বিশ্ব চেম্পিয়ন ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ, উৎফুল্লিত সমগ্ৰ দেশ

বিশ্ব চেম্পিয়ন ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ, উৎফুল্লিত সমগ্ৰ দেশ

এই জয়ৰ পিছতে এতিয়া ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ পৰিছে । সকলোৱে টিম ইণ্ডিয়াক এই দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে । ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ খিতাপ দখল কৰিছে ভাৰতীয় দলে । শুকুৰবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ইংলেণ্ডক ১০০ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই ।

এই জয়ৰ পিছতে এতিয়া ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ পৰিছে । সকলোৱে টিম ইণ্ডিয়াক এই দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে ।

১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপ ২০২৬ৰ খিতাপ দখল কৰিছে ভাৰতীয় দলে । শুকুৰবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ইংলেণ্ডক ১০০ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই । এই জয়ৰ পিছতে এতিয়া ভাৰতীয় দলৰ ওপৰত শুভেচ্ছাৰ বৰষুণ পৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি সকলোৱে টিম ইণ্ডিয়াক এই দৰ্শনীয় বিজয়ৰ বাবে অভিনন্দন জনাইছে ।

ভাৰতৰ ক্ৰিকেট প্ৰতিভা জিলিকি উঠিলঃ প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় দলে ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ জয়ৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ ক্ৰিকেট প্ৰতিভা জিলিকি উঠিছে । তেওঁ এক্সত লিখিছে, “বিশ্বকাপ ভাৰতলৈ অনাৰ বাবে আমি আমাৰ ১৯ বছৰ অনুৰ্ধ দলটোক লৈ গৌৰৱান্বিত । দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল আৰু ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰিছিল । এই জয়ে বহু যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব । খেলুৱৈসকলক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা ।”

ষষ্ঠবাৰৰ বাবে কাপ জয় কৰি গঢিলো ঐতিহাসিক অভিলেখঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ ৰাষ্ট্ৰই আপোনালোকৰ বিজয় উদযাপন কৰিছে । তেওঁ লিখিছে, “আইচিচি পুৰুষ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰাৰ বাবে আমাৰ যুৱ চেম্পিয়নসকলক আন্তৰিক অভিনন্দন ! ষষ্ঠবাৰৰ বাবে কাপ জয় কৰি ঐতিহাসিক অভিলেখ গঢ়ি তোলা আপোনালোকৰ প্ৰদৰ্শনে যুৱ খেলুৱৈসকলক আনন্দ, উৎসাহ আৰু প্ৰেৰণাৰে ভৰাই তুলিছে ।”

লোকসভাৰ অধ্যক্ষই টিম ইণ্ডিয়াক জনালে অভিনন্দন-

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই টিম ইণ্ডিয়াক অভিনন্দন জনায় । তেওঁ লিখিছে, “অনুৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দললৈ অসীম অভিনন্দন আৰু শুভেচ্ছা । আমাৰ দলে নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে লাখ লাখ ভাৰতীয়ক গৌৰৱান্বিত কৰিছে । এই মুহূৰ্তটোৱে দেশৰ যুৱকসকলৰ মাজত নতুন শক্তি আৰু অপৰিসীম প্ৰেৰণা যোগাব । ভৱিষ্যতৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা ।”

অভিনন্দন ৰাহুল গান্ধীয়ে জনালে অভিনন্দন-

লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে টিম ইণ্ডিয়াক অভিনন্দন জনাই কয়, “আপোনালোকৰ স্থিৰতা, নিৰ্ভীকতা আৰু দৃঢ়তা আজিৰ ভাৰতীয় প্ৰজন্মৰ পৰিচয় ।” তেওঁ লিখিছে, “১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ এই ষষ্ঠটো খিতাপ ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ গৌৰৱময় প্ৰমাণ । মহান খেল, চেম্পিয়নসকল !”

লগতে পঢ়ক : ইংলেণ্ডক ধূলিসাৎ কৰি ষষ্ঠবাৰলৈ বিশ্ব চেম্পিয়ন ভাৰত, বৈভৱৰ বেটিং পৰাক্ৰম