পুনৰ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, অংশ ল’ব ব্ৰিকছ সন্মিলনত

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ

চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক ব্ৰিকছ (BRICS) সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অংশগ্ৰহণ কৰিব । ক্ৰেমলিনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথা নিশ্চিত কৰা হৈছে ।

দক্ষিণ আফ্ৰিকাস্থিত ৰাছিয়াৰ দূতাবাসে ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ (X)-ত প্ৰকাশ কৰা এক পোষ্ট অনুসৰি, পুটিনৰ জ্যেষ্ঠ সহযোগী ইউৰী উশ্বাকভে জনাইছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনত উপস্থিত থাকিব ।

এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ-

ৰাষ্ট্ৰপতি পুটিনৰ এইয়া হ’ব এবছৰৰ ভিতৰত দ্বিতীয়টো ভাৰত ভ্ৰমণ । ইয়াৰ পূৰ্বে শেহতীয়াকৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’বলৈ তেওঁ নতুন দিল্লীত উপস্থিত হৈছিল ।

দিল্লীত লাভৰভ-মোদীৰ বৈঠক : আলোচনা হ’ল গোলকীয় প্ৰেক্ষাপট

চলিত মে’ মাহৰ আৰম্ভণিতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে ভাৰত ভ্ৰমণ কৰি ব্ৰিকছৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশ লৈছিল । এই ভ্ৰমণকালতে যোৱা ১৪ মে’ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । বৈঠকত লাভৰভে প্ৰধানমন্ত্ৰী মোদীক দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ দৰে গুৰুত্বপূৰ্ণ আঞ্চলিক তথা গোলকীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে ।

নতুন দিল্লীত অনুষ্ঠিত এক সংবাদ মেলত বৈদেশিক মন্ত্ৰী লাভৰভে সদৰী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চলিত বৰ্ষৰ শেষৰ ফালে ৰাছিয়া ভ্ৰমণ কৰিব বুলি পুনৰ নিশ্চিত কৰিছে । মস্কোৱে ভাৰতৰ সৈতে থকা ইয়াৰ “বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব” অধিক শক্তিশালী কৰিবলৈ সম্পূৰ্ণ দায়বদ্ধ বুলি তেওঁ উল্লেখ কৰে ।

ব্ৰিকছ আৰু ভাৰতৰ ভূমিকা

ব্ৰিকছ হৈছে বিশ্বৰ ১১ খন প্ৰধান বজাৰ আৰু উন্নয়নশীল দেশৰ এক শক্তিশালী মঞ্চ। এই গোটত অন্তৰ্ভুক্ত দেশসমূহ হৈছে :

ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅ’পিয়া, ভাৰত, ইণ্ডোনেছিয়া, ইৰান, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰৱ আমিৰাত ।

গোলকীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক শাসন ব্যৱস্থাৰ লগতে সমসাময়িক গোলকীয় সমস্যাসমূহৰ সমাধানৰ বাবে এই মঞ্চই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

লগতে পঢ়ক : ৪৩ বছৰৰ পাছত নৰৱেত ভাৰতৰ প্ৰধানমন্ত্ৰী; ওচলোত উষ্ম আদৰণি নৰেন্দ্ৰ মোদীক

পাঁচদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ ট্ৰাম্পৰ দূত এলিচন হুকাৰ

পুটিনৰ ভ্ৰমণৰ পিছতে ভাৰত পালেহি ট্ৰাম্পৰ দূত । বিদেশ সচিব বিক্রম মিস্ত্রীৰ সৈতে বৈঠকৰ সূচী এলিচন হুকাৰৰ ।

ভাৰত, ৰাছিয়া, আমেৰিকা- এই তিনি শক্তিধৰ ৰাষ্ট্রৰ মাজৰ ত্রিকোণীয়া সম্পর্ক ক্রমশঃ জটিল হৈ পৰিছে ৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা, ভাৰত–পাক যুদ্ধ সন্দর্ভত বাৰে বাৰে মধ্যস্থতাৰে যুদ্ধৰ অৱসান ঘটোৱাৰ দাবী আৰু কঠোৰ অভিবাসী নীতিৰে ভাৰতৰ ওপৰত চাপ সৃষ্টি কৰি ভাৰতক বন্ধু ৰাষ্ট্র ৰাছিয়াৰ সৈতে সম্পর্কৰ বান্ধোন অধিক কটকটীয়া কৰি তুলিছে ৷ যোৱা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে দুদিনীয়া ভ্রমণসূচীৰে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ভাৰত ভ্রমণ কৰি যোৱা কার্যই এইক্ষেত্রত বিশেষ তাৎপর্য বহন কৰিছে ৷

