হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত

হোৱাইট হাউচ কমপ্লেক্সৰ সমীপত শনিবাৰে সন্ধিয়া এক ভয়ানক গুলীচালনাৰ ঘটনা সংঘটিত হয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসস্থান হোৱাইট হাউচ কমপ্লেক্সৰ সমীপত শনিবাৰে সন্ধিয়া এক ভয়ানক গুলীচালনাৰ ঘটনা সংঘটিত হয় । আইজেনহাৱাৰ এক্সিকিউটিভ অফিচ বিল্ডিং-ৰ ওচৰৰ ১৭ নং ষ্ট্ৰীট আৰু পেঞ্চিলভেনিয়া এভিনিউ এনডব্লিউ-ৰ সংযোগস্থলত প্ৰায় ৩০ জাই গুলীৰ শব্দ শুনা যায় । এই ঘটনাত এজন সন্দেহযুক্ত বন্দুকধাৰী আৰু এজন পথচাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

আইন প্ৰয়োগকাৰী সংস্থাৰ সূত্ৰক উদ্ধৃতি দি চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি, সন্দেহযুক্ত আক্ৰমণকাৰীজনে হোৱাইট হাউচৰ বাহিৰত থকা এটা নিৰাপত্তা বুথক লক্ষ্য কৰি অতৰ্কিতে গুলীচালনা কৰিছিল । উক্ত বুথটোত আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিচৰ বিষয়াসকল কৰ্তব্যৰত অৱস্থাত আছিল । ছিক্ৰেট ছাৰ্ভিচৰ কৰ্মীসকলে লগে লগে আত্মৰক্ষাৰ্থে ওলোটাই গুলী চলায় আৰু ইয়াৰ ফলতে সন্দেহযুক্ত আক্ৰমণকাৰীজন গুলীবিদ্ধ হৈ আহত হয় । এই ক্ৰছফায়াৰৰ মাজত পৰি এজন সাধাৰণ পথচাৰীও আঘাতপ্ৰাপ্ত হয় । অৱশ্যে ছিক্ৰেট ছাৰ্ভিচৰ কোনো বিষয়া এই ঘটনাত হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

এই আকস্মিক আক্ৰমণৰ পিছতে হোৱাইট হাউচ কমপ্লেক্সত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সমগ্ৰ এলেকাটোত সাময়িকভাৱে লকডাউন জাৰি কৰা হয় । এবিসি নিউজৰ খবৰ অনুসৰি, গুলীচালনাৰ খবৰ ওলোৱাৰ লগে লগে ছিক্ৰেট ছাৰ্ভিচে অতি ক্ষিপ্ৰতাৰে হোৱাইট হাউচৰ সমগ্ৰ উত্তৰ লন খালী কৰি দিয়ে ।

ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফবিআই-ৰ ৱাশ্বিংটন ফিল্ড অফিচে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) এটা পোষ্ট কৰি কয়, “আমাৰ ইউএছ ছিক্ৰেট ছাৰ্ভিচৰ সহযোগীসকলক সহায় কৰিবলৈ এফবিআই ৱাশ্বিংটন ফিল্ড অফিচৰ এটা দল হোৱাইট হাউচৰ ওচৰত হোৱা গুলী চালনাৰ স্থানত উপস্থিত হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।”

আনহাতে, ছিক্ৰেট ছাৰ্ভিচৰ তৰফৰ পৰাও এক বিবৃতিত জনোৱা হৈছে, “১৭ নং ষ্ট্ৰীট আৰু পেঞ্চিলভেনিয়া এভিনিউ এন ডব্লিউৰ ওচৰত গুলী চালনাৰ বাতৰি সম্পৰ্কে আমি সজাগ আছো । মাটিত থকা আমাৰ কৰ্মীসকলৰ সহায়ত এই তথ্য আৰু অধিক নিশ্চিত কৰিবলৈ তদন্ত চলাই থকা হৈছে ।”

এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে কটকটীয়া কৰা হয় । পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহাৰ পিছত হোৱাইট হাউচৰ সাময়িক লকডাউন প্ৰত্যাহাৰ কৰা হয় ।

