মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলৰ মহাৰণঃ ট্ৰফী দখলৰ যুঁজত আজি মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আৰু দিল্লী কেপিটেলছ

খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব স্মৃতি মন্ধানা আৰু জেমিমাহ ৰড্ৰিগোজৰ দল । মহিলা প্ৰিমিয়াৰ লীগৰ আজি ফাইনেলৰ মহাৰণ ।

বৃহস্পতিবাৰে মহিলা প্ৰিমিয়াৰ লীগৰ হাইভল্টেজ ফাইনেল মেচত মুখামুখি হ’ব ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি) আৰু দিল্লী কেপিটেলছ (ডি চি) । স্মৃতি মন্ধানা নেতৃত্বাধীন আৰ চি বিয়ে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিবলৈ চেষ্টা কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ফাইনেলত তিনিবাৰ পৰাস্ত হোৱাৰ অভিশাপৰ পৰা মুক্ত হোৱাৰ লক্ষ্য ৰাখিব ।

অৰ্থাৎ মহিলা প্ৰিমিয়াৰ লীগৰ আজি নতুন চেম্পিয়ন হ’ব, অন্যথা ইতিহাসৰ সমতা স্থাপন হ’ব । গুৰুত্বপূৰ্ণ কথাটো হ’ল দুয়োটা দলৰ দুই ঘনিষ্ঠ বান্ধৱী আৰু অধিনায়ক স্মৃতি মন্ধানা আৰু জেমিমাহ ৰড্ৰিগোজ এই খেলৰ সময়ত মুখামুখি হ’ব ।

এই ছিজনত আৰ চি বিৰ এই যাত্ৰা সপোনতকৈ কম নহয় । একেৰাহে পাঁচখন মেচত জয়লাভ কৰি দলটোৱে ডব্লিউ পি এলৰ ইতিহাসত এক নতুন অভিলেখ স্থাপন কৰিছে । কঠিন পৰিস্থিতিত কামবেক কৰাৰ বাবে দলটোৰ সুনাম পৰিচিত হৈ পৰিছে । অষ্ট্ৰেলিয়াৰ গ্ৰেচ হেৰিছে ইউ পি ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ৭৫ ৰানৰ বিস্ফোৰক ইনিংছেৰে অভইলেখ স্থাপন কৰাৰ বিপৰীতে গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে গৌতমী নাইকে ৭৩ ৰান সংগ্ৰহ কৰি ৬১ ৰানৰ ব্যাপক জয়ৰ ভেটি স্থাপন কৰে ।

স্মৃতি মন্ধানা, ৰিচা ঘোষ, জৰ্জিয়া ভল, হেৰিছৰ দৰে বেটছমেনৰ ধাৰাবাহিকতাৰ অভাৱ যদিও সময়োপযোগী অৱদানে দলটোক শক্তিশালী কৰি ৰাখিছে । বলিংত নাডিন ডি ক্লাৰ্ক আৰু ছায়ালি সাতঘাৰে গুৰুত্বপূৰ্ণ মুহূৰ্তত প্ৰভাৱ পেলাইছে । ডি ক্লাৰ্কে ৮খন মেচত ১৫ উইকেট দখল কৰি টুৰ্ণামেণ্টৰ তৃতীয় সফল বলাৰ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে গুজৰাটৰ বিৰুদ্ধে শ্ৰেয়াংকা পাটিলে ৫ উইকেট দখল কৰি দলটোক আন এক গতি প্ৰদান কৰিছে ।

এই ফাইনেলখন দিল্লী কেপিটেলছৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ । নতুন অধিনায়ক জেমিমা ৰড্ৰিগোজৰ অধীনত দলটোৱে প্ৰথমটো খিতাপ জয় কৰাৰ লক্ষ্য ৰাখিব । বলিং বিভাগত চিনেলে হেনৰী আৰু নন্দিনী শৰ্মাই নতুন বলেৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ১৬টা উইকেটৰে দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা নন্দিনী ভাৰতীয় দলত স্থান লাভৰ বাবে এক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে পৰিগণিত হৈছে ।

বেটিঙত লিজেল লি আৰু শ্বেফালি বাৰ্মাই এলিমিনেটৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছিল, আনহাতে ল’ৰা উলভাৰ্ডে সমগ্ৰ ছিজনটোত দলৰ মেৰুদণ্ড হিচাপে প্ৰমাণিত হৈছে । দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ এক শক্তিশালী সমন্বয়ে দিল্লীক চাপ সহ্য কৰিবলৈ শক্তি প্ৰদান কৰিছে । সেয়েহে এতিয়া মন্ধানাৰ আৰ চি বিয়ে ইতিহাস সৃষ্টি কৰিব নে জেমিমাহৰ দিল্লীয়ে অৱশেষত খিতাপ জয়ৰ সপোন পূৰণ কৰিব সেয়া হ’ব লক্ষ্যণীয় ।

