পুনৰ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, অংশ ল’ব ব্ৰিকছ সন্মিলনত

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ

চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক ব্ৰিকছ (BRICS) সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অংশগ্ৰহণ কৰিব । ক্ৰেমলিনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰা হৈছে ।

দক্ষিণ আফ্ৰিকাস্থিত ৰাছিয়াৰ দূতাবাসে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত প্ৰকাশ কৰা এক পোষ্ট অনুসৰি, পুটিনৰ জ্যেষ্ঠ সহযোগী ইউৰী উশ্বাকভে জনাইছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনত উপস্থিত থাকিব ।

এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ-

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ । ইয়াৰ পূৰ্বে শেহতীয়াকৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’বলৈ তেওঁ নতুন দিল্লীত উপস্থিত হৈছিল ।

দিল্লীত লাভৰভ-মোদীৰ বৈঠক : আলোচনা হ’ল গোলকীয় প্ৰেক্ষাপট

চলিত মে’ মাহৰ আৰম্ভণিতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে ভাৰত ভ্ৰমণ কৰি ব্ৰিকছৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশ লৈছিল । এই ভ্ৰমণকালতে যোৱা ১৪ মে’ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । বৈঠকত লাভৰভে প্ৰধানমন্ত্ৰী মোদীক দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ দৰে গুৰুত্বপূৰ্ণ আঞ্চলিক তথা গোলকীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত বৈদেশিক মন্ত্ৰী লাভৰভে সদৰী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চলিত বৰ্ষৰ শেষৰ ফালে ৰাছিয়া ভ্ৰমণ কৰিব বুলি পুনৰ নিশ্চিত কৰিছে । মস্কোৱে ভাৰতৰ সৈতে থকা ইয়াৰ “বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব” অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণ দায়বদ্ধ বুলি তেওঁ উল্লেখ কৰে ।

ব্ৰিকছ আৰু ভাৰতৰ ভূমিকা

ব্ৰিকছ হৈছে বিশ্বৰ ১১ খন প্ৰধান বজাৰ আৰু উন্নয়নশীল দেশৰ এক শক্তিশালী মঞ্চ। এই গোটত অন্তৰ্ভুক্ত দেশসমূহ হৈছে :

ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅ’পিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰান, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰাত ।

গোলকীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক শাসন ব্যৱস্থাৰ লগতে সমসাময়িক গোলকীয় সমস্যাসমূহৰ সমাধানৰ বাবে এই মঞ্চই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

লগতে পঢ়ক : ৪৩ বছৰৰ পাছত নৰৱেত ভাৰতৰ প্ৰধানমন্ত্ৰী; ওচলোত উষ্ম আদৰণি নৰেন্দ্ৰ মোদীক

ব্ৰিকছৰ নতুন সদস্য হ’ল ইণ্ডোনেছিয়া; বেলাৰুছ, মালয়েছিয়াকে ধৰি দহখন দেশ হ’ল সহযোগী

ব্ৰিকছৰ নতুন সদস্য হ’ল ইণ্ডোনেছিয়া

ইণ্ডোনেছিয়া ব্ৰিকছ সংগঠনৰ নতুন সদস্য দেশ হিচাপে পৰিগণিত হৈছে । একে সময়তে দহখন দেশ বেলাৰুছ, বলিভিয়া, কাজাখাস্তান, নাইজেৰিয়া, মালয়েছিয়া, থাইলেণ্ড, কিউবা, ভিয়েটনাম, উগাণ্ডা আৰু উজবেকিস্তান অংশীদাৰ দেশ হিচাপে ব্ৰিকছত অন্তৰ্ভুক্ত হৈছে । ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হৈ থকা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ যৌথ বিবৃতিত কোৱা হৈছে যে ‘আমি ইণ্ডোনেছিয়া গণৰাজ্যক ব্ৰিকছৰ সদস্য হিচাপে আদৰণি জনাইছো । আমি বেলাৰুছ ৰিপাব্লিক, বলিভিয়া, কাজাখাস্তান, কিউবা ৰিপাব্লিক, নাইজেৰিয়া, মালয়েছিয়া, থাইলেণ্ড, ভিয়েটনাম, উগাণ্ডা আৰু উজবেকিস্তানকো ব্ৰিকছৰ অংশীদাৰ দেশ হিচাপে আদৰণি জনাইছো ।’

