‘হয় ভাৰতত খেলক নহ’লে বাহিৰ হৈ যাওঁক’; বাংলাদেশক কঠোৰ সকীয়নি আইচিচি’ৰ

টি-২০ বিশ্বকাপৰ পৰা বাদ পৰিব পাৰে বাংলাদেশ। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ দাবী মানি ল’বলৈ নাকচ আইচিচিৰ। ভাৰতত খেলক নহ’লে বাহিৰ হৈ যাওঁক

আইচিচি টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাহিৰ হোৱাৰ পথত বাংলাদেশ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ ব’ৰ্ডে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ দাবী মানি ল’বলৈ নাকচ কৰিছে,য’ত বাংলাদেশে তেওঁলোকৰ মেচসমূহ ভাৰতৰ বাহিৰত শ্ৰীলংকাত খেলাবলৈ অনুৰোধ কৰিছিল।

বুধবাৰে প্ৰায় গোটেই দিনটো চলি থকা বৈঠকৰ অন্তত কঠোৰ স্থিতি গ্ৰহণ কৰিছে আইচিচিয়ে।এই সিদ্ধান্ত অনুসৰি আইচিচিয়ে স্পষ্ট কৰি দিছে যে,যদি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে নিজৰ দলটোক বিশ্বকাপৰ খেলৰ বাবে ভাৰতলৈ পঠিয়াবলৈ অস্বীকাৰ কৰে তেনেহলে বাংলাদেশক বাহিৰলৈ যোৱা ৰাস্তা দেখাই দিয়া হ’ব।

এই সিদ্ধান্তৰ বাবে মুঠ ১৬খন দেশৰ ভিতৰত ১৪খনে বাংলাদেশৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে,আনহাতে ইয়াৰ সমৰ্থনত মাত্ৰ ২ খন দেশ পাকিস্তান আৰু বাংলাদেশে ভোটদান কৰিছিল।

আইচিচি এ বিচিবি ক স্পষ্ট কৰি দিছে যে তেওঁলোকে এই সিদ্ধান্তৰ কথা বাংলাদেশ চৰকাৰক অৱগত কৰিবলৈ কৈছে।

লগতে ইয়াকো সকীয়াই দিয়া হৈছে যে যদি বাংলাদেশ এই বিষয়ত অটল হৈ থাকে আৰু ভাৰতত খেলিবলৈ অস্বীকাৰ কৰে,তেন্তে টুৰ্ণামেণ্টৰ পৰা বহিষ্কাৰ কৰা হ’ব।

জানিব পৰা মতে,এনে পৰিস্থিতিত বাংলাদেশৰ ঠাইত স্কটলেণ্ডক প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হ’ব পাৰে।এই সমগ্ৰ বিষয়টোৰ ওপৰত আইচিচিয়ে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

লগতে পঢ়ক: আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান

আজি নিৰ্ণয় হ’ব বাংলাদেশৰ ভাগ্য! আইচিচিয়ে দিছিল ২১ জানুৱাৰীৰ সময়সীমা

বাংলাদেশক আইচিচিয়ে বান্ধি দিয়া সময়সীমা আজি উকলিব । কিন্তু এতিয়াও এই সন্দৰ্ভত কোনো সদুত্তৰ দিয়া নাই বিচিবিয়ে ।

২০২৬ চনৰ টি-২০ বিশ্বকাপত অংশগ্ৰহণৰ বাবে বাংলাদেশক বান্ধি দিয়া সময়সীমা বুধবাৰে সমাপ্ত হ’ব । ১৭ জানুৱাৰীত ঢাকাত অনুষ্ঠিত এখন বৈঠকত আইচিচিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক ২১ জানুৱাৰীৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল । এই সময়সীমা এতিয়া শেষ হোৱাৰ উপক্ৰম হৈছে যদিও বাংলাদেশ ক্ৰিকেটে এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই । তেওঁলোক এতিয়াও মৌন হৈ আছে আৰু এই মৌনতা অব্যাহত থাকিলে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশ বাদ পৰিব পাৰে ।

চূড়ান্ত সিদ্ধান্ত কি হ’ব ?

