টি-২০ বিশ্বকাপৰ পৰা ইতিমধ্যে বাহিৰ হৈছে বাংলাদেশ । দলটোক আনুষ্ঠানিকভাৱে বাহিৰ কৰিছে আইচিচিয়ে । ইয়াৰ পিছতে এতিয়া এই মেগা প্ৰতিযোগিতাত প্ৰৱেশ ঘটিছে এই দলৰ…
২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পৰা আনুষ্ঠানিকভাৱে বাহিৰ হ’ল বাংলাদেশ । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে নিশ্চিত কৰিছে যে বাংলাদেশৰ ঠাইত স্কটলেণ্ডক প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত কৰা হৈছে । এই সিদ্ধান্তৰ বিষয়ে আইচিচিয়ে পত্ৰযোগে বাংলাদেশক অৱগত কৰিছে ।
বাংলাদেশক বাদ দিয়াৰ পিছত স্কটলেণ্ডে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ত স্থান লাভ কৰিছে । স্কটলেণ্ডক গ্ৰুপ চিত স্থান দিয়া হৈছে, য’ত ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নেপাল, ইটালীৰ বিৰুদ্ধে খেলিব দলটোৱে ।
আই চি চিৰ ভোটিঙত পৰাস্ত বাংলাদেশ-
উল্লেখ্য যে বাংলাদেশ আৰু আইচিচিৰ মাজত প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে এই বিতৰ্ক । বাংলাদেশে ভাৰতত বিশ্বকাপ খেলিব নোৱাৰাৰ লগতে নিজৰ মেচসমূহ শ্ৰীলংকালৈ স্থানান্তৰিত কৰাৰ বাবে জোৰ দিছিল । অৱশ্যে আইচিচিয়ে মেচসমূহ ভাৰতে অনুষ্ঠিত হ’ব বুলি স্পষ্ট কৰি দিছিল । শেষত আইচিচি ব’ৰ্ডে ১৪-২ সংখ্যাগৰিষ্ঠতাৰে ভোটদানত ভাৰতত বাংলাদেশৰ খেলত অনুমোদন জনায় । এই ভোটিঙত কেৱল পাকিস্তানে বাংলাদেশৰ সপক্ষে ভোট দিয়ে ।
বিতৰ্কৰ সূত্ৰপাত-
এই সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল আই পি এল ২০২৬ৰ নিলামৰ পিছত । কলকাতা নাইট ৰাইডাৰ্ছে বাংলাদেশী বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক ৯.২০ কোটি ধনেৰে নিজৰ দলত অন্তৰ্ভূক্ত কৰে । কিন্তু এই পদক্ষেপে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ বাতৰিৰ উদ্ধৃতি দি ভাৰতত প্ৰতিবাদৰ সূত্ৰপাত ঘটায় । ইয়াৰ পিছতে বিচিচিআইয়ে ৰহমানক আই পি এলৰ পৰা ৰিলিজ কৰি দিয়ে ।
এই সিদ্ধান্তই বাংলাদেশ ব’ৰ্ডক ক্ষুব্ধ কৰি তুলিছিল আৰু টি-২০ বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছিল । বিচিবিয়ে আইচিচিলৈ এখন পত্ৰ লিখি ভাৰতত নিজৰ মেচ খেলিব নোৱাৰিব বুলি উল্লেখ কৰে । দলটোৰ মেচসমূহ শ্ৰীলংকা বা পাকিস্তানলৈ স্থানান্তৰিত কৰাৰ দাবী জনাইছিল বাংলাদেশে ।
বাংলাদেশে যুক্তি দিছিল যে ভাৰতত তেওঁলোকৰ খেলুৱৈৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে । অৱশ্যে আইচিচিয়ে নিজৰ নিৰাপত্তা প্ৰতিবেদনত কোনো ধৰণৰ সম্ভাৱ্য ভাবুকিৰ কথা অস্বীকাৰ কৰে । শেষত আইচিচিয়ে স্পষ্ট কৰি দিয়ে যে বাংলাদেশে ভাৰতত টি-২০ বিশ্বকাপ খেলিব লাগিব । যদি দলটো ভাৰতলৈ নাহে তেতিয়া প্ৰতিযোগিতাৰ বাহিৰ হ’ব লাগিব বুলি স্পষ্ট কৰি দিছিল আইচিচিয়ে ।
যেতিয়া বাংলাদেশে আইচিচিৰ এই নিৰ্দেশ মানি ল’বলৈ অস্বীকাৰ কৰে, তেতিয়া আইচিচিয়ে ভোটিঙৰ সহায় লয়, য’ত বাংলাদেশে পৰাস্ত হয় । বাংলাদেশৰ ঠাইত এতিয়া স্কটলেণ্ডে টি-২০ বিশ্বকাপত স্থান লাভ কৰিছে ।
লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টৰ বাবে ঘোষণা ভাৰতীয় দল, অসমৰ এইগৰাকী খেলুৱৈয়ে পালে সুযোগ…