পুৰণি টাইপৰাইটাৰৰ পৰা নতুন চফটৱেৰ চলাব নোৱাৰিবঃ প্ৰধানমন্ত্ৰী মোদী

উমৈহতীয়া বিবৃতিটোত জলবায়ু বিত্ত সন্দৰ্ভত ব্ৰিকছৰ নেতাসকলৰ কাঠামো ঘোষণা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী শাসন সন্দৰ্ভত ব্ৰিকছৰ নেতাসকলৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছে । লগতে সামাজিকভাৱে নিৰ্ধাৰিত ৰোগ নিৰ্মূলৰ বাবে ব্ৰিকছ দেশসমূহৰ অংশীদাৰিত্ব । দেওবাৰে ব্ৰিকছৰ অধিৱেশন ‘শান্তি আৰু নিৰাপত্তা আৰু বিশ্ব শাসন সংস্কাৰ’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰৰ অন্তৰ্ভুক্তিয়ে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতা প্ৰদৰ্শন কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ দৰে প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু বহুপক্ষীয় উন্নয়নৰ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰ সংযোজনে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতা দেখুৱাইছে । এতিয়া আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা আৰু বহুপক্ষীয় উন্নয়ন বেংকৰ দৰে প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে একে দৃঢ়তা প্ৰদৰ্শন কৰিব লাগিব । প্ৰতি সপ্তাহত প্ৰযুক্তিৰ বিকাশ ঘটি থকা এ আইৰ যুগত ৮০ বছৰ ধৰি বিশ্বৰ প্ৰতিষ্ঠানসমূহ অপৰিৱৰ্তিত হৈ থকাটো গ্ৰহণযোগ্য নহয় । ২০ শতিকাৰ টাইপৰাইটাৰত একবিংশ শতিকাৰ চফট্ৱেৰ চলাব নোৱাৰিব ।’

লগতে পঢ়ক : ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ব্ৰিকছ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

‘পহলগাম কাণ্ড আছিল সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ…’;BRICS ত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

BRICS ত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হোৱা ১৭ সংখ্যক BRICS সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ জম্মু-কাশ্মীৰৰ পহলগামত ২২ এপ্ৰিলত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক সমগ্ৰ মানৱ জাতিৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰা হৈছিল।

তেওঁ কয় যে সন্ত্ৰাসবাদ হৈছে মানৱতাৰ সন্মুখত থকা অন্যতম গুৰুতৰ প্ৰত্যাহ্বান। শেহতীয়াকৈ ভাৰতে পহলগামত অমানৱীয় আৰু কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে।এই আক্ৰমণ কেৱল ভাৰতৰ ওপৰত নহয়, সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ।

BRICS শীৰ্ষ সন্মিলনৰ ‘শান্তি-নিৰাপত্তা আৰু বিশ্ব শাসনৰ সংস্কাৰ’ অধিবেশনত প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি আৰু ভাতৃত্ববোধৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে।লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ বাবেও তীব্ৰ আহ্বান জনায়।

তেওঁ স্পষ্টকৈ কৈছিল যে সন্ত্ৰাসবাদক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰা যিকোনো দেশেই তাৰ মূল্য দিব লাগে।সন্ত্ৰাসবাদীক নিষিদ্ধ কৰাত কোনো সংকোচ হ’ব নালাগে।সন্ত্ৰাসবাদৰ বলি হোৱা লোক আৰু ইয়াৰ সমৰ্থকসকলক একে স্কেলত ওজন কৰিব নোৱাৰি।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে জোৰ দি কয় যে ৰাজনৈতিক বা ব্যক্তিগত স্বাৰ্থৰ বাবে মৌন সমৰ্থন দিয়া বা সন্ত্ৰাসবাদক আওকাণ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নালাগে।

