বাংলাদেশলৈ যাব নেকি প্ৰধানমন্ত্ৰী মোদী? তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত নিমন্ত্ৰণৰ সম্ভাৱনা

বাংলাদেশত জয়ৰ পিছতে শীঘ্ৰেই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমান। সেই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক নিয়ন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে।

বাংলাদেশৰ নিৰ্বাচনত জয় কৰি দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে তাৰিক ৰহমান। এই ঐতিহাসিক অনুষ্ঠানত বিএনপিয়ে ভাৰতৰ সৈতে সম্পৰ্কৰ ‘নতুন আৰম্ভণি’ৰ ইংগিত দিছে।

তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ কৰিবলৈ সাজু হৈছে দলটো।

ইয়াৰ উপৰিও বিএনপিয়ে সকলো আঞ্চলিক ৰাষ্ট্ৰপতিকো আমন্ত্ৰণ কৰিব পাৰে।তাৰিক ৰহমানৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা হুমায়ুন কবীৰে স্পষ্ট কৰি দিয়ে যে,দুয়োখন দেশৰ পুৰণি ধাৰণা সলনি কৰাৰ সময় আহি পৰিছে।

তেওঁ কয় যে,‘ভাৰতে বুজিব লাগিব যে আজিৰ বাংলাদেশত শ্বেখ হাছিনা আৰু আৱামী লীগৰ অস্তিত্ব আৰু নাই।

বিএনপিয়ে ভাৰতক আহ্বান জনাইছে যে,শ্বেখ হাছিনাৰ দৰে “সন্ত্রাসবাদী”ক ভাৰতৰ মাটিত আশ্ৰয় নিদিব,যিয়ে বাংলাদেশক অস্থিৰ কৰিবলৈ চেষ্টা কৰিছিল।

হুমায়ুন কবীৰৰ মতে যদি ভাৰতে ‘চুবুৰীয়া প্ৰথম’ নীতিৰ অধীনত সন্মানজনক আচৰণ কৰে, তেন্তে দুয়োখন দেশেই উন্নয়নৰ নতুন উচ্চতা স্পৰ্শ কৰিব পাৰে।

লগতে পঢ়ক: বাংলাদেশত BNP ৰ বৃহৎ জয়ৰ পিছত তাৰিক ৰহমানক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ…

‘এইটো ভাল খবৰ’; বাংলাদেশত জামাত ইছলামীৰ পৰাজয়ত সুখী জাভেদ আখতাৰ…

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান এতিয়া দেশৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে। ইয়াকে লৈ এতিয়া বলীউডৰ বিখ্যাত গীতিকাৰ জাভেদ আখতাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে।

২০২৬ চনৰ বাংলাদেশৰ সংসদীয় নিৰ্বাচনৰ ফলাফলে শিৰোনাম দখল কৰিছে।এইবাৰ জামাত-ই-ইছলামীয়ে এতিয়ালৈকে প্ৰায় ৬৮খন আসন লাভ কৰে,কিন্তু বিএনপিয়ে বৃহৎ  জয় নিশ্চিত কৰি জামাত পাৰ্টিক পৰাস্ত কৰে।

বাংলাদেশত এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান দেশৰ নতুন প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে।এতিয়া এই সন্দৰ্ভত বলীউডৰ প্ৰখ্যাত গীতিকাৰ জাভেদ আখতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

জামাতৰ পৰাজয়ক লৈ সুখ প্ৰকাশ কৰি জাভেদ আখতাৰে টুইট কৰি কয়,‘বাংলাদেশৰ জামাত-ই-ইছলামী, যিটো তাৰ সোঁপন্থী মতাদৰ্শৰ মূল উৎস আৰু দেশখনত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে দায়ী বুলি গণ্য কৰা হয়,নিৰ্বাচনত বেয়াকৈ পৰাস্ত হৈছে।ইয়াৰ অৰ্থ হৈছে অধিকাংশ বাংলাদেশী জনতা জামাতৰ সংখ্যালঘুৰ বিৰুদ্ধে সাম্প্ৰদায়িক পক্ষপাতিত্ব স্বীকাৰ নকৰে। সেইটো ভাল খবৰ’।

৬০ বছৰীয়া তাৰিক ৰহমানে ১৭ বছৰ নিৰ্বাসনৰ অন্তত ২০২৫ চনৰ ডিচেম্বৰ মাহত লণ্ডনৰ পৰা বাংলাদেশলৈ উভতি আহিছিল।মাতৃ খালেদা জিয়াৰ মৃত্যুৰ পিছত তেওঁ বিএনপিৰ অধ্যক্ষ হয়।