পুটিনৰ ভাৰত ভ্রমণৰ পিছতে পাঁচদিনীয়া ভ্রমণসূচীৰে দেওবাৰে ভাৰতলৈ আহিছে আমেৰিকাৰ বিদেশ দপ্তৰৰ ৰাজনৈতিক বিষয়ৰ অবৰ সচিব এলিচন হুকাৰ ৷ তেওঁ এই ভ্রমণ কালছোৱাত ভাৰতৰ বিভিন্ন উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব ৷ মার্কিন দূতাৱাসৰ সূত্রৰ পৰা জানিব পৰা মতে, অহা বৃহস্পতিবাৰলৈকে ভাৰততে থাকিব এলিচন হুকাৰ ৷ দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তিসহ একাধিক গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰিব তেওঁ ৷ এই সময়ছোৱাতে তেওঁ বেংগালুৰুলৈও যোৱাৰ কথা ৷ বেংগালুৰু ভ্রমণকালতে তেওঁ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ কার্যালয়লৈও যাব ৷ তেওঁ ভাৰতৰ বিদেশ সচিব বিক্রম মিস্ত্রীৰ সৈতে আলোচনাত মিলিত হ’ব ৷ কৃত্রিম বুদ্ধিমত্তা আৰু মহাকাশ গৱেষণাৰ ক্ষেত্রত দুয়োখন দেশৰ মাজৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰিব ৷

উল্লেখযোগ্য যে চলিত সপ্তাহতে আমেৰিকাৰ বাণিজ্য প্রতিনিধি ৰিক ছুইজাৰে ভাৰত ভ্রমণলৈ অহাৰ কথা আছে ৷ সেই সময়তে ভাৰত-মার্কিন বাণিজ্য চুক্তি চূড়ান্ত হ’ব পাৰে৷ ১০–১২ ডিচেম্বৰ পর্যন্ত তিনি দিনৰ ভিতৰতে ভাৰত-মার্কিন বাণিজ্য চুক্তিৰ প্রথম স্তৰটো চূড়ান্ত কৰা হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ৷

লগতে পঢ়ক : পুটিন উভতিল… এতিয়া জেলেনস্কিৰ দিল্লী ভ্ৰমণৰ প্ৰস্তুতি…

ড’নাল্ড ট্ৰাম্পৰে আলোচনা স্থগিত; ৰাছিয়ান নিউক্লিয়াৰ ফৰ্চক অনুশীলনৰ নিৰ্দেশ পুটিনৰ

ৰাছিয়ান নিউক্লিয়াৰ ফৰ্চৰ অনুশীলন

বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেশখনৰ কৌশলগত নিউক্লিয়াৰ ফৰ্চ তথা পাৰমাণৱিক বাহিনীক বৃহৎ অনুশীলনৰ নিৰ্দেশ দিয়ে । ইয়াৰ ভিতৰত আছিল মিছাইল উৎক্ষেপণৰ অনুশীলন । ইউক্ৰেইন সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে অনুষ্ঠিত হোৱা পৰিকল্পিত শীৰ্ষ সন্মিলন স্থগিত ৰখাৰ পিছতে নিউক্লিয়াৰ ফৰ্চক এই আদেশ দিয়ে পুটিনে ।

তিনিওটা বিভাগৰ পাৰমাণৱিক অনুশীলন-

ক্ৰেমলিনৰ মতে, এই অনুশীলনত ৰাছিয়াৰ সমগ্ৰ পৰমাণু ত্ৰয়ী (স্থল, জল আৰু বায়ু পাৰমাণৱিক ক্ষমতা) জড়িত আছিল । বিবৃতি অনুসৰি, স্থলভাগৰ পৰা—আৰ এছ-২৪ ইয়াৰছ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলটো উত্তৰ-পশ্চিম ৰাছিয়াৰ প্লেচেটস্ক উৎক্ষেপণ কেন্দ্ৰৰ পৰা নিক্ষেপ কৰা হৈছিল । পানীৰ পৰা—বেৰেণ্টছ সাগৰত নিয়োজিত এখন চাবমেৰিনৰ পৰা আৰ-২৯আৰ এম ইউ চিনেভা আই চি বি এম উৎক্ষেপণ কৰা হৈছিল । আকাশৰ পৰা—টুপলেভ টিউ-৯৫ বোমাৰু বিমানে দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইল নিক্ষেপ কৰিছিল ।

বৈঠক সন্দৰ্ভত পুটিন-ট্ৰাম্পৰ বিবৃতি-

ক্ৰেমলিনৰ এক বিবৃতিত কোৱা হৈছে যে এই অনুশীলনত সামৰিক আদেশৰ প্ৰস্তুতি আৰু পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ অনুমোদন প্ৰদানৰ প্ৰক্ৰিয়া পৰীক্ষা কৰা হয় । ৰাছিয়াৰ জেনেৰেল ষ্টাফৰ মুৰব্বী জেনেৰেল ভেলেৰী গেৰাচিমোভে ভিডিঅ’ লিংকৰ জৰিয়তে পুটিনক এই খবৰ দিয়ে । পুটিনে কয় যে এই অনুশীলন পূৰ্ব নিৰ্ধাৰিত আছিল যদিও ইয়াৰ সময় ট্ৰাম্পৰ ঘোষণাৰ কেইঘণ্টামান পিছতে আহিছিল । মঙলবাৰে ট্ৰাম্পে কৈছিল যে তেওঁ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত পুটিনক সাক্ষাৎ কৰিব নিবিচাৰে কাৰণ “এয়া সময়ৰ অপচয় হ’ব” ।

