চীন-আমেৰিকা-ৰাছিয়াক চেৰ পেলাই আগবাঢ়িল ভাৰত; তালিকাত শোচনীয় অৱস্থা পাকিস্তানৰ ?

১৫৪খন দেশৰ ভিতৰত এই তালিকাত ০.৫৫১৫ নম্বৰ লাভ কৰি ১৬ সংখ্যক স্থান লাভ কৰিছে ভাৰতে । এই তালিকাত ভাৰতে আমেৰিকা আৰু চীনৰ দৰে ডাঙৰ দেশক অতিক্ৰম কৰে ।

ৱৰ্ল্ড ইনটেলেকচুৱেল ফাউণ্ডেশ্যনে (WIF) প্ৰকাশ কৰা ৰেচপন্সিবল নেচনছ ইনডেক্স ২০২৬(Responsible Nations Index)-এ দেশসমূহৰ ওপৰত এক নতুন দৃষ্টিভংগী আগবঢ়াইছে । এই তালিকাত এখন দেশৰ শক্তি তাৰ অৰ্থনীতি, সামৰিক বা ৰাজনৈতিক প্ৰভাৱৰ দ্বাৰা নহয়, বৰঞ্চ ইয়াৰ জনসাধাৰণ, পৰিৱেশ আৰু বিশ্বৰ প্ৰতি থকা দায়িত্বৰ দ্বাৰাহে জোখা হয় ।

যি সময়ত বিশ্বই ভূ-ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক অনিশ্চয়তা আৰু জলবায়ু সংকটৰ সৈতে যুঁজি আছে, সেই সময়ত এই প্ৰতিবেদনে ন্যায়, কৰুণা আৰু দীৰ্ঘম্যাদী চিন্তাধাৰাক অগ্ৰাধিকাৰ দিয়া দেশসমূহৰ ওপৰত আলোকপাত কৰিছে ।

ৰেচপন্সিবল নেচনছ ইনডেক্স কি ?

ৰেচপন্সিবল নেচন ইনডেক্স (RNI) হৈছে ১৫৪খন দেশক মূল্যায়ন কৰা এক বিশ্বব্যাপী ৰেংকিং । ই চাৰিটা মূল আধাৰক লৈ দেশসমূহৰ মূল্যায়ন কৰে :

-নৈতিক আৰু স্বচ্ছ শাসন ব্যৱস্থা

-সমাজ কল্যাণ আৰু নাগৰিকৰ মংগল

-পৰিৱেশ সুৰক্ষা

-বিশ্বব্যাপী দায়বদ্ধতা আৰু আন্তঃৰাষ্ট্ৰীয় আচৰণ

এই সূচকাংকই জিডিপি বা সামৰিক শক্তিৰ দৰে পৰম্পৰাগত পদক্ষেপৰ পৰা আঁতৰি দেশসমূহে নিজৰ ক্ষমতা কিমান সৎ আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰে তাক চায় ।

২০২৬ চনৰ ১০খন আটাইতকৈ দায়িত্বশীল দেশ-

-ছিংগাপুৰ (স্ক’ৰ : ০.৬১৯৪)

-চুইজাৰলেণ্ড (০.৫৮৬৯)

-ডেনমাৰ্ক (০.৫৮৩৭)

-চাইপ্ৰাছ (০.৫৭৭৪)

-ছুইডেন (০.৫৭৪০)

-চেকিয়া (০.৫৭০৪)

বেলজিয়াম (০.৫৬৯০)

-অষ্ট্ৰিয়া (০.৫৬৬৫)

-আয়াৰলেণ্ড (০.৫৬৩৪)

-জৰ্জিয়া (০.৫৫৮১)

ভাৰতৰ স্থান কিমান ?

