নাটো সন্মিলনৰ পূৰ্বে ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ: মিছাইল আৰু ড্ৰোনৰ আঘাতত কঁপি উঠিল কিয়েভ

সোমবাৰে পুৱতি নিশা ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভক লক্ষ্য কৰি ধাৰাবাহিক বেলিষ্টিক মিছাইল, ক্ৰুজ মিছাইল আৰু ড্ৰোন আক্ৰমণ চলায়

প্ৰায় চাৰি বছৰ পূৰ্বে আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইনৰ ৰক্তক্ষয়ী সংঘাত আজিও অব্যাহত আছে । ফলাফলহীন তথা ব্যাপক জন-ধনৰ হানি হোৱা এই যুদ্ধত দুয়োখন দেশে ইখনে সিখনক আক্ৰমণ অব্যাহত ৰাখিছে ।

তুৰস্কত অনুষ্ঠিত হ’বলগীয়া নাটোৰ (NATO) এক গুৰুত্বপূৰ্ণ সন্মিলনৰ ঠিক পূৰ্বে ইউক্ৰেইনৰ ওপৰত পুনৰ এক বৃহৎ আক্ৰমণ চলাইছে ৰাছিয়াই । সোমবাৰে পুৱতি নিশা ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভক লক্ষ্য কৰি ধাৰাবাহিক বেলিষ্টিক মিছাইল, ক্ৰুজ মিছাইল আৰু ড্ৰোন আক্ৰমণ চলায় । এই ভয়ংকৰ আক্ৰমণৰ ফলত সমগ্ৰ কিয়ভ চহৰ কঁপি উঠে ।

কিয়েভত ধাৰাবাহিক বিস্ফোৰণ-

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, সোমবাৰে পুৱাৰ ভাগত চেন্ট্ৰেল কিয়েভৰ আকাশত ধাৰাবাহিক বিস্ফোৰণৰ শব্দ শুনা যায় । আক্ৰমণৰ কিছু সময় পূৰ্বেই সমগ্ৰ চহৰখনত ‘এয়াৰ ৰেইড চাইৰেন’ বজাই নাগৰিকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছিল ।

এক্স (X)-ত জেলেনস্কিৰ পোষ্ট

এই আক্ৰমণৰ পূৰ্বেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমীৰ জেলেনস্কিয়ে দেওবাৰে চোৰাংচোৱা তথ্যৰ ভিত্তিত এক বৃহৎ আক্ৰমণৰ আশংকা ব্যক্ত কৰিছিল । আক্ৰমণৰ পিছতে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত তেওঁ ক্ষোভ প্ৰকাশ কৰি লিখে :

“চোৰাংচোৱা সংস্থাই পুনৰ এবাৰ ইংগিত দিছে যে ৰাছিয়ানসকলে এক নতুন ভয়াবহ আক্ৰমণৰ প্ৰস্তুতি চলাইছে । এয়া পুটিনৰ এক স্বভাৱসুলভ বৈশিষ্ট্য: আমেৰিকাৰ স্বাধীনতা দিৱসৰ ঠিক পিছতে আৰু আংকাৰাত হ’বলগীয়া নাটো সন্মিলনৰ পূৰ্বে । ৰাছিয়াই অধিক ধ্বংসলীলা চলাব আৰু মানুহ হত্যা কৰিব বিচাৰে ।”

উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰেও কিয়েভত ৰাছিয়াই এক ভয়াৱহ আক্ৰমণ চলাইছিল, য’ত অন্ততঃ ৩০ জন নিৰীহ লোকৰ মৃত্যু হৈছিল । যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা ই আছিল কিয়েভৰ ওপৰত হোৱা তৃতীয়টো আটাইতকৈ ডাঙৰ আক্ৰমণ ।

আংকাৰা নাটো সন্মিলন আৰু ডনাল্ড ট্ৰাম্পৰ উপস্থিতি

মঙলবাৰৰ পৰা তুৰস্কৰ আংকাৰাত আৰম্ভ হ’বলগীয়া নাটো সন্মিলনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰসংগই মুখ্য স্থান লাভ কৰিব । এই সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পো উপস্থিত থকাৰ সম্ভাৱনা আছে । বৰ্তমান ৰাছিয়াই ইউক্ৰেইনৰ পূব ডনেটস্ক অঞ্চল দখল কৰিবলৈ সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিছে । আনহাতে, ইউক্ৰেইনেও প্ৰত্যুত্তৰ দি ৰাছিয়াৰ ভিতৰত থকা তেল শোধনাগাৰ, বন্দৰ আৰু সামৰিক কাৰখানাসমূহক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ বৃদ্ধি কৰিছে ।

