ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত আক্ৰমণ… উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত আক্ৰমণ… উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

পুটিনৰ বাসগৃহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ পোৱা বাতৰিক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ । ইউক্ৰেইনে ৯১খন দীৰ্ঘ দূৰত্বৰ মানৱবিহীন বিমানেৰে পুটিনৰ বাসগৃহত আক্ৰমণ চলাইছিল বুলি অভিযোগ কৰিছিল ৰাছিয়াই । ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাসগৃহক ইউক্ৰেইনে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ পোৱা বাতৰিক লৈ উদ্বেগ

পুটিনৰ বাসগৃহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ পোৱা বাতৰিক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ । ইউক্ৰেইনে ৯১খন দীৰ্ঘ দূৰত্বৰ মানৱবিহীন বিমানেৰে পুটিনৰ বাসগৃহত আক্ৰমণ চলাইছিল বুলি অভিযোগ কৰিছিল ৰাছিয়াই ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাসগৃহক ইউক্ৰেইনে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ পোৱা বাতৰিক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কূটনৈতিক প্ৰচেষ্টা শত্ৰুতা শেষ কৰি শান্তি অৰ্জনৰ সৰ্বোত্তম উপায় । ৰাছিয়া-ইউক্ৰেইন সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি সংশ্লিষ্ট সকলো পক্ষকে কূটনৈতিক প্ৰচেষ্টাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছো আৰু ইয়াক ভংগ কৰিব পৰা যিকোনো কাৰ্য্য এৰাই চলিবলৈ আহ্বান জনাইছো ।

শান্তিৰ বাবে আবেদন প্ৰধানমন্ত্ৰী মোদীৰ-

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰ বাসগৃহক লক্ষ্য কৰি লোৱাৰ খবৰ পাই আমি গভীৰভাৱে চিন্তিত হৈছো । চলি থকা কূটনৈতিক প্ৰচেষ্টা হৈছে শত্ৰুতা শেষ কৰি শান্তি অৰ্জনৰ সৰ্বোত্তম পথ । আমি সকলো সংশ্লিষ্ট পক্ষকে আহ্বান জনাইছো যে এই সকলো দুৰ্বল কৰিব পৰা যিকোনো কাৰ্য্যৰ পৰা বিৰত থাকিব লাগে ।”

৯১খন ড্ৰ’নে পুটিনৰ বাসগৃহত আক্ৰমণ কৰাৰ দাবী ৰাছিয়াৰ-

উল্লেখযোগ্য যে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে দাবী কৰিছিল যে যোৱা নিশা ইউক্ৰেইনে ৯১খন দীৰ্ঘ দূৰত্বৰ মানৱবিহীন বিমান (ইউএভি)ৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাসগৃহত আক্ৰমণ চলাইছিল । উত্তৰ-পশ্চিম নভ’গ্ৰ’ড অঞ্চলত অৱস্থিত ৰাষ্ট্ৰপতি পুটিনৰ বাসগৃহ । লাভৰভে দাবী কৰে যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই ৯১খন ড্ৰ’নকে বাধা দি ধ্বংস কৰে । অৱশ্যে ইউক্ৰেইনে এই অভিযোগ অস্বীকাৰ কৰিছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে ৰাছিয়াই এনে অভিযোগ উত্থাপন কৰি শান্তি আলোচনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে ।

জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই মিছা কথা কৈছে আৰু এয়া ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ অব্যাহত ৰখাৰ অজুহাতহে । জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই কিয়েভৰ চৰকাৰী ভৱনসমূহক বাৰে বাৰে লক্ষ্য কৰি লৈছে ।

লগতে পঢ়ক : পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ… ৰাছিয়াৰ দাবী অস্বীকাৰ জেলেনস্কিৰ

শেহতীয়া প্ৰৱন্ধসমূহ