লগতে পঢ়ক: জে’লতে থাকিব লাগিব নেকি ৰাজপাল যাদৱ ?  ১৬ ফেব্ৰুৱাৰীলৈ স্থগিত শুনানি

বাংলাদেশত BNP ৰ বৃহৎ জয়ৰ পিছত তাৰিক ৰহমানক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ…

বাংলাদেশৰ নিৰ্বাচনত BNP ৰ জয়ৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰিক ৰহমানক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

বাংলাদেশত দীৰ্ঘদিনৰ বিৰতিৰ পিছত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। এই নিৰ্বাচনত বাংলাদেশ নেচনেল পাৰ্টি (BNP)  এ ২০৯খন আসন লাভ কৰাৰ বিপৰীতে জামাত ই-ইছলামীয়ে ৬৮খন আসন দখল কৰে।

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বৃহৎ বিজয়ৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশ নেচনেল পাৰ্টি(BNP)  ৰ সভাপতি তাৰিক ৰহমানৰ সৈতে কথা পাতি শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰীয়ে এই বিজয়ক বাংলাদেশৰ জনসাধাৰণৰ আকাংক্ষা আৰু গণতান্ত্ৰিক বিশ্বাসৰ প্ৰতীক বুলি অভিহিত কৰে।

মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এক পোষ্টত লিখিছে যে, তেওঁ তাৰিক ৰহমানৰ সৈতে কথা পাতি এই ঐতিহাসিক নিৰ্বাচনী সফলতাৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, বাংলাদেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ প্ৰচেষ্টাত তেখেতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পোষ্টটোত ভাৰত আৰু বাংলাদেশৰ মাজত থকা ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ কথাও উল্লেখ কৰে।

তেওঁ লিখিছে যে, “তাৰিক ৰহমান ডাঙৰীয়াৰ সৈতে কথা পাতিবলৈ পাই আনন্দিত হ’লো।মই তেওঁক বাংলাদেশৰ নিৰ্বাচনত জয়ৰ বাবে অভিনন্দন জনালোঁ। বাংলাদেশৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ প্ৰচেষ্টাত তেখেতক শুভেচ্ছা আৰু সমৰ্থন আগবঢ়ালো।”

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু লিখিছে যে, “দুজন ঘনিষ্ঠ প্ৰতিবেশী হিচাপে, যাৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক অতি গভীৰ,মই দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰতৰ অবিৰত দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে জনালোঁ।”

উল্লেখযোগ্য যে বাংলাদেশত অনুষ্ঠিত ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেল পাৰ্টিয়ে বৃহৎ জয়লাভ কৰিছে। ৩০০ জনীয়া সংসদত দলীয় নেতৃত্বাধীন মিত্ৰজোঁটে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে।

এই নিৰ্বাচন বাংলাদেশৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন বুলি বিবেচিত হৈছে। এই নিৰ্বাচন প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা উচ্ছেদ কৰাৰ পিছত প্ৰথমটো বৃহৎ সাধাৰণ নিৰ্বাচন আছিল।

লগতে পঢ়ক: সলনি হ’ল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ঠিকনা, সেৱা তীৰ্থ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

ভোটগ্ৰহণৰ ৪৮ ঘন্টাৰ পূৰ্বে  বাংলাদেশত আকৌ এজন হিন্দুক হত্যা…

বাংলাদেশৰ নিৰ্বাচনৰ পূৰ্বে দেশখনৰ পৰিস্থিতি ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যে তাত সংখ্যালঘু লোকক হত্যা কৰাটো সাধাৰণ হৈ পৰিছে।পুনৰবাৰ বাংলাদেশত এজন হিন্দুত হত্য়া কৰা হৈছে।

চলিত মাহৰ ১২ ফেব্ৰুৱাৰীত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ’ব, কিন্তু তাৰ পূৰ্বেও বাংলাদেশত হিন্দুৰ ওপৰত হিংসা হ্ৰাস পোৱা নাই।

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ মাত্ৰ ৪৮ ঘণ্টাৰ পূৰ্বে মাইমেনচিং জিলাৰ ত্ৰিশাল মহকুমাত আন এজন হিন্দু ব্যৱসায়ীক হত্যা কৰা হৈছিল।

