বিশ্ব চেম্পিয়ন ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ, উৎফুল্লিত সমগ্ৰ দেশ

এই জয়ৰ পিছতে এতিয়া ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ পৰিছে । সকলোৱে টিম ইণ্ডিয়াক এই দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে ।

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ খিতাপ দখল কৰিছে ভাৰতীয় দলে । শুকুৰবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ইংলেণ্ডক ১০০ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই । এই জয়ৰ পিছতে এতিয়া ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি সকলোৱে টিম ইণ্ডিয়াক এই দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে ।

ভাৰতৰ ক্ৰিকেট প্ৰতিভা জিলিকি উঠিলঃ প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় দলে ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ জয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ ক্ৰিকেট প্ৰতিভা জিলিকি উঠিছে । তেওঁ এক্সত লিখিছে, “বিশ্বকাপ ভাৰতলৈ অনাৰ বাবে আমি আমাৰ ১৯ বছৰ অনুৰ্ধ দলটোক লৈ গৌৰৱান্বিত । দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰিছিল । এই জয়ে বহু যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব । খেলুৱৈসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা ।”

ষষ্ঠবাৰৰ বাবে কাপ জয় কৰি গঢিলো ঐতিহাসিক অভিলেখঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ ৰাষ্ট্ৰই আপোনালোকৰ বিজয় উদযাপন কৰিছে । তেওঁ লিখিছে, “আইচিচি পুৰুষ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰাৰ বাবে আমাৰ যুৱ চেম্পিয়নসকলক আন্তৰিক অভিনন্দন ! ষষ্ঠবাৰৰ বাবে কাপ জয় কৰি ঐতিহাসিক অভিলেখ গঢ়ি তোলা আপোনালোকৰ প্ৰদৰ্শনে যুৱ খেলুৱৈসকলক আনন্দ, উৎসাহ আৰু প্ৰেৰণাৰে ভৰাই তুলিছে ।”

লোকসভাৰ অধ্যক্ষই টিম ইণ্ডিয়াক জনালে অভিনন্দন-

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই টিম ইণ্ডিয়াক অভিনন্দন জনায় । তেওঁ লিখিছে, “অনুৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দললৈ অসীম অভিনন্দন আৰু শুভেচ্ছা । আমাৰ দলে নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে লাখ লাখ ভাৰতীয়ক গৌৰৱান্বিত কৰিছে । এই মুহূৰ্তটোৱে দেশৰ যুৱকসকলৰ মাজত নতুন শক্তি আৰু অপৰিসীম প্ৰেৰণা যোগাব । ভৱিষ্যতৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা ।”

অভিনন্দন ৰাহুল গান্ধীয়ে জনালে অভিনন্দন-

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে টিম ইণ্ডিয়াক অভিনন্দন জনাই কয়, “আপোনালোকৰ স্থিৰতা, নিৰ্ভীকতা আৰু দৃঢ়তা আজিৰ ভাৰতীয় প্ৰজন্মৰ পৰিচয় ।” তেওঁ লিখিছে, “১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ এই ষষ্ঠটো খিতাপ ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ গৌৰৱময় প্ৰমাণ । মহান খেল, চেম্পিয়নসকল !”

লগতে পঢ়ক : ইংলেণ্ডক ধূলিসাৎ কৰি ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়ন ভাৰত, বৈভৱৰ বেটিং পৰাক্ৰম

বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ, ৬ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে হাইভল্টেজ মেচ

ক্ৰমাগত ষষ্ঠবাৰৰ বাবে ভাৰতীয় দলে খিতাপৰ মেচ খেলিব, যিটো এক উল্লেখযোগ্য কৃতিত্ব । পৰিসংখ্যা ভাৰতৰ পক্ষত হ’ব পাৰে যদিও ফাইনেলত যিকোনো অঘটন ঘটাৰ সম্ভাৱনা আছে ।

২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ অন্তিম পৰ্যায়ত উপনীত হৈছে । এই প্ৰতিযোগিতাৰ ফাইনেল মেচখন ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব । সমগ্ৰ প্ৰতিযোগিতাখনত দুয়োটা দল উৎকৃষ্ট ফৰ্মত আছে আৰু এখনো মেচত পৰাস্ত নোহোৱাকৈয়ে ফাইনেলত প্ৰৱেশ কৰিছে । সেয়েহে ক্ৰিকেট অনুৰাগীসকলে এক ৰোমাঞ্চকৰ প্ৰতিযোগিতা আশা কৰিছে ।

অভিলেখৰে ফাইনেলত প্ৰৱেশ ভাৰতীয় দল-

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে ছেমি ফাইনেলত আফগানিস্তানক পৰাস্ত কৰি অভিলেখসংখ্যক দশমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে । ক্ৰমাগত ষষ্ঠবাৰৰ বাবে ভাৰতীয় দলে খিতাপৰ মেচ খেলিব, যিটো এক উল্লেখযোগ্য কৃতিত্ব । ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ছবাৰ ফাইনেলত প্ৰৱেশ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল যদিও এই ক্ষেত্ৰত ভাৰত আগবাঢ়ি আছে ।

শক্তিশালী ফৰ্মত ইংলেণ্ড-

আনহাতে, ইংলেণ্ডে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। সমগ্ৰ প্ৰতিযোগিতাখনত ইংৰাজী দলটোৱে এখনো মেচত পৰাস্ত হোৱা নাই। তেওঁলোকৰ বেটিং লাইন আপ আৰু বলিং ইউনিট দুয়োটাই ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ফলস্বৰূপে ইংলেণ্ডে ফাইনেলত ভাৰতৰ সন্মুখত কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।

ফলাফল কাৰ পক্ষত ?

১৯ বছৰ অনুৰ্ধ যুৱ এদিনীয়াত দুয়োটা দলৰ মাজত হোৱা মেচবোৰ যদি বিবেচনা কৰায় হয়, তেন্তে ফলাফল ভাৰতৰ পক্ষত দেখা যায় । ভাৰত আৰু ইংলেণ্ডে এই পৰ্যন্ত ৫৫ বাৰ মুখামুখি হৈছে, ইয়াৰে ৪১ বাৰ ভাৰতে জয়লাভ কৰিছে । ইংলেণ্ডে ১৩খন মেচত জয়লাভ কৰাৰ বিপৰীতে এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে । পৰিসংখ্যা ভাৰতৰ পক্ষত হ’ব পাৰে যদিও ফাইনেলত যিকোনো অঘটন ঘটাৰ সম্ভাৱনা আছে ।

ফাইনেল কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ?