এই অনাকাংক্ষিত হিংসাত্মক ঘটনাক লৈ আমেৰিকাৰ ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আমেৰিকাৰ কংগ্ৰেছমেন ৰেণ্ডী ফাইন-এ এক্সত পোষ্ট কৰি হোৱাইট হাউচত থকা সকলোৰে সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । আনহাতে, আমেৰিকাৰ প্ৰতিনিধি নেন্সি মেচে এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰি কয়, “আমেৰিকাত ৰাজনৈতিক হিংসাৰ কোনো স্থান নাই । দুৰ্ভাগ্যবশতঃ, ই আমাৰ দেশৰ বাবে এটা নতুন স্বাভাৱিক কথাত পৰিণত হৈছে । আমি এইবোৰ দেখি দেখি বিৰক্ত হৈ পৰিছো । আপুনি যিয়েই নহওক বা আপোনাৰ বিশ্বাস যিয়েই নহওক কিয়, হিংসা কেতিয়াও কোনো সমাধান হ’ব নোৱাৰে । এইয়া অতি শীঘ্ৰে বন্ধ হ’ব লাগে ।”

লগতে পঢ়ক : ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ পৰিকল্পনা; আই আৰ জি চিৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

নৈশ ভোজমেলত অঘটন; ড’নাল্ড ট্ৰাম্পলৈ পুনৰ গুলীচালনা!  

ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ (ডব্লিউ এইচ চি এ) অনুষ্ঠানৰ সময়ত গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছে।

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ ক্ৰুটি দেখা গৈছে।ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ (ডব্লিউ এইচ চি এ) অনুষ্ঠানৰ সময়তে কোনো দুৰ্বৃত্তই গুলীচালনা কৰে। এই অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পো উপস্থিত আছিল।

এ এফ পিয়ে কেবিনেটৰ এজন সদস্যৰ উদ্ধৃতি দি কয় যে নিশাৰ আহাৰ গ্ৰহণৰ সময়তে এই গুলীচালনা কৰা হৈছিল।গুলীৰ শব্দ শুনাৰ লগে লগেই ৰাষ্ট্ৰপতি গৰাকীক কঠকটীয়া নিৰাপত্তাৰ মাজেৰে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।স্থানীয় সময় অনুসৰি শনিবাৰে নিশা (২৫ এপ্ৰিল) সংঘটিত হয় এই ঘটনাটো।

  নৈশ ভোজনৰ অনুষ্ঠানটোত কেইবাজনো কেবিনেট মন্ত্ৰী আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াও উপস্থিত আছিল। প্ৰশাসনৰ এগৰাকী বিষয়াই স্পষ্ট কৰি দিয়ে যে কোনো কেবিনেট সদস্য হতাহত হোৱা নাই।

লগতে পঢ়ক: ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ ডাঙৰ পদক্ষেপ; চীনৰ শোধনাগাৰত নিষেধাজ্ঞা জাৰি

হোৱাইট হাউচত হাহাকাৰ… গুলীচালনাৰ ঘটনাত আহত তিনিজন

হোৱাইট হাউচত হাহাকাৰ

হোৱাইট হাউচত হাহাকাৰ । বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাসস্থানৰ পৰা মাত্ৰ কেইগজমান দূৰত্বত সংঘটিত হৈছে গুলীচালনা । ৱাশ্বিংটন ডিচিৰ হোৱাইট হাউছৰ পৰা মাত্ৰ অলপ দূৰত সংঘটিত হয় এই গুলীচালনা । এই গুলীচালনাৰ ঘটনাত কমেও তিনিজন লোক আহত হয়, য’ত নেশ্যনেল গাৰ্ডৰ দুজন সদস্যও আছে । স্থানীয় সময় অনুসৰি দুপৰীয়া ২:৩০ বজাত হোৱাইট হাউচৰ সমীপত সংঘটিত হয় এই ঘটনা । আহত নেশ্যনেল গাৰ্ডৰ সদস্য দুজনক পৃথকে পৃথকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

