যুদ্ধৰ মাজতে ডুমছডে ক্ষেপণাস্ত্ৰ পৰীক্ষণ আমেৰিকাৰ, হিৰোচিমাতকৈ সৃষ্টি কৰিব পাৰে অধিক ধ্বংসলীলাৰ

যুদ্ধৰ মাজতে ডুমছডে ক্ষেপণাস্ত্ৰ পৰীক্ষণ আমেৰিকাৰ, হিৰোচিমাতকৈ সৃষ্টি কৰিব পাৰে অধিক ধ্বংসলীলাৰ

মঙলবাৰে নিশা আমেৰিকাই কেলিফৰ্ণিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে মঙলবাৰে নিশা আমেৰিকাই কেলিফৰ্ণিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে । নিউয়ৰ্ক পোষ্টৰ মতে, হিৰোচিমাত নিক্ষেপ কৰা পাৰমাণৱিক বোমাতকৈ ২০ গুণ শক্তিশালী পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা মিনিটমেন-৩ বেলিষ্টিক মিছাইলটো

মঙলবাৰে নিশা আমেৰিকাই কেলিফৰ্ণিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে মঙলবাৰে নিশা আমেৰিকাই কেলিফৰ্ণিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে । নিউয়ৰ্ক পোষ্টৰ মতে, হিৰোচিমাত নিক্ষেপ কৰা পাৰমাণৱিক বোমাতকৈ ২০ গুণ শক্তিশালী পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা মিনিটমেন-৩ বেলিষ্টিক মিছাইলটো নিশা ১১ বজাত পৰীক্ষণ কৰা হয় । চান্টা বাৰ্বাৰাৰ ওচৰৰ ভাণ্ডেনবাৰ্গ ঘাটিৰ পৰা কৰা হয় এই পৰীক্ষণ ।

প্ৰকাশিত বাতৰি অনুসৰি জিটি ২৫৪ নামেৰে পৰিচিত এই ৰকেটটোৱে পশ্চিম-মধ্য প্ৰশান্ত মহাসাগৰৰ মাৰ্শ্বেল দ্বীপপুঞ্জৰ ওচৰত নিজৰ লক্ষ্যত আঘাত কৰে । ফৰ্চ গ্ল’বেল ষ্ট্ৰাইক কমাণ্ডৰ মতে, এই মিছাইলটো “কাৰ্যকৰীতা, প্ৰস্তুতি আৰু সঠিকতা পৰীক্ষা কৰিবলৈ” নিক্ষেপ কৰা হৈছিল ।

শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলে ইৰাণক আক্ৰমণ কৰি দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক তেহৰাণত হত্যা কৰিছিল । ইয়াৰ পিছতে সমগ্ৰ মধ্যপ্ৰাচ্য যুদ্ধই আৱৰি ধৰিছে ।

খামেনেইৰ মৃত্যুৰ পিছত ইৰাণে ইজৰাইল আৰু মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহত আক্ৰমণ অব্যাহত ৰাখিছে । ইফালে হিজবুল্লাহ সক্ৰিয় হোৱাৰ পাছত ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে । পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দি বৃহৎ আক্ৰমণৰ কৰিব বুলিও সকীয়াই দিয়ে ।

মিনিটমেন-৩  আমেৰিকাৰ আটাইতকৈ পুৰণি আইচিবিএম, ১৯৭০ চনৰ পৰাই ব্যৱহৃত হৈ আহিছে । ইয়াৰ ভূভাগৰ পৰা উৎক্ষেপণ কৰা হয় আৰু ইয়াৰ ৰেঞ্জ ১৩,০০০ কিলোমিটাৰ । ইয়াত পাৰমাণৱিক ৱাৰহেড কঢ়িয়াব পাৰি, কিন্তু এই পৰীক্ষাত কোনো অস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল নাছিল ।

লগতে পঢ়ক : মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে ভাৰতীয়ৰ বাবে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন; হেল্পলাইন নম্বৰ মুকলি