১৫৪খন দেশৰ ভিতৰত ভাৰতে এই তালিকাত ০.৫৫১৫ নম্বৰ লাভ কৰি ১৬ সংখ্যক স্থান লাভ কৰিছে ভাৰতে । এই তালিকাত ভাৰতে আমেৰিকা (৬৬) আৰু চীন (৬৮)ৰ দৰে ডাঙৰ দেশক অতিক্ৰম কৰে । ভাৰতৰ স্থানে স্বাস্থ্য, সামাজিক সমতা, পৰিৱেশ প্ৰচেষ্টা আৰু জনকেন্দ্ৰিক শাসনৰ অগ্ৰগতি প্ৰতিফলিত কৰে । এই তালিকাৰ ১৫৪খন দেশৰ ভিতৰত পাকিস্তানে ৯০ নম্বৰ স্থান লাভ কৰিছে । ৰাছিয়াই ৯৬ নম্বৰ স্থান লাভ কৰে ।

লগতে পঢ়ক : অগ্নিকাণ্ডত ভস্মীভূত হ’ল ১০০০ তকৈও অধিক ঘৰ, হাজাৰ হাজাৰ লোক গৃহহীন

ভাৰত-ৰাছিয়াৰ তৈল বাণিজ্যক লৈ ট্ৰাম্পৰ বিস্ফোৰণ ! কি ক’লে ক্ৰেমলিনে ?

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই ।

মঙলবাৰে ৰাছিয়াই কয় যে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বৃহৎ বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰা বুলি দাবী কৰাৰ পিছত এই বক্তব্য প্ৰকাশ কৰিছে ।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে স্পষ্টভাৱে কয় যে মস্কোৱে এই বিষয়ত দিল্লীৰ পৰা কোনো আনুষ্ঠানিক যোগাযোগ লাভ কৰা নাই । পেস্কোভে কয় যে এতিয়ালৈকে আমি ভাৰতৰ পৰা ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো তথ্য লাভ কৰা নাই । তেওঁ লগতে উল্লেখ কৰে যে ৰাছিয়াই ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্ব আৰু অধিক বিকশিত কৰিব বিচাৰে আৰু দুয়োখন দেশৰ মাজত সহযোগিতাক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে ।

দৰাচলতে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰাৰ সময়ত কয় যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ সন্মত হৈছে । ট্ৰাম্পৰ মতে, বিনিময়ত আমেৰিকাই ভাৰতীয় ৰপ্তানিৰ ওপৰত আমদানি শুল্ক ৫০ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছে । তেওঁ উল্লেখ কৰে যে ইয়াৰ দ্বাৰা আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীয়ে যথেষ্ট সকাহ পাব ।

ভাৰত চৰকাৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব বুলি এতিয়াও আনুষ্ঠানকভাৱে নিশ্চিত কৰা নাই । বিশেষজ্ঞসকলৰ মতে ভাৰতে শক্তি নীতিৰ ক্ষেত্ৰত সদায় সুষম আৰু সতৰ্ক পন্থা গ্ৰহণ কৰে । ভাৰতে দীৰ্ঘদিন ধৰি ৰাছিয়াৰ পৰা কম দামত তেল লাভ কৰি আহিছে, যিটো দেশৰ শক্তি সুৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক : ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ শুল্ক হ্ৰাসৰ ঘোষণা কৰি ড’নাল্ড ট্ৰাম্পৰ দাবী

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহত আক্ৰমণ… উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

পুটিনৰ বাসগৃহক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ পোৱা বাতৰিক লৈ উদ্বেগ প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ । ইউক্ৰেইনে ৯১খন দীৰ্ঘ দূৰত্বৰ মানৱবিহীন বিমানেৰে পুটিনৰ বাসগৃহত আক্ৰমণ চলাইছিল বুলি অভিযোগ কৰিছিল ৰাছিয়াই ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাসগৃহক ইউক্ৰেইনে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ পোৱা বাতৰিক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কূটনৈতিক প্ৰচেষ্টা শত্ৰুতা শেষ কৰি শান্তি অৰ্জনৰ সৰ্বোত্তম উপায় । ৰাছিয়া-ইউক্ৰেইন সংঘাত সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি সংশ্লিষ্ট সকলো পক্ষকে কূটনৈতিক প্ৰচেষ্টাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছো আৰু ইয়াক ভংগ কৰিব পৰা যিকোনো কাৰ্য্য এৰাই চলিবলৈ আহ্বান জনাইছো ।

শান্তিৰ বাবে আবেদন প্ৰধানমন্ত্ৰী মোদীৰ-

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতিৰ বাসগৃহক লক্ষ্য কৰি লোৱাৰ খবৰ পাই আমি গভীৰভাৱে চিন্তিত হৈছো । চলি থকা কূটনৈতিক প্ৰচেষ্টা হৈছে শত্ৰুতা শেষ কৰি শান্তি অৰ্জনৰ সৰ্বোত্তম পথ । আমি সকলো সংশ্লিষ্ট পক্ষকে আহ্বান জনাইছো যে এই সকলো দুৰ্বল কৰিব পৰা যিকোনো কাৰ্য্যৰ পৰা বিৰত থাকিব লাগে ।”