লগতে পঢ়ক : অসহনীয় তাপপ্ৰৱাহৰ মাজতে বনজুইৰ তাণ্ডৱ, সহস্ৰাধিক লোকক স্থানান্তৰ

পুনৰ কীভত বেলিষ্টিক মিছাইলৰ বৰষুণ ৰাছিয়াৰ; ইউক্ৰেইনত হাহাকাৰ  

ইউক্ৰেইনৰ ৰাজধানী কীভত পুনৰ ৰাছিয়াই ড্ৰোন আৰু বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাই। এই আক্ৰমণক শেহতীয়া আক্ৰমণবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আক্ৰমণৰ অন্যতম বুলি গণ্য কৰা হৈছে।

ৰাছিয়াই পুনৰ এবাৰ ইউক্ৰেইনৰ ওপৰত এক ভয়ংকৰ বিমান আক্ৰমণ চলাইছে। বৃহস্পতিবাৰে পুৱতি নিশা ৰাজধানী কীভক ড্ৰোন আৰু বেলিষ্টিক মিছাইলৰ দ্বাৰা লক্ষ্য কৰি লয়। এই আক্ৰমণক শেহতীয়া আক্ৰমণবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আক্ৰমণৰ অন্যতম বুলি গণ্য কৰা হৈছে। মাজনিশা আৰম্ভ হোৱা এই আক্ৰমণৰ পিছতে সমগ্ৰ কীভত ‘এয়াৰ ৰেইড চাইৰেন’ বাজি উঠে আৰু হাজাৰ হাজাৰ লোকে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে মেট্ৰ’ ষ্টেচন আৰু বাংকাৰসমূহত আশ্ৰয় ল’বলৈ বাধ্য হয়। ইফালে পোলেণ্ডতো সতৰ্কবাণী জাৰি কৰা হয়।

ৰাজধানীখনৰ কেইবাটাও অঞ্চলত ধাৰাবাহিকভাৱে বিকট বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে।  ইউক্ৰেইনৰ এয়াৰ ডিফেন্স চিষ্টেমে গোটেই নিশা ৰাছিয়াৰ ড্ৰোন আৰু মিছাইলসমূহক প্ৰতিহত কৰাৰ চেষ্টা চলাই থাকে। আকাশত মিছাইলসমূহক বাধা দিয়া ‘ট্ৰেচাৰ ফায়াৰ’ৰ পোহৰ স্পষ্টকৈ দেখা গৈছিল।

কীভৰ মেয়ৰ ভিটালি ক্লিটচকোৱে জনোৱা মতে, চহৰখনত ড্ৰোন আৰু বেলিষ্টিক মিছাইলেৰে ধাৰাবাহিকভাৱে আক্ৰমণ কৰা হৈছে। এই সময়ছোৱাত চহৰখনৰ কেইবাটাও অংশত জুই লাগি যায়।

এই আক্ৰমণত আৱাসিক অঞ্চলসমূহৰো ব্যাপক ক্ষতিসাধন হয়। এটা ন মহলীয়া এপাৰ্টমেণ্ট ভৱনৰ এটা অংশ খহি পৰে, যাৰ ফলত বহু লোক ভগ্নাৱশেষৰ মাজত আবদ্ধ হৈ পৰে।

উদ্ধাৰকাৰী দলে লগে লগে সাহায্য অভিযান আৰম্ভ কৰে আৰু আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰে। এটা এম্বুলেন্স ষ্টেচনো এই আক্ৰমণৰ কবলত পৰে, য’ত এজন পেৰামেডিক গুৰুতৰভাৱে আহত হয়। প্ৰাথমিক তথ্য অনুসৰি, অতি কমেও ১১ জন লোক আহত হৈছে, অৱশ্যে উদ্ধাৰ অভিযান চলি থকাৰ বাবে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে চোৰাংচোৱা সংস্থাসমূহে পূৰ্বেই এই বৃহৎ আক্ৰমণৰ সতৰ্কবাণী দিছিল। সেই বাবেই তেওঁ আয়াৰলেণ্ডৰ ডাবলিন ভ্ৰমণ আধাতে সামৰি লগে লগে ইউক্ৰেইনলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়।

লগতে পঢ়ক: প্ৰচণ্ড উত্তাপে দহিছে ইউৰোপ: অভিলেখ ভংগকাৰী গ্ৰীষ্ম প্ৰৱাহত ১,৩০০ৰো অধিক মৃত্যু, স্তব্ধ জনজীৱন!