তেওঁ কয় যে মহাত্মা গান্ধী আৰু গৌতম বুদ্ধৰ নিৰ্দেশনাত ভাৰতে শান্তিৰ পথ বাছি লৈ যাব।পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, মানৱতাৰ কল্যাণৰ বাবে শান্তি সৰ্বোত্তম পথ।

ব্ৰিকছ দেশসমূহে পহলগাম আক্ৰমণক গৰিহণা দিছে

ব্ৰিকছৰ দেশসমূহে যৌথভাৱে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।তেওঁলোকৰ যৌথ বিবৃতিত তেওঁলোকে ইয়াক সন্ত্ৰাসবাদৰ অপৰাধমূলক আৰু ইয়াক ক্ষমা কৰিব নোৱাৰা কাম বুলি অভিহিত কৰি তেওঁ সন্ত্ৰাসবাদৰ সকলো ধৰণৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।

বিবৃতিটোত কোৱা হৈছে যে ২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত তীব্ৰ গৰিহণা দিছো, য’ত ২৬ জন লোক নিহত হোৱাৰ লগতে বহু আহত হয়।

লগতে পঢ়ক: গ্লবেল চাউথ অবিহনে পৃথিৱী নেটৱৰ্ক নথকা মোবাইলৰ দৰে… ব্ৰিকছ মঞ্চৰ পৰা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ব্ৰিকছ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ পিছত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ৰাজকীয় ভ্ৰমণত ব্ৰাজিলিয়ালৈ যাব তেওঁ । এই ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ পাঁচখন দেশৰ ভ্ৰমণৰ চতুৰ্থ পৰ্যায় । ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হোৱাৰ লগে লগে প্ৰৱাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰী মোদীক এক বৃহৎ আদৰণি জনায় । পৰম্পৰাগত নৃত্য, সাংস্কৃতিক উপস্থাপন আৰু দেশপ্ৰেমমূলক চিত্ৰৰে আদৰণি জনায় প্ৰধানমন্ত্ৰী মোডীক প্ৰবাসী ভাৰতীয়সকলে ।

প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ সময়ত অপাৰেচন সিন্দুৰৰ আভাসো দেখা যায় । পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলাই থকা অভিযানৰ আধাৰত এই উপস্থাপন কৰা হয় । এই সমগ্ৰ অনুষ্ঠানটো নৃত্য আৰু চিত্ৰকলাৰ জৰিয়তে প্ৰদৰ্শিত হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ ডি জেনেৰিঅ’ত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰে । তেওঁক ভাৰতীয় সম্প্ৰদায়ে উষ্ম আদৰণি জনাই ।

গ্ৰেণ্ড ৱেলকামত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে-

ব্ৰাজিলত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ব্ৰজিলৰ ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলে ৰিঅ’ ডি জেনেৰঅ’ত উষ্ম আদৰণি জনায় । ভাৰতীয় সংস্কৃতিৰ সৈতে তেওঁলোক কিমান সংযুক্ত আৰু ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁলোক কিমান আবেগিক সেয়া আচৰিত কথা” ।

শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে-

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । এই ভ্ৰমণৰ সময়ত তেওঁ ৬ আৰু ৭ জুলাইত ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত ৰাজকীয় ভ্ৰমণ কৰিব । প্ৰায় ছয় দশকৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এইটোৱেই হ’ব প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ ।