৯১খন ড্ৰ’নে পুটিনৰ বাসগৃহত আক্ৰমণ কৰাৰ দাবী ৰাছিয়াৰ-

উল্লেখযোগ্য যে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে দাবী কৰিছিল যে যোৱা নিশা ইউক্ৰেইনে ৯১খন দীৰ্ঘ দূৰত্বৰ মানৱবিহীন বিমান (ইউএভি)ৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বাসগৃহত আক্ৰমণ চলাইছিল । উত্তৰ-পশ্চিম নভ’গ্ৰ’ড অঞ্চলত অৱস্থিত ৰাষ্ট্ৰপতি পুটিনৰ বাসগৃহ । লাভৰভে দাবী কৰে যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই ৯১খন ড্ৰ’নকে বাধা দি ধ্বংস কৰে । অৱশ্যে ইউক্ৰেইনে এই অভিযোগ অস্বীকাৰ কৰিছে । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে ৰাছিয়াই এনে অভিযোগ উত্থাপন কৰি শান্তি আলোচনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে ।

জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই মিছা কথা কৈছে আৰু এয়া ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ অব্যাহত ৰখাৰ অজুহাতহে । জেলেনস্কিয়ে লগতে কয় যে ৰাছিয়াই কিয়েভৰ চৰকাৰী ভৱনসমূহক বাৰে বাৰে লক্ষ্য কৰি লৈছে ।

লগতে পঢ়ক : পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ… ৰাছিয়াৰ দাবী অস্বীকাৰ জেলেনস্কিৰ

পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ… ৰাছিয়াৰ দাবী অস্বীকাৰ জেলেনস্কিৰ

শান্তি চুক্তিৰ ওপৰত চলি থকা আলোচনাৰ সময়তে পুটিনৰ চৰকাৰী বাসগৃহত ইউক্ৰেইনৰ আক্ৰমণ । অৱশ্যে ৰাছিয়াৰ এই দাবীক জেলেনস্কিয়ে নাকচ কৰিছে…

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে দাবী কৰে যে ইউক্ৰেইনে ৰাছিয়াৰ নভগ’ৰড প্ৰদেশত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহত আক্ৰমণৰ চেষ্টা চলাইছিল । লাভৰভে ইয়াক ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ কাৰ্য্য বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত শান্তি আলোচনাত প্ৰভাৱ পৰিব । লাভৰভৰ মতে, ইউক্ৰেইনে ২৮ৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত পুটিনৰ বাসগৃহত ৯১টা দীৰ্ঘ দূৰত্বৰ ড্ৰ’ন নিক্ষেপ কৰিছিল । কিন্তু তেওঁ কোনো প্ৰমাণ শ্বেয়াৰ কৰা নাছিল ।

লাভৰভে কয় যে সম্ভাৱ্য শান্তি চুক্তিৰ ওপৰত চলি থকা আলোচনাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে । তেওঁ কয় যে ৰাছিয়াই আলোচনাত জড়িত হৈ থাকিব যদিও নিজৰ স্থিতি পুনৰ মূল্যায়ন কৰিব । ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ এই অভিযোগক মিছা বুলি খাৰিজ কৰে । জেলেনস্কিয়ে কয় যে ৰাছিয়াই এনে অভিযোগ উত্থাপন কৰি আমাৰ চৰকাৰী ভৱনসমূহত আক্ৰমণ কৰিবলৈ সাজু হৈছে । এতিয়া সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন ।

আক্ৰমণৰ সময়ত পুটিন বাসগৃহত উপস্থিত আছিল নে নাই সেয়া স্পষ্ট নহয় । লাভৰভে কয় যে ৰাছিয়াই এই আক্ৰমণৰ প্ৰত্যুত্তৰ জনাব আৰু পলম নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁ লগতে কয় যে ৰাছিয়াই ইতিমধ্যে প্ৰতিশোধমূলক আক্ৰমণৰ লক্ষ্য চিনাক্ত কৰিছে । ৰাছিয়াৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাই শান্তি আলোচনাক ৰক্ষা কৰিবলৈ জেলেনস্কিয়ে আমেৰিকাক আহ্বান জনায় । জেলেনস্কিয়ে কয় যে ৰাজধানী কিয়েভ আক্ৰমণ কৰা হ’ব পাৰে, কিয়নো পুটিনে উপযুক্ত লক্ষ্যত আক্ৰমণৰ আহ্বান জনাইছিল ।