মৃত যুৱকজনৰ নাম ৬২ বছৰীয়া সুষেন চন্দ্ৰ সৰকাৰ বুলি জানিব পৰা গৈছে, তেওঁ ত্ৰিশালত এম এছ ভাই ভাই এণ্টাৰপ্ৰাইজ নামৰ এখন ব্যৱসায় চলাইছিল।

মৃতকৰ পৰিয়ালে তেওঁক হত্যা কৰাৰ লগতে দুৰ্বৃত্তই কেইবালাখ বাংলাদেশী টাকাও লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

জানিব পৰা মতে ‘দুৰ্বৃত্ত কেইজনে মহকুমাৰ বগৰ বজাৰ চৌহদত থকা সুষেন চন্দ্ৰ সৰকাৰৰ দোকানত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে আৰু দোকানৰ চাটাৰ বন্ধ কৰি তেওঁক ভিতৰলৈ পেলাই থৈ যায়।

পিছত পৰিয়ালৰ লোকে তেওঁক বিচাৰি দোকানত উপস্থিত হয়। আৰু সৰকাৰক তেজেৰে লুতুৰী পুতুৰী হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। লগে লগে তেওঁক মাইমেনচিং মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মৃতকৰ পুত্ৰ সুজান সৰকাৰে কয়,’আমাৰ লগত কাৰোৰে কোনো শত্ৰুতা নাছিল।দেউতাক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত দুস্কৃতিকাৰীয়ে দোকানৰ পৰা কেইবা লাখ টকা লুটি লৈ যায়।আমাৰ চাউলৰ ব্যৱসায় বহুদিন ধৰি চলি আছিল।আমি এই হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছো।’

লগতে পঢ়ক: ‘ভাৰতৰ তথ্য শত্ৰুক বিক্ৰী কৰা হৈছে’; চাইবাৰ জালিয়াতিক লৈ দেশবাসীক অমিত শ্বাহৰ সতৰ্কবাণী

বাংলাদেশৰ সমৰ্থন কৰি বিপদত পাকিস্তান… আইচিচিয়ে ক’লেঃ টি-২০ বিশ্বকাপ নেখেলিলেই লোৱা হ’ব এক্সন

বাংলাদেশৰ সমৰ্থন কৰি শলঠেকত পাকিস্তান । আইচিচিৰ ধমকত এতিয়া সুৰ সলনি হ’ল পিচিবিৰ ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ তথা আইচিচিয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশক বাহিৰ কৰে । ইয়াৰ পিছতে পাকিস্তানে অহংকাৰ প্ৰদৰ্শন কৰি বিশ্বকাপ বৰ্জনৰ ভাবুকি দি নতুন নাটক আৰম্ভ কৰে । পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকভিয়ে বাংলাদেশৰ সমৰ্থনত আইচিচিক সমালোচনা কৰিবলৈ আৰম্ভ কৰে । কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে কঠোৰভাৱে পাকিস্তানক দমন কৰে ।

উল্লেখ্য যে, টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ স্থান সলনিৰ দাবীয়ে ক্ৰিকেট জগতত তুমুল বিতৰ্কৰ সৃষ্টি কৰিছিল । আনকি পাকিস্তানে এই বিতৰ্ক বৃদ্ধি কৰাৰ অপ-চেষ্টাও কৰিছিল । পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী মহছিন নাকভিয়ে আইচিচিক সমালোচনা কৰি বাংলাদেশক টি-২০ বিশ্বকাপৰ পৰা বাদ দিয়াৰ সিদ্ধান্তক অন্যায় বুলি অভিহিত কৰে ।

আইচিচিৰ ধমক-

সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহছিন নাকভিৰ এই বক্তব্যত ক্ষুব্ধ হৈ পৰে আইচিচি । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে স্পষ্টকৈ উল্লেখ কৰে যে বাংলাদেশৰ দৰে পাকিস্তানে যদি টি-২০ বিশ্বকাপ ২০২৬ বৰ্জনৰ সিদ্ধান্ত লয় তেন্তে আইচিচিয়ে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সময়ত বিচিচিআই আৰু পিচিবিৰ মাজত নিৰপেক্ষ স্থানত ভাৰত-পাকিস্তানৰ মেচ আয়োজন কৰাৰ চুক্তি হৈছিল । একেটা হাইব্ৰিড মডেলৰ অধীনত টি-২০ বিশ্বকাপ ২০২৬ত পাকিস্তানৰ মেচসমূহ শ্ৰীলংকাত অনুষ্ঠিত হ’ব । জানিব পৰা মতে যদি পাকিস্তানে টি-২০ বিশ্বকাপৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয় তেন্তে বিভিন্ন কঠোৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে ।

