ভাৰত-পাকিস্তানে কিয় বিনিময় কৰিলে পাৰমাণৱিক কেন্দ্ৰৰ তালিকা ? অসামৰিক বন্দীৰ তালিকাৰো আদান-প্ৰদান

২০২৬ বৰ্ষৰ ১ জানুৱাৰীৰ দিনটোতে চিৰবৈৰী ভাৰত-পাকিস্তানে বিনিময় কৰিলে নিজ নিজ দেশৰ পাৰমাণৱিক কেন্দ্ৰ তথা সুবিধাৰ তালিকা । কিন্তু কিয় দুয়োখন দেশে এই তালিকাৰ আদান-প্ৰদান কৰে ?

ভাৰত আৰু পাকিস্তানে ইখনে সিখন দেশৰ পাৰমাণৱিক প্ৰতিষ্ঠানত আক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে দুয়োখন দেশৰ মাজত হোৱা চুক্তিৰ অধীনত বৃহস্পতিবাৰে কূটনৈতিক মাধ্যমেৰে পাৰমাণৱিক স্থাপন আৰু সুবিধাসমূহৰ তালিকা বিনিময় কৰে ।

ভাৰত আৰু পাকিস্তানৰ মাজত পাৰমাণৱিক কেন্দ্ৰ আৰু সুবিধা বিনিময়ৰ চুক্তিখন ১৯৮৮ চনৰ ৩১ ডিচেম্বৰত স্বাক্ষৰিত হয় আৰু ১৯৯১ চনৰ ২৭ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয় । এই চুক্তিৰ অধীনত দুয়োখন দেশে প্ৰতি বছৰে ১ জানুৱাৰীত ইখনে সিখনৰ লগত নিজৰ পাৰমাণৱিক কেন্দ্ৰ আৰু সুবিধাসমূহৰ বিষয়ে তথ্য ভাগ-বতৰা কৰে । এইবাৰ দুয়োখন দেশৰ মাজত একেৰাহে ৩৪ সংখ্যক তালিকাৰ আদান-প্ৰদান দয় । প্ৰথম তালিকাৰ বিনিময় হৈছিল ১৯৯২ চনৰ ১ জানুৱাৰীত ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কনছুলাৰ এক্সেছ দ্বিপাক্ষিক চুক্তি ২০০৮ৰ অধীনত ভাৰত আৰু পাকিস্তানে আজি কূটনৈতিক মাধ্যমেৰে নিজৰ নিজৰ জিম্মাত থকা অসামৰিক বন্দী আৰু মাছমৰীয়াৰ তালিকাও বিনিময় কৰে । ভাৰতে নিজৰ জিম্মাত থকা ৩৯১জন অসামৰিক বন্দী আৰু ৩৩জন মাছমৰীয়াৰ তালিকা শ্বেয়াৰ কৰে যিসকলক পাকিস্তানী বুলি সন্দেহ কৰা হৈছে । একেদৰে পাকিস্তানে নিজৰ জিম্মাত থকা ৫৮ জন অসামৰিক বন্দী আৰু ১৯৯ জন মাছমৰীয়াৰ তালিকা শ্বেয়াৰ কৰে যিসকল ভাৰতীয় বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত আক্ৰমণ… উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

ক্ৰিকেট যুদ্ধত ২০২৬ত কেইবাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ?  জানক সকলো মেচৰ তাৰিখ

২০২৬ বৰ্ষত ক্ৰিকেট গ্ৰাওণ্ডত কেইবাবাৰো মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বি ভাৰত-পাকিস্তান । জানক কেতিয়া কেতিয়া অনুষ্ঠিত হ’ব এই মেচসমূহ…

২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল । চেম্পিয়নছ ট্ৰফীৰ পৰা এছিয়া কাপ আৰু মহিলা এদিনীয়া বিশ্বকাপ ২০২৫লৈকে দুয়োটা দল মুখামুখি হৈছিল । এই মুখামুখিত প্ৰতিবাৰেই ভাৰতীয় দলে পাকিস্তানক পৰাস্ত কৰিছিল । ভাৰতীয় দলটোৱে পাকিস্তানক পৰাস্ত কৰি এছিয়া কাপ ২০২৫ খিতাপো লাভ কৰে । ২০২৬তো ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট মেচ অনুষ্ঠিত হ’বনে ?  যদি দুয়োটা দলৰ মাজত এই বৰ্ষত মেচ অনুষ্ঠিত হয়  তেন্তে কিমানবাৰ মুখামুখি হ’ব ?  