সোমবাৰে পুটিনে ৰাছিয়াৰ জ্যেষ্ঠ সামৰিক বিষয়াৰ সৈতে বৈঠকত মিলিত হয় । তেওঁ কয় যে তেওঁৰ সেনাই ২০২২ চনত দখল কৰা ইউক্ৰেইনৰ ভূখণ্ডৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰিছে । তেওঁ কয় যে ডনবাছ, খেৰচন আৰু জাপ’ৰিজিয়াত সৈন্য আগবাঢ়িছে । এতিয়া ৰাছিয়াই জাপ’ৰিজিয়াৰ প্ৰায় তিনি চতুৰ্থাংশ নিয়ন্ত্ৰণ কৰিছে ।

২০২২ চনত ৰাছিয়াই ডনেস্ক, খেৰচন, লুহানস্ক, আৰু জাপ’ৰিজিয়া দখল কৰে । দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ সৰ্ববৃহৎ বলপূৰ্বক ভূখণ্ড সংলগ্নকৰণ বুলি গণ্য কৰা হৈছিল । ইয়াৰ পিছত ইউক্ৰেইনে নাটোক নিজৰ সদস্যপদ ক্ষিপ্ৰতাৰে আহ্বান জনায় যদিও সেয়া হৈ নুঠিল ।

লগতে পঢ়ক : বাংলাদেশত পুনৰ হিন্দু যুৱকক হত্যা… মুছলমান বন্ধুৱে চলালে গুলী

ভাৰত-ৰাছিয়াৰ সামৰিক সহযোগিতাত অনুমোদন, RELOS চুক্তিত স্বাক্ষৰ পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰতৰ সৈতে এক বৃহৎ সামৰিক সহযোগিতা চুক্তি স্বাক্ষৰ কৰি আইনত পৰিণত কৰে । চুক্তিত ৰাছিয়া আৰু ভাৰতৰ মাজত সামৰিক সৈন্য, যুদ্ধজাহাজ, সামৰিক বিমানৰ চলাচলৰ লগতে ইখনে সিখন দেশৰ সেনাবাহিনীক লজিষ্টিক সহায় আগবঢ়োৱাৰ পদ্ধতি স্থাপন কৰা হৈছে ।

সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ সৈতে এক বৃহৎ সামৰিক সহযোগিতা চুক্তি স্বাক্ষৰ কৰি ফেডাৰেল আইনত পৰিণত কৰে । চলিত মাহৰ আৰম্ভণিতে ৰাছিয়াৰ সংসদৰ দুয়োটা সদনে অনুমোদন জনোৱাৰ পিছত এই চুক্তিখন ৰাষ্ট্ৰপতিৰ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছিল । ক্ৰেমলিনৰ মতে, এই পদক্ষেপে ৰাছিয়াৰ ঘৰুৱা বিধান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ।

জানিব পৰা মতে, আনুষ্ঠানিকভাৱে ৰেচিপ্ৰ’কেল এক্সচেঞ্জ অৱ লজিষ্টিকছ চাপৰ্ট (RELOS) নামেৰে নামাকৰণ কৰা এই চুক্তিখন ২ ডিচেম্বৰত ষ্টেট ডুমা (সংসদৰ নিম্ন সদন) আৰু ৮ ডিচেম্বৰত ফেডাৰেচন কাউন্সিল (উচ্চ সদনে) অনুমোদন জনায় ।

সংসদৰ পৰা অনুমোদন লাভ কৰাৰ পিছত এই নথি চূড়ান্ত অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়, যাৰ ফলত ৰাছিয়াৰ ঘৰুৱা বিধান প্ৰক্ৰিয়া সম্পূৰ্ণ হয় ।