টি-২০ বিশ্বকাপ বৰ্জনৰ বাবে পাকিস্তানক সকলো দেশৰ সৈতে দ্বিপাক্ষিক শৃংখলাৰ পৰা নিষিদ্ধ কৰা, এছিয়া কাপৰ পৰা বাদ দিয়া আৰু বিদেশী খেলুৱৈক পিএছএলত খেলিবলৈ ন’ অবজেশ্যন চাৰ্টিফিকেট (এন অ’ চি) প্ৰদান নকৰাৰ দৰে সিদ্ধান্তবোৰ কাৰ্যকৰী হ’ল হেঁতেন ।

শলঠেকত পাকিস্তান-

আইচিচিৰ এই স্থিতিয়ে পাকিস্তানক শলঠেকত পেলালে  আৰু ঠিক পিছদিনাই ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে । ছলমান আঘাৰ অধিনায়কত্বত ২০২৬ চনৰ টি-২০ বিশ্বকাপ খেলিব পাকিস্তানে । বাবৰ আজম দললৈ ঘূৰি অহাৰ বিপৰীতে বেগী বলাৰ হেৰিছ ৰাউফক বাদ দিয়া হৈছে ।

লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান

বাংলাদেশত পুনৰ হিন্দু হত্যা… ২৩ বছৰীয়া যুৱকক জীৱন্তে জ্বলালে দুৰ্বৃত্তই

বাংলাদেশত পুনৰ হিন্দু হত্যাৰ এক নৃশংস ঘটনা পোহৰলৈ আহিছে । এই ঘটনাত এগৰাকী হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যা কৰে দুৰ্বৃত্তই ।

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে হিংসাত্মক ঘটনা । শেহতীয়াকৈ দেশখনত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে সংঘটিত হোৱা আন এক গুৰুতৰ ঘটনা পোহৰলৈ আহিছে । নৰসিংদি পুলিচ লাইনৰ গাতে লাগি থকা মছজিদ মাৰ্কেট এলেকাত এগৰাকী ২৩ বছৰীয়া হিন্দু যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । চঞ্চল চন্দ্ৰ ভৌমিকক নাhttps://en.wikipedia.org/wiki/Bangladeshমৰ যুৱকজনক নৃশংসভাৱে এটা গেৰেজৰ ভিতৰত জীৱন্তে জ্বলাই দিয়া বুলি বাতৰিত প্ৰকাশ পাইছে ।

নিহত চঞ্চল চন্দ্ৰ ভৌমিক নামৰ যুৱকজন বাংলাদেশৰ কমিল্লা জিলাৰ লক্ষ্মীপুৰ গাঁৱৰ বাসিন্দা আছিল । কেইবাবছৰ ধৰি নৰসিংদিৰ এটা গেৰেজত কাম কৰি থকা যুৱকজন কৰ্মসূত্ৰে তাতেই বাস কৰিছিল । চঞ্চল আছিল দ্বিতীয় পুত্ৰ আৰু পৰিয়ালৰ একমাত্ৰ জীৱিকা ।

প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সূত্ৰৰ মতে, শুকুৰবাৰে গভীৰ নিশা চঞ্চল গেৰেজৰ ভিতৰত শুই থকাৰ সময়তে দোকানৰ বাহিৰৰ শ্বাটাৰত পেট্ৰল ঢালি জুই লগাই দিয়া হয় । লগে লগে জুইৰ লেলিহান শিখা সমগ্ৰ গেৰেজত বিয়পি পৰে । এই ঘটনাৰ এটা ভিডিঅ’ত দেখা গৈছে যে দোকানৰ বাহিৰত এজন ব্যক্তিয়ে অগ্নিসংযোগ কৰে আৰু লগে লগে দ্ৰুতগতিত জুই ভিতৰলৈ বিয়পি পৰে ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ প্ৰায় এঘণ্টাৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আনে । জুই নিৰ্বাপন কৰাৰ পিছত গেৰেজৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় চঞ্চল চন্দ্ৰ ভৌমিকৰ জ্বলি যোৱা মৃতদেহ ।

এই ঘটনাক পৰিকল্পিত হত্যা বুলি অভিহিত কৰিছে ভুক্তভোগী যুৱকজনৰ পৰিয়ালটোৱে । দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালে্ । এই ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে আৰু বাংলাদেশত সংখ্যালঘুৰ সুৰক্ষাক লৈ পুনৰ উদ্বেগ বৃদ্ধি পাইছে ।

লগতে ফঢ়ক : এপ্ৰিল মাহত চীন ভ্ৰমণ কৰিব ট্ৰাম্পে; দুয়ো দেশৰ সম্পৰ্কই লাভ কৰিব নতুন গতি !

