এইবাৰ হোৱাইট হাউচত ট্ৰাম্পে চলালে বুলড’জাৰ !

হোৱাইট হাউচত চলিল বুলড’জাৰ ! ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ উপৰিও এগৰাকী ব্যৱসায়ী । গতিকে চখ তেওঁৰ বাবে ডাঙৰ কথা । সেয়েহে ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ বাসগৃহ হোৱাইট হাউছত নিজৰ পছন্দৰ কিবা সংযোগ কৰিবলৈ বুলডজাৰ চলোৱা পৰিলক্ষিত হৈছে । নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত

হোৱাইট হাউচত চলিল বুলড’জাৰ !

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ উপৰিও এগৰাকী ব্যৱসায়ী । গতিকে  চখ তেওঁৰ বাবে ডাঙৰ কথা । সেয়েহে ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ বাসগৃহ হোৱাইট হাউছত নিজৰ পছন্দৰ কিবা সংযোগ কৰিবলৈ বুলডজাৰ চলোৱা পৰিলক্ষিত হৈছে ।

নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত দিয়া এটা পোষ্টত ট্ৰাম্পে কয় যে এই প্ৰকল্পৰ অংশ হিচাপে দশক দশক ধৰি হোৱাইট হাউচ কমপ্লেক্সৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰা ইষ্ট উইঙক সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হ’ব ।

এই পৰিৱৰ্তনক “অতি প্ৰয়োজনীয়” বুলি অভিহিত কৰি ট্ৰাম্পে দাবী কৰে যে হোৱাইট হাউচৰ বলৰুমৰ ধাৰণাটো ১৫০ বছৰতকৈও অধিক সময় ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ সপোন হৈ আহিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ পোষ্টত কয় যে, “মই ঘোষণা কৰি আনন্দিত হৈছো যে নতুন, বৃহৎ, অধিক ধুনীয়া বলৰুম নিৰ্মাণৰ কাম আৰম্ভ হৈছে । হোৱাইট হাউছৰ পৰা সম্পূৰ্ণ পৃথক ইষ্ট উইংক এই প্ৰক্ৰিয়াৰ অংশ হিচাপে সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হৈছে আৰু সম্পূৰ্ণ হ’লে ই পূৰ্বতকৈ অধিক সুন্দৰ হ’ব ।”

তেওঁ আৰু কয় যে বলৰুমটো চৰকাৰী ভ্ৰমণ, বৃহৎ সমাৱেশ আৰু চৰকাৰী অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হ’ব আৰু ই ভৱিষ্যত প্ৰজন্মৰ ৰাষ্ট্ৰপতিসকলক সেৱা আগবঢ়াব । তেওঁ আৰু লিখিছে, “১৫০ বছৰতকৈও অধিক সময় ধৰি প্ৰতিজন ৰাষ্ট্ৰপতিয়ে সপোন দেখি আহিছে যে হোৱাইট হাউছত আড়ম্বৰপূৰ্ণ পাৰ্টি, চৰকাৰী ভ্ৰমণ আদিৰ বাবে মানুহক ঠাই দিব পৰাকৈ এটা বলৰুম থাকিব।”

লগতে ট্ৰাম্পে কয় যে, আমেৰিকাৰ কৰদাতাসকলৰ বাবে শূন্য খৰচেৰে এই অতি প্ৰয়োজনীয় প্ৰকল্পটো গ্ৰহণ কৰা প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে মই সন্মানিত হৈছো! এই বলৰুমটো আগন্তুক প্ৰজন্মলৈকে আনন্দেৰে ব্যৱহাৰ কৰা হ’ব !”

লগতে পঢ়ক : এ আই ভিডিঅ’ প্ৰকাশ কৰি প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