RELOS চুক্তিত ৰাছিয়া আৰু ভাৰতৰ মাজত সামৰিক সৈন্য, যুদ্ধজাহাজ, সামৰিক বিমানৰ চলাচলৰ লগতে ইখনে সিখন দেশৰ সেনাবাহিনীক লজিষ্টিক সহায় আগবঢ়োৱাৰ পদ্ধতি স্থাপন কৰা হৈছে ।

ৰাছিয়াৰ মন্ত্ৰীসভাই প্ৰস্তুত কৰা এক ব্যাখ্যামূলক টোকা অনুসৰি এই চুক্তিয়ে কেৱল সৈন্য আৰু সামৰিক সঁজুলিৰ নিয়োগ নিয়ন্ত্ৰণ কৰাই নহয়, বিশেষকৈ যেতিয়া এখন দেশৰ বাহিনী আনখন দেশৰ ভূখণ্ডত কাম কৰিব তেতিয়া আনুষংগিক লজিষ্টিক সেৱাসমূহো সামৰি লোৱা হ’ব ।

এই চুক্তি যৌথ সামৰিক অনুশীলন আৰু প্ৰশিক্ষণ কাৰ্য্যকলাপৰ লগতে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযানৰ সৈতে জড়িত পৰিস্থিতিত প্ৰয়োগ কৰিবলৈ ডিজাইন কৰা হৈছে । চুক্তিত দুয়োপক্ষৰ পাৰস্পৰিক সন্মতি সাপেক্ষে অন্য পৰিস্থিতিত ইয়াৰ বিধানসমূহ প্ৰয়োগ কৰাৰ অনুমতি দিয়া হৈছে ।

ৰাছিয়াৰ কেবিনেটে ষ্টেট ডুমাৰ চৰকাৰী ৱেবছাইটত প্ৰকাশিত এক টোকাত উল্লেখ কৰিছে যে চুক্তিখন অনুমোদন কৰিলে ৰাছিয়া আৰু ভাৰতৰ সামৰিক বিমানে ইখনে সিখনৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাত সুবিধা হ’ব । যুদ্ধজাহাজৰ বাবে বন্দৰ ষ্টপসমূহো পদ্ধতিগতভাৱে সৰল কৰা হ’ব । এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ সামৰিক সহযোগিতা শক্তিশালী হ’ব বুলিও কেবিনেটে উল্লেখ কৰে ।

লগতে পঢ়ক : সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৰত আৰু জৰ্ডান, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে– এই বিষয়ত আমাৰ চিন্তাধাৰা স্পষ্ট আৰু পৰিস্কাৰ

ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ এয়াৰ ষ্ট্ৰাইক… কিয়েভত ৮০০ৰো অধিক ড্ৰোন নিক্ষেপ

ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ ডাঙৰ এয়াৰ ষ্ট্ৰাইক

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াই নতুনকৈ আক্ৰমণ চলাইছে । এই আক্ৰমণত পেচাৰস্কি জিলাৰ কেবিনেট ভৱনত অগ্নিকাণ্ড সংঘটিত হয় । ইউক্ৰেইনৰ সামৰিক প্ৰশাসনৰ মুৰব্বীয়ে দেওবাৰে ছ’চিয়েল মিডিয়াত এই তথ্য প্ৰদান কৰে । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰত্যক্ষদৰ্শীয়ে ইউক্ৰেইন চৰকাৰৰ মূল ভৱনৰ পৰা ক’লা ধোঁৱা ওলোৱা দেখিছিল ।

৮০০ৰো অধিক ড্ৰোন নিক্ষেপ কৰে ৰাছিয়াই-

ইউক্ৰেইনে জনোৱা মতে, ৰাছিয়াই কিয়েভত নিশাটোৰ ভিতৰতে আক্ৰমণ চলাইছিল, য’ত এটি নৱজাতককে ধৰি তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮জন লোক আহত হৈছে । চৰকাৰী মুখ্য কাৰ্যালয়কে ধৰি ৰাজধানীৰ কেইবাটাও অট্টালিকাত জ্বলি উঠে । কিয়েভৰ মেয়ৰে কয় যে এই আক্ৰমণ আৰম্ভ হৈছিল চহৰখনত ড্ৰ’ন আক্ৰমণৰ পৰা আৰু তাৰ পিছতে ক্ষেপণাস্ত্ৰ আক্ৰমণ হৈছিল ।

ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ইউলিয়া শ্বিৰিডেংকোৱে কয় যে যুদ্ধৰ সময়ত প্ৰথমবাৰৰ বাবে শত্ৰুৰ আক্ৰমণত ইউক্ৰেইন চৰকাৰৰ মূল ভৱন ক্ষতিগ্ৰস্ত হৈছে । ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, ৰাছিয়াই নিশাৰ ভিতৰতে ইউক্ৰেইনলৈ ৮০৫টা ড্ৰোন আৰু ১৩টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে তেওঁ কয় যে ড্ৰোন আক্ৰমণত এটি শিশু আৰু এগৰাকী যুৱতী নিহত হোৱাৰ বিপৰীতে এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি পাঁচজন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ইয়াৰ পূৰ্বে ড্নিপাৰ নদীৰ পূব দিশৰ আশ্ৰয় শিবিৰত এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল, য’ত আন দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছিল ।

দ্বিতীয়টো বৃহৎ আক্ৰমণ-

দেওবাৰৰ এই আক্ৰমণ হৈছে যোৱা দুসপ্তাহৰ ভিতৰত কিয়েভক লক্ষ্য কৰি ৰাছিয়াৰ দ্বিতীয়টো বৃহৎ ড্ৰোন আৰু মিছাইল আক্ৰমণ । শান্তি আলোচনাৰ আশাক লৈ এই আক্ৰমণে সংকট আৰু অধিক গভীৰ কৰি তুলিছে ।

লগতে পঢ়ক : অক্টোবৰত হ’ব পাৰে ট্ৰাম্প-জিনপিঙৰ বৈঠক… দক্ষিণ কোৰিয়া ভ্ৰমণৰ বাবে সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে; ১৫ আগষ্টত হ’ব বৈঠক

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ-আলোচনা কৰিব ট্ৰাম্পে

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ১৫ আগষ্টত আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক তেওঁ সাক্ষাৎ কৰিব । তথ্য অনুসৰি দুয়োগৰাকী নেতাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰিব । ট্ৰাম্পে কয় যে মোৰ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত বহু প্ৰত্যাশিত বৈঠক অহা শুকুৰবাৰে অৰ্থাৎ ২০২৫ চনৰ ১৫ আগষ্টত গ্ৰেট ষ্টেট অৱ আলাস্কাত অনুষ্ঠিত হ’ব । অধিক সবিশেষ পৰৱৰ্তী সময়ত দিয়া হ’ব ।

যদি এই বৈঠক হয় তেন্তে ২০২১ চনৰ পিছত আমেৰিকা আৰু ৰাছিয়াৰ মাজত হ’ব প্ৰথমখন শীৰ্ষ সন্মিলন । তেতিয়া প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনে জেনেভাত পুটিনক সাক্ষাৎ কৰিছিল । ৰাছিয়া আৰু ইউক্ৰেইনৰ শান্তিৰ চৰ্ত এতিয়াও দুয়োখন দেশৰ বাবে বহু বেলেগ, গতিকে যুদ্ধ বন্ধ হোৱাৰ নিশ্চয়তা নাই ।

ট্ৰাম্পৰ এই ঘোষণাৰ মাজতে ফ্ৰণ্টত যুঁজি থকা ইউক্ৰেইনৰ সৈন্যসকলৰ কূটনৈতিক সমাধানৰ বিশেষ আশা নাই । প্ৰায় দুসপ্তাহ পূৰ্বে ট্ৰাম্পে ভ্লাদিমিৰ পুটিনক আক্ৰমণ বন্ধ কৰিবলৈ আলটিমেটাম দিছিল আৰু যদি ৰাছিয়াই পিছুৱাই নাযায় তেন্তে ৰাছিয়াৰ তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত অতিৰিক্ত নিষেধাজ্ঞা আৰু শুল্ক আৰোপ কৰা হ’ব বুলি ভাবুকি দিছিল । ৰাছিয়ান সেনাই ইউক্ৰেইনত লাহে লাহে আগবাঢ়িছে আৰু অহৰহ চহৰবোৰত আক্ৰমণ চলাই আছে । ডনেস্কৰ পক্ৰ’ভস্ক অঞ্চলত এই যুদ্ধ আটাইতকৈ তীব্ৰতৰ হৈ পৰিছে, য’ত ৰাছিয়াই ড্নিপ্ৰ’পেট্ৰ’ভস্কৰ দিশে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে । ইফালে ইউক্ৰেইনত জনশক্তিৰ অভাৱ যদিও  সৈন্যসকল দৃঢ়তাৰে থিয় দিছে ।