লগতে পঢ়ক : ৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা

৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা

৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰাজিল ভ্ৰমণ সন্দৰ্ভত শনিবাৰে ভাৰতৰ ৰাষ্ট্ৰদূত দীনেশ ভাটিয়াই কয় যে এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ব্ৰাজিলৰ মাজত দ্বিপাক্ষিক সন্ত্ৰাসবাদ বিৰোধী চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে । ভাটিয়াই কয় যে দুয়োখন দেশ অতি ঘনিষ্ঠ । ১৯৪৮ চনত লেটিন আমেৰিকাত ব্ৰাজিলত ভাৰতে প্ৰথমটো দূতাবাস মুকলি কৰিছিল । তেতিয়াৰ পৰা আমাৰ সম্পৰ্ক অতি শক্তিশালী হৈ উঠিছে ।

ব্ৰাজিললৈ প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থ ভ্ৰমণ-

তেওঁ কয় যে ২০০৬ চনত আমি এই সম্পৰ্কসমূহক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিলোঁ আৰু তেতিয়াৰ পৰাই ই অহৰহ শক্তিশালী হৈ আহিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এয়া চতুৰ্থটো ব্ৰাজিল ভ্ৰমণ । ইয়াৰ পূৰ্বে তেওঁ তিনিবাৰ দেশখনলৈ গৈছে । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজকীয় ভ্ৰমণলৈ আহিছে ।

দুদিন ৰিঅ’ ডি জেনেইৰ’ত থাকিব প্ৰধানমন্ত্ৰী মোদী-

তেওঁ অৱগত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হ’ব আৰু তাত দুদিন থাকিব । ইয়াৰ পিছত তেওঁ ৰাজকীয় ভ্ৰমণৰ বাবে ব্ৰাজিলিয়ালৈ যাব । এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ কাৰণ ৫৭ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ৰাজকীয় ভ্ৰমণ ।

ব্ৰাজিলে আয়োজন কৰিছে ব্ৰিকছ সন্মিলন-

ব্ৰিকছ শীৰ্ষ সন্মিলন সন্দৰ্ভত তেওঁ কয় যে ব্ৰাজিলে এই বছৰ ব্ৰিকছ শীৰ্ষ সন্মিলন আয়োজন কৰিছে । এইবাৰ নতুন অংশীদাৰ দেশসমূহে ইয়াত অংশগ্ৰহণ কৰিব । বিশ্ব শাসন আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ সদায় ব্ৰিকছৰ মূল কাৰ্যসূচীত আছিল আৰু ভৱিষ্যতেও এই প্ৰক্ৰিয়া অব্যাহত থাকিব । ইয়াৰ উপৰিও ব্ৰাজিলে আন বহু বিষয়ো আলোচনাত অন্তৰ্ভুক্ত কৰিছে, যিবোৰে যৌথ ঘোষণাত স্থান পাব ।

লগতে পঢ়ক : আৰ্জেণ্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী; বিমানবন্দৰত উষ্ম আদৰণি

৫খন দেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; ব্ৰিকছ সন্মিলনতো কৰিব অংশগ্ৰহণ

৫খন দেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

বুধবাৰে পুৱা ৮ বজাত ৫ খন দেশ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে গ্ল’বেল চাউথৰ বহু প্ৰধান দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰা । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ৮ দিনীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ উপৰিও ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব । এই সময়ছোৱাত তেওঁ ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰিব ।

আজিৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভ্ৰমণ-

এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ২ দিনৰ বাবে (২-৩ জুলাই) ঘানা ভ্ৰমণ কৰিব । এইটো হৈছে প্ৰধানমন্ত্ৰীৰ ঘানালৈ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ । যোৱা তিনিটা দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব য’ত শক্তিশালী পাৰস্পৰিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰা হ’ব । লগতে অৰ্থনৈতিক, শক্তি আৰু প্ৰতিৰক্ষা সহযোগিতাৰ জৰিয়তে সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগৰ বিষয়েও আলোচনা হ’ব ।

দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ-

ঘানা ভ্ৰমণৰ পিছত ৩ জুলাইৰ পৰা ৪ জুলাইলৈ ২ দিনীয়া ট্ৰিনিদাদ এণ্ড ট’বাগো ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ১৯৯৯ চনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণৰ এইটোৱেই হ’ব প্ৰথমটো ভ্ৰমণ । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৰাষ্ট্ৰপতি ক্ৰীষ্টিন কাৰ্লা কংগালু আৰু প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিচেছৰৰ সৈতে আলোচনাত মিলিত হ’ব । কেৰিবিয়ান দেশৰ সংসদৰ যুটীয়া অধিৱেশনতো ভাষণ দিয়াৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

তৃতীয় পৰ্যায়ত আৰ্জেণ্টিনা ভ্ৰমণ-

তৃতীয় পৰ্যায়ৰ এই ভ্ৰমণত ৪ জুলাইৰ পৰা ৫ জুলাইলৈ আৰ্জেণ্টিনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলীৰ সৈতে প্ৰতিৰক্ষা, কৃষি, খনি, তেল আৰু গেছ, নবীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক বৃদ্ধিৰ বাবে বিস্তৃত আলোচনাত মিলিত হ’ব । বিবৃতিটোত লগতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীৰ এই দ্বিপাক্ষিক ভ্ৰমণে ভাৰত আৰু আৰ্জেণ্টিনাৰ বহুমুখী কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব ।

চতুৰ্থ পৰ্যায়ত ব্ৰাজিল ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ৰাষ্ট্ৰপতি লুইছ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ব্ৰাজিল ভ্ৰমণলৈ যাব মোদী । ৫ জুলাইৰ পৰা ৮ জুলাইলৈ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী ।

প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ এয়া চতুৰ্থবাৰৰ বাবে ব্ৰাজিল ভ্ৰমণ । ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’ব ১৭ সংখ্যক ব্ৰিকছ সন্মিলন । শীৰ্ষ সন্মিলনৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে ।

ভ্ৰমণৰ অন্তিম পৰ্যায়ৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে আফ্ৰিকাৰ দেশ নামিবিয়া ভ্ৰমণ কৰিব । এই সময়ত তেওঁ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে নামিবিয়াৰ সংসদতো ভাষণ দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ব্ৰিকছ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে; ২ জুলাইৰ পৰা পাঁচখন দেশ ভ্ৰমণ কাৰ্যসূচী

ব্ৰিকছ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে; ২ জুলাইৰ পৰা পাঁচখন দেশ ভ্ৰমণ কাৰ্যসূচী

ব্ৰিকছ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী মোদীয়ে

শীঘ্ৰেই ঘানা, ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী । সোমবাৰে সচিব (অৰ্থনৈতিক সম্পৰ্ক) ডাম্মু ৰবিয়ে কয় যে ২-৩ জুলাইত প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিব । ৩০ বছৰৰ পাছত ঘানালৈ কোনো প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ হ’ব । শেহতীয়াকৈ বিজয়ৰ অন্তত ৰাষ্ট্ৰপতি জন ড্ৰামণি মহামাই কাৰ্যভাৰ গ্ৰহণ কৰিছে ঘানাত । ভাৰত আৰু ঘানাৰ মাজত ঐতিহাসিক সম্পৰ্ক আছে । দশক দশক ধৰি বহু ক্ষেত্ৰত দুয়োখন দেশৰ সম্পৰ্ক গঢ় লৈ উঠিছে ।

তেওঁ কয়, দুয়োখন দেশে একেলগে কাম কৰি নিজৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰিব । অৰ্থনৈতিক বিষয়সমূহ আলোচনাৰ মূল বিষয় হ’ব । ভাৰত আৰু ঘানাৰ দ্বিপাক্ষিক বাণিজ্য প্ৰায় ৩ বিলিয়ন ডলাৰ, য’ত সোণৰ আমদানিৰ ডাঙৰ অৱদান আছে । এই ভ্ৰমণৰ সময়ত কৃষি, পশ্চিম আফ্ৰিকাৰ ভেকচিন উন্নয়ন কেন্দ্ৰ, প্ৰতিৰক্ষা সহযোগিতা, জটিল খনিজ আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । কিছু চুক্তিও স্বাক্ষৰিত হ’ব ।

