বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ, ৬ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে হাইভল্টেজ মেচ

বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় দলৰ, ৬ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে হাইভল্টেজ মেচ

ক্ৰমাগত ষষ্ঠবাৰৰ বাবে ভাৰতীয় দলে খিতাপৰ মেচ খেলিব, যিটো এক উল্লেখযোগ্য কৃতিত্ব । পৰিসংখ্যা ভাৰতৰ পক্ষত হ’ব পাৰে যদিও ফাইনেলত যিকোনো অঘটন ঘটাৰ সম্ভাৱনা আছে । ২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ অন্তিম পৰ্যায়ত উপনীত হৈছে । এই প্ৰতিযোগিতাৰ ফাইনেল মেচখন ভাৰত আৰু ইংলেণ্ডৰ মাজত

ক্ৰমাগত ষষ্ঠবাৰৰ বাবে ভাৰতীয় দলে খিতাপৰ মেচ খেলিব, যিটো এক উল্লেখযোগ্য কৃতিত্ব । পৰিসংখ্যা ভাৰতৰ পক্ষত হ’ব পাৰে যদিও ফাইনেলত যিকোনো অঘটন ঘটাৰ সম্ভাৱনা আছে ।

২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ অন্তিম পৰ্যায়ত উপনীত হৈছে । এই প্ৰতিযোগিতাৰ ফাইনেল মেচখন ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব । সমগ্ৰ প্ৰতিযোগিতাখনত দুয়োটা দল উৎকৃষ্ট ফৰ্মত আছে আৰু এখনো মেচত পৰাস্ত নোহোৱাকৈয়ে ফাইনেলত প্ৰৱেশ কৰিছে । সেয়েহে ক্ৰিকেট অনুৰাগীসকলে এক ৰোমাঞ্চকৰ প্ৰতিযোগিতা আশা কৰিছে ।

অভিলেখৰে ফাইনেলত প্ৰৱেশ ভাৰতীয় দল-

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দলটোৱে ছেমি ফাইনেলত আফগানিস্তানক পৰাস্ত কৰি অভিলেখসংখ্যক দশমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে । ক্ৰমাগত ষষ্ঠবাৰৰ বাবে ভাৰতীয় দলে খিতাপৰ মেচ খেলিব, যিটো এক উল্লেখযোগ্য কৃতিত্ব । ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই ছবাৰ ফাইনেলত প্ৰৱেশ কৰি এই কৃতিত্ব অৰ্জন কৰিছিল যদিও এই ক্ষেত্ৰত ভাৰত আগবাঢ়ি আছে ।

শক্তিশালী ফৰ্মত ইংলেণ্ড-

আনহাতে, ইংলেণ্ডে ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। সমগ্ৰ প্ৰতিযোগিতাখনত ইংৰাজী দলটোৱে এখনো মেচত পৰাস্ত হোৱা নাই। তেওঁলোকৰ বেটিং লাইন আপ আৰু বলিং ইউনিট দুয়োটাই ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। ফলস্বৰূপে ইংলেণ্ডে ফাইনেলত ভাৰতৰ সন্মুখত কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।

ফলাফল কাৰ পক্ষত ?

১৯ বছৰ অনুৰ্ধ যুৱ এদিনীয়াত দুয়োটা দলৰ মাজত হোৱা মেচবোৰ যদি বিবেচনা কৰায় হয়, তেন্তে ফলাফল ভাৰতৰ পক্ষত দেখা যায় । ভাৰত আৰু ইংলেণ্ডে এই পৰ্যন্ত ৫৫ বাৰ মুখামুখি হৈছে, ইয়াৰে ৪১ বাৰ ভাৰতে জয়লাভ কৰিছে । ইংলেণ্ডে ১৩খন মেচত জয়লাভ কৰাৰ বিপৰীতে এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে । পৰিসংখ্যা ভাৰতৰ পক্ষত হ’ব পাৰে যদিও ফাইনেলত যিকোনো অঘটন ঘটাৰ সম্ভাৱনা আছে ।

ফাইনেল কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ?

৬ ফেব্ৰুৱাৰী শুকুৰবাৰে জিম্বাবুৱেৰ হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব ২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেল । স্থানীয় সময় অনুসৰি পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন । ভাৰতীয় সময় অনুসৰি দিননৰ ১:০০ বজাৰ পৰা মেচখন অনুষ্ঠিত হ’ব । টছ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২.৩০ বজাত অনুষ্ঠিত হ’ব ।

চূড়ান্ত মেচৰ বাবে ভাৰতীয় দল-

আয়ুষ মাহাত্ৰে (অধিনায়ক), আৰ অম্বৰীশ, কনিষ্ক চৌহান, ডি দীপেশ, মহম্মদ ইমান, এৰন জৰ্জ, অভিজ্ঞান কুণ্ডু, কিষাণ কুমাৰ সিং, বিহান মালহোত্ৰা, উদয় মোহন, হেমিল পেটেল, খিলান এ পেটেল, হৰ্ষবৰ্ধন সিং, বৈভৱ সূৰ্য্যবংশী, বেদান্ত ত্ৰিবেদী ।

লগতে পঢ়ক : মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