৬ ফেব্ৰুৱাৰী শুকুৰবাৰে জিম্বাবুৱেৰ হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব ২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেল । স্থানীয় সময় অনুসৰি পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন । ভাৰতীয় সময় অনুসৰি দিননৰ ১:০০ বজাৰ পৰা মেচখন অনুষ্ঠিত হ’ব । টছ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২.৩০ বজাত অনুষ্ঠিত হ’ব ।

চূড়ান্ত মেচৰ বাবে ভাৰতীয় দল-

আয়ুষ মাহাত্ৰে (অধিনায়ক), আৰ অম্বৰীশ, কনিষ্ক চৌহান, ডি দীপেশ, মহম্মদ ইমান, এৰন জৰ্জ, অভিজ্ঞান কুণ্ডু, কিষাণ কুমাৰ সিং, বিহান মালহোত্ৰা, উদয় মোহন, হেমিল পেটেল, খিলান এ পেটেল, হৰ্ষবৰ্ধন সিং, বৈভৱ সূৰ্য্যবংশী, বেদান্ত ত্ৰিবেদী ।

লগতে পঢ়ক : মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ

বিপৰ্যয়ৰ সন্মুখীন ভাৰতীয় দল : ব্যয়বহুল প্ৰমাণিত হ’ল ৬ বেটছমেনৰ ৰণনীতি !

ইতিমধ্যে শৃংখলা দখল কৰা ভাৰতীয় দলটোৱে এই মেচখনত ৬জনকৈ বিশেযজ্ঞ বেটছমনেক লৈ খেলাৰ সম্পৰীক্ষা কৰিছিল । অৱশ্যে ভাৰতীয় দলৰ এই সম্পৰীক্ষা সফল নহ’ল ।

বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হোৱা চতুৰ্থ টি-২০ মেচখনত নিউজীলেণ্ডে ভাৰতক ৫০ ৰানত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে ২০ অভাৰত ৭ উইকেটত ২১৫ ৰান সংগ্ৰহ কৰে ।

প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা নিউজীলেণ্ডে বিস্ফোৰক আৰম্ভণি কৰে । অ’পেনাৰ টিম ছেইফাৰ্ট আৰু ডেভন কনৱেই ভাৰতীয় বলাৰসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰি মাত্ৰ ৮.২ অভাৰতে প্ৰথম উইকেটৰ বাবে ১০০ ৰান সংগ্ৰহ কৰে । ছেইফাৰ্টে ৩৬টা বলত ৬২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কনৱেই ২৩টা বলত ৪৪ ৰান সংগ্ৰহ কৰে ।

অৱশ্যে ইয়াৰ পিছতে ভাৰতীয় বলাৰসকলে পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাই । ভাৰতে অন্তিম ১০ অভাৰত ৰানৰ হাৰ কিছু পৰিমাণে ৰোধ কৰিবলৈ সক্ষম হয়। অৰ্শদীপ সিং আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে । ইয়াৰ পিছতো অৱশেষত ডেৰিল মিচেলে ১৮টা বলত ৩৯ ৰান সংগ্ৰহ কৰি নিউজীলেণ্ডক ২০০ ৰান অতিক্ৰম কৰাত সহায় কৰে ।

ইয়াৰ পিছতে ২১৬ ৰানৰ লক্ষ্য অনুসৰণ কৰা ভাৰতীয় দলে দুৰ্বল আৰম্ভণিৰে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই । শিৱম ডুবেই দলক উদ্ধাৰৰ দায়িত্ব কান্ধ পাতি লৈ ২৩টা বলত বিস্ফোৰক ৬৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৰিংকু সিঙে ৩০ বলত ৩৯ ৰান সংগ্ৰহ কৰে । অৱশ্যে এই দুজনৰ বাহিৰে আন কোনো বেটছমেনে নিজৰ ইনিংছ দায়িত্ব সহকাৰে খেলাত ব্যৰ্থ হয় ।

বেটিং ব্যৰ্থতাৰ সন্মুখীন হৈ ১৮.৪ অভাৰত ১৬৫ ৰানত বল আউট হয় ভাৰতীয় দলটো । নিউজীলেণ্ডৰ অধিনায়ক মিচেল ছেণ্টনাৰে চাৰি অভাৰত ২৬ ৰানত খৰছ কৰি ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি মেচখনৰ নায়ক হিচাপে প্ৰমাণিত হয় ।

ইতিমধ্যে পাঁচখন খেলৰ শৃংখলা দখল কৰা ভাৰতীয় দলটোৱে এই মেচখনত ৬জনকৈ বিশেযজ্ঞ বেটছমনেক লৈ খেলাৰ সম্পৰীক্ষা কৰিছিল । এই মেচত বলিং কৰা নাছিল যদিও বেটছমেন হিচাপে হাৰ্দিক পাণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছিল । হৰ্ষিত ৰানাক দলৰ সাত নম্বৰ স্থানত ৰখা হৈছিল, আনহাতে ভাৰতীয় দলৰ বেটিং ডেপথ সাধাৰণতে আঠ নম্বৰলৈকে থাকে । অৱশ্যে ভাৰতীয় দলৰ এই সম্পৰীক্ষা সফল নহ’ল । ফলত মেচখনত ৫০ ৰাণত পৰাস্ত হয় ভাৰতীয় দলটো ।

মেচৰ অন্তত অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয়, “আমি ইচ্ছাকৃতভাৱে ৬জন বেটছমেনৰ সৈতে খেলাৰ সিদ্ধান্ত লৈছিলো । আমি পাঁচগৰাকী দক্ষ বলাৰ বিচাৰিছিলোঁ আৰু নিজক প্ৰত্যাহ্বান জনাব বিচাৰিছিলোঁ । যেনে ধৰক, যদি আমি ১৮০ বা ২০০ ৰান অনুসৰণ কৰিব লগা হয় আৰু আৰম্ভণিতে দুই বা তিনিটা উইকেট হেৰুৱাব লগা হয়, তেন্তে পৰিস্থিতি কেনেকুৱা হ’ব সেয়া আমি চাব বিচাৰিছিলোঁ ।”