দিল্লী কেপিটেলছ : জেমিমা ৰড্ৰিগোজ (অধিনায়ক), টানিয়া ভাটিয়া (উইকেটকীপাৰ), লুচি হেমিল্টন, চিনেলে হেনৰী, মাৰিজান কাপ, আলানা কিং, লিজেল লি, মিন্নু মণি, নিকি প্ৰসাদ, স্নেহ ৰানা, শ্বেফালী বাৰ্মা, নন্দনী শৰ্মা, শ্ৰী চৰানী, প্ৰগতি সিং, আদিলা সৃজানা, ল’ৰা উলভাৰ্ড ।

য়েল চেলেঞ্জাৰছ বাংগালুৰু : স্মৃতি মন্ধানা (অধিনায়ক), লৰেন বেল, নাডিন ডি ক্লাৰ্ক, ৰিচা ঘোষ (উইকেটকীপাৰ), গ্ৰেচ হেৰিছ, দয়ালন হেমালাথা, গৌতমী নাইক, শ্ৰেয়ংকা পাটিল, কুমাৰ প্ৰত্যুষ, প্ৰেমা ৰাৱট, অৰুন্ধতী ৰেড্ডী, সয়ালি সাতঘৰ, লিন্সি স্মিথ, পূজা বষ্ট্ৰকাৰ, জৰ্জিয়া ৱাল, ৰাধা যাদৱ ।

লগতে পঢ়ক : ঈশান কিষণৰ বিস্ফোৰক বেটিং : বিশ্বকাপৰ ৱাৰ্ম-আপ মেচত দক্ষিণ আফ্ৰিকাক ধৰাশায়ী কৰিলে ভাৰতে

আনুষ্ঠানিক ভাৱে ঘোষণা হ’ল ডব্লিউপিএল ২০২৫ ৰ অনুসূচী ; এই ৪ খন চহৰত হ’ব মেচ

মহিলা প্ৰিমিয়াৰ লীগৰ তৃতীয় ছিজন ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। বিচিচিআইয়ে ইতিমধ্যে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰিছে।

আগন্তুক ছিজনৰ আনুষ্ঠানিক সময়সূচী জানিব পৰাৰ পিছত, এইটো স্পষ্ট হৈ পৰিল যে এইবাৰ দেশৰ চাৰিখন চহৰত মহিলা প্ৰিমিয়াৰ লীগৰ খেল অনুষ্ঠিত হ’ব, যাৰ চূড়ান্ত খেলখন ১৫ মাৰ্চত মুম্বাইৰ চিচিআই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

এই ছিজনৰ প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মহিলা দলে গুজৰাট জায়াণ্টছৰ দলৰ মুখামুখি হ’ব।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মহিলা দলে খেলপথাৰত মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথমখন খেল খেলিব। একে সময়তে, আগন্তুক ছিজনৰ মেচবোৰ দেশৰ চাৰিখন চহৰত অনুষ্ঠিত হ’ব।

১৪ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ বদোদৰাত মুঠ ৬ খন খেল অনুষ্ঠিত হ’ব।ইয়াৰ পিছত, আকৌ  ২১ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত মুঠ ৮ খন খেল অনুষ্ঠিত হ’ব।

তাৰ পিছত ৩ মাৰ্চৰ পৰা ডব্লিউপিএল কাৰাভান লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হ’ব, য’ত ৮ মাৰ্চলৈকে মুঠ ৮ খন খেল অনুষ্ঠিত হ’ব।

মহিলা প্ৰিমিয়াৰ লীগ ২০২৫-ৰ দুখন গুৰুত্বপূৰ্ণ মেচ মুম্বাইৰ ক্ৰিকেট ক্লাব অৱ ইণ্ডিয়াত (চিচিআই) অনুষ্ঠিত হ’ব, য’ত এলিমিনেটৰ মেচখন ১৩ মাৰ্চত অনুষ্ঠিত হ’ব।আনহাতে খিতাপ মেচখন ১৫ মাৰ্চত অনুষ্ঠিত হ’ব।

প্ৰথমবাৰৰ বাবে, মহিলা প্ৰিমিয়াৰ লীগৰ মেচবোৰ লক্ষ্ণৌত অনুষ্ঠিত হ’ব। য’ত ইউপি ৱাৰিয়ৰ্ছ দলে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ঘৰুৱা খেলপথাৰত খেলিব। তেওঁলোকে তাত তিনিখন মেচ খেলিবলৈ সুযোগ পাব।

বেংগালুৰুত মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম, ভাৰতৰ ছিমৰন শ্বেইখ এতিয়ালৈকে ব্যয়বহুল খেলুৱৈ…