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানে এতিয়া কেৱল ডাঙৰ ডাঙৰ ইভেণ্টতহে মুখামুখি হয় । উত্তেজনাপূৰ্ণ ৰাজনৈতিক সম্পৰ্কৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিন ধৰি কোনো দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই ।

২০২৬ত কেইবাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান ?

১৯ বছৰ অনুৰ্ধ পুৰুষ ক্ৰিকেট বিশ্বকাপঃ ২০২৬ চনত কেইবাটাও ডাঙৰ ক্ৰিকেট ইভেণ্ট অনুষ্ঠিত হ’ব । ১৫ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ১৯ বছৰ অনুৰ্ধ পুৰুষ বিশ্বকাপ । ভাৰত আৰু পাকিস্তানক বেলেগ বেলেগ গ্ৰুপত স্থান দিয়া হৈছে, গতিকে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ নকআউট মেচত মুখামুখি হ’ব পাৰে দুয়োটা দল ।

পুৰুষৰ টি-২০ বিশ্বকাপঃ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ পুৰুষৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব । নামিবিয়া, নেদাৰলেণ্ড আৰু আমেৰিকাৰ লগতে ভাৰত আৰু পাকিস্তানক গ্ৰুপ এত স্থান দিয়া হৈছে । এই বিশ্বকাপত ভাৰত-পাকিস্তানৰ খেলখন ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ পৰ্যায় আৰু পৰৱৰ্তী নকআউট পৰ্যায়তো ভাৰত-পাকিস্তানৰ মেচৰ সম্ভাৱনা আছে ।

মহিলা টি-২০ বিশ্বকাপঃ অহা ১২ জুনৰ পৰা ৫ জুলাইলৈ অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ । ভাৰত আৰু পাকিস্তানকে ধৰি ছটা দলক গ্ৰুপ এত স্থান দিয়া হৈছে । ১৪ জুনত ভাৰত বনাম পাকিস্তান মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপৰ খেলখন ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা ইংলেণ্ড-নিউজীলেণ্ড ভ্ৰমণলৈ… ২০২৬ হ’ব ভাৰতীয় দলৰ বাবে অগ্নি পৰীক্ষা

ফাইনেলত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান, ২১ ডিচেম্বৰত ডুবাইত হাই ভল্টেজ মেচ

২১ ডিচেম্বৰ দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ হাইভল্টেজ ফাইনেল মেচ । ডুবাই আই চি চি একাডেমী খেলপথাৰত অনুষ্ঠিত হ’ব এই মেচ ।

১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল (৫০ অভাৰ ফৰ্মেট) ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । প্ৰায় তিনিমাহ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ জাতীয় দলে (পুৰুষ) এছিয়া কাপত খিতাপৰ সংঘৰ্ষত মুখামুখি হৈছিল । আয়ুষ মাহাত্ৰেৰ অধিনায়কত্বত ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দলে ছেমি ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ইফালে বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে পাকিস্তান দলে ।

ভাৰতীয় ক্ৰিকেট দলে ৮ বাৰকৈ অনূৰ্ধ্ব ১৯ এছিয়া কাপত জয়লাভ কৰিছে । পূৰ্বৰ সংস্কৰণতো (২০২৪) দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপৰ সংঘৰ্ষত বাংলাদেশৰ হাতত পৰাস্ত হৈছিল । ২০১৭ চনৰ পিছত এইখন পাকিস্তানৰ প্ৰথমখন ফাইনেল । ২০১৪ চনৰ ১৯ ​​বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত ভাৰত আৰু পাকিস্তানে শেষবাৰৰ বাবে মুখামুখি হৈছিল, য’ত ভাৰতে ৪০ ৰানত জয়লাভ কৰিছিল ।

১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল কেতিয়া ?