ক্ৰেমলিনৰ মতে, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে ফোনযোগে কথা পাতি পুটিনে ট্ৰাম্পৰ দূত ষ্টিভ উইটকফৰ সৈতে হোৱা বৈঠকৰ বিষয়ে অৱগত কৰে । ইউক্ৰেইনৰ সংকটৰ ‘দীৰ্ঘম্যাদী সমাধান’ৰ বাবে জিয়ে সমৰ্থন প্ৰকাশ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ফোনযোগে পুটিনৰ সৈতে কথা পাতিছিল । এই সপ্তাহত ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰিছিল কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে, যাক ট্ৰাম্পে যুদ্ধৰ বাবে আৰ্থিক সাহায্য বুলি গণ্য কৰে । দক্ষিণ আফ্ৰিকা, কাজাখস্তান, উজবেকিস্তান আৰু বেলাৰুছৰ নেতাসকলৰ সৈতেও ফোনযোগে কথা পাতিছিল পুটিনে । বিশ্লেষকসকলৰ মতে পুটিনে ট্ৰাম্পৰ সৈতে সম্ভাৱ্য চুক্তিৰ বিষয়ে নিজৰ ঘনিষ্ঠ মিত্ৰসকলক অৱগত কৰিছে ।

লগতে পঢ়ক : ইণ্টেলৰ CEO ক শীঘ্ৰেই পদত্যাগ কৰিবলৈ নিৰ্দেশ ট্ৰাম্পৰ; চীনৰ সৈতে সংযোগ স্থাপনৰ পিছতে ক্ষোভৰ সৃষ্টি

ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল ৰাছিয়া; ছুনামীৰ সতৰ্কতা জাৰি

ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল ৰাছিয়া

বুধবাৰে এক বৃহৎ ভূমিকম্পই কঁপাই যায় ৰাছিয়া । ৰাছিয়াৰ কামচাটকা উপদ্বীপত সংঘটিত হৈছে এই ভূমিকম্প । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৮.৮ । জাপান আৰু আমেৰিকাৰ উপৰিও নিউজিলেণ্ড আৰু ইণ্ডোনেছিয়াতো এই ভূমিকম্পৰ প্ৰভাৱ দেখা গৈছে আৰু ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । কিছুমান ঠাইত ছুনামীৰ প্ৰভাৱো দেখা দিবলৈ আৰম্ভ কৰিছে ।

জাপানৰ বতৰ বিজ্ঞান সংস্থাই বুধবাৰে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ কামচাটকা উপদ্বীপৰ সমীপত ৮.০ প্ৰাবল্যৰ বৃহৎ ভূমিকম্পই জাপানৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে । সংস্থাটোৱে জনোৱা মতে, পুৱা ৮:২৫ বজাত এই ভূমিকম্পৰ প্ৰাৰম্ভিক প্ৰাবল্য ৮.০ বুলি ৰেকৰ্ড কৰা হৈছে । জাপানৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত ১ মিটাৰ পৰ্যন্ত ছুনামীৰ সতৰ্কবাণীও জাৰি কৰিছে সংস্থাটোৱে । পিছলৈ ইয়াক ৮.৮লৈ সংশোধন কৰা হয় ।

ৰাছিয়াৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ কামচাটকা অঞ্চলত প্ৰথম ছুনামী ঢৌৱে আঘাত কৰে । ভূমিকম্পৰ ফলত সাগৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পায় । ইয়াৰ বাবে উপকূলীয় চহৰৰ অট্টালিকাত জলস্তৰ বৃদ্ধি হোৱা দেখা যায় ।

জাপানৰ চাৰিটা ডাঙৰ দ্বীপৰ ভিতৰত আটাইতকৈ উত্তৰত থকা হোকাইডোৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত এই ভূমিকম্পৰ প্ৰভাৱ অতি কম অনুভৱ কৰা হৈছে । ইউ এছ জি চিয়ে জনোৱা মতে, ১৯.৩ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পটো সংঘটিত হৈছিল । প্ৰাৰম্ভিক খবৰৰ পিছতে ইউ এছ জি চিয়ে কয় যে ভূমিকম্পৰ প্ৰাবল্য ৮.৭ ।