টি-২০ বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ বাংলাদেশী দল.. প্ৰৱেশ ঘটিল এই দলৰ

টি-২০ বিশ্বকাপৰ পৰা ইতিমধ্যে বাহিৰ হৈছে বাংলাদেশ । দলটোক আনুষ্ঠানিকভাৱে বাহিৰ কৰিছে আইচিচিয়ে । ইয়াৰ পিছতে এতিয়া এই মেগা প্ৰতিযোগিতাত প্ৰৱেশ ঘটিছে এই দলৰ…

২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ হ’ল বাংলাদেশ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে নিশ্চিত কৰিছে যে বাংলাদেশৰ ঠাইত স্কটলেণ্ডক প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত কৰা হৈছে । এই সিদ্ধান্তৰ বিষয়ে আইচিচিয়ে পত্ৰযোগে বাংলাদেশক অৱগত কৰিছে ।

বাংলাদেশক বাদ দিয়াৰ পিছত স্কটলেণ্ডে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত স্থান লাভ কৰিছে । স্কটলেণ্ডক গ্ৰুপ চিত স্থান দিয়া হৈছে, য’ত ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নেপাল, ইটালীৰ বিৰুদ্ধে খেলিব দলটোৱে ।

আই চি চিৰ ভোটিঙত পৰাস্ত বাংলাদেশ-

উল্লেখ্য যে বাংলাদেশ আৰু আইচিচিৰ মাজত প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে এই বিতৰ্ক । বাংলাদেশে ভাৰতত বিশ্বকাপ খেলিব নোৱাৰাৰ লগতে নিজৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰাৰ বাবে জোৰ দিছিল । অৱশ্যে আইচিচিয়ে মেচসমূহ ভাৰতে অনুষ্ঠিত হ’ব বুলি স্পষ্ট কৰি দিছিল  । শেষত আইচিচি ব’ৰ্ডে ১৪-২ সংখ্যাগৰিষ্ঠতাৰে ভোটদানত ভাৰতত বাংলাদেশৰ খেলত অনুমোদন জনায় । এই ভোটিঙত কেৱল পাকিস্তানে বাংলাদেশৰ সপক্ষে ভোট দিয়ে ।

বিতৰ্কৰ সূত্ৰপাত-

এই সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল আই পি এল ২০২৬ৰ নিলামৰ পিছত । কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক ৯.২০ কোটি ধনেৰে নিজৰ দলত অন্তৰ্ভূক্ত কৰে । কিন্তু এই পদক্ষেপে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ বাতৰিৰ উদ্ধৃতি দি ভাৰতত প্ৰতিবাদৰ সূত্ৰপাত ঘটায় । ইয়াৰ পিছতে বিচিচিআইয়ে ৰহমানক আই পি এলৰ পৰা ৰিলিজ কৰি দিয়ে ।

এই সিদ্ধান্তই বাংলাদেশ ব’ৰ্ডক ক্ষুব্ধ কৰি তুলিছিল আৰু টি-২০ বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছিল । বিচিবিয়ে আইচিচিলৈ এখন পত্ৰ লিখি ভাৰতত নিজৰ মেচ খেলিব নোৱাৰিব বুলি উল্লেখ কৰে । দলটোৰ মেচসমূহ শ্ৰীলংকা বা পাকিস্তানলৈ স্থানান্তৰিত কৰাৰ দাবী জনাইছিল বাংলাদেশে ।