২১ ডিচেম্বৰ দেওবাৰে ১৯ বছৰ অনুৰ্ধ ভাৰতীয় দল আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব চূড়ান্ত খেল । এই খেলখন ডুবাইৰ আই চি চি একাডেমী খেলপথাৰত অনুষ্ঠিত হ’ব ।

২১ ডিচেম্বৰৰ পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল । পুৱা ১০ বজাত অনুষ্ঠিত হ’ব টছ ।

ভাৰতীয় ১৯ বছৰ অনুৰ্ধ দল-

আয়ুষ মাহাত্ৰে (অধিনায়ক), ৰাহুল কুমাৰ, বৈভৱ সূৰ্য্যবংশী, বেদান্ত ত্ৰিবেদী, বিহান মালহোত্ৰা, যুৱৰাজ গোহিল, এৰন জৰ্জ, বি.কে. কিশোৰ, জগানাথন, কনিষ্ক চৌহান, খিলান পেটেল, অভিগায়ন অভিষেক (উইকেটকীপাৰ), হৰবংশ পাংগলিয়া (উইকেটকীপাৰ), আদিত্য ৰাৱাট, দীপেশ দেৱেন্দ্ৰন, হেনিল পেটেল, কিষাণ কুমাৰ সিং, নমন পুষ্পক, উদ্ধৱ মনীষ মোহন ।

১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৫ৰ ফাইনেল খেলখন চ’নী স্প’ৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । আপুনি চনী স্পৰ্টছ ১ ত টিভিত লাইভত খেলখন চাব পাৰিব । মোবাইল আৰু লেপটপ ব্যৱহাৰকাৰীয়ে চনী লিভ এপ বা ৱেবছাইটত লাইভত খেলখন চাব পাৰিব ।

লগতে পঢ়ক : নিউজীলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেইবাজনো খেলুৱৈ

‘এদিন হ’লেও ভাৰতৰ অংশ হ’ব POK…’; প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

এদিন হ’লেও ভাৰতৰ অংশ হ’ব POK

পাক অধিকৃত কাশ্মীৰ (POK) সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। তেওঁ কয় যে PoK ৰ বেছিভাগ মানুহেই ভাৰতৰ সৈতে গভীৰ বন্ধন অনুভৱ কৰে আৰু এদিন পাক অধিকৃত কাশ্মীৰৰ লোকসকলে নিজৰ ইচ্ছা মতে ভাৰতৰ মূলসুঁতিলৈ ঘূৰি আহিব।

মহাৰাণা প্ৰতাপ আৰু তেওঁৰ ভাতৃ শক্তি সিঙৰ উদাহৰণ ব্যৱহাৰ কৰি কৈছে যে ভাতৃত্ববোধ আৰু বিশ্বাসে ঐক্য আনিব পাৰে। সিঙৰ মতেপাক অধিকৃত কাশ্মীৰৰ সাংস্কৃতিক, সামাজিক আৰু অৰ্থনৈতিক সমৃদ্ধি ভাৰতৰ সৈতে জড়িত।

ৰাজনাথ সিঙে পাকিস্তানৰ টোপনী বিঘ্নিত কৰিব পৰাকে এই মন্তব্য কৰিছে।তেওঁ লগতে কৈছে যে, ‘পাক অধিকৃত কাশ্মীৰত বাস কৰা আমাৰ ভাইসকলৰ অৱস্থা বীৰ যোদ্ধা মহাৰাণা প্ৰতাপৰ কনিষ্ঠ ভাতৃ শক্তি সিঙৰ দৰেই।’

ভাৰতে সদায় হৃদয় সংযোগ কৰাৰ কথা কয়। PoK ৰ মানুহবোৰ আমাৰ নিজৰ। আমি ‘এক ভাৰত, মহান ভাৰত’ৰ সংকল্পৰ প্ৰতি দায়বদ্ধ।

প্ৰেম, ঐক্য আৰু সত্যৰ পথত খোজ কাঢ়ি গৈ থকা দিনটো বেছি দূৰ নাই যেতিয়া আমাৰ নিজৰ অংশ POK ঘূৰি আহি ক’ব, মই ভাৰত, মই ঘূৰি আহিছো।

