অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা একমাত্ৰ টেষ্ট মেচৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । এই দলত স্থান লাভ কৰিছে এগৰাকী অসমীয়া খেলুৱৈয়েও… অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট মেচৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ১৫ জনীয়া ভাৰতীয় দল । দল পৰিচালনা সমিতিয়ে পুনৰবাৰ প্ৰবীণ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা একমাত্ৰ টেষ্ট মেচৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । এই দলত স্থান লাভ কৰিছে এগৰাকী অসমীয়া খেলুৱৈয়েও…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট মেচৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ১৫ জনীয়া ভাৰতীয় দল । দল পৰিচালনা সমিতিয়ে পুনৰবাৰ প্ৰবীণ অধিনায়কগৰাকীৰ ওপৰত বিশ্বাস ৰাখিছে । প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত হৈছে এজগৰাকী যুৱ বলাৰ । ইফালে এই টেষ্টৰ বাবে অসমৰো এগৰাকী খেলুৱৈয়ে লাভ কৰিছে সুযোগ । ৬ মাৰ্চৰ পৰা অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ একমাত্ৰ টেষ্ট ।

উল্লেখ্য যে বিচিচিআইয়ে মহিলা টেষ্টৰ বাবে ভাৰতীয় দলটো আজি ঘোষণা কৰিছে । হৰমনপ্ৰীত কৌৰক পুনৰবাৰ দলৰ বাঘজৰী দিয়া হৈছে । যুৱ স্পীনাৰ বৈষ্ণৱী শৰ্মাইয়ো এই দলত স্থান লাভ কৰিছে । ২০ বছৰীয়া বৈষ্ণৱীয়ে এতিয়ালৈকে কেৱল টি-২০ ইণ্টাৰনেশ্যনেল ফৰ্মেটতহে খেলিছে । ক্ৰান্তি গৌড়কো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও অ’পেনিং বেটছমেন প্ৰতীকা ৰাৱালক অন্তৰ্ভুক্ত কৰা হৈছে দলত ।

আনহাতে এই দল ঘোষণা কৰাৰ লগে লগে অসমবাসীয়েও লাভ কৰিলে এক ভাল খবৰ । কিয়নো এই টেষ্ট দলত স্থান লাভ কৰিছে অসমৰ জীয়াৰী তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন উমা ছেত্ৰীয়ে । এই খবৰে আনন্দিত কৰি তুলিছে আসমবাসীক ।

স্মৃতিৰ কান্ধত সহ-অধিনায়ৰ দায়িত্ব-

স্মৃতি মন্ধানাক এই টেষ্টৰ বাবে ভাৰতীয় দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । মন্ধানাই নিজৰ কেৰিয়াৰত ৭খন টেষ্ট খেলিছে, য’ত তেওঁ দুটা শতক আৰু তিনিটা অৰ্ধশতককে ধৰি ৬২৯ ৰান সংগ্ৰহ কৰিছে ।

ব্লিউ পি এলৰ জৰিয়তে উজ্বলিল বৈষ্ণৱী শৰ্মাৰ ভাগ্য-

মহিলা প্ৰিমিয়াৰ লীগৰ চলি থকা চতুৰ্থ ছিজনত বৈষ্ণৱী শৰ্মাই মুম্বাই ইণ্ডিয়ানছ হৈ খেলিছে । অভিষেক মেচৰ প্ৰথম অভাৰত উইকেট দখল কৰি তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল আৰু বিচিচিআইয়ে তেওঁক টিম ইণ্ডিয়াৰ টেষ্ট দললৈ আমন্ত্ৰণ কৰি পুৰস্কৃত কৰিছে । টি-২০ ইণ্টাৰনেশ্যনেলৰ পিছত এতিয়া টেষ্টত বৈষ্ণৱীয়ে কেনে প্ৰদৰ্শন আগবঢ়াই তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

ভাৰতীয় টেষ্ট দল :

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা (সহ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগোজ, অমনজোত কৌৰ, ৰিচা ঘোষ (উইকেটকীপাৰ), উমা ছেত্ৰী (উইকেটকীপাৰ), প্ৰতীকা ৰাৱাল, হাৰলীন দেউল, দীপ্তি শৰ্মা, ৰেনুকা ঠাকুৰ, স্নেহ ৰাণা, ক্ৰান্তি গৌড়, বৈষ্ণৱী শৰ্মা, সয়ালি সাতঘৰে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…