ভাৰত-ৰাছিয়াৰ সম্পৰ্ক ‘ভাতৃত্ববোধ আৰু বিশ্বাসৰ’: আমেৰিকাৰ চাপক নেওচি মোদীৰ নেতৃত্বক পুটিনৰ প্ৰশংসা

ৰাছিয়াৰ পৰা খাৰুৱা তেল তথা শক্তি আমদানি কৰাক লৈ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবিৰত কূটনৈতিক চাপৰ সন্মুখীন হৈ থকাৰ সময়তে পুটিনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কো আৰু নতুন দিল্লীৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কক তীব্ৰ প্ৰশংসা কৰি ইয়াক সকলো অৰ্থতে “ভাতৃত্ববোধ” আৰু “পাৰস্পৰিক বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত” বুলি বৰ্ণনা কৰিছে । ৰাছিয়াৰ পৰা খাৰুৱা তেল তথা শক্তি আমদানি কৰাক লৈ ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবিৰত কূটনৈতিক চাপৰ সন্মুখীন হৈ থকাৰ সময়তে পুটিনৰ এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ পাইছে ।

ছেইণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চত ভাষণ দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ মানৱ সম্পদ আৰু কাৰিকৰী প্ৰযুক্তিৰ ভূয়সী প্ৰশংসা কৰে । বিশেষকৈ ক’ডিং আৰু চফ্টৱেৰ ইঞ্জিনিয়াৰিং ক্ষেত্ৰত ভাৰতীয়সকলৰ থকা অসাধাৰণ দক্ষতাক তেওঁ গোলকীয় স্বীকৃতিপ্ৰাপ্ত বুলি অভিহিত কৰে ।

হৰমুজ প্ৰণালীৰ সংকট আৰু ভাৰত-ৰাছিয়াৰ সহযোগিতা

পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক উত্তেজনা আৰু হৰমুজ প্ৰণালীত পৰিবহণ ব্যৱঘাতৰ আশংকাই যেতিয়া বিশ্বৰ শক্তি (ইন্ধন) বজাৰত তীব্ৰ অস্থিৰতাৰ সৃষ্টি কৰিছে, তেনে সময়ত ভাৰত-ৰাছিয়াৰ কৌশলগত মিত্ৰতাই দুয়োখন দেশকে সুৰক্ষা দিছে বুলি পুটিনে উল্লেখ কৰে । তেওঁ কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে হৰমুজ প্ৰণালীৰ সংকটৰ বাবে দেশত ব্যক্তিগত গাড়ী কমকৈ ব্যৱহাৰ কৰিবলৈ বা দীৰ্ঘ দূৰত্বৰ যাত্ৰা পৰিহাৰ কৰিবলৈ কিছুমান পদক্ষেপ ল’বলগীয়া হৈছিল । কিন্তু আমাৰ আৰু ভাৰতৰ কোম্পানীসমূহে ঘনিষ্ঠ সহযোগিতাৰ সঠিক পথ বাছি ল’লে । আজি আমি ভাৰত তথা সমগ্ৰ এছিয়াৰ বজাৰত ইন্ধনৰ যোগান বৃদ্ধি কৰি সহায়ৰ হাত আগবঢ়াইছোঁ ।”

তেওঁ কয়- “কোনেও আমাক চৰ্ত জাপি দিব নোৱাৰে, আৰু কোনেও তেনে কৰিবলৈ চেষ্টাও নকৰে । আমি আমাৰ অংশীদাৰসকলৰ ওচৰত কৰা প্ৰতিশ্ৰুতি সদায় ৰক্ষা কৰিম, বিশেষকৈ ভাৰতৰ দৰে বিশ্বাসী বন্ধুৰ ক্ষেত্ৰত ।”

প্ৰতিৰক্ষা মিত্ৰতা আৰু ছোভিয়েট যুগৰ পৰম্পৰা

দুয়োখন দেশৰ সামৰিক সহযোগিতাৰ কথা উল্লেখ কৰি পুটিনে কয় যে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এক বুজন অংশই আজিও ৰাছিয়াৰ মূল সামৰিক সঁজুলি (হাৰ্ডৱেৰ) ব্যৱহাৰ কৰে । এয়া ছোভিয়েট যুগৰে পৰা চলি অহা এটা সুদৃঢ় পৰম্পৰা । তেওঁ স্পষ্ট কৰি দিয়ে যে এই সম্পৰ্ক কেৱল ক্ৰয়-বিক্ৰয় বা ব্যৱসায়তে সীমাবদ্ধ নহয়, বৰঞ্চ বৰ্তমান দুয়োখন দেশে যৌথ গৱেষণা আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ উন্নয়নৰ ওপৰতো সমানে গুৰুত্ব দিছে ।