তেওঁ কয় যে আজি পাকিস্তানে সন্ত্ৰাসবাদৰ ব্যৱসায় চলোৱাৰ গধুৰ মূল্য উপলব্ধি কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি আমি পুনৰ সংজ্ঞায়িত আৰু প্ৰণয়ন কৰিছো।

আমি পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্ক আৰু আলোচনাৰ পৰিসৰ পুনৰ মূল্যায়ন কৰিছো। এতিয়াৰ পৰা যেতিয়াই আলোচনা হ’ব তেতিয়াই কেৱল সন্ত্ৰাসবাদ আৰু পাক অধিকৃত কাশ্মীৰ (PoK)ৰ কথাহে হ’ব। পাকিস্তানৰ সৈতে অন্য কোনো বিষয়ত আলোচনা নহ’ব৷

এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি এতিয়া ২৩,৫০০ কোটি টকাৰে অভিলেখ সৃষ্টি কৰিছে । আজি আমি কেৱল যুদ্ধ বিমান বা মিছাইল ব্যৱস্থা নিৰ্মাণ কৰা নাই।

আমি নতুন যুগৰ যুদ্ধ প্ৰযুক্তিৰ বাবেও প্ৰস্তুতি চলাইছো। আজি প্ৰমাণিত হৈছে যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক-ইন-ইণ্ডিয়া ভাৰতৰ নিৰাপত্তা আৰু সমৃদ্ধি দুয়োটাৰে বাবে অপৰিহাৰ্য। তেওঁ মেক ইন ইণ্ডিয়া পদক্ষেপৰ কথাও উল্লেখ কৰে, যিয়ে ভাৰতক অৰ্থ

লগতে পঢ়ক: দক্ষিণ কোৰিয়াৰ নৌসেনাৰ বিমান P-3 দুৰ্ঘটনাগ্ৰস্ত…

পুনৰ জম্মুত পাকিস্তানৰ ড্ৰণ আক্ৰমণ; বহু ঠাইত ব্লেক আউট,ভাৰতে দিছে যোগ্য প্ৰত্যুত্তৰ

পাকিস্তানৰ ফালৰ পৰা জম্মু-কাশ্মীৰত ড্ৰণ আক্ৰমণ কৰা হৈছে। পাকিস্তানৰ এই ড্ৰোন আক্ৰমণৰ বাবে এতিয়া সমগ্ৰ জম্মু-কাশ্মীৰত ব্লেকআউট কৰা হৈছে।

পাকিস্তানৰ এই সাহসক ভাৰতীয় সেনাই উপযুক্ত উত্তৰ দিছে।মাতা বৈষ্ণো দেৱীতো ব্লেকআউট জাৰি কৰা হৈছে।ভাৰতীয় সেনাই এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰিছে।

ছাইৰেন বজোৱাৰ পিছত কুপোৱাৰাতো ব্লেকআউট কৰাৰ খবৰ পোৱা গৈছে।কিন্তু ভাৰতীয় নিৰাপত্তা বাহিনীয়ে প্ৰদান কৰা তথ্য অনুসৰি পাকিস্তানৰ ড্ৰ’ন আক্ৰমণ বিফল হৈছে। মাজ আকাশতে পাকিস্তানৰ ড্ৰণ ধ্বংস কৰিছে ভাৰতীয় সেনাই।

ভাৰতত দিছে যুদ্ধৰ মক ড্ৰিলৰ নিৰ্দেশ; ভয়ত কঁপিছে পাকিস্তান

২০২৫ চনৰ ২২ এপ্ৰিলত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছৰে পৰা পাকিস্তানে অহৰহ ভাৰতৰ আক্ৰমণৰ আশংকা কৰি আহিছে।

চুবুৰীয়া দেশখনত ইমানেই ভয়ৰ সৃষ্টি হৈছে যে ভাৰতে যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে বুলি বাৰে বাৰে একেখিনি কথাই কৈছে।