বেংগালুৰুত মহিলা প্ৰিমিয়াৰ লীগৰ (WPL) আগন্তুক ছিজনৰ বাবে চলি আছে নিলাম । ১৯ জন খেলুৱৈৰ স্থান পূৰণৰ বাবে নিবিদা কৰা হৈছে । ইতিমধ্যে প্ৰতিযোগিতাখনৰ ৫টা দলে নিজৰ ৰিটেইনড খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে । গুজৰাট জায়েন্টছৰ দলটোৱে সৰ্বাধিক ৪.৪ কোটি টকাৰ পাৰ্চ লৈ নিলামত প্ৰৱেশ কৰিছে । আৰ চি বিৰ দলটোৱে ৩.২৫ কোটি টকাৰ পাৰ্চ লৈ নিলামত অংশ লোৱাৰ বিপৰীতে ইউ পি ৱাৰিয়ৰ্ছৰ পাৰ্চ ৩.৯ কোটি টকাৰ । দুবাৰকৈ ৰানাৰ্ছ আপ হোৱা দিল্লী কেপিটেলছৰ পাৰ্চ ২.৫ কোটি টকাৰ বিপৰীতে ২০২৩ চনৰ বিজয়ী মুম্বাই ইণ্ডিয়ানছে ২.৬৫ কোটি টকাৰে নিলামত প্ৰৱেশ কৰিছে ।

এতিয়ালৈকে বিক্ৰী হোৱা খেলুৱৈ-

ডিয়ান্দ্ৰ ডটিন (ৱেষ্ট ইণ্ডিজ) – ১.৭০ কোটি (গুজৰাট জায়েন্টছ)

জি কমালীনী (ভাৰত) – ১.৬০ কোটি (মুম্বাই ইণ্ডিয়ানছ)

নাডিন ডি ক্লাৰ্ক (দক্ষিণ আফ্ৰিকা) – ৩০ লাখ (মুম্বাই ইণ্ডিয়ান)

ছিমৰন শ্বেইখ (ভাৰত) – ১.৯০ কোটি (গুজৰাট জায়েন্টছ)

নন্দিনী কাশ্যপ (ভাৰত) – ১০ লাখ (দিল্লী কেপিটেলছ)

প্ৰেমা ৰাৱত (ভাৰত) – ১.২০ কোটি (ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু)

নল্লপুৰেড্ডী চাৰ্নি (ভাৰত) – ৫৫ লাখ (দিল্লী কেপিটেলছ)

সকলো দলৰ ৰিটেইন খেলুৱৈৰ তালিকা-

ইউ পি ৱাৰিয়ৰ্ছ-

এলিছা হিলি (অধিনায়ক), অঞ্জলি সৰ্বানী, দীপ্তি শৰ্মা, গ্ৰেচ হেৰিছ, কিৰণ নৱগিৰে, ৰাজেশ্বৰী গাইকোৱাদ, শ্বেতা ছেহৰাৱাট, ছফী এক্লেষ্টোন, তাহলিয়া মেকগ্ৰাথ, বৃন্দা দীনেশ, ছাইমা ঠাকুৰ, পুনম খেমনাৰ, গৌহৰ চুলতানা, চামাৰী আথাপথু, উমা ছেত্ৰী ।

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু-

স্মৃতি মান্ধনা (অধিনায়ক), সব্বিনেনী মেঘনা, ৰিচা ঘোষ, এলিছ পেৰী, জৰ্জিয়া ৱাৰেহাম, শ্ৰেয়ংকা পাটিল, আশা সোভানা, ছফী ডেভিন, ৰেনুকা সিং, ছফী মলিনেক্স, একতা বিষ্ট, কেট ক্ৰছ, কণিকা আহুজা, ডেনি ৱায়াট ।

গুজৰাট জায়েন্টছ-

এছলী গাৰ্ডনাৰ, বেথ মুনী (অধিনায়ক), ডেলান হেমলাটা, হাৰ্লিন দেওল, লাৰা উলভাৰ্ড, শ্ববনম শ্বাকিল, তনুজা কানৱাৰ, ফ’বি লিচফিল্ড, মেঘনা সিং, কাশৱী গৌতম, প্ৰিয়া মিশ্ৰ, মন্নত কাশ্যপ, ভাৰতী ফুলমালি, সয়ালি সাতঘৰ ।

মুম্বাই ইণ্ডিয়ানছ-

অমনজোত কৌৰ, আমেলিয়া কেৰ, ক্ল’ ট্ৰায়ন, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), হেলি মেথিউছ, জিন্টিমণি কলিতা, নাটালি স্কাইভাৰ, পূজা বস্ত্ৰকাৰ, ছৈকা ইছহাক, যস্তিকা ভাটিয়া, শ্ববনীম ইছমাইল, অমনদীপ কৌৰ, এছ. অলংকাৰ ।

দিল্লী কেপিটেলছ-

এলিছ কেপচি, অৰুন্ধতী ৰেড্ডী, জেমিমাহ ৰড্ৰিগছ, জেছ জ’নাচেন, মাৰিজনে কাপ, মেগ লেনিং (অধিনায়ক), মিন্নু মণি, ৰাধা যাদৱ, শ্বেফালি বাৰ্মা, শিখা পাণ্ডে, স্নেহা দিপ্তী, তানিয়া ভাটিয়া, টিটাছ সাধু, এনাবেল চাথাৰলেণ্ড ।