পুনৰ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, অংশ ল’ব ব্ৰিকছ সন্মিলনত

পুনৰ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, অংশ ল’ব ব্ৰিকছ সন্মিলনত

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক ব্ৰিকছ (BRICS) সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অংশগ্ৰহণ কৰিব । ক্ৰেমলিনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰা হৈছে । দক্ষিণ আফ্ৰিকাস্থিত ৰাছিয়াৰ দূতাবাসে ছচিয়েল

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ

চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক ব্ৰিকছ (BRICS) সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অংশগ্ৰহণ কৰিব । ক্ৰেমলিনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰা হৈছে ।

দক্ষিণ আফ্ৰিকাস্থিত ৰাছিয়াৰ দূতাবাসে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত প্ৰকাশ কৰা এক পোষ্ট অনুসৰি, পুটিনৰ জ্যেষ্ঠ সহযোগী ইউৰী উশ্বাকভে জনাইছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনত উপস্থিত থাকিব ।

এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ-

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ । ইয়াৰ পূৰ্বে শেহতীয়াকৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’বলৈ তেওঁ নতুন দিল্লীত উপস্থিত হৈছিল ।

দিল্লীত লাভৰভ-মোদীৰ বৈঠক : আলোচনা হ’ল গোলকীয় প্ৰেক্ষাপট

চলিত মে’ মাহৰ আৰম্ভণিতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে ভাৰত ভ্ৰমণ কৰি ব্ৰিকছৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশ লৈছিল । এই ভ্ৰমণকালতে যোৱা ১৪ মে’ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । বৈঠকত লাভৰভে প্ৰধানমন্ত্ৰী মোদীক দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ দৰে গুৰুত্বপূৰ্ণ আঞ্চলিক তথা গোলকীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত বৈদেশিক মন্ত্ৰী লাভৰভে সদৰী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চলিত বৰ্ষৰ শেষৰ ফালে ৰাছিয়া ভ্ৰমণ কৰিব বুলি পুনৰ নিশ্চিত কৰিছে । মস্কোৱে ভাৰতৰ সৈতে থকা ইয়াৰ “বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব” অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণ দায়বদ্ধ বুলি তেওঁ উল্লেখ কৰে ।

ব্ৰিকছ আৰু ভাৰতৰ ভূমিকা

ব্ৰিকছ হৈছে বিশ্বৰ ১১ খন প্ৰধান বজাৰ আৰু উন্নয়নশীল দেশৰ এক শক্তিশালী মঞ্চ। এই গোটত অন্তৰ্ভুক্ত দেশসমূহ হৈছে :

ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅ’পিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰান, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰাত ।

গোলকীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক শাসন ব্যৱস্থাৰ লগতে সমসাময়িক গোলকীয় সমস্যাসমূহৰ সমাধানৰ বাবে এই মঞ্চই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

লগতে পঢ়ক : ৪৩ বছৰৰ পাছত নৰৱেত ভাৰতৰ প্ৰধানমন্ত্ৰী; ওচলোত উষ্ম আদৰণি নৰেন্দ্ৰ মোদীক