মোদীৰ নেতৃত্ব আৰু ভাৰতৰ সাৰ্বভৌমত্বক স্বীকৃতি

ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি পুতিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বৰ শলাগ লয় । তেওঁ সকীয়াই দিয়ে যে ভাৰতক লক্ষ্য কৰি লোৱা যিকোনো শাস্তিমূলক বা নিষেধাজ্ঞামূলক ব্যৱস্থাই অৱশেষত তেনে কৰিবলৈ যোৱা দেশসমূহৰ ওপৰতে ওলোটাকৈ প্ৰভাৱ পেলাব ।

একে সময়তে, ভাৰত আৰু আমেৰিকাৰ মাজত গঢ়ি উঠা ঘনিষ্ঠ সম্পৰ্ককো ৰাছিয়াই ইতিবাচক দৃষ্টিৰে চাইছে বুলি তেওঁ কয় । পুটিনে স্পষ্টকৈ কয় যে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰি যিকোনো আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত ল’বলৈ নতুন দিল্লীৰ সম্পূৰ্ণ সাৰ্বভৌম অধিকাৰ আৰু স্বতন্ত্ৰতা আছে । মূল্য আৰু গুণগত মানৰ দিশৰ পৰা নিজৰ বাবে আটাইতকৈ উন্নত সামগ্ৰী বিধ বাছি ল’বলৈ ভাৰত সম্পূৰ্ণ স্বাধীন ।

লগতে পঢ়ক : ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অভেদ্য, মোদীৰ ওপৰত চাপ সৃষ্টি কৰাটো ক্ষতিকাৰক: ভ্লাদিমিৰ পুটিন

ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অভেদ্য, মোদীৰ ওপৰত চাপ সৃষ্টি কৰাটো ক্ষতিকাৰক: ভ্লাদিমিৰ পুটিন

এক ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি পুটিনে কয় যে ভাৰত আৰু ৰাছিয়াই এক বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব উপভোগ কৰে

ভাৰত আৰু ৰাছিয়াৰ মাজত থকা ঐতিহাসিক আৰু অন্তৰংগ সম্পৰ্কৰ কথা পুনৰ এবাৰ বিশ্ববাসীৰ সন্মুখত দোহাৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । ছেইণ্ট পিটাৰ্ছবাৰ্গ অৰ্থনৈতিক ফৰামত (St. Petersburg Economic Forum) এক ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতি পুটিনে কয় যে ভাৰত আৰু ৰাছিয়াই এক বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব উপভোগ কৰে । আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ‘ৰয়টাৰ্ছ’ৰ এক প্ৰতিবেদন অনুসৰি, পুটিনে ভাৰতক এজন অতি বিশ্বাসযোগ্য অংশীদাৰ বুলি অভিহিত কৰি দুই দেশৰ ভৱিষ্যতৰ সম্পৰ্কৰ ওপৰত তীব্ৰ আস্থা প্ৰকাশ কৰে ।

মোদীৰ ওপৰত চাপ সৃষ্টি কৰাটো ক্ষতিকাৰক-

আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ ওপৰত জাপি দিব বিচৰা চাপৰ প্ৰসংগ উত্থাপন কৰি পুটিনে কয় যে বৰ্তমান আমেৰিকাই ৰাছিয়াৰ সৈতে সহযোগিতাৰ কিছুমান ক্ষেত্ৰত ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে । কিন্তু তেওঁ স্পষ্ট কৰি দিয়ে যে বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশ এখনৰ নেতা নৰেন্দ্ৰ মোদীৰ ওপৰত এনেদৰে চাপ সৃষ্টি কৰাটো আন্তঃৰাষ্ট্ৰীয় আৰু দ্বিপাক্ষিক সম্পৰ্কৰ বাবে অত্যন্ত ক্ষতিকাৰক । পুটিনে দৃঢ়তাৰে কয়, “এই চাপ ক’ৰ পৰা হৈছে সেয়া গুৰুত্বপূৰ্ণ নহয়, কিন্তু আমি ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ দেখা নাই ।” তেওঁ আশা প্ৰকাশ কৰে যে সকলো অংশগ্ৰহণকাৰীৰ সৈতে আলোচনাৰ মাধ্যমেৰে এক সহমতত উপনীত হ’ব পৰা যাব ।

১৯৪৭ চনৰে পৰা গঢ়ি উঠা এক ঐতিহাসিক বন্ধুত্ব-

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ভাৰত আৰু ৰাছিয়াৰ এই বিশেষ কৌশলগত অংশীদাৰিত্ব কোনো এক বা পাঁচ বছৰীয়া নহয়, বৰঞ্চ ইয়াৰ আঁৰত আছে দশক দশক জোৰা পৰিশ্ৰম । ১৯৪৭ চনত যেতিয়া তদানীন্তন ছোভিয়েট ইউনিয়নে ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল, তেতিয়াৰে পৰা ৰাছিয়াই এখন নতুন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰতৰ উত্থানত অহৰহ সমৰ্থন আগবঢ়াই আহিছে । ভাৰতীয় ৰাইজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ বাবেই ভাৰতে আজি উন্নয়নৰ ক্ষেত্ৰত এক মহান আৰু গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে বুলিও তেওঁ প্ৰশংসা কৰে ।

ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশ আৰু প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকা-

ভাৰত বৰ্তমান বিশ্বৰ অন্যতম প্ৰধান আৰু দ্ৰুতবেগী অৰ্থনীতি বুলি উল্লেখ কৰি পুটিনে ইয়াৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা কৰে । তেওঁ কয়, “ভাৰতৰ এই উচ্চ অৰ্থনৈতিক বিকাশৰ হাৰ এনেয়ে অহা নাই । এয়া প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে কৰি অহা কঠোৰ পৰিশ্ৰমৰ ফল ।”

ইফালে, আমেৰিকা-ভাৰতৰ বৰ্ধিত সম্পৰ্কই ভাৰত-ৰাছিয়াৰ সম্পৰ্কত কোনো প্ৰভাৱ পেলাব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত পুটিনে কয় যে ভাৰতে সকলো দেশৰ সৈতে সম্পৰ্ক গঢ়ি তোলা কাৰ্যত তেওঁলোক সুখী । ১৫০ কোটি জনসংখ্যাৰ এই সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনে নিজৰ স্বাৰ্থ আৰু প্ৰয়োজন অনুসৰি যিকোনো দেশৰ সৈতে অৰ্থনৈতিক বিকাশৰ বাবে আগবাঢ়ি যোৱাটো একেবাৰে স্বাভাৱিক বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : ভাৰতসহ ৬০ খনকৈ দেশত পুনৰ নতুন শুল্ক আৰোপ কৰাৰ পৰিকল্পনা ট্ৰাম্পৰ

পুনৰ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, অংশ ল’ব ব্ৰিকছ সন্মিলনত

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ

চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক ব্ৰিকছ (BRICS) সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অংশগ্ৰহণ কৰিব । ক্ৰেমলিনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰা হৈছে ।

দক্ষিণ আফ্ৰিকাস্থিত ৰাছিয়াৰ দূতাবাসে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত প্ৰকাশ কৰা এক পোষ্ট অনুসৰি, পুটিনৰ জ্যেষ্ঠ সহযোগী ইউৰী উশ্বাকভে জনাইছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনত উপস্থিত থাকিব ।

এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ-

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ । ইয়াৰ পূৰ্বে শেহতীয়াকৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’বলৈ তেওঁ নতুন দিল্লীত উপস্থিত হৈছিল ।

দিল্লীত লাভৰভ-মোদীৰ বৈঠক : আলোচনা হ’ল গোলকীয় প্ৰেক্ষাপট

চলিত মে’ মাহৰ আৰম্ভণিতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে ভাৰত ভ্ৰমণ কৰি ব্ৰিকছৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশ লৈছিল । এই ভ্ৰমণকালতে যোৱা ১৪ মে’ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । বৈঠকত লাভৰভে প্ৰধানমন্ত্ৰী মোদীক দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ দৰে গুৰুত্বপূৰ্ণ আঞ্চলিক তথা গোলকীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত বৈদেশিক মন্ত্ৰী লাভৰভে সদৰী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চলিত বৰ্ষৰ শেষৰ ফালে ৰাছিয়া ভ্ৰমণ কৰিব বুলি পুনৰ নিশ্চিত কৰিছে । মস্কোৱে ভাৰতৰ সৈতে থকা ইয়াৰ “বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব” অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণ দায়বদ্ধ বুলি তেওঁ উল্লেখ কৰে ।

ব্ৰিকছ আৰু ভাৰতৰ ভূমিকা

ব্ৰিকছ হৈছে বিশ্বৰ ১১ খন প্ৰধান বজাৰ আৰু উন্নয়নশীল দেশৰ এক শক্তিশালী মঞ্চ। এই গোটত অন্তৰ্ভুক্ত দেশসমূহ হৈছে :

ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅ’পিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰান, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰাত ।

গোলকীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক শাসন ব্যৱস্থাৰ লগতে সমসাময়িক গোলকীয় সমস্যাসমূহৰ সমাধানৰ বাবে এই মঞ্চই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

লগতে পঢ়ক : ৪৩ বছৰৰ পাছত নৰৱেত ভাৰতৰ প্ৰধানমন্ত্ৰী; ওচলোত উষ্ম আদৰণি নৰেন্দ্ৰ মোদীক