তেওঁ আৰু কয়, “আমি বিশ্বকাপ দলৰ অংশ হোৱা সকলো খেলুৱৈক খেলাব বিচাৰিছিলো । নহ’লে আমাৰ হাতত আন বিকল্প আছিল ।”

টছত জয়ী হোৱাৰ পিছত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত সন্দৰ্ভত সূৰ্যকুমাৰে কয় যে দলটোৱে হেঁচাত পৰি নিজকে পৰীক্ষা কৰাৰ উদ্দেশ্য লৈছে । ‘আমি প্ৰথমে বেটিং কৰাৰ সময়ত ভাল প্ৰদৰ্শন কৰিছো । গতিকে, মই বিচাৰিছিলো যে খেলুৱৈসকলে দায়িত্ব ল’ব আৰু চাব যে আমি ১৮০ বা ২০০ ৰান অনুসৰণ কৰাৰ সময়ত দুটা বা তিনিটা উইকেট হেৰুওৱাৰ পিছত কেনেকৈ বেটিং কৰো । এয়া এক ভাল প্ৰত্যাহ্বান আছিল আৰু শিকাৰ এক সুযোগ আছিল ।“

লগতে পঢ়ক : ৫০ ৰানত পৰাস্ত টিম ইণ্ডিয়া; নিউজিলেণ্ডে ল’লে জয়ৰ প্ৰথমটো সোৱাদ

তৃতীয় টি-২০ৰ বাবে গুৱাহাটীত উপস্থিত ভাৰতীয় দল, দেওবাৰে বৰ্ষাপাৰাত হাইভল্টেজ মেচ

ক্ৰিকেট জ্বৰত আক্ৰান্ত গুৱাহাটী । নিউজীলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন টি-২০ত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত ভাৰতীয় দল । কাইলৈ বৰ্ষাপাৰাত শৃংখলা দখলৰ লক্ষ্যৰে নামিব সূৰ্য ব্ৰিগেড ।

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাৰ তৃতীয়খন গুৰুত্বপূৰ্ণ মেচৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম । দেওবাৰে এই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-নিউজীলেণ্ডৰ হাই ভল্টেজ মেচ । শৃংখলাত ধাৰাবাহিক বিজয়ৰ লক্ষ্যৰে বৰ্ষাপাৰাত নামিব সূৰ্য ব্ৰিগেড । এই মেচৰ বাবে ইতিমধ্যে গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ক্ৰিকেট প্ৰেমীসকলৰ মাজত উত্তেজনাই বিৰাজ কৰিছে ।

ইতিমধ্যে শৃংখলাত ২-০ ব্যৱধানত আগবাঢ়ি থকা ভাৰতীয় দলৰ বাবে কাইলৈৰ খেলখন হ’ব শৃংখলা দখলৰ সোণালী সুযোগ । আনহাতে, এদিনীয়া শৃংখলাত ইতিহাস ৰচনা কৰা কিৱি বাহিনীৰ বাবে এইখন হ’ব অস্তিত্ব ৰক্ষাৰ যুঁজ ।

গুৱাহাটীত উপস্থিত ভাৰতীয় দল-

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয়খন টি-২০ আন্তঃৰাষ্ট্ৰীয়ত অংশগ্ৰহণৰ উদ্দেশ্যে আজি বিয়লি গুৱাহাটীত উপস্থিত হয় ভাৰত আৰু নিউজীলেণ্ডৰ ক্রিকেট দল দুটা । বিয়লি প্ৰায় ৫ বজাত ভাৰতীয় দলটোৱে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰে ।

মুখ্য প্ৰশিক্ষকৰ লগতে সহায়ক ষ্টাফসহ উপস্থিত হোৱা ভাৰতীয় দলটোক বিমান বন্দৰত অনুৰাগী আৰু কৰ্তৃপক্ষই উষ্ম আদৰণি জনায় । ভাৰতীয় দলটোৰ পাছতে নিউজীলেণ্ডৰ দলটোও আহি গুৱাহাটীত উপস্থিত হয় । বিমান বন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে দুয়োটা দলকে পোনে পোনে মহানগৰীৰ হোটেল ৰেডিছন ব্লুলৈ লৈ যোৱা হয় । কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ মেচখনক লৈ এতিয়া ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লক্ষ্য সূৰ্য বাহিনীৰ-

নাগপুৰত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতে ৪৮ ৰাণত জয়লাভ কৰিছিল । শুকুৰবাৰে ৰায়পুৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত ঈশান কিষণ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতে নিউজীলেণ্ডক অতি সহজেই ৭ উইকেটত পৰাস্ত কৰে । এতিয়া দেওবাৰে গুৱাহাটী মেচত জয়ী হ’লেই ভাৰতে শৃংখলাটো দখল কৰিবলৈ সক্ষম হ’ব ।

বৰ্ষাপাৰাৰ পিটচ-

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ পিটচ সাধাৰণতে বেটাৰৰ বাবে উপযোগী বুলি জনা যায় । কাইলৈও এই পিটচত ৰাণৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । অৱশ্যে, সন্ধিয়াৰ ভাগত নিয়ৰ পৰাৰ সম্ভাৱনা থকা বাবে টছত জয়ী হোৱা দলটোৱে ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা অধিক ।

ভাৰতৰ সম্ভাব্য মূল একাদশ :

বৰ্ষাপাৰা টি-২০ৰ বাবে ভাৰতীয় দলৰ সাম্ভাব্য মূল একাদশ- অভিষেক শৰ্মা, সঞ্জু চেমচন ( উইকেটকীপাৰ), ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, শিৱম ডুবে, অক্ষৰ পেটেল/বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু কুলদীপ যাদৱ ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ বাংলাদেশী দল.. প্ৰৱেশ ঘটিল এই দলৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা একমাত্ৰ টেষ্ট মেচৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । এই দলত স্থান লাভ কৰিছে এগৰাকী অসমীয়া খেলুৱৈয়েও…