বাংলাদেশে যুক্তি দিছিল যে ভাৰতত তেওঁলোকৰ খেলুৱৈৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে । অৱশ্যে আইচিচিয়ে নিজৰ নিৰাপত্তা প্ৰতিবেদনত কোনো ধৰণৰ সম্ভাৱ্য ভাবুকিৰ কথা অস্বীকাৰ কৰে । শেষত আইচিচিয়ে স্পষ্ট কৰি দিয়ে যে বাংলাদেশে ভাৰতত টি-২০ বিশ্বকাপ খেলিব লাগিব । যদি দলটো ভাৰতলৈ নাহে তেতিয়া প্ৰতিযোগিতাৰ বাহিৰ হ’ব লাগিব বুলি স্পষ্ট কৰি দিছিল আইচিচিয়ে ।

যেতিয়া বাংলাদেশে আইচিচিৰ এই নিৰ্দেশ মানি ল’বলৈ অস্বীকাৰ কৰে, তেতিয়া আইচিচিয়ে ভোটিঙৰ সহায় লয়, য’ত বাংলাদেশে পৰাস্ত হয় । বাংলাদেশৰ ঠাইত এতিয়া স্কটলেণ্ডে টি-২০ বিশ্বকাপত স্থান লাভ কৰিছে ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…

আইচিচিৰ সকীয়নিৰ পিছতো নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈছে বাংলাদেশে । ইয়াৰ পিছতে এতিয়া টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছে দেশখন ।

ভাৰতৰ বিৰোধিতা কৰিবলৈ গৈ মুখ থেকেচা খালে বাংলাদেশে । আইচিচিয়ে বান্ধি দিয়া সিদ্ধান্ত তথা সময়সীমা মানি নোলোৱাৰ পিছতেই টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ বাহিৰ হৈছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ সকীয়নি আৰু আল্টিমেটামৰ পিছতো বাংলাদেশ ক্ৰিকেট ব’ৰ্ড (বিচিবি), খেলুৱৈ আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ৰীড়া উপদেষ্টাই টি-২০ বিশ্বকাপ সন্দৰ্ভত নিজৰ স্থিতিত অটল থকাৰ সিদ্ধান্ত লৈছে । বাংলাদেশে স্পষ্ট কৰি দিছে যে যদিহে খেলসমূহৰ স্থান ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰিত নহয় তেন্তে দলটোৱে বিশ্বকাপত অংশগ্ৰহণ নকৰে ।

খেলুৱৈসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলে আইচিচিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । তেওঁ উল্লেখ কৰে যে আইচিচিয়ে বাংলাদেশক ন্যায় দিয়া নাই আৰু খেলুৱৈসকলৰ সুৰক্ষাক অৱহেলা কৰা হৈছে । আছিফ নাজৰুলৰ মতে, কোনো কাৰণতে নিৰাপত্তাৰ ক্ষেত্ৰত আপোচ নহ’ব বুলি চৰকাৰ, ক্ৰিকেট ব’ৰ্ড, খেলুৱৈসকলে সকলোৱে সহমত প্ৰকাশ কৰিছে ।

আছিফ নাজৰুলে স্পষ্টভাৱে কয় যে, “আমি কাৰো হেঁচাত তল মূৰ নকৰো । বাংলাদেশে বিশ্বকাপ খেলিব নোৱাৰিলে ইয়াৰ পৰিণতি বিশ্বই বুজিব লাগে । আমি আমাৰ খেলুৱৈৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰিব নোৱাৰো ।”

বৈঠকৰ অন্তত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডেও এই সিদ্ধান্তত অটল থকাৰ কথা ঘোষণা কৰে । ব’ৰ্ডে উল্লেখ কৰে যে সাম্প্ৰতিক পৰিস্থিতিত খেলিবলৈ ভাৰতলৈ যোৱাটো নিৰাপদ নহয় আৰু সেয়েহে স্থান শ্ৰীলংকালৈ সলনি কৰিব লাগে । অৱশ্যে প্ৰতিযোগিতাখনৰ খেলসমূহ ভাৰতৰ বাহিৰলৈ স্থানান্তৰ কৰা নহ’ব বুলি ইতিমধ্যে আইচিচিয়ে স্পষ্ট কৰি দিছে ।

আইচিচিৰ এই কঠোৰ সতৰ্কবাণীৰ পিছতো বাংলাদেশে নিজৰ সিদ্ধান্তত অটল থকাৰ কথা ঘোষণা কৰিছে । এই সমগ্ৰ বিতৰ্কই টি-২০ বিশ্বকাপৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । সকলোৰে দৃষ্টি এতিয়া আইচিচিৰ পৰৱৰ্তী পদক্ষেপ আৰু এই সংঘাতৰ সমাধানৰ ওপৰত থাকিব ।