আইচিচিৰ সৈতে হোৱা অন্তিমখন বৈঠকত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে নিজৰ দাবীক লৈ অটল আছিল । ইয়াত উল্লেখ কৰা হৈছিল যে তেওঁলোকে প্ৰতিযোগিতাখনত খেলিব বিচাৰে, কিন্তু এই চৰ্তত যে ইয়াৰ মেচসমূহ ভাৰতৰ বাহিৰত, প্ৰতিযোগিতাখনৰ দ্বিতীয় আয়োজক শ্ৰীলংকাত অনুষ্ঠিত হ’ব । সেই বৈঠকত বাংলাদেশে ভাৰতত খেলিব নোৱাৰাৰ কাৰণ হিচাপে নিজৰ খেলুৱৈৰ সুৰক্ষাৰ কথা উল্লেখ কৰিছিল ।

তদুপৰি বাংলাদেশে আইচিচিৰ গ্ৰুপিং সলনি কৰিবলৈয়ো দাবী জনায় । আয়াৰলেণ্ডৰ সৈতে গ্ৰুপ সলনি কৰাটো বিচাৰিছিল বিচিবিয়ে । বাংলাদেশ গ্ৰুপ চিত থকাৰ বিপৰীতে আয়াৰলেণ্ড গ্ৰুপ বিত আছে, যিয়ে শ্ৰীলংকাত সকলো খেল খেলিব লাগিব । এই কাৰণেই বাংলাদেশে এই দাবী উত্থাপন কৰিছিল ।

উকলিব আইচিচিৰ সময়সীমা-

কিন্তু বাংলাদেশৰ এই দাবীত কোনো প্ৰভাৱিত কৰা নাই আইচিচিক । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই লগে লগে স্পষ্ট কৰি দিয়ে যে সূচী বা গ্ৰুপিং দুয়োটাৰে কোনো পৰিৱৰ্তন নহ’ব । ইয়াৰ পিছতেই আইচিচিয়ে বিচিবিক ২১ জানুৱাৰীৰ ভিতৰত চূড়ান্ত সিদ্ধান্তত উপনীত হ’বলৈ নিৰ্দেশ জাৰি কৰে ।

যদি বাংলাদেশ নহয়, তেন্তে কোন ?

এতিয়া প্ৰশ্ন হয় বাংলাদেশ যদি এই প্ৰতিযোগিতাৰ পৰা বাদ পৰে তেন্তে কাক স্থলাভিষিক্ত কৰা হ’ব ?  আজি বাংলাদেশ ক্ৰিকেট দলৰ বাবে সিদ্ধান্তৰ দিন আৰু যদি সিদ্ধান্ত তেওঁলোকৰ পক্ষত নহয় তেন্তে স্কটলেণ্ডক খেলাৰ সুযোগ দিয়া হ’ব পাৰে । নিজৰ ৰেংকিঙৰ ভিত্তিত ২০২৬ চনৰ টি-২০ বিশ্বকাপত বাংলাদেশৰ ঠাই ল’ব পাৰে স্কটলেণ্ডে । অৱশ্যে এই সন্দৰ্ভত আইচিচিয়ে এতিয়াও স্কটিছ ক্ৰিকেট ব’ৰ্ডৰ সৈতে যোগাযোগ কৰা নাই বুলি বাতৰি প্ৰকাশ পাইছে ।

লগতে পঢ়ক : উত্তৰ দিয়াটো নিৰাপদ নহয়… ভাৰতত টি-২০ বিশ্বকাপ খেলাক লৈ মৌনতা ভংগ বাংলাদেশৰ অধিনায়কৰ

উত্তৰ দিয়াটো নিৰাপদ নহয়… ভাৰতত টি-২০ বিশ্বকাপ খেলাক লৈ মৌনতা ভংগ বাংলাদেশৰ অধিনায়কৰ