উৰণৰ সময়তেই পাহাৰত খুন্দা ৰাছিয়াৰ এন-২৬ সামৰিক বিমান; ২৯ জনৰ মৃত্যু  

ক্ৰিমিয়ান উপদ্বীপত ৰাছিয়াৰ এখন এন-২৬ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ সময়ত বিমানখনত ২৯ গৰাকীকৈ লোক আছিল।

ক্ৰিমিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে ৰাছিয়াৰ এন-২৬ সামৰিক বিমান। ক্ৰিমিয়া উপদ্বীপৰ ওপৰেৰে এণ্টন’ভ এন-২৬ বিমান উৰি হৈ থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।ৰাছিয়াৰ সংবাদ সংস্থা টাছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি বিমানখনত মুঠ ২৯ জন লোক আছিল, তাৰে ২৩ গৰাকী যাত্ৰী আৰু ৬ জন ক্ৰু সদস্যকে। দুৰ্ঘটনাটোৰ ফলত ২৯ গৰাকীকৈ লোকৰ মৃত্যু হৈছে।

তথ্য অনুসৰি এই সামৰিক পৰিবহণ বিমানখনে ৩১ মাৰ্চত মস্কোৰ সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত উৰণ আৰম্ভ কৰিছিল।ঠিক তেতিয়াই ক্ৰিমিয়াৰ ওপৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এটিচি)ৰ সৈতে বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিল।ইয়াৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

প্ৰতিবেদন অনুসৰি,ক’লা সাগৰত অৱস্থিত ক্ৰিমিয়ান উপদ্বীপৰ পাহাৰত খুন্দা মৰাৰ ফলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা ২৯ জন লোকৰ আটাইকেইজন লোকৰে মৃত্যু হয়।ক্ৰিমিয়া হৈছে সেইটো অঞ্চল,যিটো ৰাছিয়াই ২০১৪ চনত ইউক্ৰেইনৰ পৰা জব্দ কৰিছিল।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, এটা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে ইতিমধ্যে দুৰ্ঘটনাস্থলীৰ সন্ধান উলিয়াইছে।এন-২৬ হৈছে ১৯৬০ চনৰ শেষৰ ফালে প্ৰৱৰ্তন কৰা এখন লঘু কৌশলগত পৰিবহণ বিমান।ইয়াক সামৰিক আৰু অসামৰিক দুয়োটা কামতে ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

লগতে পঢ়ক: বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতেই মাধমাৰ; বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম

ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত কি হ’ব ভাৰতৰ স্থিতি ?  স্পষ্ট কৰিলে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ভাৰত কেৱল এক প্ৰধান গ্ৰাহক নহয়, বিশ্ব শক্তি বজাৰখন সুস্থিৰ কৰি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আমি বহু দেশৰ পৰা শক্তি ক্ৰয় কৰো ।

ভাৰতৰ খাৰুৱা তেল ক্ৰয় সন্দৰ্ভত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সোমবাৰে উল্লেখ কৰে যে ভাৰতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ ভিত্তিত শক্তি ক্ৰয়ৰ উৎস নিৰ্ধাৰণ কৰিব । ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি ঘোষণা কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰি আমেৰিকা আৰু ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈ সন্মত হৈছে । বৈদেশিক সচিবগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ কৌশল হৈছে শক্তি ক্ৰয়ৰ বাবে একাধিক উৎস ৰক্ষণাবেক্ষণ কৰা ।

“সকলো দেশতে শক্তিৰ নিৰাপদ যোগান থাকিব লাগে”

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “বিশ্ব শক্তি বজাৰত মূল্য সুস্থিৰ কৰাৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । শক্তিৰ সুস্থিৰ মূল্য আৰু সকলো দেশলৈ শক্তিৰ নিৰাপদ আৰু নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত আৰু আন বহু চুবুৰীয়া দেশৰ অংশীদাৰিত্ব আছে ।” তেওঁ লগতে কয় যে তেল কোম্পানীসমূহে প্ৰকৃততে তেল ক’ৰ পৰা ক্ৰয় কৰিব সেইটো নিৰ্ণয় কৰে আৰু এই সিদ্ধান্তসমূহ মূলতঃ বজাৰৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি লোৱা হয় ।

ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি-

ৰাছিয়াৰ পৰা ভাৰতে তেল ক্ৰয় কৰাৰ পৰিকল্পনা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “আমি এখন উন্নয়নশীল অৰ্থনীতি । আমি আমাৰ সম্পদৰ উপলব্ধতাৰ প্ৰতি সচেতন হ’ব লাগিব । যেতিয়া আমি ৮০-৮৫ শতাংশ আমদানিৰ ওপৰত নিৰ্ভৰশীল, তেতিয়া আমি অধিক মূল্যৰ প্ৰতি সংবেদনশীল হ’ব লাগিব । শক্তিৰ ক্ষেত্ৰত আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ ভাৰতীয় গ্ৰাহকৰ স্বাৰ্থ ৰক্ষা কৰাটো কোনো আচৰিত কথা নহয় ।”