২৭ বছৰৰ মূৰত নামিবিয়া ভ্ৰমণ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ-

ৰবিয়ে কয়, প্ৰধানমন্ত্ৰী মোদীয়ে ৯ জুলাইত নামিবিয়া ভ্ৰমণ কৰিব । এই ভ্ৰমণ গুৰুত্বপূৰ্ণ কাৰণ ২৭ বছৰৰ পিছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে এই দেশ ভ্ৰমণ কৰিব । ভাৰত আৰু নামিবিয়াৰ মাজত প্ৰায় ৬০ কোটি ডলাৰৰ ব্যৱসায় চলি আছে, যিটো ভাৰতৰ পক্ষত সামান্য । বিনিয়োগ ৮০ কোটি ডলাৰৰ ওচৰত । ভাৰতে নামিবিয়াৰ পৰা কিছু চিতা আনি কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাৰ জনসংখ্যা বৃদ্ধি কৰিছে ।

তেওঁ কয় যে, এই প্ৰকল্প, নামিবিয়াৰ কৰ্মীসকলৰ উন্নয়ন সহযোগিতা, সামৰ্থ্য বিকাশ, প্ৰতিৰক্ষা সহযোগিতা আৰু প্ৰতিৰক্ষা প্ৰশিক্ষণৰ ক্ষেত্ৰত অতি সফল হৈছে । তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰতো আমি এক উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰিছো । ইউনিফাইড পেমেণ্টছ ইন্টাৰঅপাৰেবিলিটি টেকন’লজিৰ ওপৰত দুয়োখন দেশৰ মাজত চুক্তি আছে । প্ৰাকৃতিক সম্পদ আৰু খনিজ পদাৰ্থৰে চহকী দেশ নামিবিয়া । ইয়াত ইউনিয়নিয়াম, তাম, কোবাল্ট, বিৰল মাটিৰ মৌল, লিথিয়াম আৰু গ্ৰেফাইট প্ৰচুৰ পৰিমাণে আছে । নামিবিয়াই নতুন তৈলক্ষেত্ৰও আৱিষ্কাৰ কৰিছে ।

ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰিব-

তেওঁ কয় যে, ৬ আৰু ৭ জুলাইত ব্ৰাজিলত ১৭ সংখ্যক ব্ৰিকছ সন্মিলন অনুষ্ঠিত হ’ব । এইবাৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে ‘অন্তৰ্ভুক্ত আৰু বহনক্ষম শাসনৰ বাবে বিশ্ব দক্ষিণ সহযোগিতা শক্তিশালী কৰা’ । অহা বছৰ ভাৰতে ব্ৰিকছ সন্মিলনৰ অধ্যক্ষতা কৰিব ।

১৯৯৯ চনৰ পিছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ প্ৰথম ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণ-

একে সময়তে দক্ষিণ পৰিক্ৰমা সচিব নীনা মালহোত্ৰাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৩-৪ জুলাইত ট্ৰিনিদাদ এণ্ড ট’বাগোলৈ আনুষ্ঠানিক ভ্ৰমণ কৰিব, যিটো দেশখনৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিছেছৰৰ আমন্ত্ৰণত হ’ব । এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণ আৰু ১৯৯৯ চনৰ পিছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ । এই ভ্ৰমণ বিশেষ কাৰণ এইবাৰ ভাৰতীয় প্ৰৱাসী ট্ৰিনিদাদ আৰু ট’বাগোলৈ অহাৰ ১৮০ বছৰ সম্পূৰ্ণ হ’ব । মোক কোৱা হৈছে যে বৰ্তমান দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী দুয়োজনেই ভাৰতীয় মূলৰ । দুয়োগৰাকী মহিলা, দুয়োজনেই উকীল আৰু দুয়োগৰাকীয়ে নিজৰ ভাৰতীয় শিপা আৰু ঐতিহ্যক লৈ গৌৰৱ কৰে । নিজকে ভাৰতৰ কন্যা বুলি কয় ।

