হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত

হোৱাইট হাউচৰ সমীপত তীব্ৰ গুলীচালনা: বন্দুকধাৰীসহ দুজন আহত

হোৱাইট হাউচ কমপ্লেক্সৰ সমীপত শনিবাৰে সন্ধিয়া এক ভয়ানক গুলীচালনাৰ ঘটনা সংঘটিত হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসস্থান হোৱাইট হাউচ কমপ্লেক্সৰ সমীপত শনিবাৰে সন্ধিয়া এক ভয়ানক গুলীচালনাৰ ঘটনা সংঘটিত হয় । আইজেনহাৱাৰ এক্সিকিউটিভ অফিচ বিল্ডিং-ৰ ওচৰৰ ১৭ নং ষ্ট্ৰীট আৰু পেঞ্চিলভেনিয়া এভিনিউ এনডব্লিউ-ৰ সংযোগস্থলত প্ৰায় ৩০

হোৱাইট হাউচ কমপ্লেক্সৰ সমীপত শনিবাৰে সন্ধিয়া এক ভয়ানক গুলীচালনাৰ ঘটনা সংঘটিত হয়

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসস্থান হোৱাইট হাউচ কমপ্লেক্সৰ সমীপত শনিবাৰে সন্ধিয়া এক ভয়ানক গুলীচালনাৰ ঘটনা সংঘটিত হয় । আইজেনহাৱাৰ এক্সিকিউটিভ অফিচ বিল্ডিং-ৰ ওচৰৰ ১৭ নং ষ্ট্ৰীট আৰু পেঞ্চিলভেনিয়া এভিনিউ এনডব্লিউ-ৰ সংযোগস্থলত প্ৰায় ৩০ জাই গুলীৰ শব্দ শুনা যায় । এই ঘটনাত এজন সন্দেহযুক্ত বন্দুকধাৰী আৰু এজন পথচাৰী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

আইন প্ৰয়োগকাৰী সংস্থাৰ সূত্ৰক উদ্ধৃতি দি চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি, সন্দেহযুক্ত আক্ৰমণকাৰীজনে হোৱাইট হাউচৰ বাহিৰত থকা এটা নিৰাপত্তা বুথক লক্ষ্য কৰি অতৰ্কিতে গুলীচালনা কৰিছিল । উক্ত বুথটোত আমেৰিকাৰ ছিক্ৰেট ছাৰ্ভিচৰ বিষয়াসকল কৰ্তব্যৰত অৱস্থাত আছিল । ছিক্ৰেট ছাৰ্ভিচৰ কৰ্মীসকলে লগে লগে আত্মৰক্ষাৰ্থে ওলোটাই গুলী চলায় আৰু ইয়াৰ ফলতে সন্দেহযুক্ত আক্ৰমণকাৰীজন গুলীবিদ্ধ হৈ আহত হয় । এই ক্ৰছফায়াৰৰ মাজত পৰি এজন সাধাৰণ পথচাৰীও আঘাতপ্ৰাপ্ত হয় । অৱশ্যে ছিক্ৰেট ছাৰ্ভিচৰ কোনো বিষয়া এই ঘটনাত হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

এই আকস্মিক আক্ৰমণৰ পিছতে হোৱাইট হাউচ কমপ্লেক্সত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সমগ্ৰ এলেকাটোত সাময়িকভাৱে লকডাউন জাৰি কৰা হয় । এবিসি নিউজৰ খবৰ অনুসৰি, গুলীচালনাৰ খবৰ ওলোৱাৰ লগে লগে ছিক্ৰেট ছাৰ্ভিচে অতি ক্ষিপ্ৰতাৰে হোৱাইট হাউচৰ সমগ্ৰ উত্তৰ লন খালী কৰি দিয়ে ।

ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এফবিআই-ৰ ৱাশ্বিংটন ফিল্ড অফিচে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) এটা পোষ্ট কৰি কয়, “আমাৰ ইউএছ ছিক্ৰেট ছাৰ্ভিচৰ সহযোগীসকলক সহায় কৰিবলৈ এফবিআই ৱাশ্বিংটন ফিল্ড অফিচৰ এটা দল হোৱাইট হাউচৰ ওচৰত হোৱা গুলী চালনাৰ স্থানত উপস্থিত হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।”

আনহাতে, ছিক্ৰেট ছাৰ্ভিচৰ তৰফৰ পৰাও এক বিবৃতিত জনোৱা হৈছে, “১৭ নং ষ্ট্ৰীট আৰু পেঞ্চিলভেনিয়া এভিনিউ এন ডব্লিউৰ ওচৰত গুলী চালনাৰ বাতৰি সম্পৰ্কে আমি সজাগ আছো । মাটিত থকা আমাৰ কৰ্মীসকলৰ সহায়ত এই তথ্য আৰু অধিক নিশ্চিত কৰিবলৈ তদন্ত চলাই থকা হৈছে ।”

এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে কটকটীয়া কৰা হয় । পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অহাৰ পিছত হোৱাইট হাউচৰ সাময়িক লকডাউন প্ৰত্যাহাৰ কৰা হয় ।

এই অনাকাংক্ষিত হিংসাত্মক ঘটনাক লৈ আমেৰিকাৰ ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আমেৰিকাৰ কংগ্ৰেছমেন ৰেণ্ডী ফাইন-এ এক্সত পোষ্ট কৰি হোৱাইট হাউচত থকা সকলোৰে সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । আনহাতে, আমেৰিকাৰ প্ৰতিনিধি নেন্সি মেচে এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰি কয়, “আমেৰিকাত ৰাজনৈতিক হিংসাৰ কোনো স্থান নাই । দুৰ্ভাগ্যবশতঃ, ই আমাৰ দেশৰ বাবে এটা নতুন স্বাভাৱিক কথাত পৰিণত হৈছে । আমি এইবোৰ দেখি দেখি বিৰক্ত হৈ পৰিছো । আপুনি যিয়েই নহওক বা আপোনাৰ বিশ্বাস যিয়েই নহওক কিয়, হিংসা কেতিয়াও কোনো সমাধান হ’ব নোৱাৰে । এইয়া অতি শীঘ্ৰে বন্ধ হ’ব লাগে ।”

লগতে পঢ়ক : ট্ৰাম্পৰ কন্যা ইভাংকাক হত্যাৰ পৰিকল্পনা; আই আৰ জি চিৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