ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ সামগ্ৰীৰ ওপৰত পাৰস্পৰিক শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰি এক ডাঙৰ দাবী কৰিছে । ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি দাবী কৰিছে তেওঁ ।
ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ সামগ্ৰীৰ ওপৰত পাৰস্পৰিক শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰি এই দাবী কৰিছে । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে ভাৰতৰ ওপৰত আৰোপ কৰা পাৰস্পৰিক শুল্ক ১৮ শতাংশলৈ হ্ৰাস কৰা হ’ব বুলি উল্লেখ কৰে ।
ভাৰতৰ শক্তি নীতি আৰু ভাৰত-ৰাছিয়াৰ শক্তিশালী সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পৰ এই দাবী তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ অংশ হিচাপে ভাৰত আৰু ৰাছিয়াই কিছুদিনৰ পৰা তেল আৰু শক্তি খণ্ডত সহযোগিতা আগবঢ়াই আহিছে । অৱশ্যে ট্ৰাম্পে তেওঁৰ এই দাবীৰ কোনো সুনিৰ্দিষ্ট কাৰণ বা সময়সীমা প্ৰদান কৰা নাই ।
এই বক্তব্যই স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন কৰে যে ভাৰতে শক্তি কৌশলত কোনো বৃহৎ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে নেকি ? ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰা সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবী সন্দৰ্ভত ভাৰত চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই, যাৰ ফলত পৰিস্থিতি অস্পষ্ট হৈ পৰিছে ।
সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত ফোনযোগে বাৰ্তালাপ হয় । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ফোনযোগে কথা পাতিছে আৰু অতি সোনকালে এক বৃহৎ ঘোষণা কৰা হ’ব । মাত্ৰ ডেৰ ঘণ্টাৰ পিছত আমেৰিকাই ভাৰতৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ।
উল্লেখ্য যে, দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে অহৰহ আলোচনা চলি থকাৰ মাজতে এই শুল্ক হ্ৰাস কৰা হৈছে । ভাৰতে দীৰ্ঘদিন ধৰি আমেৰিকাৰ শুল্কৰ পৰা সকাহ বিচাৰি আহিছে । এই হ্ৰাসৰ ফলত ভাৰতৰ ৰপ্তানি খণ্ডত উত্থান ঘটিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : এই অংশীদাৰিত্বক এক নতুন উচ্চতালৈ লৈ যামঃ ট্ৰাম্পৰ ঘোষণাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া









