ভাৰতৰ বিজয়ত ঈশান কিষণ আৰু অভিষেক শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতীয় দলটোৱে ৬ উইকেটত ২৪০ ৰান সংগ্ৰহ কৰে ।
আই চি চি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬ৰ পূৰ্বে ৪ ফেব্ৰুৱাৰী বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে এখন প্ৰস্তুতি মেচত অংশ লয় । এই খেলখনত ভাৰতীয় দলটোৱে ৩০ ৰাণত জয়লাভ কৰে । ভাৰতে দক্ষিণ আফ্ৰিকাক ২৪১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ৭ উইকেটৰ বিনিময়ত মাত্ৰ ২১০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
ভাৰতৰ বিজয়ত ঈশান কিষণ আৰু অভিষেক শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । ঈশান কিষণে বিস্ফোৰক অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে অভিষেকে বেট আৰু বলিঙেৰে অলৰাউণ্ড প্ৰদৰ্শন কৰে । ভাৰতীয় দলটোৱে এতিয়া টি-২০ বিশ্বকাপত প্ৰৱেশ কৰিব, য’ত ৭ ফেব্ৰুৱাৰীত প্ৰথমখন মেচ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অুনুষ্ঠিত হ’ব ।
দক্ষিণ আফ্ৰিকাৰ হৈ ৰান চেজত সৰ্বাধিক স্ক’ৰ কৰে ট্ৰিষ্টান ষ্টাবছে । তেওঁ ২১টা বলত অপৰাজিত ৪৫ ৰান কৰে । ষ্টাবছে ২১টা বলৰ সন্মুখীন হৈ চাৰিটা চাৰি আৰু এটা ছয় কোবাই । উইকেটকীপাৰ বেটছমেন ৰিয়ান ৰিকেলটনে ২১টা বলত ৪৪ ৰান সংগ্ৰহ কৰে, য’ত ৪৪টা চাৰিটা আৰু তিনিটা ছয় আছিল । ৰিটায়াড আউট হোৱাৰ পূৰ্বে অধিনায়ক এইডেন মাৰ্ক্ৰামে ১৯টা বলত ৩৮ ৰান সংগ্ৰহ কৰে, য’ত দুটা চাৰি আৰু চাৰিটা ছয় আছিল ।
জেছন স্মিথে ২৩টা বলত ৩৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্কো জেন্সেনে ৩১ ৰান সংগ্ৰহ কৰে । ভাৰতৰ হৈ অভিষেক শৰ্মাই দুটা উইকেট দখল কৰে । অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, শিৱম ডুবে আৰু অৰ্শদীপ সিঙে এটাকৈ উইকেট দখল কৰে ।
ভাৰতীয় বেটছমেনৰ শক্তিশালী প্ৰদৰ্শন-
টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতীয় দলটোৱে ৬ উইকেটত ২৪০ ৰান সংগ্ৰহ কৰে । ইনিংছটোৰ আৰম্ভণিতে ঈশান কিষণে মাত্ৰ ২০টা বলত ৭টা ছয় আৰু দুটা চাৰিৰস সহায়ত ৫৩ ৰান সংগ্ৰহ কৰে । আঘাতৰ পৰা সুস্থ হৈ দললৈ উভতি অহা তিলক বাৰ্মাই ১৯টা বলত ৪১ ৰান সংগ্ৰহ কৰে । তিলকে নিজৰ ইনিংছত তিনিটা চাৰি আৰু তিনিটা ছয় কোবাই ।
অক্ষৰ পেটেলে ২৩টা বলত ৩৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে, য’ত দুটা ছয় আৰু দুটা চাৰি আছিল । অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াই উজ্জ্বল বেটিং কৰি ৩০ ৰানকৈ অৰিহণা যোগায় । দক্ষিণ আফ্ৰিকাৰ হৈ এনৰিচ নৰ্টজে, কাৰ্বিন বছ, মাৰ্কো জান্সেন আৰু কুৱেনা ম্ফাকাই এটাকৈ উইকেট দখল কৰে ।
টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল :
অভিষেক শৰ্মা, ঈশান কিষণ (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ৰিংকু সিং, শিৱম ডুবে, অক্ষৰ পেটেল, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰানা আৰু কুলদীপ যাদৱ ।
লগতে পঢ়ক : মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত মুখামুখি হ’ব দিল্লী আৰু বেংগালুৰু