শেহতীয়া ঘটনাক লৈ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে কয় যে ভাৰতে যিকোনো সময়তে এল অ’ চিত সামৰিক আক্ৰমণ চলাব পাৰে।

এটা সাক্ষাৎকাৰত খোৱাজা আছিফে কয়, ‘LoC ৰ যিকোনো পইণ্টত ভাৰতে আক্ৰমণ কৰিব পাৰে বুলি খবৰ আহিছে।ইয়াৰ উপযুক্ত উত্তৰ পাকিস্তানে দিব।”

আছিফে লগতে কয় যে ‘পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পহলগাম আক্ৰমণৰ আন্তঃৰাষ্ট্ৰীয় তদন্তৰ দাবী জনাইছে’।

তেওঁ কয় যে এনে তদন্তত ভাৰত নিজেই বা কোনো আভ্যন্তৰীণ গোট ইয়াৰ সৈতে জড়িত আছিল আৰু ইয়াৰ ফলত নতুন দিল্লীৰ ভিত্তিহীন অভিযোগৰ আঁৰৰ সত্যতা উন্মোচিত হ’ব।’

পহলগাম আক্ৰমণৰ পিছত ভাৰতৰ পৰা সামৰিক ব্যৱস্থা হ’ব পাৰে বুলি পাকিস্তানী মন্ত্ৰীয়ে কোৱা এইটোৱেই প্ৰথম নহয়।

যোৱা সপ্তাহত দেশৰ তথ্য মন্ত্ৰী আটা তাৰাৰে কয় যে ভাৰতৰ সম্ভাৱ্য আক্ৰমণৰ ভাবুকিৰ বাবেই পৰৱৰ্তী ২৪-৩৬ ঘন্টা গুৰুত্বপূৰ্ণ। অৱশ্যে সময় পাৰ হৈ গ’ল আৰু তেনে কোনো ব্যৱস্থা আৰম্ভ নহ’ল।

এই পৰিস্থিতিৰ মাজতে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল চৈয়দ অসীম মুনিৰে দেশৰ প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ সমৃদ্ধি ৰক্ষাৰ বাবে পূৰ্ণ শক্তিৰে প্ৰত্যুত্তৰ দিয়াৰ কথা উল্লেখ কৰিছে।

নিৰাপত্তা পৰিষদত ভাৰতৰ ভাবুকিৰ সন্মুখত নচলিল পাকিস্তানৰ নাটক; ধমক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ উত্তেজনাৰ মাজতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়।অৱশ্যে পাকিস্তানৰ অনুৰোধৰ পিছত অনুষ্ঠিত এই বৈঠকত কোনো সুনিৰ্দিষ্ট ফলাফল পোৱা নগ’ল।

সোমবাৰে ইউএনএছচিত বন্ধ দুৱাৰৰ বৈঠকৰ পাছত পাকিস্তানে লাজৰ সন্মুখীন হ’বলগীয়া হয়।এই বৈঠকৰ পিছত ৰাষ্ট্ৰসংঘই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই বা নতুবা কোনো ধৰণৰ প্ৰস্তাৱ গৃহীত কৰা নাছিল।

বৈঠকখনত পেহেলগাম আক্ৰমণৰ বাবে পাকিস্তানক পৰোক্ষভাৱে তিৰস্কাৰ কৰিছে ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে।বৈঠকৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ মহাসচিব গুটেৰেছে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি কয় যে ইয়াৰ বাবে দোষীক শাস্তি দিব লাগিব।অৱশ্যে সামৰিক ব্যৱস্থা সমাধান নহয় বুলি উল্লেখ কৰি তেওঁ দেশসমূহক সংযম হ’বলৈ পৰামৰ্শ দিয়ে।

এই বৈঠকৰ সময়ত পাকিস্তানে অহৰহ মিছা বক্তব্য দি থাকিল।তেওঁলোকে ভাৰতে সিন্ধু নদী সন্ধি স্থগিত ৰখাৰ পদক্ষেপক অবৈধ বুলি অভিহিত কৰিছে।

ইয়াৰ ফলত অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে বুলিও তেওঁলোকে কয়।পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ কথা পুনৰ অস্বীকাৰ কৰিলে পাকিস্তানে।