ভাৰতত টি-২০ বিশ্বকাপ খেলা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক লিটন দাসে । এই প্ৰতিক্ৰিয়াই চলি থকা বিতৰ্কটোক আৰু অধিক জটিল কৰি তুলিছে ।

বাংলাদেশৰ অধিনায়ক লিটন দাসৰ শেহতীয়া বক্তব্যই টি-২০ বিশ্বকাপ ২০২৬ত বাংলাদেশৰ অংশগ্ৰহণক লৈ চলি থকা বিতৰ্কত অধিক ইন্ধন যোগাইছে । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আৰু বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ মাজত স্থান আৰু নিৰাপত্তাক লৈ হোৱা বিবাদে পৰিস্থিতি ইমানেই জটিল কৰি তুলিছে যে প্ৰতিযোগিতা আৰম্ভ হ’বলৈ মাত্ৰ কেইদিনমান বাকী থকাৰ সময়তে বাংলাদেশ ভাৰতলৈ আহিব নে নাহে সেয়া স্পষ্ট হোৱা নাই ।

বিচিবি-আইচিচিৰ যুঁজ-

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে দলটোৰ টি-২০ বিশ্বকাপৰ মেচসমূহ ভাৰতৰ পৰা শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে । নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰিছে ব’ৰ্ডে । কিন্তু আইচিচিয়ে এই দাবীত এতিয়াও সন্মতি দিয়া নাই আৰু কেইবাবাৰো বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো কোনো সিদ্ধান্তত উপনীত হোৱা নাই । এই অচলাৱস্থাই বাংলাদেশক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিছে । খেলুৱৈৰ পৰা অনুৰাগীলৈকে সকলোৱে চূড়ান্ত সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে ।

অধিনায়ক লিটন দাসৰ প্ৰতিক্ৰিয়া-

মঙলবাৰৰ বাংলাদেশ প্ৰিমিয়াৰ লীগৰ খেলখনৰ পিছত প্ৰতিযোগিতাখনৰ পিটচসমূহ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ ক্ষেত্ৰত সহায়ক হৈছে নে নাই বুলি সোধাত অধিনায়ক লিটন দাসে স্পষ্ট কৰি দিয়ে যে এই সময়ত তেওঁ এই বিষয়ত কথা ক’ব পৰা অৱস্থাত নাই ।

লিটন দাসে কয়, “আপুনি নিশ্চিতভাৱে কৈছেনে যে আমি টি-২০ বিশ্বকাপ খেলিম ? মই অনিশ্চিত, সকলোৱে অনিশ্চিত । মই ভাবো সমগ্ৰ বাংলাদেশ বৰ্তমান অনিশ্চিত । মই উত্তৰ নিদিওঁ । আপুনি কি সুধিছে মই বুজি পাইছো । উত্তৰ দিয়াটো মোৰ বাবে নিৰাপদ নহয় । মোৰ উত্তৰ নাই ।” এই বক্তব্যই সমগ্ৰ বিতৰ্কটোক খেলুৱৈসকলৰ সুৰক্ষা আৰু অৱস্থাৰ ওপৰত পুনৰ কেন্দ্ৰীভূত কৰিছে । ছ’চিয়েল মিডিয়াত বৃহৎ সংখ্যক অনুৰাগীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে কি হেঁচাত অধিনায়কগৰাকীয়ে মুকলিকৈ কথা কোৱাত সমস্যাৰ সন্মুখীন হৈছে ।

ইয়াৰ পূৰ্বে বাংলাদেশ চৰকাৰৰ ক্ৰীড়া উপদেষ্টা আছিফ নজৰুলেও সংবাদ মাধ্যমত স্পষ্ট বক্তব্য আগবঢ়াইছিল যে আইচিচিয়ে ২১ জানুৱাৰীৰ সময়সীমা নিৰ্ধাৰণ কৰিলেও কোনো কাৰণতে বাংলাদেশে বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাযায় ।

লগতে পঢ়ক : বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ শেষ সুযোগ, আজিৰে পৰা ভাৰত-নিউজীলেণ্ডৰ টি-২০ শৃংখলা

নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত উত্তেজনা; কূটনৈতিক বিষয়াৰ পৰিয়ালক লৈ ভাৰতে ল’লে ডাঙৰ সিদ্ধান্ত

বাংলাদেশত ৰাজনৈতিক অস্থিৰতা আৰু নিৰাপত্তাক লৈ ক্ৰমে উদ্বেগ বৃদ্ধি পাইছে । ইয়াৰ মাজতে ভাৰতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ।

বাংলাদেশৰ অৱনতি ঘটা নিৰাপত্তাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । ভাৰত চৰকাৰে দেশখনত নিয়োজিত ভাৰতীয় কূটনীতিবিদৰ পৰিয়ালক পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে । কিন্তু চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে ইয়াৰ ফলত বৰ্তমান বাংলাদেশত কৰ্মৰত ভাৰতীয় কূটনীতিবিদৰ সংখ্যাত কোনো প্ৰভাৱ নপৰে । ভাৰতীয় উচ্চায়ুক্ত আৰু ঢাকাত থকা অন্যান্য সহযোগী উচ্চায়ুক্তসমূহে পূৰ্বৰ দৰেই কাম কৰি যাব ।

বাংলাদেশত সংসদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে এই সিদ্ধান্ত লোৱা হৈছে । ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত এয়া প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হ’ব । ছাত্ৰ আন্দোলনৰ পিছত শ্বেখ হাছিনাৰ চৰকাৰক উৎখাত কৰা হৈছিল । তেতিয়াৰ পৰাই দেশখনত ৰাজনৈতিক অস্থিৰতা আৰু নিৰাপত্তাক লৈ উদ্বেগ বৃদ্ধি পাইছে ।

ইফালে যোৱা মাহত ভাৰতে বাংলাদেশৰ উচ্চায়ুক্ত ৰিয়াজ হামিদুল্লাক তলব কৰিছিল । বাংলাদেশৰ অৱনতি ঘটা আইন-শৃংখলা পৰিস্থিতিক লৈ তীব্ৰ প্ৰতিবাদ দাখিল কৰিছিল ভাৰতে । ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ আশে-পাশে প্ৰতিবাদৰ সূত্ৰপাত হোৱাৰ পিছত এই বিৰোধিতা কৰা হয় । এই ঘটনাই দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক কঠিন কৰি তোলে ।

আনহাতে বাংলাদেশত সংখ্যালঘু লোকৰ বিৰুদ্ধে হিংসাৰ ঘটনা তীব্ৰভাৱে বৃদ্ধি পাইছে । মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰৰ তথ্য অনুসৰি ২০২৫ চনত সংখ্যালঘুৰ বিৰুদ্ধে ৬৪৫টা হিংসাত্মক কাণ্ড সংঘটিত হৈছে । এই সংখ্যাসমূহ ২০২৫ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে আৰক্ষীৰ ৰেকৰ্ড, এফ আই আৰ, সাধাৰণ ডায়েৰী, চাৰ্জ শ্বীট আৰু তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে ।

লগতে পঢ়ক : গ্ৰীণলেণ্ডক লৈ আকোঁৰগোজ ট্ৰাম্প; সীমা, পৰিচয় আৰু স্বাধীনতাৰ সৈতে আপোচ নকৰাৰ হুংকাৰ ডেনমাৰ্কৰ

সকীয়নিৰ পিছতো আইচিচিক ৰঙা চকু বাংলাদেশৰ; টি-২০ বিশ্বকাপক লৈ ক’লে এই কথা…

আইচিচিয়ে আলটিমেটাম জাৰি কৰা পিছতো শিক্ষা গ্ৰহণ কৰা নাই বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে । শেহতীয়াকৈ টি-২০ বিশ্বকাপক লৈ পুনৰ আন এক বিবৃতি দিছে দেশখনৰ ক্ৰীড়া পৰামৰ্শদাতা আছিফ নজৰুলে ।

