঁৰ নেতৃত্ব আৰু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সন্মুখীন হোৱাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছো।

নেতান্যাহুৱে কয় যে এই অভিযান ‘যেতিয়ালৈকে প্ৰয়োজন হয়’ চলি থাকিব, তেওঁ কয় যে যদি আমি এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰো, তেতিয়া পৰৱৰ্তী প্ৰজন্ম নাহিব।

এই আক্ৰমণৰ পিছত ইৰাকে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে।এতিয়া ইৰাকৰ সকলো বিমানবন্দৰ বন্ধ।এখনো বিমানৰ গতিবিধি কৰা নাই।

ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে।

কাটজে সকীয়াই দিয়ে যে ইজৰাইল আৰু ইয়াৰ অসামৰিক জনসাধাৰণক লক্ষ্য কৰি মিছাইল আৰু ড্ৰ’ন আক্ৰমণ অতি সোনকালে কৰাৰ সম্ভাৱনা আছে।সমগ্ৰ দেশৰ ঘৰুৱা ফ্ৰণ্টত এই জৰুৰীকালীন অৱস্থা জাপি দিবলৈ বিশেষ আদেশত স্বাক্ষৰ কৰে।

সমগ্ৰ ইজৰাইলত চাইৰেন বাজি থকাৰ সময়তে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰাণৰ বিৰুদ্ধে বিমান আক্ৰমণ অব্যাহত থকাৰ সময়তে নিজৰ নিৰাপত্তা মন্ত্ৰীসভাৰ জৰুৰী বৈঠক আহ্বান কৰিছে।

ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে ৰাজধানীৰ মূল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইমাম খোমেইনীত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে, কাৰণ তেহৰাণৰ আশে-পাশে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে।

এই আক্ৰমণ সন্দৰ্ভত ইজৰাইল সেনাই এক বিবৃতি প্ৰকাশ কৰিছে।IDF এ কৈছে যে, ‘কিছু সময়ৰ আগতে ৰাজনৈতিক নেতৃত্বৰ নিৰ্দেশনাৰ পিছত, IDF এ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী আক্ৰমণ কৰিবলৈ উচ্চমানৰ চোৰাংচোৱাৰ ওপৰত ভিত্তি কৰি এক আগতীয়া সিদ্ধান্ত, নিখুঁত আৰু যৌথ আক্ৰমণ আৰম্ভ কৰিছে, আৰু ইৰাণী শাসনে ইজৰাইলৰ বিৰুদ্ধে চলি থকা আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনাই এই কাম কৰা হৈছিল।

কিছু সময়ৰ ভিতৰতে, বহু IAF জেট বিমানসমূহে প্ৰথম পৰ্যায় সম্পূৰ্ণ কৰিছে, য’ত ইৰাণৰ বিভিন্ন অঞ্চলত পাৰমাণৱিক লক্ষ্যকে ধৰি কেইবা ডজন সামৰিক লক্ষ্যত আক্ৰমণ কৰা হৈছিল।

লগতে পঢ়ক: চীট নম্বৰ 11 A; লাকী চীটত বহিয়েই প্ৰাণ ৰক্ষা পৰিছিল বিশ্বাস কুমাৰ ৰমেশ  

হজৰত মহম্মদক অপমান কৰাৰ অপৰাধত পপ গায়কক আদালতে প্ৰদান কৰিলে মৃত্যুদণ্ডৰ শাস্তি

হজৰত মহম্মদক অপমান কৰাৰ অপৰাধত পপ গায়কক আদালতে প্ৰদান কৰিলে মৃত্যুদণ্ডৰ শাস্তি। ইৰাণৰ এখন আদালতে টাটালু নামেৰে পৰিচিত জনপ্ৰিয় গায়ক আমিৰ হোছেইন মাঘছৌদলুক আপিলৰ ভিত্তিত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
উচ্চতম ন্যায়ালয়ে অভিযুক্তৰ আপত্তি মানি লৈছিল। পূৰ্বৰ পাঁচ বছৰৰ কাৰাদণ্ডৰ ওপৰত আৰু গোচৰটো পুনৰ মুকলি কৰা হ’ল। এইবাৰ প্ৰতিবাদীক নবীক অপমান কৰাৰ বাবে মৃত্যুদণ্ড শাস্তি প্ৰদান কৰা হ’ল।

টাটালু ইৰাণৰ লগতে সমগ্ৰ মধ্যপ্ৰাচ্যৰ বহু সংখ্যক জনপ্ৰিয় কণ্ঠশিল্পী আছিল। ইৰাণ চৰকাৰে জাপি দিয়া কঠোৰ সাংস্কৃতিক নীতি-নিয়মক প্ৰত্যাহ্বান জনোৱা শিল্পী আৰু চেলিব্ৰিটিৰ ওপৰত দমন চলোৱাৰ তীব্ৰতা বৃদ্ধি পোৱাৰ সময়তে এই সিদ্ধান্ত লোৱা হৈছে।

আমেৰিকাৰ পিছত ইটালীৰ সৈতে ইৰাণৰ সংঘৰ্ষ, কিয় ?

যোৱা ১৩ ডিচেম্বৰত সাংবাদিক ভিছা লৈ দেশলৈ আহিছিল ইটালীৰ সাংবাদিক চেচিলিয়া ছালা আৰু ইছলামিক ৰিপাব্লিকৰ আইন উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। এই গ্ৰেপ্তাৰৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে। শেহতীয়াকৈ ইৰাণত ইটালীৰ এগৰাকী সাংবাদিক চেচিলিয়া চালাক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাই ইটালী আৰু ইৰাণৰ মাজত কূটনৈতিক সম্পৰ্ক তিক্ত কৰি তুলিছিল। এতিয়া দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত উত্তেজনা দেখা গৈছে। এই বিষয়টো অতি জটিল। তৃতীয়খন দেশ আমেৰিকাও এই বিবাদৰ সৈতে জড়িত, যাৰ বাবে এই ঘটনা তিনিওখন দেশৰ বাবে কূটনৈতিক সমস্যা হৈ পৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইটালীয়ে বৃহস্পতিবাৰে ইৰাণৰ ৰাষ্ট্ৰদূতক মাতি আনি এজন ইটালীৰ সাংবাদিকক মুকলি কৰি দিয়াৰ দাবী জনাইছিল, আনহাতে তেহৰানে ইটালীক ইৰাণৰ এজন নাগৰিকক মুকলি কৰি দিবলৈ দাবী জনাইছিল।ইৰাণে মুক্তিৰ দাবী কৰা লোকজনক জৰ্ডানত ড্ৰ’ন আক্ৰমণৰ বাবে আমেৰিকাৰ ৱাৰেণ্টৰ ভিত্তিত ইটালীত গ্ৰেপ্তাৰ কৰা হৈছিল। এবছৰৰ পূৰ্বে এই আক্ৰমণত তিনিজন আমেৰিকান নিহত হৈছিল।