তেওঁলোকে দাবী কৰিছিল যে তেওঁলোক নিৰ্দোষী আৰু আমি এনে আক্ৰমণক গৰিহণা দিছো, ইয়াৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই।এনে আক্ৰমণৰ স্বচ্ছ আৰু স্বতন্ত্ৰ তদন্তৰ বাবেও সাজু হৈছে পাকিস্তান।

জানিব পৰা মতে এই বৈঠকখন UNSC ৰ সাধাৰণ চেম্বাৰৰ পৰিৱৰ্তে বন্ধ কোঠাতহে হৈছিল। বৈঠকখন সেই সময়ত হৈছিল, যেতিয়া ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে দুয়োখন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত উত্তেজনা শিখৰত উপনীত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

সমুখ সমৰত চিৰবৈৰী পাকিস্তান; আজি ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

ক্ৰিকেট অনুৰাগীসকলে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি থকা মুহূৰ্তটো আহি পাইছে। ভাৰত-পাকিস্তানৰ খেলখন লৈ বাকী আছে মাত্ৰ কেইটামান ঘণ্টা ।

চেম্পিয়নছ ট্ৰফীৰ ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচখন দেওবাৰৰ দুপৰীয়া ২:৩০ বজাত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত  আৰম্ভ হ’ব। ।

চেম্পিয়নছ ট্ৰফীৰ খিতাপৰ ক্ষেত্ৰত এই খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ।কাৰণ যিখন দেশ পৰাজিত হ’ব তেওঁলোকৰ ছেমিফাইনেলত উপনীত হোৱাৰ বাবে অলপ কঠিন হ’ব।

ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলখনত ভাৰতৰ বাবে এটা ভাল কথা আছে।ইতিমধ্যে ভাৰতীয় দলটোৱে এই স্থানতে দুবাৰকৈ এদিনীয়া ফৰ্মেটত পাকিস্তানৰ বিৰুদ্ধে খেলিছে। আৰু  দুয়োবাৰেই ভাৰতীয় দলটোৱে  জয় লাভ কৰিছে।

চেম্পিয়নছ ট্ৰফীত নিউজিলেণ্ডৰ হাতত প্ৰথমখন মেচ ত পৰাজিত হোৱাৰ পিছত, পাকিস্তান দলে এতিয়া ভাৰতৰ বিৰুদ্ধে বিজয় সুৰক্ষিত কৰিব লাগিব।

প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত টীম ইণ্ডিয়াই বাংলাদেশৰ বিৰুদ্ধে ৬ উইকেটত জয় লাভ কৰে।আনহাতে প্ৰতিযোগিতাখনৰ আয়োজক পাকিস্তানে প্ৰথম খন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৬০ ৰাণত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল।

এই পৰিস্থিতিত, এই খেলখন পাকিস্তানৰ বাবে  ডু অৰ ডাই হ’ব, কিয়নো ভাৰতীয় দলৰ হাতত পৰাজিত হ’লে তেওঁলোকৰ বাবে প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত উপনীত হোৱাটো অত্যন্ত কঠিন হৈ পৰিব।

আইচিচিৰ খেলসমূহত ভাৰত আৰু পাকিস্তানে এতিয়ালৈকে ডুবাইত ১২ খন মেচ খেলিছে, ভাৰতে পাকিস্তানক ৮ বাৰ পৰাস্ত কৰিছে, আনহাতে পাকিস্তানে ৪ খন মেচ জিকিছে।

এদিনীয়া বিশ্বকাপৰ ক্ষেত্ৰত, পাকিস্তান দলটোৱে কেতিয়াও ভাৰতক এবাৰো পৰাজিত কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ উপৰিও, চেম্পিয়নছ ট্ৰফীত দুয়োটা দলৰ মাজত ৫ খন খেল অনুষ্ঠিত হৈছে, যাৰ ভিতৰত পাকিস্তানে ৩ খন মেচ জিকিছে, আনহাতে ভাৰতে ২ খন মেচ জিকিছে। দুয়োটা দলে এবাৰকৈ এই খিতাপ জিকিছে।