বাংলাদেশৰ ক্ৰীড়া উপদেষ্টা আছিফ নাজৰুলৰ আন এক বিবৃতি জাৰি কৰিছে । তেওঁ কয় যে বিচিচিআইৰ হেঁচাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে যদি বাংলাদেশৰ ওপৰত অযুক্তিকৰ চৰ্ত আৰোপ কৰে তেন্তে সেয়া মানি লোৱা নহ’ব । নজৰুলে বিগত সময়ত উত্তেজনামূলক বক্তব্য আগবঢ়াইছে । কেইবা সপ্তাহ ধৰি চলি থকা এই বিতৰ্কৰ এতিয়াও কোনো সঠিক সমাধান ওলোৱা নাই ।

মঙলবাৰে সচিবালয়ত বক্তব্য ৰাখি আছিফ নাজৰুলে কয় যে, “বিচিচিআইৰ হেঁচাত আইচিচিয়ে যদি আমাৰ সন্মুখত কোনো অন্যায় চৰ্ত ৰাখে, তেন্তে আমি সেইবোৰ মানি নলওঁ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ইয়াৰ উদাহৰণ আছে, যেতিয়া ভাৰতে পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰিছিল আৰু আইচিচিয়ে স্থান সলনি কৰিবলগীয়া হৈছিল । আমি টি-২০ বিশ্বকাপৰ ভেন্যু সলনি কৰিবলৈ যুক্তিসংগত অনুৰোধ জনাইছো ।”

শেহতীয়া এক প্ৰতিবেদন অনুসৰি আইচিচিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক ২১ জানুৱাৰীৰ ভিতৰত দলটোৱে খেলিবলৈ ভাৰতলৈ আহিব নে নাই সেয়া সিদ্ধান্ত ল’বলৈ এক উলটিমেটাম জাৰি কৰে । প্ৰতিবেদন অনুসৰি যদি বিচিবিয়ে নিজৰ দল ভাৰতলৈ প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে ৰেংকিঙৰ ভিত্তিত স্কটলেণ্ডক তেওঁলোকৰ সলনি বিশ্বকাপত স্থান দিয়া হ’ব ।

অৱশ্যে বিচিবিৰ মিডিয়া কমিটীৰ অধ্যক্ষ আমজাদ হুছেইনে উল্লেখ কৰে যে ১৭ জানুৱাৰীত বিচিবিৰ বিষয়াসকলে আইচিচিৰ এজন প্ৰতিনিধিক সাক্ষাৎ কৰিছিল । হুছেইনৰ মতে, সেই বৈঠকৰ পিছত আইচিচিয়ে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সৈতে শীঘ্ৰে পুনৰ সংযোগ স্থাপন কৰিব বুলি উল্লেখ কৰিছিল যদিও কোনো তাৰিখ প্ৰকাশ কৰা হোৱা নাই ।

ইফালে, ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ মূল সূচী সলনি কৰিবলৈ অনিচ্ছুক আইচিচি । বৰ্তমানৰ সূচী অনুসৰি বাংলাদেশক নিউজীলেণ্ড, ৱেষ্ট ইণ্ডিজ, ইটালী আৰু নেপালৰ সৈতে গ্ৰুপ চিত স্থান দিয়া হৈছে । বাংলাদেশে অহা ৭ ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ।

লগতে পঢ়ক : ৰোহিত-কোহলীৰ কোটি কোটি টকা পাৰিশ্ৰমিক কৰ্তন ! কেন্দ্ৰীয় চুক্তি সলনি কৰাৰ পথত বিচিচিআই

এক্সন মোডত বাংলাদেশ ক্ৰিকেট বৰ্ড ; উচ্চ পদৰ পৰা আঁতৰাই দিয়া হ’ল ‘বিতৰ্কিত’ নাজমুল ইছলামক

ভাৰতৰ সৈতে বিবাদৰ মাজতে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বিত্ত সমিতিৰ মুৰব্বী পদৰ পৰা নাজমুল ইছলামক অপসাৰণ বাংলাদেশ ক্ৰিকেট বৰ্ডৰ

