ফিফা বিশ্বকাপতো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ, ইৰানে ল’লে ডাঙৰ সিদ্ধান্ত

ফিফা বিশ্বকাপতো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ, ইৰানে ল’লে ডাঙৰ সিদ্ধান্ত

ফিফা বিশ্বকাপতো এতিয়া আমেৰিকা আৰু ইৰানৰ মাজত সংঘটিত হোৱা যুদ্ধৰ প্ৰৱাভ পৰা পৰিলক্ষিত হৈছে ইজৰাইল, আমেৰিকা আৰু ইৰানৰ মাজত সংঘটিত হোৱা ভয়াৱহ যুদ্ধৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো পৰিছে । ইৰানে ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে । ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে

ফিফা বিশ্বকাপতো এতিয়া আমেৰিকা আৰু ইৰানৰ মাজত সংঘটিত হোৱা যুদ্ধৰ প্ৰৱাভ পৰা পৰিলক্ষিত হৈছে

ইজৰাইল, আমেৰিকা আৰু ইৰানৰ মাজত সংঘটিত হোৱা ভয়াৱহ যুদ্ধৰ প্ৰভাৱ এতিয়া ক্ৰীড়া জগততো পৰিছে । ইৰানে ২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰিছে । ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ সংঘটিত কৰাৰ পিছত মধ্যপ্ৰাচ্য আৰু সমগ্ৰ বিশ্বতে উত্তেজনা অব্যাহত থকাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনে ।

চৰকাৰী টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইৰানৰ ক্ৰীড়া মন্ত্ৰী আহমদ দুনিয়ামালিয়ে কয় যে যিখন দেশে তেওঁলোকৰ সৰ্বোচ্চ নেতাক হত্যা কৰিছে, সেইখন দেশত খেলাটো অসম্ভৱ । তেওঁ স্পষ্টভাৱে কয় যে বৰ্তমানৰ পৰিস্থিতিত দলটোৰ সুৰক্ষা নিশ্চিত কৰিব পৰা নাযায় ।

শেহতীয়াকৈ আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত কৰা বিমান আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই নিহত হয় । ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ।

ইৰানৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এই আক্ৰমণত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে আৰু দেশখনত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত বিশ্বকাপলৈ দল পঠোৱাটো অনুচিত হ’ব । উল্লেখ্য যে, ১১ জুনৰ পৰা ১৯ জুলাইলৈ আমেৰিকা, মেক্সিকো, কানাডাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ৪৮টা দলে অংশগ্ৰহণ কৰিব ।

ইয়াৰ পূৰ্বে বিশ্ব ফুটবল গভৰ্নিং ব’ডিৰ সভাপতি জিয়ানি ইনফান্টিনোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে বাৰ্তালাপ কৰা বুলি কয় । ট্ৰাম্পে ইৰানৰ দলটোক আশ্বাস দিয়ে যে তেওঁলোকক আদৰণি জনোৱা হ’ব আৰু প্ৰতিযোগিতাখনত প্ৰৱেশ নিশ্চিত কৰা হ’ব ।

যোৱা বছৰৰ ড্ৰ’ত ইৰানক বেলজিয়াম, ইজিপ্ত আৰু নিউজীলেণ্ডৰ সৈতে গ্ৰুপ জিত স্থান দিয়া হৈছিল । এই গ্ৰুপৰ সকলো মেচ আমেৰিকাত অনুষ্ঠিত হোৱাৰ কথা আছিল, দুখন লছ এঞ্জেলছত আৰু এখন ছিয়াটলত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : আমেৰিকাৰ যুদ্ধ জাহাজ আব্ৰাহাম লিংকনত মিছাইল আক্ৰমণৰ দাবী ইৰানৰ