লগতে পঢ়ক : মহাকাশত থকা শুভাংশু শুক্লাক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে হোমৱৰ্ক…

১২ বছৰত প্ৰথমবাৰলৈ; BRICS শীৰ্ষ সন্মিলনত নাথাকিব জিনপিং, পুটিন

BRICS শীৰ্ষ সন্মিলনত নাথাকিব জিনপিং

BRICS শীৰ্ষ সন্মিলনত এইবাৰ বিশ্বৰ দুজন ডাঙৰ নেতাই অংশগ্ৰহণ নকৰে। এই সন্মিলনত উপস্থিত নাথাকিব চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।

১২ বছৰ ধৰি ধাৰাবাহিকভাৱে BRICS ৰ সভাত অংশগ্ৰহণ কৰা জিনপিং এইবাৰ প্ৰথমবাৰৰ বাবে উপস্থিত নাথাকিব। আনহাতে পুটিনে ইতিমধ্যে ICCৰ ৱাৰেণ্টৰ বাবে এনে ভ্ৰমণৰ পৰা আঁতৰি আহিছে।

অহা ৬-৭ জুলাইত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত ব্ৰিকছ সন্মিলন অনুষ্ঠিত হ’ব।যি সময়ত দুটা শক্তিশালী জাতিৰ নেতাসকলে পিছুৱাই গৈছে, এই মঞ্চত ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তিশালীভাৱে উত্থান হোৱা দেখা গৈছে।

‘ব্ৰিকছ’ৰ পৰা চীনৰ বাঢ়িল দূৰত্ব

চীনে আনুষ্ঠানিকভাৱে ব্ৰাজিলক জনাইছে যে এইবাৰ জিনপিঙে এই সন্মিলনত অংশগ্ৰহণ নকৰে। তেওঁৰ ঠাইত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী লি কিয়ঙে।

চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ৰ পৰা ব্ৰাজিলৰ দূৰত্ব এই ‘কূটনৈতিক শীতলতা’ৰ এটা কাৰণ হ’ব পাৰে।

উল্লেখ্য যে, ভাৰতেও BRIৰ পৰা আঁতৰি আছে।ইয়াৰ পৰা বুজা যায় যে চীনৰ স্বেচ্ছাচাৰী আৰু আগ্ৰাসী নীতি এতিয়া ব্ৰিকছৰ দৰে মঞ্চত গ্ৰহণ কৰা হোৱা নাই।

জিনপিঙৰ অনুপস্থিতিয়ে দেখুৱাইছে যে চীনে এতিয়া ব্ৰিকছত নিজৰ দখল দুৰ্বল অনুভৱ কৰিছে।যেতিয়া ভাৰতে এই মঞ্চক গ্ল’বেল চাউথৰ কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ হিচাপে ব্যৱহাৰ কৰি আছে।

BRICS শীৰ্ষ সন্মিলন নাথাকে পুটিন

আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ গ্ৰেপ্তাৰৰ পৰোৱানাৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ব্ৰাজিললৈ নাযায়।তেওঁৰ ঠাইত বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব।

ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়াৰ দুৰ্বল স্থিতি আৰু ভাৰতৰ শক্তিশালী আইনী আৰু কূটনৈতিক ভাবমূৰ্তিৰ বৈপৰীত্যও প্ৰতিফলিত হয়।

লগতে পঢ়ক: ইজৰাইলৰ ওপৰত ক্ষুণ্ণ হৈ পৰিল ড’নাল্ড ট্ৰাম্প; ক’লে- ইৰাণক লৈয়ো সুখী নহয়