ভাৰত বাংলাদেশৰ মাজত টি ২০ বিশ্বকাপৰ স্থানক লৈ চলি থকা বিতৰ্কৰ মাজতে বাংলাদেশ ক্ৰিকেট বৰ্ডে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাংলাদেশ ক্ৰিকেট বৰ্ডে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নাজমুল ইছলামক বিত্ত সমিতিৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি দিয়া হৈছে।

দৰাচলতে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সঞ্চালক নাজমুল ইছলামে এটা বিতৰ্কিত বক্তব্য দিছিল,য’ত তেওঁ তমিম ইকবালক ভাৰতীয় এজেণ্ট বুলি অভিহিত কৰিছিল।এতিয়া ইয়াৰ পিছত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে তেওঁৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে।

এই সিদ্ধান্ত বিচিবিৰ সভাপতিয়ে সংস্থাটোৰ স্বাৰ্থত গ্ৰহণ কৰিছে,যাতে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ কাম-কাজত কোনো বাধা নাথাকে আৰু প্ৰশাসনিক প্ৰক্ৰিয়া সুচাৰুৰূপে চলি থাকে।

বিচিবিয়ে স্পষ্ট কৰি দিছে যে,এই সিদ্ধান্ত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সংবিধানৰ ৩১ নং অনুচ্ছেদৰ অধীনত অধ্যক্ষক দিয়া ক্ষমতা অনুসৰি লোৱা হৈছে।

ইয়াৰ উদ্দেশ্য হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ কাম-কাজ ফলপ্ৰসূ আৰু শৃংখলাবদ্ধভাৱে পৰিচালনা কৰা।পৰৱৰ্তী জাননী নিদিয়ালৈকে বিচিবিৰ সভাপতিয়ে নিজেই বিত্ত সমিতিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

খেলুৱৈসকলৰ স্বাৰ্থই তেওঁলোকৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলিও ব’ৰ্ডে পুনৰ কয়।বিচিবি সকলো খেলুৱৈৰ সন্মান, মৰ্যাদা আৰু অধিকাৰ ৰক্ষাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ।

বিচিবিয়ে  এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত সকলো ক্ৰিকেটাৰক উচ্চ পৰ্যায়ৰ পেছাদাৰী দায়বদ্ধতা আৰু অনুশাসন বজাই ৰাখিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: ‘ভগৱানৰ ওচৰত কৃতজ্ঞ, আশা কৰাতকৈ বেছি দিছে…’; জয়ৰ পিছত বিৰাট কোহলীৰ আৱেগিক মন্তব্য

টি-২০ বিশ্বকাপৰ বিতৰ্কত এইবাৰ পাকিস্তানৰ এন্ট্ৰি… দিলে এই বিশেষ অফাৰ

টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে ভাৰতত নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । ইয়াৰ পিছতে এতিয়া এই বিতৰ্কত এন্ট্ৰি মাৰিছে পাকিস্তানে…

ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ত নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি বাংলাদেশ ক্ৰিকেট দলে নিজৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে । বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ অনুৰোধ জনাইছে । অৱশ্যে এই বিষয়ত এতিয়াও কোনো সঁহাৰি দিয়া নাই আই চি চিয়ে । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ পৰা মুস্তাফিজুৰ ৰহমানক ৰিলিজ কৰি দিয়াৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে বি চি বিয়ে ।

আই পি এলৰ পৰা মুস্তাফিজুৰৰ ৰিলিজৰ পিছতে এক প্ৰকাৰৰ ক্ষোভ প্ৰকাশ কৰিছে বি চি বিয়ে । শেহতীয়াকৈ এতিয়া এই বিতৰ্কত প্ৰৱেশ কৰিছে পাকিস্তান । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ টি-২০ বিশ্বকাপৰ মেচ আয়োজনৰ বাবে যদি শ্ৰীলংকা অনুপলব্ধ হয়, তেন্তে আতিথ্য দিবলৈ পাকিস্তান সাজু বুলি পি চি বিয়ে প্ৰকাশ কৰিছে ।

