২০২৬ বৰ্ষত ক্ৰিকেট গ্ৰাওণ্ডত কেইবাবাৰো মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বি ভাৰত-পাকিস্তান । জানক কেতিয়া কেতিয়া অনুষ্ঠিত হ’ব এই মেচসমূহ…
২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল । চেম্পিয়নছ ট্ৰফীৰ পৰা এছিয়া কাপ আৰু মহিলা এদিনীয়া বিশ্বকাপ ২০২৫লৈকে দুয়োটা দল মুখামুখি হৈছিল । এই মুখামুখিত প্ৰতিবাৰেই ভাৰতীয় দলে পাকিস্তানক পৰাস্ত কৰিছিল । ভাৰতীয় দলটোৱে পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ খিতাপো লাভ কৰে । ২০২৬তো ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট মেচ অনুষ্ঠিত হ’বনে ? যদি দুয়োটা দলৰ মাজত এই বৰ্ষত মেচ অনুষ্ঠিত হয় তেন্তে কিমানবাৰ মুখামুখি হ’ব ?
উল্লেখ্য যে ভাৰত আৰু পাকিস্তানে এতিয়া কেৱল ডাঙৰ ডাঙৰ ইভেণ্টতহে মুখামুখি হয় । উত্তেজনাপূৰ্ণ ৰাজনৈতিক সম্পৰ্কৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই ।
২০২৬ত কেইবাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ?
১৯ বছৰ অনুৰ্ধ পুৰুষ ক্ৰিকেট বিশ্বকাপঃ ২০২৬ চনত কেইবাটাও ডাঙৰ ক্ৰিকেট ইভেণ্ট অনুষ্ঠিত হ’ব । ১৫ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ১৯ বছৰ অনুৰ্ধ পুৰুষ বিশ্বকাপ । ভাৰত আৰু পাকিস্তানক বেলেগ বেলেগ গ্ৰুপত স্থান দিয়া হৈছে, গতিকে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ নকআউট মেচত মুখামুখি হ’ব পাৰে দুয়োটা দল ।
পুৰুষৰ টি-২০ বিশ্বকাপঃ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ পুৰুষৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব । নামিবিয়া, নেদাৰলেণ্ড আৰু আমেৰিকাৰ লগতে ভাৰত আৰু পাকিস্তানক গ্ৰুপ এত স্থান দিয়া হৈছে । এই বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলখন ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ পৰ্যায় আৰু পৰৱৰ্তী নকআউট পৰ্যায়তো ভাৰত-পাকিস্তানৰ মেচৰ সম্ভাৱনা আছে ।
মহিলা টি-২০ বিশ্বকাপঃ অহা ১২ জুনৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ । ভাৰত আৰু পাকিস্তানকে ধৰি ছটা দলক গ্ৰুপ এত স্থান দিয়া হৈছে । ১৪ জুনত ভাৰত বনাম পাকিস্তান মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেলখন ।
লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা ইংলেণ্ড-নিউজীলেণ্ড ভ্ৰমণলৈ… ২০২৬ হ’ব ভাৰতীয় দলৰ বাবে অগ্নি পৰীক্ষা









