আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান

আইচিচি ৰেংকিঙত অৱনমিত বিৰাট কোহলী, হেৰুৱালে এদিনীয়াৰ শীৰ্ষস্থান

এদিনীয়া ক্ৰিকেটত আন এক আঘাতৰ সন্মুখীন হৈছে বিৰাট কোহলী । এদিনীয়াৰ শীৰ্ষ স্থান হেৰুৱাইছে ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে । শেহতীয়াকৈ আই চি চিৰ এদিনীয়া বেটিং ৰেংকিঙত অৱনমিত হৈছে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী । নিউজীলেণ্ডৰ ডেৰিল মিচেলৰ হাতত তেওঁ এক নম্বৰ স্থান হেৰুৱাইছে । শেহতীয়া মেচসমূহত

এদিনীয়া ক্ৰিকেটত আন এক আঘাতৰ সন্মুখীন হৈছে বিৰাট কোহলী । এদিনীয়াৰ শীৰ্ষ স্থান হেৰুৱাইছে ভাৰতৰ তাৰকা বেটছমেনগৰাকীয়ে ।

শেহতীয়াকৈ আই চি চিৰ এদিনীয়া বেটিং ৰেংকিঙত অৱনমিত হৈছে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী । নিউজীলেণ্ডৰ ডেৰিল মিচেলৰ হাতত তেওঁ এক নম্বৰ স্থান হেৰুৱাইছে । শেহতীয়া মেচসমূহত আকৰ্ষণীয় প্ৰদৰ্শনৰ বাবেই মিচেলে এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে কোহলীৰ ৰেংকিং অৱনমিত হৈছে ।

উল্লেখ্য যে যোৱা সপ্তাহত কোহলীয়ে ৰোহিত শৰ্মাক অতিক্ৰম কৰি এক নম্বৰ এদিনীয়া বেটছমেন হিচাপে পৰিগণিত হৈছিল । ২০২১ চনৰ জুলাইৰ পিছত প্ৰথমবাৰৰ বাবে এদিনীয়া বেটছমেনৰ স্থানলৈ ঘূৰি আহিছিল কোহলী । অৱশ্যে সদ্য সমাপ্ত এদিনীয়া শৃংখলাত মিচেলৰ প্ৰদৰ্শনে কোহলীক শীৰ্ষ স্থান দখল কৰিছে ।

মিচেলৰ ৰেংকিং পইণ্ট ৮৪৫, বিৰাট কোহলীয়ে ৭৯৫ পইণ্টেৰে দ্বিতীয় স্থানলৈ অৱনমিত হৈছে । ইয়াৰ বহু পিছত আছে ইব্ৰাহিম জাদ্ৰান, ৰোহিত শৰ্মা, শুভমন গীল, বাবৰ আজমৰ দৰে তাৰকা বেটছমেন ।

এদিনীয়া ৰেংকিঙত মিচেলে দ্বিতীয়বাৰৰ বাবে শীৰ্ষ স্থান লাভ কৰিছে । ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহত মাত্ৰ তিনিদিনহে তেওঁ শীৰ্ষস্থান দখল কৰিছিল, তাৰ পিছত তেওঁৰ ঠাই ৰোহিত শৰ্মাই লৈছিল ।

ডেৰিল মিচেল বৰ্তমান নিজৰ কেৰিয়াৰৰ বিস্ফোৰক ফৰ্মত আছে । শেহতীয়াকৈ অনুষ্ঠিত হোৱা তিনিখন মেচৰ এদিনীয়া শৃংখলাত তেওঁ মুঠ ৩৫২ ৰান সংগ্ৰহ কৰে । দ্বিতীয়খন মেচত তেওঁ ১১৭টা বলত অপৰাজিত ১৩১ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে । এই ইনিংছে নিউজীলেণ্ডক শৃংখলাটোত সমতা স্থাপনত কৰাত সহায় কৰে আৰু পিছলৈ ২-১ ব্যৱধানত জয়লাভ কৰে ।

বিৰাট কোহলীৰ শেহতীয়া প্ৰদৰ্শন ?

ইফালে এদিনীয়া শৃংখলাত বিৰাট কোহলীয়েও উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । ৰান সংগ্ৰহৰ ক্ষেত্ৰত শৃংখলাত দ্বিতীয় স্থান দখল কৰি মিচেলৰ পিছতে স্থান দখল কৰে তেওঁ । তিনিখন মেচত ২৪০ ৰান সংগ্ৰহ কৰে তেওঁ । এই শৃংখলাত কোহলীৰ সৰ্বোচ্চ ৰান আছিল ১২৪ । তেওঁৰ গড় ৮০.০০ আৰু ষ্ট্ৰাইক ৰেট ১০৫.২৬ ।

লগতে পঢ়ক : আজি নিৰ্ণয় হ’ব বাংলাদেশৰ ভাগ্য! আইচিচিয়ে দিছিল ২১ জানুৱাৰীৰ সময়সীমা