জানিব পৰা মতে পাকিস্তানৰ সকলো খেলপথাৰেই টি-২০ বিশ্বকাপৰ খেলসমূহ আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বুলি প্ৰকাশ কৰিছে পি চি বিয়ে । পি চি বিয়ে ইতিমধ্যে আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আৰু আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ কোৱালিফায়াৰ ২০২৫ৰ দৰে ডাঙৰ ইভেণ্ট সফলতাৰে আয়োজন কৰিছে আৰু সেয়েহে এই মেচসমূহ মসৃণভাৱে আয়োজন কৰিবলৈ সক্ষম বুলি উল্লেখ কৰিছে ।

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে যোৱা ৪ জানুৱাৰীত স্পষ্ট কৰি দিছিল যে ২০২৬ চনৰ টি-২০ বিশ্বকাপত খেলিবলৈ ভাৰতলৈ নাযায় । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশ অনুসৰি তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানক কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) দলৰ পৰা ৰিসিজ কৰি দিয়াৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । ইয়াৰ ফলত দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু ৰাজনৈতিক উত্তেজনা আৰু অধিক গভীৰ হৈ পৰে ।

লগতে পঢ়ক : তামিম ইকবালক ভাৰতীয় এজেণ্ট আখ্যা, বাংলাদেশ ক্ৰিকেটত বিতৰ্ক

শেষ হোৱা নাই বাংলাদেশৰ নাটক; বিশ্বকাপৰ স্থান সলনি কৰিবলৈ আইচিচিলৈ দ্বিতীয়খন পত্ৰ

টি-২০ বিশ্বকাপৰ বাবে শেষ নোহোৱা হৈছে বাংলাদেশৰ নাটক। স্থান সলনি কৰিবলৈ আইচিচিলৈ প্ৰেৰণ কৰিলে দ্বিতীয়খন পত্ৰ।

বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আইচিচিলৈ দ্বিতীয়খন পত্ৰ প্ৰেৰণ কৰে,য’ত টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ ভ্ৰমণ সন্দৰ্ভত নিজৰ নিৰ্দিষ্ট নিৰাপত্তাজনিত উদ্বেগ স্পষ্ট কৰে আৰু লগতে অনুষ্ঠান স্থলী শ্ৰীলংকালৈ সলনি কৰাৰ দাবী কৰে।

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বকাপ বাংলাদেশ আৰু ভাৰতত চাৰিখন মেচ (কলকাতাত তিনিখন আৰু মুম্বাইত এখন) খেলাৰ কথা।

বিচিচিআইৰ নিৰ্দেশত বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক আইপিএলৰ পৰা মুকলি কৰি দিয়াৰ পিছতে বিচিবিয়ে ভাৰত ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছে।

ক্ৰীড়া মন্ত্ৰালয়ৰ উপদেষ্টা আছিফ নাজৰুলৰ সৈতে আলোচনাৰ অন্তত বিচিবিয়ে পুনৰবাৰ আইচিচিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

আইচিচিয়ে এইটো জানিব বিচাৰিছিল কোনবোৰ ক্ষেত্ৰত নিৰাপত্তাজনিত সমস্যা আছে আৰু বিচিবিয়ে সেইবোৰ স্পষ্ট কৰি দিছে।

অৱশ্যে এই বিষয়ত এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বিচক্ষণতাৰে মৌনতা অৱলম্বন কৰিছে আৰু ঢাকাস্থিত ব’ৰ্ডে উত্থাপন কৰা নিৰাপত্তাজনিত উদ্বেগৰ সঠিক প্ৰকৃতিৰ ওপৰত স্পষ্টতা বিচাৰিছে।

লগতে পঢ়ক: ‘দেশৰ মূল্যত কোনো ক্ৰিকেট নহয়’; ICC ৰ কথা নামানে বাংলাদেশে,কৰিছে নতুন পৰিকল্পনা

