নৈশ ভোজমেলত অঘটন; ড’নাল্ড ট্ৰাম্পলৈ পুনৰ গুলীচালনা!

নৈশ ভোজমেলত অঘটন; ড’নাল্ড ট্ৰাম্পলৈ পুনৰ গুলীচালনা!  

ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ (ডব্লিউ এইচ চি এ) অনুষ্ঠানৰ সময়ত গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছে। আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ ক্ৰুটি দেখা গৈছে।ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ (ডব্লিউ এইচ চি

ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ (ডব্লিউ এইচ চি এ) অনুষ্ঠানৰ সময়ত গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছে।

আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ ক্ৰুটি দেখা গৈছে।ৱাশ্বিংটন হিল্টন হোটেলত অনুষ্ঠিত হোৱাইট হাউছ কৰ্পৰেণ্ডেণ্টছ এছ’চিয়েশ্যনৰ (ডব্লিউ এইচ চি এ) অনুষ্ঠানৰ সময়তে কোনো দুৰ্বৃত্তই গুলীচালনা কৰে। এই অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পো উপস্থিত আছিল।

এ এফ পিয়ে কেবিনেটৰ এজন সদস্যৰ উদ্ধৃতি দি কয় যে নিশাৰ আহাৰ গ্ৰহণৰ সময়তে এই গুলীচালনা কৰা হৈছিল।গুলীৰ শব্দ শুনাৰ লগে লগেই ৰাষ্ট্ৰপতি গৰাকীক কঠকটীয়া নিৰাপত্তাৰ মাজেৰে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।স্থানীয় সময় অনুসৰি শনিবাৰে নিশা (২৫ এপ্ৰিল) সংঘটিত হয় এই ঘটনাটো।

  নৈশ ভোজনৰ অনুষ্ঠানটোত কেইবাজনো কেবিনেট মন্ত্ৰী আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াও উপস্থিত আছিল। প্ৰশাসনৰ এগৰাকী বিষয়াই স্পষ্ট কৰি দিয়ে যে কোনো কেবিনেট সদস্য হতাহত হোৱা নাই।

লগতে পঢ়ক: ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাৰ ডাঙৰ পদক্ষেপ; চীনৰ শোধনাগাৰত নিষেধাজ্ঞা জাৰি