এই ভূমিকম্পৰ পিছতে ৰাছিয়া আৰু জাপানৰ লগতে ইন্দোনেছিয়া, নিউজীলেণ্ড আৰু আমেৰিকাতো ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে । জাপানত ৯ লাখ লোকক স্থানান্তৰ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে ।

লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা; সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ১৭৯গৰাকী যাত্ৰীৰ

ইউক্ৰেইনত পুনৰ বৃহৎ আক্ৰমণ চলালে ৰাছিয়াই; এফ-১৬ ধ্বংস

ইউক্ৰেইনত পুনৰ বৃহৎ আক্ৰমণ চলালে ৰাছিয়াই

দেওবাৰে পুৱা ৰাছিয়াই ইউক্ৰেইনত সৰ্ববৃহৎ বিমান আক্ৰমণ সংঘটিত কৰিছে । বহুতো ড্ৰোন আৰু মিছাইলৰ সহায়ত ৰাছিয়াই ইউক্ৰেইনক লক্ষ্য কৰি লয় । এই আক্ৰমণত ৰাছিয়াই দেশখনৰ বহু অঞ্চলক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল । ইউক্ৰেইনেও এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে । ৰাছিয়াৰ এই আক্ৰমণৰ লগে লগে তিনি বছৰ ধৰি চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ আশাও ছিন্নভিন্ন হৈ পৰিছে । কোৱা হৈছে যে ইউক্ৰেইনেও ৰাছিয়ালৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে ।

ইউক্ৰেইনৰ বায়ুসেনাই প্ৰকাশ কৰিছে যে ৰাছিয়াই মুঠ ৫৩৭টা আকাশী অস্ত্ৰ নিক্ষেপ কৰিছিল । ইয়াৰ ভিতৰত আছিল ৪৭৭টা ড্ৰোন আৰু ৬০টা ক্ষেপণাস্ত্ৰ । ইয়াৰে ২৪৯ টা ধ্বংস কৰা বুলি ইউক্ৰেইনে দাবী কৰিছে । একে সময়তে ২২৬টা ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যভ্ৰস্ত হয় ।

ইউক্ৰেইনৰ বায়ুসেনাই জনাইছে যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ড্ৰোন আৰু কেইবাবিধো ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰাৰ পিছত এই আক্ৰমণ দেশখনৰ ওপৰত হোৱা ‘বৃহত্তম আকাশী আক্ৰমণ’ । তেওঁ কয় যে এই আক্ৰমণত ৰাছিয়াই ফ্ৰণ্ট লাইনৰ পৰা বহু দূৰত থকা পশ্চিম ইউক্ৰেইনকে ধৰি কেইবাটাও অঞ্চলক লক্ষ্য কৰি লৈছিল ।

বায়ুসেনাই কয় যে পোলেণ্ড আৰু মিত্ৰ দেশসমূহে পোলেণ্ডৰ আকাশমাৰ্গৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জেট বিমান প্ৰেৰণ কৰিছে । পশ্চিম লভিভ অঞ্চলত ড্ৰ’হ’বিচ চহৰৰ এটা ঔদ্যোগিক প্ৰতিষ্ঠানত ড্ৰোন আক্ৰমণৰ ফলত বিশাল অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত চহৰখনৰ কিছু অংশ বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে ।

এফ-১৬ যুঁজাৰু বিমান ভূপতিত-

ইউক্ৰেইনে কয় যে ৰাছিয়াৰ আক্ৰমণত পশ্চিমীয়া অংশীদাৰ দেশসমূহৰ পৰা লাভ কৰা এফ-১৬ যুঁজাৰু বিমান এখনো ধ্বংসপ্ৰাপ্ত হয় । এই জেটখনে নিজৰ লক্ষ্যক আক্ৰমণ কৰাৰ সময়তে ভূপতিত হয় । এই দুৰ্ঘটনাত পাইলটৰো মৃত্যু হয় ।

লগতে পঢ়ক : ‘সমৃদ্ধ ইউৰেনিয়াম ঘূৰাই দিয়ক বা অন্যথা…’;যুদ্ধ শেষ হোৱাৰ পিছত ইজৰাইলক ধমক ইৰাণৰ