পশ্চিম ভাৰ্জিনিয়াৰ গৱৰ্ণৰ পেট্ৰিক মৰিছে প্ৰথমে টুইটাৰত পোষ্ট কৰিছিল যে নেশ্যনেল গাৰ্ডৰ দুজন সদস্যৰ মৃত্যু হৈছে । অৱশ্যে পিছত তেওঁ নিজৰ পোষ্টটো ডিলিট কৰে ।

মেট্ৰ’পলিটান আৰক্ষী বিভাগে প্ৰকাশ কৰা অনুসৰি হোৱাইট হাউছৰ সমীপত এই গুলীচালনা সংঘটিত হয় । ঘটনাৰ লগে লগে অঞ্চলটোত আৰক্ষীৰ মোতায়েন কৰা হয় । এছাল্ট ৰাইফল লৈ সজ্জিত আৰক্ষী কেইবাটাও ব্লকত বিয়পি পৰে আৰু সমগ্ৰ অঞ্চলটো ছীল কৰে । পথ বন্ধ কৰি দিয়া হয়, অসংখ্য আৰক্ষীৰ বাহন আৰু এম্বুলেন্স সেই স্থানত উপস্থিত হয় আৰু তদন্তকাৰী দল সক্ৰিয় কৰা হয় ।

ইফালে এই ঘটনা সংঘটিত কৰা শ্বুটাৰজনক চিনাক্ত কৰা হৈছে । আইন প্ৰয়োগকাৰী সংস্থাৰ মতে আক্ৰমণকাৰীজন ৱাশ্বিংটন অঞ্চলৰ বাসিন্দা নহয় । বৰ্তমান আক্রমণকাৰীজন জিম্মাত আছে আৰু জেৰা অব্যাহত ৰখা হৈছে । এই ঘটনাৰ আঁৰৰ উদ্দেশ্যৰ তদন্তও অব্যাহত ৰাখিছে কৰ্তৃপক্ষই ।

লগতে পঢ়ক : চাংহাই বিমানবন্দৰ বিবাদ… অৰুণাচলৰ মহিলাৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ অস্বীকাৰ চীনৰ

এইবাৰ হোৱাইট হাউচত ট্ৰাম্পে চলালে বুলড’জাৰ !

হোৱাইট হাউচত চলিল বুলড’জাৰ !

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ উপৰিও এগৰাকী ব্যৱসায়ী । গতিকে  চখ তেওঁৰ বাবে ডাঙৰ কথা । সেয়েহে ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ বাসগৃহ হোৱাইট হাউছত নিজৰ পছন্দৰ কিবা সংযোগ কৰিবলৈ বুলডজাৰ চলোৱা পৰিলক্ষিত হৈছে ।

নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত দিয়া এটা পোষ্টত ট্ৰাম্পে কয় যে এই প্ৰকল্পৰ অংশ হিচাপে দশক দশক ধৰি হোৱাইট হাউচ কমপ্লেক্সৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে কাম কৰা ইষ্ট উইঙক সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হ’ব ।

এই পৰিৱৰ্তনক “অতি প্ৰয়োজনীয়” বুলি অভিহিত কৰি ট্ৰাম্পে দাবী কৰে যে হোৱাইট হাউচৰ বলৰুমৰ ধাৰণাটো ১৫০ বছৰতকৈও অধিক সময় ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ সপোন হৈ আহিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ পোষ্টত কয় যে, “মই ঘোষণা কৰি আনন্দিত হৈছো যে নতুন, বৃহৎ, অধিক ধুনীয়া বলৰুম নিৰ্মাণৰ কাম আৰম্ভ হৈছে । হোৱাইট হাউছৰ পৰা সম্পূৰ্ণ পৃথক ইষ্ট উইংক এই প্ৰক্ৰিয়াৰ অংশ হিচাপে সম্পূৰ্ণৰূপে আধুনিকীকৰণ কৰা হৈছে আৰু সম্পূৰ্ণ হ’লে ই পূৰ্বতকৈ অধিক সুন্দৰ হ’ব ।”