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক টেষ্ট মেচৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ঘোষণা কৰিছে ১৫ জনীয়া ভাৰতীয় দল । দল পৰিচালনা সমিতিয়ে পুনৰবাৰ প্ৰবীণ অধিনায়কগৰাকীৰ ওপৰত বিশ্বাস ৰাখিছে । প্ৰথমবাৰৰ বাবে দলত অন্তৰ্ভুক্ত হৈছে এজগৰাকী যুৱ বলাৰ । ইফালে এই টেষ্টৰ বাবে অসমৰো এগৰাকী খেলুৱৈয়ে লাভ কৰিছে সুযোগ । ৬ মাৰ্চৰ পৰা অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ একমাত্ৰ টেষ্ট ।

উল্লেখ্য যে বিচিচিআইয়ে মহিলা টেষ্টৰ বাবে ভাৰতীয় দলটো আজি ঘোষণা কৰিছে । হৰমনপ্ৰীত কৌৰক পুনৰবাৰ দলৰ বাঘজৰী দিয়া হৈছে । যুৱ স্পীনাৰ বৈষ্ণৱী শৰ্মাইয়ো এই দলত স্থান লাভ কৰিছে । ২০ বছৰীয়া বৈষ্ণৱীয়ে এতিয়ালৈকে কেৱল টি-২০ ইণ্টাৰনেশ্যনেল ফৰ্মেটতহে খেলিছে । ক্ৰান্তি গৌড়কো এই দলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও অ’পেনিং বেটছমেন প্ৰতীকা ৰাৱালক অন্তৰ্ভুক্ত কৰা হৈছে দলত ।

আনহাতে এই দল ঘোষণা কৰাৰ লগে লগে অসমবাসীয়েও লাভ কৰিলে এক ভাল খবৰ । কিয়নো এই টেষ্ট দলত স্থান লাভ কৰিছে অসমৰ জীয়াৰী তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন উমা ছেত্ৰীয়ে । এই খবৰে আনন্দিত কৰি তুলিছে আসমবাসীক ।

স্মৃতিৰ কান্ধত সহ-অধিনায়ৰ দায়িত্ব-

স্মৃতি মন্ধানাক এই টেষ্টৰ বাবে ভাৰতীয় দলৰ সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । মন্ধানাই নিজৰ কেৰিয়াৰত ৭খন টেষ্ট খেলিছে, য’ত তেওঁ দুটা শতক আৰু তিনিটা অৰ্ধশতককে ধৰি ৬২৯ ৰান সংগ্ৰহ কৰিছে ।

ব্লিউ পি এলৰ জৰিয়তে উজ্বলিল বৈষ্ণৱী শৰ্মাৰ ভাগ্য-

মহিলা প্ৰিমিয়াৰ লীগৰ চলি থকা চতুৰ্থ ছিজনত বৈষ্ণৱী শৰ্মাই মুম্বাই ইণ্ডিয়ানছ হৈ খেলিছে । অভিষেক মেচৰ প্ৰথম অভাৰত উইকেট দখল কৰি তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছিল আৰু বিচিচিআইয়ে তেওঁক টিম ইণ্ডিয়াৰ টেষ্ট দললৈ আমন্ত্ৰণ কৰি পুৰস্কৃত কৰিছে । টি-২০ ইণ্টাৰনেশ্যনেলৰ পিছত এতিয়া টেষ্টত বৈষ্ণৱীয়ে কেনে প্ৰদৰ্শন আগবঢ়াই তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

ভাৰতীয় টেষ্ট দল :

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা (সহ-অধিনায়ক), শ্বেফালী বাৰ্মা, জেমিমাহ ৰড্ৰিগোজ, অমনজোত কৌৰ, ৰিচা ঘোষ (উইকেটকীপাৰ), উমা ছেত্ৰী (উইকেটকীপাৰ), প্ৰতীকা ৰাৱাল, হাৰলীন দেউল, দীপ্তি শৰ্মা, ৰেনুকা ঠাকুৰ, স্নেহ ৰাণা, ক্ৰান্তি গৌড়, বৈষ্ণৱী শৰ্মা, সয়ালি সাতঘৰে ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…

জয়েৰে বছৰৰ আৰম্ভণি ভাৰতীয় দলৰ… ৪ উইকেটত ধৰাশায়ী কিৱি বাহিনী

দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত কিৱিৰ বিৰুদ্ধে ৪ উইকেটত জয়লাভ ভাৰতীয় দলৰ । এই মেচত মাত্ৰ ৭ ৰানৰ বাবে শতক বঞ্চিত হয় বিৰাট কোহলী ।

জয়েৰে নতুন বছৰৰ আৰম্ভণি কৰিছে ভাৰতীয় ক্ৰিকেট দলে । বদোদৰাত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত ভাৰতীয় দলে ৪ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰে । এই জয়ৰ লগে লগে ভাৰতীয় দলটোৱে তিনিখন মেচৰ শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে । বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন । প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে ভাৰতৰ সন্মুখত ৩০১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । আলহী দলৰ হৈ ডেৰিল মিচেলে ৮৪ সৰ্বাধিক ৰান সংগ্ৰহ । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে কিং কোহলীৰ ৯৩, গীলৰ ৫৬ আৰু শ্ৰেয়াছ আয়াৰৰ ৪৯ ৰানৰ সহায়ত এটা অভাৰ বাকী থকা অৱস্থাত ৬ টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় । বিৰাট কোহলী প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ।

উল্লেখ্য যে, এইখন আছিল ভাৰতীয় ক্ৰিকেট দলৰ নতুন বছৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ । গীল ব্ৰিগেডে বছৰটোৰ আৰম্ভণি জয়েৰে কৰে । এই খেলখন কোটাম্বি ষ্টেডিয়ামৰ বাবেও বিশেষ আছিল, কিয়নো ইয়াত প্ৰথমবাৰৰ বাবে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে ।