আমি বহু দেশৰ পৰা শক্তি ক্ৰয় কৰোঁ : বৈদেশিক সচিব

বৈদেশিক সচিবগৰাকীয়ে কয়, “বিগত কিছু বছৰত বিশ্ব অৰ্থনীতি যথেষ্ট অনিশ্চয়তাৰ সন্মুখীন হৈছে, যাৰ ফলত বিশ্ব শক্তি বজাৰৰ স্থিতিশীলতাত গভীৰ প্ৰভাৱ পৰিছে । ভাৰত কেৱল এক প্ৰধান গ্ৰাহক নহয়, বিশ্ব শক্তি বজাৰখন সুস্থিৰ কৰি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আমি বহু দেশৰ পৰা শক্তি ক্ৰয় কৰো । এই ক্ষেত্ৰত আমি যিমানেই বৈচিত্ৰ্যপূৰ্ণ হ’ম সিমানেই নিৰাপদ হ’ম ।”

লগতে পঢ়ক : ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব নেকি ভাৰতে ? ট্ৰাম্পৰ দাবীক লৈ বৈদেশিক মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব নেকি ভাৰতে ? ট্ৰাম্পৰ দাবীক লৈ বৈদেশিক মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতি পুনৰবাৰ প্ৰকাশ কৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকা-ভাৰত বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰাৰ সময়ত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব বুলি দাবী কৰে । ইয়াৰ পিছতে এতিয়া ট্ৰাম্পৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত পূৰ্বৰ স্থিতি পুনৰবাৰ প্ৰকাশ কৰে । মন্ত্ৰালয়ে উল্লেখ কৰে যে ভাৰতৰ শক্তি সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, “ভাৰতৰ শক্তিৰ উৎসসমূহৰ বৈচিত্ৰ্যতা আমাৰ কৌশলৰ বাবে মৌলিক । ভাৰতৰ শক্তিৰ উৎসৰ ক্ষেত্ৰত চৰকাৰে বহুবাৰ ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে ১.৪ বিলিয়ন ভাৰতীয়ৰ শক্তি সুৰক্ষা নিশ্চিত কৰাটো ইয়াৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ ।”

এম ই এৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “বজাৰৰ পৰিস্থিতি আৰু পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশৰ লগত সংগতি ৰাখি শক্তিৰ উৎসসমূহৰ বৈচিত্ৰ্যতা আমাৰ কৌশলৰ এটা মূল স্তম্ভ । এই দৃষ্টিভংগীৰে ভাৰতৰ সকলো সিদ্ধান্ত লোৱা হৈছে আৰু লোৱা হ’ব ।”

পুনৰবাৰ নিজৰ স্থিতি স্পষ্ট কৰিলে ভাৰতে-

আমেৰিকাই বিচাৰে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰক । ভাৰতে স্পষ্ট কৰি দিছে যে দেশৰ শক্তিৰ প্ৰয়োজনীয়তাই আন যিকোনো বিবেচনাতকৈ অগ্ৰাধিকাৰ লাভ কৰে । ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় সন্দৰ্ভত ভাৰতৰ এয়া ধাৰাবাহিক অৱস্থান । আমেৰিকাৰ অভিযোগ যে ৰাছিয়াই তেলৰ পৰা পোৱা ধন ইউক্ৰেইনৰ যুদ্ধৰ বাবে ব্যৱহাৰ কৰে । অৱশ্যে ৰাছিয়াই এই অভিযোগ সজোৰে অস্বীকাৰ কৰিছে ।

হোৱাইট হাউছৰ দাবীৰ পিছতে বিবৃতি জাৰি বিদেশ মন্ত্ৰালয়ৰ-

ভাৰতে ৰাছিয়াৰ পৰা পোনপটীয়াকৈ বা তৃতীয় দেশৰ জৰিয়তে তেল ক্ৰয় কৰা বন্ধ কৰাৰ লগতে আমেৰিকাৰ পৰা তেল ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি হোৱাইট হাউছে কোৱাৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এই বক্তব্য প্ৰকাশ পাইছে । এই বক্তব্য আমেৰিকাই ৰাছিয়াৰ তেল ক্ৰয়ৰ জৰিমনা হিচাপে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্ক আঁতৰোৱাৰ কথা ঘোষণা কৰাৰ সময়ত প্ৰকাশ কৰিছিল ।

কি ক’লে ক্ৰেমলিনে ?