তেওঁ আৰু কয় যে বলৰুমটো চৰকাৰী ভ্ৰমণ, বৃহৎ সমাৱেশ আৰু চৰকাৰী অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হ’ব আৰু ই ভৱিষ্যত প্ৰজন্মৰ ৰাষ্ট্ৰপতিসকলক সেৱা আগবঢ়াব । তেওঁ আৰু লিখিছে, “১৫০ বছৰতকৈও অধিক সময় ধৰি প্ৰতিজন ৰাষ্ট্ৰপতিয়ে সপোন দেখি আহিছে যে হোৱাইট হাউছত আড়ম্বৰপূৰ্ণ পাৰ্টি, চৰকাৰী ভ্ৰমণ আদিৰ বাবে মানুহক ঠাই দিব পৰাকৈ এটা বলৰুম থাকিব।”

লগতে ট্ৰাম্পে কয় যে, আমেৰিকাৰ কৰদাতাসকলৰ বাবে শূন্য খৰচেৰে এই অতি প্ৰয়োজনীয় প্ৰকল্পটো গ্ৰহণ কৰা প্ৰথমজন ৰাষ্ট্ৰপতি হিচাপে মই সন্মানিত হৈছো! এই বলৰুমটো আগন্তুক প্ৰজন্মলৈকে আনন্দেৰে ব্যৱহাৰ কৰা হ’ব !”

লগতে পঢ়ক : এ আই ভিডিঅ’ প্ৰকাশ কৰি প্ৰতিবাদকাৰীক উপহাস ডনাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হত্যাৰ চেষ্টা দুৰ্বৃত্ত! হোৱাইট হাউচৰ সমীপত বন্দুকধাৰী যুৱকক চিক্ৰেট চাৰ্ভিচৰ গুলীচালনা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিক্ৰেট চাৰ্ভিচে দেওবাৰে হোৱাইট হাউচৰ ওচৰত এজন লোকক গুলীয়াই হত্যা কৰে। চিক্ৰেট চাৰ্ভিচে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে ব্যক্তিদনৰ হাতত অস্ত্ৰ আছিল আৰু হোৱাইট হাউচত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।

সংঘৰ্ষৰ পিছত ঘটনাস্থলীত উপস্থিত হোৱা চিক্ৰেট চাৰ্ভিচৰ এজেণ্টসকলে ব্যক্তিজনক গুলীয়াইছিল।অৱশ্যে এই সময়ছোৱাত, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প হোৱাইট হাউচত উপস্থিত নাছিল।

এই সন্দৰ্ভত সংস্থাটোৱে জনাইছিল যে ‘স্থানীয় আৰক্ষীয়ে ইণ্ডিয়ানাৰ পৰা ৱাশ্বিংটন ডি.চি.লৈ ভ্ৰমণ কৰা এজন আত্মঘাটী ব্যক্তিৰ বিষয়ে চিক্ৰেট চাৰ্ভিচক সতৰ্ক কৰি দিছিল।’এই সময়ছোৱাত, চিক্ৰেট চাৰ্ভিচ এজেণ্টসকলে ১৭ আৰু এফ ষ্ট্ৰীট, এনডব্লিউৰ ওচৰত এজন ব্যক্তিৰ বাহন লক্ষ্য কৰিছিল।

তাৰ পিছত তেওঁ ওচৰত থিয় হৈ থকা এজন ব্যক্তিক দেখিছিল যি স্থানীয় আৰক্ষীৰ দ্বাৰা প্ৰদান কৰা বৰ্ণনাৰ সৈতে মিল খাইছিল।

যেতিয়া চিক্ৰেট চাৰ্ভিচৰ এজেণ্টসকলে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল, সেই সময়ত ব্যক্তিগৰাকীয়ে অস্ত্ৰ ওলিয়াইছিল। যাৰ পিছত চিক্ৰেট চাৰ্ভিচৰ এজেণ্টসকলে তেওঁক গুলীয়াইছিল।

চিক্ৰেট চাৰ্ভিচে ইয়াৰ বিবৃতিত কৈছিল, ‘ব্যক্তিজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে, যদিও তেওঁৰ অৱস্থা সম্পৰ্কে এতিয়ালৈকে কোনো তথ্য ওলাই অহা নাই।