ভাৰতৰ ইনিংছ-

নিউজীলেণ্ডৰ ৩০১ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে শক্তিশালী আৰম্ভণি কৰে । ৰোহিত আৰু গীলে স্থিৰ আৰম্ভণি কৰে । ৰোহিতৰ ফৰ্ম ভাল দেখা গৈছিল যদিও নৱম অভাৰত দলীয় ৩৯ ৰানত তেওঁৰ উইকেটৰ পতন ঘটে । ৰোহিতে ২৬ ৰান সংগ্ৰহ কৰে, য’ত দুটা ছয় আৰু তিনিটা চাৰি আছিল । ইয়াৰ পাছত বিৰাট কোহলী আৰু শুভমন গীলে বিস্ফোৰক প্ৰদৰ্শন আগবঢ়ায় । তেওঁলোকে এশ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ইয়াৰ উপৰিও এই মেচতে কোহলীয়ে ২৮ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ৰান সম্পূৰ্ণ কৰে । গীলেও অৰ্ধ শতক অৰ্জন কৰে । অৱশ্যে ২৭ নং অভাৰত ব্যক্তিগত ৫৬ ৰানত গীলে নিজৰ উইকেট হেৰুৱাই ।

ইয়াৰ পিছতে শ্ৰেয়াছ আয়েৰে বিৰাট কোহলীৰ সৈতে দলৰ দায়িত্ব লয় । তেওঁলোকে ৭৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । অৱশ্যে এই মেচত কোহলীয়ে মাত্ৰ ৭ ৰানৰ বাবে শতক বঞ্চিত হয় । ৪০ নং অভাৰত তেওঁৰ ৯৩ ৰানত নিজৰ উইকেট বিসৰ্জন দিয়ে । কোহলীয়ে নিজৰ ইনিংছত ৮টা চাৰি আৰু এটা ছয় কোবাই ।

ইয়াৰ পিছতে জাডেজাই মাত্ৰ চাৰিটা ৰানতে পেভিলিয়নমুখী হয় । ইয়াৰ পিছৰ অভাৰত শ্ৰেয়াছ আয়াৰো ৪৯ ৰানতে আউট হোৱাৰ লগে লগে ভাৰতৰ কিছু সমস্যাত পৰে । নিউজীলেণ্ডে ধাৰাবাহিকভাৱে ভাৰতীয় দলৰ উইকেট দখল কৰি খেলখনলৈ উভতি আহে । ইয়াৰ পাছতে হৰ্ষিত ৰাণাই ২৯ ৰানৰ এক বিস্ফোৰক প্ৰদৰ্শনেৰে ভাৰতক পুনৰ জয়ৰ দিশে আগুৱাই লৈ যায় । হৰ্ষিতৰ উইকেট পতনৰ সময়ত  ভাৰতক ২২টা বলত ২২ ৰানৰ প্ৰয়োজন হৈছিল । ইয়াৰ পিছতে কে এল ৰাহুল আৰু আঘাতপ্ৰাপ্ত ৱাশ্বিংটন সুন্দৰে ৪৯ অভাৰত ভাৰতৰ জয় নিশ্চিত কৰে ।

নিউজীলেণ্ডৰ ইনিংছ-

প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পোৱা নিউজীলেণ্ডে এক সুন্দৰ আৰম্ভণি কৰে । প্ৰথম উইকেটৰ বাবে অ’পেনাৰ ডেভন কনৱে আৰু হেনৰী নিকোলছে ১১৭ ৰানৰ অংশীদাৰিত্ব স্থাপন কৰে । এই অংশীদাৰিত্বৰ সময়ছোৱাত দুয়োজন খেলুৱৈয়ে ৬০টা বলত অৰ্ধশতক অৰ্জন কৰে । এই অংশীদাৰিত্ব হৰ্ষিত ৰাণাই হেনৰী নিকোলছৰ উইকেট দখল কৰি ভংগ কৰে । নিকোলছে ৮টা চাৰিৰ সহায়ত ৬৯টা বলত ৬২ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত হৰ্ষিতে কনৱেকো আউট কৰে । কনৱেই ৬৭টা বলত ৬টা চাৰি আৰু এটা ৬ৰ সহায়ত ৫৬ ৰান সংগ্ৰহ কৰে । ২৮ নং অভাৰত উইল ইয়ঙক আউট কৰে ছিৰাজে । ইয়ঙে ১২ ৰান সংগ্ৰহ কৰে ।

তাৰ পাছত ৩৪ নং অভাৰত কুলদীপ যাদৱে গ্লেন ফিলিপছক আউট কৰে । সেই সময়ত নিউজীলেণ্ডৰ স্ক’ৰ আছিল ১৭০ । তাৰ পাছত ৩৮ নং অভাৰত প্ৰসিদ্ধে মিচেল হেক বল্ড কৰে, তেওং ১৮ ৰান সংগ্ৰহ কৰে । ৪৩ নং অভাৰত ব্ৰেচৱেল ৰান আউট হোৱাৰ লগে লগে কিৱি বাহিনীৰ ষষ্ঠটো উইকেটৰ পতন ঘটে । তাৰ পিছৰ অভাৰত ছিৰাজে জাকাৰীক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পাছতে নিউজীলেণ্ডে ৪৮ নং অভাৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া ডেৰিল মিচেলে ৭১টা বলত ৮৪ ৰান কৰি আউট হয় । শেষত নিউজীলেণ্ডে ৩০০ ৰান কৰিবলৈ সক্ষম হয় ।

বদোদৰা এদিনীয়াৰ বাবে ভাৰতৰ মূল একাদশ :

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, হৰ্ষিত ৰানা, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণ, মহম্মদ চিৰাজ ।

লগতে পঢ়ক : ‘ভাগ্যত লিখা কথা কোনেও কাঢ়ি নিব নোৱাৰে’;টি-২০ বিশ্বকাপৰ পৰা বাদ পৰাৰ পিছত শুভমান গিলৰ দুখ প্ৰকাশ

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা… শ্ৰেয়াছ-ঋষভৰ প্ৰত্যাৱৰ্তন

এই এদিনীয়া শৃংখলাত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ট আৰু মহম্মদ ছিৰাজে । আনহাতে পুনৰ এবাৰ বিমুখ হৈছে প্ৰবীণ বেগী বলাৰ মহম্মদ ছামী ।

১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া নিউজীলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে শনিবাৰে ঘোষণা কৰা হয় ভাৰতীয় দল । দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে শুভমন গীলক । ইফালে দীৰ্ঘদিনৰ বিৰতিৰ অন্তত দললৈ ঘূৰি আহিছে শ্ৰেয়াছ আয়াৰ । শ্ৰেয়াছক দলৰ সহ-অধিনায়ক হিচাবে নিযুক্তি দিয়া হৈছে । অৱশ্যে বি চি চি আইয়ে স্পষ্ট কৰি দিছে যে আয়াৰে চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা ফিটনেছ চাৰ্টিফিকেট লাভ কৰাৰ পিছতহে খেলাৰ যোগ্য হ’ব ।