‘দেশৰ মূল্যত কোনো ক্ৰিকেট নহয়’; ICC ৰ কথা নামানে বাংলাদেশে,কৰিছে নতুন পৰিকল্পনা

ভাৰতত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ সন্দৰ্ভত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সিদ্ধান্তত দৃঢ়।ইফালে ICC এ স্থান সলনি কৰাৰ দাবী নাকচ কৰিছে।

ভাৰত-বাংলাদেশৰ বিবাদৰ মাজতে টি-২০ বিশ্বকাপ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) ৰ বাবে নতুন অসুবিধাৰ সৃষ্টি হৈছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰা বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা বাদ দিয়াৰ পিছত উত্তেজনা বৃদ্ধি পাইছে।

বাংলাদেশে বিশ্বৰ সৰ্ববৃহৎ লীগৰ সম্প্ৰচাৰ নিষিদ্ধ কৰি এতিয়া ভাৰতত টি-২০ বিশ্বকাপৰ মেচ খেলিবলৈ অস্বীকাৰ কৰিছে।

ইয়াৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰিবলৈ ICC লৈ পত্ৰ লিখিছিল,কিন্তু তেওঁলোকৰ দাবী সম্পূর্ণৰূপে নাকচ কৰিলে বৃহত্তম ক্ৰিকেট সংস্থাটোৱে।

বাংলাদেশ চৰকাৰৰ ক্ৰীড়া উপদেষ্টা আজিফ নাজৰুলে কয় যে দেশৰ সন্মানৰ মূল্যত দলটোৱে টি-২০ বিশ্বকাপত অংশগ্ৰহণ নকৰে।

বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ অন্তত নজৰুলে কয় ‘আমি BCB ৰ পৰিচালক – বুলবুল (আমিনুল ইছলাম) ভাই, ফাৰুক ভাই আৰু সকলোৰে সৈতে বহিলোঁ’।

‘আজি আমি পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিলোঁ আৰু আমি সকলোৱে একমত হ’লোঁ যে বাংলাদেশে কঠোৰ পৰিশ্ৰমেৰে টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।আমি ক্ৰিকেটৰ উন্মাদ জাতি আৰু আমি নিশ্চিতভাৱে খেলিব বিচাৰো।

তেওঁ লগতে কয় যে, “আমি জাতীয় অপমান, আমাৰ ক্ৰিকেটাৰ, দৰ্শক আৰু সাংবাদিকৰ সুৰক্ষাৰ মূল্যত বা দেশৰ মৰ্যাদাৰ মূল্যত বিশ্বকাপ খেলিব নিবিচাৰো”।

“আজি আই চি চিৰ পৰা পোৱা পত্ৰখন পঢ়ি আমি অনুভৱ কৰিলোঁ যে তেওঁলোকে বাংলাদেশী ক্ৰিকেটাৰৰ বাবে ভাৰতৰ ভয়াৱহ নিৰাপত্তা পৰিস্থিতি সম্পূৰ্ণৰূপে বুজি পোৱা নাই”।

“বাংলাদেশে নিজৰ স্থিতিত দৃঢ়তাৰে থিয় দিছে আৰু বৃহস্পতিবাৰ বা শুকুৰবাৰে আইচিচিলৈ আন এখন পত্ৰ প্ৰেৰণ কৰিব”।

বিচিবিৰ অধ্যক্ষগৰাকীয়ে নিজৰ বিবৃতিত কয় যে আইচিচিয়ে তেওঁলোকৰ দাবী মানি ল’বলৈ অস্বীকাৰ কৰাটো অপপ্ৰচাৰ আৰু ভুৱা বাতৰি।

মই জনাত – আইচিচিয়ে বিচিবিলৈ লিখিছে যে তেওঁলোকে অতিৰিক্ত নিৰাপত্তা প্ৰদান কৰিব,সেয়ে তেওঁলোকে কোনো কথাতে চিন্তা কৰিব নালাগে আৰু ভাৰতত খেলিব নোৱাৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব লাগে।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ বাবে আহিবই লাগিব ভাৰত, অন্যথা… বাংলাদেশৰ দাবী নাকচ আই চি চিৰ