‘চিক্ৰেট চাৰ্ভিচৰ মুখপাত্ৰ এন্থনী গুগ্লিয়েলমীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছিল, ‘বিষয়াসকলে সেই ব্যক্তিজনৰ ওচৰলৈ যোৱাৰ লগে লগে তেওঁ বন্দুক ওলিয়াইছিল।

যাৰ পিছত সশস্ত্ৰ বাহিনীৰ সৈতে সংঘৰ্ষ আৰম্ভ হৈছিল।’ঘটনাটোত কোনো চিক্ৰেট চাৰ্ভিচ এজেণ্ট আঘাতপ্ৰাপ্ত হোৱা নাছিল।

তেওঁ লগতে কয়, “এই ঘটনাৰ তদন্ত মেট্ৰ’পলিটান আৰক্ষী বিভাগৰ আভ্যন্তৰীণ পৰিক্ৰমা বিভাগৰ দলৰ দ্বাৰা কৰা হৈছে, যিয়ে কলম্বিয়া জিলাত আইন প্ৰৱৰ্তনকাৰী বিষয়াসকলৰ গুলীচালনাৰ সকলো ঘটনাৰ তদন্ত কৰে।”

“আপুনি অকলশৰীয়া নহয়”; ট্ৰাম্পৰ সৈতে সংঘৰ্ষৰ পিছত জেলেনস্কিলৈ সমৰ্থন ইউৰোপীয় নেতাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ মাজত ওভাল অফিচত যি ঘটিছিল সেয়া বিশ্বই প্ৰত্যক্ষ কৰিছিল। বিবাদৰ পিছৰে পৰা শান্তি চুক্তি স্থগিত ৰখা হৈছে।

হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ মাজত হোৱা তীব্ৰ বিতৰ্কৰ পিছত ইউৰোপীয় নেতাসকলে জেলেনস্কিৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে ৰাছিয়াক আক্ৰমণকাৰী বুলি অভিহিত কৰি কয়, ‘ৰাছিয়া আক্ৰমণকাৰী, আৰু ইউক্ৰেইন হৈছে ভুক্তভোগী ৰাষ্ট্ৰ।’

তেওঁ লগতে উল্লেখ কৰে যে ইউক্ৰেইনে নিজৰ মৰ্যাদা, স্বাধীনতা, নিজৰ সন্তান আৰু ইউৰোপৰ নিৰাপত্তাৰ বাবে যুঁজ দি আছে।

জাৰ্মান চাঞ্চেলৰ ওলাফ শ্চোলজে আশ্বাস দিছিল যে ইউক্ৰেইন জাৰ্মানী আৰু ইউৰোপৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। স্পেইন আৰু পোলেণ্ডৰ প্ৰধানমন্ত্ৰীসকলেও জেলেনস্কিৰ সৈতে একাত্মতা প্ৰকাশ কৰি কয়, ‘আপুনি অকলশৰীয়া নহয়।’

ইউৰোপীয় আয়োগৰ সভাপতি উৰসুলা ভন ডেৰ লেয়েনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “আপুনি কেতিয়াও অকলশৰীয়া নহয়, মৰমৰ ৰাষ্ট্ৰপতি।”

তেওঁ টুইট কৰি লিখিছে যে, “আপোনাৰ মৰ্যাদাই ইউক্ৰেইনৰ লোকসকলৰ সাহসিকতাক সন্মান জনাইছে। শক্তিশালী হৈ থাকক, সাহসী হওক, নিৰ্ভীক হওক। আমি এক ন্যায়সংগত আৰু স্থায়ী শান্তিৰ বাবে আপোনাৰ সৈতে কাম কৰি যাম।”

ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় ৰাজ্য আৰু মিত্ৰশক্তিৰ মাজত এক জৰুৰী সন্মিলনৰ আহ্বান জনাইছে যাতে আজিৰ মুখ্য প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কেনেদৰে কৰিব বিচাৰে সেই বিষয়ে মুকলিকৈ আলোচনা কৰিব পাৰি।

নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গহৰে শুক্ৰবাৰে হোৱাইট হাউচত সংঘটিত ঘটনাটোক এক গুৰুতৰ আৰু হতাশাজনক ঘটনা বুলি বৰ্ণনা কৰিছে।