পুনৰ দেখা যাব ৰোহিত-বিৰাটক-

নতুন বছৰৰ আৰম্ভণি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে বিশেষ হ’বলৈ গৈ আছে । কিয়নো পুনৰ এবাৰ খেলপথাৰত দেখা যাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক । শেহতীয়াকৈ দুয়োগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল । ইয়াৰ পিছতে এতিয়া এই এদিনীয়া শৃংখলাত পুনৰ বিস্ফোৰক প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হৈছে দুয়োগৰাকী তাৰকা ।

গাইকোৱাদ বাহিৰ, বুমৰাহ-হাৰ্দিকক জিৰণি-

যুৱ বেটছমেন ৰুতুৰাজ গাইকোৱাদ এই শৃংখলাৰ বাবে দলৰ পৰা বাদ পৰিছে । ৰায়পুৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁ দৰ্শনীয় শতক অৰ্জন কৰিছিল । ইয়াৰ পিছতো নিৰ্বাচকসকলে তেওঁক দলৰ পৰা বাদ দিছে । ইফালে বাছনি সমিতিয়ে বিশ্ৰাম দিছে হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহক । দুয়োগৰাকীয়ে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিব ।

ছিৰাজৰ প্ৰত্যাৱৰ্তন-

আনহাতে মহম্মদ ছিৰাজ পুনৰ দললৈ ঘূৰি আহিছে । তেওঁ অন্তিমখন এদিনীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল । ইয়াৰ পিছতে তেওঁক দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ বাবে জিৰণি দিয়া হয় । এতিয়া তেওঁ নিউজীলেণ্ডৰ বিৰুদ্ধে খেলিব । ফাষ্ট বলিং বিভাগৰ বাবে ছিৰাজ, অৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু প্ৰসিদ্ধ কৃষ্ণৰ ওপৰত বিশ্বাস ৰাখিছে বাছনি সমিতিয়ে । তাৰকা অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ সহযোগত স্পীন আক্ৰমণৰ নেতৃত্ব দিব কুলদীপ যাদৱে । নীতিশ কুমাৰ ৰেড্ডীকো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

ইফালে পুনৰ নিৰাশ হৈছে প্ৰবীণ বেগী বলাৰ মহম্মদ ছামী । ছামীয়ে শেষবাৰৰ বাবে ভাৰতৰ হৈ আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ত খেলিছিল, য’ত ভাৰতে ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি খিতাপ দখল কৰিছিল । ঘৰুৱা ক্ৰিকেটত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰি অহা দেৱদত্ত পাডিক্কাল আৰু ঈশান কিষাণক দলত অন্তৰ্ভুক্ত হোৱা নাই । দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে ঋষভ পণ্টে ।

এদিনীয়া শৃংখলাৰ সূচী-

ভাৰত আৰু নিউজীলেণ্ডৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলা ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব । প্ৰথমখন খেল বদোদৰাত অনুষ্ঠিত হ’ব । দ্বিতীয়খন খেল ১৪ জানুৱাৰীত ৰাজকোটত অনুষ্ঠিত হ’ব, আনহাতে তৃতীয়খন খেল ১৮ জানুৱাৰীত অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে দুয়োটা দলে পাঁচখন খেলৰ টি-২০ শৃংখলা খেলিব ।

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল :

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল (উইকেটকীপাৰ), শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক), ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছিৰাজ, হৰ্ষিত ৰানা, প্ৰসিদ্ধ কৃষ্ণ, কুলদীপ যাদৱ, ঋষভ পন্ট (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, অৰ্শদীপ সিং আৰু যশস্বী জয়ছোৱাল ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা ইংলেণ্ড-নিউজীলেণ্ড ভ্ৰমণলৈ… ২০২৬ হ’ব ভাৰতীয় দলৰ বাবে অগ্নি পৰীক্ষা

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে আজি ঘোষণা হ’ব পাৰে ভাৰতীয় দল

১১ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত-নিউজীলেণ্ডৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ । এই শৃংখলাৰ বাবে শনিবাৰে ঘোষণা হ’ব পাৰে ভাৰতীয় দল ।

ভাৰতীয় ক্ৰিকেট দলৰ নতুন বছৰৰ প্ৰথম পৰীক্ষা হ’ব নিউজীলেণ্ডৰ বিৰুদ্ধে । ভাৰতীয় দলটোৱে ১১ জানুৱাৰীৰ পৰা কিৱি দলৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ খেলিব । ইতিমধ্যে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে । ৩ জানুৱাৰী, শনিবাৰে ঘোষণা কৰা হ’ব পাৰে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ।

এদিনীয়া শৃংখলাত দলটোৰ অধিনায়ক হ’ব শুভমন গীল । শুভমনে আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অংশ ল’ব পৰা নাছিল, সেয়েহে কে এল ৰাহুলে অধিনায়কৰ দায়িত্ব লয় । সেই শৃংখলাত ভাৰতে ২-১ ব্যৱধানত জয়লাভ কৰে ।

ইফালে নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পূৰ্বে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্ট এই শৃংখলাৰ অংশ হ’বনে নহয় ?  ঋষভ পণ্টে ৮ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত মাত্ৰ ৩১খন এদিনীয়া খেল খেলিছে । এই সময়ছোৱাত ৩৫তকৈ কম গড়ে তেওঁৰ প্ৰতিভাক সম্পূৰ্ণৰূপে প্ৰতিফলিত নকৰে যদিও ই নিশ্চিতভাৱে ইংগিত দিয়ে যে তেওঁক নিৰ্বাচকসকলে ধাৰাবাহিকভাৱে অৱজ্ঞা কৰি আহিছে । সম্ভৱ ঋষভক দলত অন্তৰ্ভুক্ত কৰা হ’ব বা তেওঁৰ ঠাইত ঈশান কিষানক অন্তৰ্ভুক্ত কৰা হ’ব পাৰে ।