বুধবাৰে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয় যে পৰ্যাপ্ত প্ৰস্তুতি চলিলেহে দুয়োখন দেশৰ মাজত শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব । তেওঁ কয়, “ট্ৰাম্প বা ৰাষ্ট্ৰপতি পুটিনে, কোনোৱেই নিজৰ সময় নষ্ট কৰিব নিবিচাৰে । দুয়োজন নেতাই ফলপ্ৰসূ আৰু উৎপাদনশীলভাৱে কাম কৰাত অভ্যস্ত আৰু ইয়াৰ বাবে ভাল প্ৰস্তুতিৰ প্ৰয়োজন ।”

লগতে পঢ়ক : এইবাৰ হোৱাইট হাউচত ট্ৰাম্পে চলালে বুলড’জাৰ !

ৰাষ্ট্ৰপতি পুটিনক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ; দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভতো আলোচনা

ৰাষ্ট্ৰপতি পুটিনক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক টেলিফোনযোগে তেওঁৰ ৭৩ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনায় । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সুস্বাস্থ্য কামনা কৰে ।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কাৰ্যসূচীৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰি ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে । ইফালে ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

উল্লেখ্য যে, ৫ ডিচেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব পুটিনে । এই সন্মিলনৰ সময়ত পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰতিৰক্ষা, শক্তি, বাণিজ্য আৰু নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে ।

অশ্যে ৰাষ্ট্ৰপতি পুটিনে এদিনৰ বাবে নে দুদিনৰ বাবে ভাৰত ভ্ৰমণ কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এই ভ্ৰমণৰ পূৰ্বে নৱেম্বৰ মাহত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে ভাৰত ভ্ৰমণ কৰি এই অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব । প্ৰতি বছৰে ভাৰত আৰু ৰাছিয়াৰ মাজত শীৰ্ষ সন্মিলনৰ আলোচনা অনুষ্ঠিত হয় । এতিয়ালৈকে দুয়োখন দেশৰ মাজত ২২টা আলোচনা অনুষ্ঠিত হৈছে । যোৱা জুলাই মাহত প্ৰধানমন্ত্ৰী মোদীয়ে মস্কো ভ্ৰমণ কৰাৰ বিপৰীতে পুটিনে শেষবাৰৰ বাবে ২০২১ চনত ভাৰত ভ্ৰমণ কৰিছিল । এইবাৰ দুয়োখন দেশৰ সামৰিক আৰু কাৰিকৰী সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব ।

লগতে পঢ়ক : মুখ্য ন্যায়াধীশ গাভাইৰ সৈতে বাৰ্তলাপ প্ৰধানমন্ত্ৰী মোদীৰ; জোতা নিক্ষেপ কৰাৰ ঘটনাক নিন্দা

ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে; জনালে ৰুছ বিদেশ মন্ত্ৰীয়ে

ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে ভাৰত-ৰাছিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য ঘোষণা কৰে । তেওঁ উল্লেখ কৰে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ডিচেম্বৰ মাহত নতুন দিল্লী ভ্ৰমণৰ পৰিকল্পনা কৰিছে । আমেৰিকাৰ নিষেধাজ্ঞাৰ মাজতে ভাৰতৰ স্বতন্ত্ৰ নীতিক প্ৰশংসা কৰি লাভৰভে ভাৰতৰ দ্বিপাক্ষিক কাৰ্যসূচীক ব্যাপক বুলি অভিহিত কৰে য’ত বাণিজ্য, সামৰিক সহযোগিতা, এ আই, ব্ৰিকছৰ দৰে মঞ্চত সমন্বয় অন্তৰ্ভূক্ত আছে ।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে যে ডিচেম্বৰত ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনা আছে । এই ভ্ৰমণ দুয়োখন দেশৰ বাৰ্ষিক শীৰ্ষ সন্মিলনৰ অনুসৰণ হ’ব পাৰে । এই উচ্চ পৰ্যায়ৰ ভ্ৰমণে দুয়োখন দেশৰ সম্পৰ্কক এক নতুন দিশ প্ৰদান কৰাৰ লগতে কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰিব । এই ভ্ৰমণ ইউক্ৰেইন সংকটৰ পিছত পুটিনৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ হ’ব, যিয়ে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব ।

আনহাতে লাভৰভে ভাৰতক এখন স্বাভিমানী দেশ বুলি অভিহিত কৰে যিখন বৈদেশিক নীতিত স্বাধীন । লাভৰভে লগতে কয় যে তেওঁৰ সমকক্ষ জয়শংকৰে এই বছৰ ৰাছিয়া ভ্ৰমণ কৰিব আৰু তেওঁ নিজেই ভাৰত ভ্ৰমণ কৰিব । তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত নিয়মীয়াকৈ আদান-প্ৰদান চলি থাকে ।

লগতে পঢ়ক : ট্ৰাম্পৰ হেলিকপ্টাৰৰ জৰুৰীকালীন অৱতৰণ; লণ্ডনৰ পৰা উভতি অহাৰ সময়তে যান্ত্ৰিক বিজুতি