ভাৰতৰ পৰা উভতি যোৱা ইৰানৰ যুদ্ধ জাহাজ ধ্বংস কৰিলে আমেৰিকাই

ভাৰতৰ পৰা উভতি যোৱা ইৰানৰ যুদ্ধ জাহাজ ধ্বংস কৰিলে আমেৰিকাই

IRIS Dena নামৰ ইৰানৰ এখন যুদ্ধজাহাজ আমেৰিকান চাবমেৰিনে আক্ৰমণ কৰি ধ্বংস কৰে ভাৰত মহাসাগৰত শ্ৰীলংকাৰ উপকূলত ইৰাণৰ IRIS Dena নামৰ এখন যুদ্ধ জাহাজ আমেৰিকান চাবমেৰিনে আক্ৰমণ কৰি ধ্বংস কৰে । এই আক্ৰমণত কমেও ৮৭ জন লোক নিহত হয় বুলি বাতৰিত প্ৰকাশ । আমেৰিকাৰ প্ৰতিৰক্ষা সচিব

IRIS Dena নামৰ ইৰানৰ এখন যুদ্ধজাহাজ আমেৰিকান চাবমেৰিনে আক্ৰমণ কৰি ধ্বংস কৰে

ভাৰত মহাসাগৰত শ্ৰীলংকাৰ উপকূলত ইৰাণৰ IRIS Dena নামৰ এখন যুদ্ধ জাহাজ আমেৰিকান চাবমেৰিনে আক্ৰমণ কৰি ধ্বংস কৰে । এই আক্ৰমণত কমেও ৮৭ জন লোক নিহত হয় বুলি বাতৰিত প্ৰকাশ । আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে নিশ্চিত কৰিছে যে শ্ৰীলংকাৰ দক্ষিণ উপকূলত আমেৰিকাৰ এখন ছাবমেৰিনে ইৰাণৰ জাহাজখন আক্ৰমণ কৰিছিল । শ্ৰীলংকাৰ নৌসেনাই ৮৭ টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ৩২ জন লোকক উদ্ধাৰ কৰাৰ বাতৰি প্ৰকাশ কৰিছে ।

পিট হেগছেথে কয় যে ভাৰত মহাসাগৰত ডুব যোৱা ইৰানৰ জাহাজখন ইছলামিক ৰিপাব্লিকৰ “প্ৰাইজ শ্বীপ”। হেগছেথে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এয়াই প্ৰথমবাৰৰ বাবে আমেৰিকাই শত্ৰুৰ জাহাজত টৰ্পিডোৰে আঘাত কৰি ধ্বংস কৰিছে ।

শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী উইজেয়থা হেৰাথে সংসদত কয় যে তেওঁৰ নৌসেনাই ১৮০ জন লোক কঢ়িয়াই অনা আই আৰ আই এছ ডেনা যুদ্ধজাহাজখন ডুব যোৱাৰ তথ্য লাভ কৰিছে । তেওঁ কয় যে দ্বীপ ৰাষ্ট্ৰখনে উদ্ধাৰ অভিযানৰ বাবে জাহাজ আৰু বায়ুসেনাৰ বিমান প্ৰেৰণ কৰে । হেৰাথে কয় যে জীৱিতসকল গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক দক্ষিণৰ বন্দৰ চহৰ গালেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

তেওঁ লগতে দাবী কৰে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এয়া প্ৰথমবাৰৰ বাবে ঘটিছে য’ত শত্ৰুৰ টৰ্পিডোৰ আঘাতত জাহাজ ডুব গৈছে । ১৯৪৫ চনৰ পিছত আমেৰিকাৰ ছাবমেৰিনে শত্ৰুৰ জাহাজ এনেদৰে ডুবুৱাটো প্ৰথমবাৰৰ বাবে ঘটিছে ।

উল্লেখ্য যে, শ্ৰীলংকাৰ গালে উপকূলত আমেৰিকাৰ আক্ৰমণত ডুব যায় ইৰাণৰ “আইৰিছ ডেনা”। ভাৰতৰ বিশাখাপট্টনমত অনুষ্ঠিত “MILAN 2026” নৌসেনাৰ অনুশীলনত অংশগ্ৰহণ কৰি ইৰাণলৈ উভতি গৈছিল যুদ্ধ জাহাজখন । এই যুদ্ধ জাহাজখন ইৰানৰ নৌসেনাৰ অন্যতম নতুন আৰু গুৰুত্বপূৰ্ণ যুদ্ধ জাহাজ বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে ডুমছডে ক্ষেপণাস্ত্ৰ পৰীক্ষণ আমেৰিকাৰ, হিৰোচিমাতকৈ সৃষ্টি কৰিব পাৰে অধিক ধ্বংসলীলাৰ