দৌৰত ধ্ৰুৱ জুৰেলো-

ধ্ৰুৱ জুৰেলো উইকেটকীপাৰৰ স্থানৰ বাবে প্ৰৱল দাবীদাৰ । ঘৰুৱা ক্ৰিকেটত ঈশান কিষান আৰু ধ্ৰুৱ জুৰেলে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে । কিষানে মিডল অৰ্ডাৰত উপযোগী ইনিংছ খেলিছে, আনহাতে জুৰেলৰ ডাঙৰ শতকেও তেওঁৰ দাবীক শক্তিশালী কৰি তুলিছে । কিন্তু প্ৰশ্নটো হ’ল যে শেহতীয়া ফৰ্মেই দলত স্থান লাভ কৰাৰ একমাত্ৰ মাপকাঠী হ’ব লাগে নেকি, নে হেঁচাত খেলিব পৰা ক্ষমতা, মেচৰ গতিপথ সলনি কৰাৰ ক্ষমতা, অভিজ্ঞতাকো সমানে বিবেচনা কৰা উচিত । এই পেৰামিটাৰবোৰৰ ওপৰত ঋষভ এতিয়াও আন বিকল্পতকৈ আগবাঢ়ি থকা যেন লাগে । ইফালে, শ্ৰেয়াছ আয়াৰে এতিয়াও ফিটনেছ টেষ্টত উত্তীৰ্ণ নোহোৱাৰ বাবে সুযোগ পোৱাৰ সম্ভাৱনা নাই । ভাৰতীয় নিৰ্বাচকসকলে মেচ ফিট খেলুৱৈক অন্তৰ্ভূক্ত কৰিবলৈ পছন্দ কৰিব ।

ফাষ্ট বলিং বিভাগ সন্দৰ্ভতো পৰিস্থিতি স্পষ্ট নহয় । টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি হাৰ্দিক পাণ্ডিয়া আৰু যশপ্ৰীত বুমৰাহক এই এদিনীয়া শৃংখলাত জিৰণি দিয়া হ’ব যদিও তাৰ পিছত নিৰ্বাচকসকলৰ পৰিকল্পনা স্পষ্ট নহয় । হৰ্ষিত ৰাণা আৰু অৰ্শদীপ সিঙকো জিৰণি দিয়া হ’ব নেকি, নে এদিনীয়া দলত তেওঁলোকক সুযোগ দিয়া হ’ব সেয়া হ’ব লক্ষ্যণীয় । আনহাতে অভিজ্ঞ বেগী বলাৰ মহম্মদ চিৰাজ আৰু মহম্মদ ছামী এদিনীয়া শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত হ’ব পাৰে । আই চি চি চেম্পিয়নছ ট্ৰফীৰ পিছত ছামী দলত অনুপস্থিত থকাৰ বিপৰীতে থকাৰ ছিৰাজে হোৱাইট বল ফৰ্মেটত বিশেষ সুযোগ লাভ কৰা নাই ।

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে সম্ভাৱ্য ভাৰতীয় দল-

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, ৰুতুৰাজ গাইকোৱাদ, কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষাণ/ঋষভ পন্ট, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ ছামী, হৰ্ষিত ৰানা, প্ৰসিদ্ধ কৃষ্ণ, অৰ্শদ্বীপ সিং, যশস্বী জয়ছোৱাল আৰু নীতিশ কুমাৰ ৰেড্ডী ।

উল্লেখ্য যে, ভাৰত-নিউজীলেণ্ডৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ বদোদৰাত ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : ক্ৰিকেট যুদ্ধত ২০২৬ত কেইবাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ? জানক সকলো মেচৰ তাৰিখ

টি-২০ বিশ্বকাপৰ পৰা ইংলেণ্ড-নিউজীলেণ্ড ভ্ৰমণলৈ… ২০২৬ হ’ব ভাৰতীয় দলৰ বাবে অগ্নি পৰীক্ষা

২০২৬ বৰ্ষটো হ’ব ভাৰতীয় দলৰ বাবে এক উল্লেখযোগ্য বছৰ । এই বৰ্ষতে ডিফেণ্ডিং চেম্পিয়ন ভাৰতে টি-২০ বিশ্বকাপৰ খিতাপ ৰক্ষাৰ বাবে খেলপথাৰত নামিব ।

পুৰণিক বিদায় দি সমগ্ৰ বিশ্বই আদৰিলে এটা নতুন বছৰ । ২০২৬ বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ বাবে উল্লেখযোগ্য হ’বলৈ । এই বছৰটোৱে ভাৰতীয় ক্ৰিকেটৰ গতিপথ নিৰ্ধাৰণ কৰিব পাৰে । ২০২৬ বৰ্ষটো ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ বাবে এক অগ্নি পৰীক্ষা । কিয়নো এই বছৰৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈকে অনুষ্ঠিত হ’ব ভাৰত টি-২০ বিশ্বকাপ ২০২৬ । ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে অনুষ্ঠিত কৰিব এই প্ৰতিযোগিতা । ভাৰতীয় দলটোৱে এই প্ৰতিযোগিতাত ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব ।

বৰ্তমানলৈকে কোনো দলেই একেৰাহে দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা নাই । এইবাৰৰ টি-২০ বিশ্বকাপত এই ৰেকৰ্ড ভাঙিবলৈ খেলপথাৰত নামিব ভাৰতীয় দল । গ্ৰুপ পৰ্যায়ত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰ, নামিবিয়া, পাকিস্তান আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব । এই অভিযানৰ নেতৃত্বত থাকিব ভাৰতীয় যুৱ দলৰ বাঘজৰী লাভ কৰা সূৰ্যকুমাৰ যাদৱ । ৰোহিত শৰ্মা বা বিৰাট কোহলীৰ অবিহনে এয়া হ’ব ভাৰতীয় দলৰ প্ৰথম টি-২০ বিশ্বকাপ । যদিহে সূৰ্যকুমাৰৰ নেতৃত্বত ভাৰতে খিতাপ জয় কৰিবলৈ সক্ষম হয়, তেন্তে সেয়া হ’ব ক্ৰিকেট ইতিহাসৰ অন্যতম বৃহৎ সফলতা ।

