মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ

মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ

খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব স্মৃতি মন্ধানা আৰু জেমিমাহ ৰড্ৰিগোজৰ দল । মহিলা প্ৰিমিয়াৰ লীগৰ আজি ফাইনেলৰ মহাৰণ । বৃহস্পতিবাৰে মহিলা প্ৰিমিয়াৰ লীগৰ হাইভল্টেজ ফাইনেল মেচত মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু দিল্লী কেপিটেলছ (ডি চি) । স্মৃতি মন্ধানা নেতৃত্বাধীন আৰ চি বিয়ে

খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব স্মৃতি মন্ধানা আৰু জেমিমাহ ৰড্ৰিগোজৰ দল । মহিলা প্ৰিমিয়াৰ লীগৰ আজি ফাইনেলৰ মহাৰণ ।

বৃহস্পতিবাৰে মহিলা প্ৰিমিয়াৰ লীগৰ হাইভল্টেজ ফাইনেল মেচত মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু দিল্লী কেপিটেলছ (ডি চি) । স্মৃতি মন্ধানা নেতৃত্বাধীন আৰ চি বিয়ে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ফাইনেলত তিনিবাৰ পৰাস্ত হোৱাৰ অভিশাপৰ পৰা মুক্ত হোৱাৰ লক্ষ্য ৰাখিব ।

অৰ্থাৎ মহিলা প্ৰিমিয়াৰ লীগৰ আজি নতুন চেম্পিয়ন হ’ব, অন্যথা ইতিহাসৰ সমতা স্থাপন হ’ব । গুৰুত্বপূৰ্ণ কথাটো হ’ল দুয়োটা দলৰ দুই ঘনিষ্ঠ বান্ধৱী আৰু অধিনায়ক স্মৃতি মন্ধানা আৰু জেমিমাহ ৰড্ৰিগোজ এই খেলৰ সময়ত মুখামুখি হ’ব ।

এই ছিজনত আৰ চি বিৰ এই যাত্ৰা সপোনতকৈ কম নহয় । একেৰাহে পাঁচখন মেচত জয়লাভ কৰি দলটোৱে ডব্লিউ পি এলৰ ইতিহাসত এক নতুন অভিলেখ স্থাপন কৰিছে । কঠিন পৰিস্থিতিত কামবেক কৰাৰ বাবে দলটোৰ সুনাম পৰিচিত হৈ পৰিছে । অষ্ট্ৰেলিয়াৰ গ্ৰেচ হেৰিছে ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ৭৫ ৰানৰ বিস্ফোৰক ইনিংছেৰে অভইলেখ স্থাপন কৰাৰ বিপৰীতে গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে গৌতমী নাইকে ৭৩ ৰান সংগ্ৰহ কৰি ৬১ ৰানৰ ব্যাপক জয়ৰ ভেটি স্থাপন কৰে ।

স্মৃতি মন্ধানা, ৰিচা ঘোষ, জৰ্জিয়া ভল, হেৰিছৰ দৰে বেটছমেনৰ ধাৰাবাহিকতাৰ অভাৱ যদিও সময়োপযোগী অৱদানে দলটোক শক্তিশালী কৰি ৰাখিছে । বলিংত নাডিন ডি ক্লাৰ্ক আৰু ছায়ালি সাতঘাৰে গুৰুত্বপূৰ্ণ মুহূৰ্তত প্ৰভাৱ পেলাইছে । ডি ক্লাৰ্কে ৮খন মেচত ১৫ উইকেট দখল কৰি টুৰ্ণামেণ্টৰ তৃতীয় সফল বলাৰ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে গুজৰাটৰ বিৰুদ্ধে শ্ৰেয়াংকা পাটিলে ৫ উইকেট দখল কৰি দলটোক আন এক গতি প্ৰদান কৰিছে ।

এই ফাইনেলখন দিল্লী কেপিটেলছৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ । নতুন অধিনায়ক জেমিমা ৰড্ৰিগোজৰ অধীনত দলটোৱে প্ৰথমটো খিতাপ জয় কৰাৰ লক্ষ্য ৰাখিব । বলিং বিভাগত চিনেলে হেনৰী আৰু নন্দিনী শৰ্মাই নতুন বলেৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ১৬টা উইকেটৰে দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা নন্দিনী ভাৰতীয় দলত স্থান লাভৰ বাবে এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হৈছে ।

বেটিঙত লিজেল লি আৰু শ্বেফালি বাৰ্মাই এলিমিনেটৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছিল, আনহাতে ল’ৰা উলভাৰ্ডে সমগ্ৰ ছিজনটোত দলৰ মেৰুদণ্ড হিচাপে প্ৰমাণিত হৈছে । দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ এক শক্তিশালী সমন্বয়ে দিল্লীক চাপ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰিছে । সেয়েহে এতিয়া মন্ধানাৰ আৰ চি বিয়ে ইতিহাস সৃষ্টি কৰিব নে জেমিমাহৰ দিল্লীয়ে অৱশেষত খিতাপ জয়ৰ সপোন পূৰণ কৰিব সেয়া হ’ব লক্ষ্যণীয় ।

দিল্লী কেপিটেলছ : জেমিমা ৰড্ৰিগোজ (অধিনায়ক), টানিয়া ভাটিয়া (উইকেটকীপাৰ), লুচি হেমিল্টন, চিনেলে হেনৰী, মাৰিজান কাপ, আলানা কিং, লিজেল লি, মিন্নু মণি, নিকি প্ৰসাদ, স্নেহ ৰানা, শ্বেফালী বাৰ্মা, নন্দনী শৰ্মা, শ্ৰী চৰানী, প্ৰগতি সিং, আদিলা সৃজানা, ল’ৰা উলভাৰ্ড ।

য়েল চেলেঞ্জাৰছ বাংগালুৰু : স্মৃতি মন্ধানা (অধিনায়ক), লৰেন বেল, নাডিন ডি ক্লাৰ্ক, ৰিচা ঘোষ (উইকেটকীপাৰ), গ্ৰেচ হেৰিছ, দয়ালন হেমালাথা, গৌতমী নাইক, শ্ৰেয়ংকা পাটিল, কুমাৰ প্ৰত্যুষ, প্ৰেমা ৰাৱট, অৰুন্ধতী ৰেড্ডী, সয়ালি সাতঘৰ, লিন্সি স্মিথ, পূজা বষ্ট্ৰকাৰ, জৰ্জিয়া ৱাল, ৰাধা যাদৱ ।

লগতে পঢ়ক : ঈশান কিষণৰ বিস্ফোৰক বেটিং : বিশ্বকাপৰ ৱাৰ্ম-আপ মেচত দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰিলে ভাৰতে