এই বিষয়ে ক্ৰেমলিনে উল্লেখ কৰে যে ভাৰতে য’ৰ পৰাই তেল ক্ৰয় কৰিবলৈ স্বাধীন । ক্ৰেমলিনৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে কয় যে ৰাছিয়াই ভালদৰেই জানে যে ভাৰতলৈ তেল আৰু পেট্ৰলিয়াম সামগ্ৰীৰ একমাত্ৰ যোগানকাৰী নহয় । তেওঁ লগতে কয় যে ভাৰতে সদায় এই সামগ্ৰীসমূহ অন্য দেশৰ পৰা ক্ৰয় কৰি আহিছে । সেয়ে ইয়াত নতুন একো নাই ।

লগতে পঢ়ক : ভাৰতীয় কৃষক আৰু উদ্যোগীৰ বাবে মুকলি হ’ব সুযোগঃ বাণিজ্যিক চুক্তিৰ ৰূপৰেখাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ New START চুক্তিৰ ম্যাদ অন্ত; মাজনিশা হ’ব পাৰে বৃহৎ ঘোষণা!

আমেৰিকা আৰু ৰাছিয়াৰ মাজত হোৱা New START চুক্তিৰ ম্যাদ বৃহস্পতিবাৰে উকলিব। ইয়াৰ লগে লগে আমেৰিকা আৰু ৰাছিয়াৰ মাজত তেওঁলোকৰ কৌশলগত পাৰমাণৱিক শক্তি সীমিত কৰা কোনো আইনীভাৱে বাধ্যতামূলক চুক্তি আৰু নাথাকিব।

দুখন মহাশক্তি ‘পাৰমাণৱিক নিয়ন্ত্ৰণ’ৰ পৰা মুক্ত হ’বলৈ গৈ আছে,যাৰ কাৰণে আধা পৃথিৱী ভয়ত আছে।আজি ৫ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে মাজনিশা বিশ্বৰ অন্তিমখন বৃহৎ পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি,New START য়ে নিজৰ আইনী সময়সীমা পূৰণ কৰিব। ইয়াৰ পিছত আমেৰিকা আৰু ৰাছিয়াক অনিয়ন্ত্ৰিত পাৰমাণৱিক যুদ্ধত বাধা দিয়া নিয়মৰ অন্ত পৰিব। 

আমেৰিকা আৰু ৰাছিয়াৰ মাজত পাৰমাণৱিক শক্তি নিয়ন্ত্ৰণ কৰা চুক্তি New START ৰ সন্দৰ্ভত আজি মাজনিশা এক বৃহৎ চুক্তি স্বাক্ষৰহ’ব। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত শান্তি চুক্তি সন্দৰ্ভত ইউ এ ইত আলোচনা চলি আছে।

যোৱা ২৪ ঘণ্টা ধৰি চলি থকা মাৰাথন বৈঠকৰ মাজতে আমেৰিকা আৰু ৰাছিয়াইও New START চুক্তিৰ বিষয়ে আলোচনা কৰিছে।

দুয়োখন মহাশক্তিধৰ দেশে সন্ধিখন সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে এটা অন্তৱৰ্তীকালীন চুক্তি ওচৰ চাপিছে।

২০১০ চনত স্বাক্ষৰিত New START চুক্তিখন শীতল যুদ্ধৰ যুগৰ সন্ধিৰ দীৰ্ঘদিনীয়া উত্তৰাধিকাৰৰ ভিতৰত শেষ চুক্তি, যিয়ে বিগত পাঁচ দশক ধৰি বিশ্বক অনিয়ন্ত্ৰিত পাৰমাণৱিক যুদ্ধৰ পৰা সুৰক্ষিত কৰি ৰাখিছে।

এই সন্ধিত আমেৰিকা আৰু ৰাছিয়াক সৰ্বাধিক ১৫৫০টাকৈ নিয়োজিত কৌশলগত পাৰমাণৱিক ৱাৰহেড লৈকে সীমাবদ্ধ কৰা হৈছে।

আজি ৰাতি যদি এই সন্ধিৰ অন্ত পৰে,তেন্তে ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বৰ দুখন বৃহৎ পাৰমাণৱিক শক্তিৰ অস্ত্ৰভাণ্ডাৰৰ ওপৰত কোনো আইনী বাধা নাথাকিব।

ইয়াৰ অনুপস্থিতিত অনাস্থা আৰু ভুল বুজাবুজি ইমানেই বৃদ্ধি পাব পাৰে যে পৃথিৱীখনক আকৌ এবাৰ বিপদজনক অস্ত্ৰৰ প্ৰতিযোগিতাত নিক্ষেপ কৰা হ’ব।

লগতে পঢ়ক ; ‘প্রধানমন্ত্রীৰ লগত যিকোনো ঘটনা হ’ল হয়’; লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ডাঙৰ ৰহস্য ভেদ