অনুমান কৰা হৈছে যে ২০২৬ৰ টি-২০ বিশ্বকাপ ভাৰতীয় অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱৰ অন্তিমখন প্ৰতিযোগিতা হ’ব পাৰে । বিশ্বকাপৰ পিছত নিৰ্বাচকসকলে পৰৱৰ্তী দীৰ্ঘম্যাদী অধিনায়ক নিৰ্বাচনৰ দিশত আগবাঢ়িব পাৰে । ৰোহিত শৰ্মা আৰু বিৰাট কোহলী টি-২০ ক্ৰিকেটৰ পৰা আঁতৰি গৈছে যদিও এদিনীয়া ফৰ্মেটত তেওঁলোকৰ দপদপনি অক্ষত আছে । ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিত এই দুগৰাকী জ্যেষ্ঠ খেলুৱৈৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব । ভাৰত যদি সকলো ফৰ্মেটতে শীৰ্ষ প্ৰতিদ্বন্দ্বী হৈ থাকিব বিচাৰে তেন্তে এই প্ৰবীণ খেলুৱৈসকলৰ অৱদান অতি গুৰুত্বপূৰ্ণ হ’ব ।

ইফালে টি-২০ বিশ্বকাপ ২০২৬ স্কোৱাডৰ পৰা গীল বাদ পৰাটোৱে সকলোকে আচৰিত কৰি তোলে । এতিয়া সকলোৰে দৃষ্টি থাকিব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ত তেওঁৰ প্ৰদৰ্শনৰ ওপৰত । যদি শুভমনে নিজৰ আঘাত আৰু দুৰ্বল ফৰ্মক অতিক্ৰমী শক্তিশালী প্ৰত্যাৱৰ্তন কৰে তেন্তে তেওঁ নিজকে ভাৰতৰ ভৱিষ্যতৰ অল ফৰ্মেটৰ খ্ৰিকেটাৰ হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিব পাৰিব । ইফালে ভাৰতীয় দলটোৱে এইবাৰ শ্ৰীলংকা আৰু নিউজীলেণ্ড ভ্ৰমণো কৰিব, যি শৃংখলা অতি গুৰুত্বপূৰ্ণ হ’ব ।

২০২৬ চনৰ ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ সূচী-

নিউজীলেণ্ডৰ ভাৰত ভ্ৰমণ (জানুৱাৰী)

১১ জানুৱাৰী – প্ৰথম এদিনীয়া, বদোদৰা

১৪ জানুৱাৰী – দ্বিতীয় এদিনীয়া, ৰাজকোট

১৮ জানুৱাৰী – তৃতীয় এদিনীয়া, ইন্দোৰ

২১ জানুৱাৰী – প্ৰথম টি-২০, নাগপুৰ

২৩ জানুৱাৰী – দ্বিতীয় টি-২০, ৰায়পুৰ

২৫ জানুৱাৰী – তৃতীয় টি-২০, গুৱাহাটী

২৮ জানুৱাৰী – চতুৰ্থ টি-২০, বিশাখাপট্টনম

৩১ জানুৱাৰী – পঞ্চম টি-২০, তিৰুৱনন্তপুৰম

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ

 ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ

আয়োজক – ভাৰত আৰু শ্ৰীলংকা

আফগানিস্তানৰ ভাৰত ভ্ৰমণ (জুন)

-১ খন টেষ্ট

-৩ খন এদিনীয়া

ইংলেণ্ড ভ্ৰমণ (জুলাই)

১ জুলাই – প্ৰথম টি২০, চেষ্টাৰ-লে-ষ্ট্ৰীট

-৪ জুলাই – দ্বিতীয় টি২০, মানচেষ্টাৰ

-৭ জুলাই – তৃতীয় টি২০, নটিংহাম

-৯ জুলাই – চতুৰ্থ টি২০, ব্রিষ্টল

-১১ জুলাই – পঞ্চম টি২০, চাউথমপটন

-১৪ জুলাই – প্ৰথম এদিনীয়া, বাৰ্মিংহাম

-১৬ জুলাই – দ্বিতীয় এদিনীয়া, কাৰ্ডিফ

-১৯ জুলাই – তৃতীয় এদিনীয়া, লৰ্ডছ

ভাৰতৰ শ্ৰীলংকা ভ্ৰমণ (আগষ্ট)

-২ খন টেষ্ট মেচ

ভাৰতৰ বাংলাদেশ ভ্ৰমণ (ছেপ্টেম্বৰ মাহত হোৱাৰ সম্ভাৱনা)

-৩ খন এদিনীয়া

-৩ খন টি২০

আফগানিস্তানৰ ভাৰত ভ্ৰমণ (নিৰপেক্ষ স্থান) |  

-ছেপ্টেম্বৰ-অক্টোবৰ

-৩ খন টি২০

ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণ (ছেপ্টেম্বৰ-অক্টোবৰ)

-৩ খন এদিনীয়া

-৫ খন টি২০

এছিয়ান গেমছ ২০২৬

আয়োজক : জাপান

নিউজীলেণ্ডৰ ভাৰত ভ্ৰমণ (অক্টোবৰ-নৱেম্বৰ)

-২ খন টেষ্ট

-৩ খন এদিনীয়া

-৫ খন টি২০

শ্ৰীলংকাৰ ভাৰত ভ্ৰমণ (ডিচেম্বৰ)

-৩ খন এদিনীয়া

-৩ খন টি২০

ছিনিয়ৰ ক্ৰিকেটৰ উপৰিও বছৰৰ আৰম্ভণিতে আই চি চি পুৰুষৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ অনুষ্ঠিত হোৱাৰ কথা । জিম্বাবুৱে আৰু নামিবিয়াই যৌথভাৱে আয়োজন কৰা এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰি খিতাপ দখল কৰাৰ লক্ষ্যৰে নামিব । বৈভৱ সূৰ্যবংশীৰ দৰে যুৱ বেটছমেনৰ ওপৰত তীক্ষ্ণ দৃষ্টি থাকিব । এই যুৱ খেলুৱৈসকলৰ প্ৰদৰ্শনে অনাগত বছৰবোৰত ভাৰতীয় ছিনিয়ৰ দলৰ আভাস দিব পাৰে ।

লগতে পঢ়ক : জয়েৰে বছৰৰ অন্ত পেলালে ভাৰতীয় দলে… শ্ৰীলংকাক ৫-০ত হোৱাইট ৱাশ্ব