টি-২০ বিশ্বকাপৰ সূচী অনুসৰি বাংলাদেশক প্ৰথমে গ্ৰুপ C-ত স্থান দিয়া হৈছিল । ইয়াৰ প্ৰথম তিনিখন মেচ কলকাতাত অনুষ্ঠিত হোৱাৰ কথা আছিল । ইয়াৰ পিছত ১৭ ফেব্ৰুৱাৰীত মুম্বাইত নেপালৰ বিৰুদ্ধে গ্ৰুপৰ অন্তিমখন খেল খেলাৰ কথা আছিল বাংলাদেশে ।

লগতে পঢ়ক : আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান

‘ভাৰতত খেলাটো আমাৰ বাবে নিৰাপদ নহয়…’; ICC ৰ সকীয়নিৰ পিছত আমিনুল ইছলাম বুলবুলৰ বিস্ফোৰক মন্তব্য

ICC ৰ সকীয়নিৰ পিছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম বুলবুলে ভাৰতক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) এ দিয়া সময়সীমাৰ পিছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলাম বুলবুলে নিজৰ স্থিতি স্পষ্ট কৰি কয় তেওঁ চৰকাৰৰ ওপৰত কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব নিবিচাৰে,কিন্তু ভাৰতত ২০২৬ চনৰ টি-২০ বিশ্বকাপ খেলাৰ ক্ষেত্ৰত তেওঁৰ স্থিতি অপৰিৱৰ্তিত হৈ আছে।

ICC  ৰ পৰা আনুষ্ঠানিক নিৰ্দেশ লাভ কৰাৰ পিছত আমিনুল ইছলাম বুলবুলে বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলক সাক্ষাৎ কৰে।

এই বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে বৃহস্পতিবাৰে (২২ জানুৱাৰী) দুপৰীয়াৰ পূৰ্বে বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত খেলুৱৈৰ সৈতে বৈঠকত মিলিত হ’ব আছিফ নাজৰুল।এই বৈঠকত খেলুৱৈসকলৰ মতামত ল’ব পাৰে যে তেওঁলোকে ভাৰতত বিশ্বকাপ খেলিব বিচাৰে নে নাই।

অৱশ্যে ডাঙৰ প্ৰশ্নটো হ’ল- খেলুৱৈসকলে ভাৰতত খেলাৰ পক্ষত থাকিলে বিচিবিয়ে নিজৰ স্থিতি সলনি কৰিবনে? এই সন্দৰ্ভত বুলবুলে স্পষ্টকৈ কয় যে বাংলাদেশৰ চৰকাৰী স্থিতি এতিয়াও একেই আছে আৰু তেওঁলোকে ভাৰতৰ পৰিৱৰ্তে শ্ৰীলংকাত বিশ্বকাপৰ খেল খেলিব বিচাৰে।

ক্ৰীড়া উপদেষ্টাগৰাকীৰ সৈতে হোৱা বৈঠকৰ অন্তত বুলবুলে কয়- ‘মই ICC ৰ পৰা এটা অলৌকিকতা আশা কৰিছো। বিশ্বকাপ খেলিব কোনে নিবিচাৰে? ‘

‘কিন্তু মই চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নিবিচাৰো। মই জানো যে ভাৰত আমাৰ বাবে সুৰক্ষিত নহয়। সেই কাৰণে আমি শ্ৰীলংকাত খেলিব বিচাৰিছো। আৰু মোৰ স্থিতি এতিয়াও এটাই আছে’।

তেওঁ আৰু কয় যে, ‘ICC এ তেওঁলোকক চৰকাৰৰ সৈতে কথা পাতিবলৈ ২৪ৰ পৰা ৪৮ ঘণ্টা সময় দিছে,কিন্তু ইয়াৰ পিছতো তেওঁ চৰকাৰৰ ওপৰত হেঁচা দিয়াৰ পক্ষপাতী নহয়’।

‘মই জানো যে ICC এ আমাৰ দাবী নাকচ কৰিছে, কিন্তু যেতিয়া কোনো সিদ্ধান্ত লোৱা হয় তেতিয়া চৰকাৰে কেৱল খেলুৱৈকে নহয়,বৰং সকলো দিশকে চাব লাগিব’।

লগতে পঢ়ক: প্ৰথমখন T-20 ত নিউজিলেণ্ডৰ বিৰু্দ্ধে ভাৰতৰ জয়…