চাংহাই বিমানবন্দৰ বিবাদ… অৰুণাচলৰ মহিলাৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ অস্বীকাৰ চীনৰ

চাংহাই বিমানবন্দৰ বিবাদ… অৰুণাচলৰ মহিলাৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ অস্বীকাৰ চীনৰ

অৰুণাচলৰ মহিলাৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ অস্বীকাৰ চীনৰ চাংহাই বিমানবন্দৰত ভাৰতৰ অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলাক হাৰাশাস্তি কৰাৰ অভিযোগ চীনে তীব্ৰভাৱে নাকচ কৰিছে । বেইজিঙত থকা চীনৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, লণ্ডনৰ পৰা জাপানলৈ যোৱা ভাৰতীয় নাগৰিক পেমো ৱাংজম থংডকক কোনো ধৰণৰ নিৰ্যাতন, আটক বা জোৰ-জবৰদস্তি কৰা

অৰুণাচলৰ মহিলাৰ সৈতে হোৱা দুৰ্ব্যৱহাৰৰ অস্বীকাৰ চীনৰ

চাংহাই বিমানবন্দৰত ভাৰতৰ অৰুণাচল প্ৰদেশৰ এগৰাকী মহিলাক হাৰাশাস্তি কৰাৰ অভিযোগ চীনে তীব্ৰভাৱে নাকচ কৰিছে । বেইজিঙত থকা চীনৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, লণ্ডনৰ পৰা জাপানলৈ যোৱা ভাৰতীয় নাগৰিক পেমো ৱাংজম থংডকক কোনো ধৰণৰ নিৰ্যাতন, আটক বা জোৰ-জবৰদস্তি কৰা হোৱা নাছিল । এই বক্তব্য এনে সময়ত প্ৰকাশ কৰিছে যেতিয়া ভাৰতে এই ঘটনাৰ পিছতে বেইজিং আৰু দিল্লী দুয়োখন দেশতে চীনৰ ওচৰত তীব্ৰ প্ৰতিবাদ দাখিল কৰিছে আৰু স্পষ্টকৈ উল্লেখ কৰিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ ।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে এই অভিযোগ অস্বীকাৰ কৰি কয় যে চীনৰ অভিবাসন বিষয়াসকলে থংডকৰ ভ্ৰমণৰ সময়ত কেৱল আইন-কানুন অনুসৰিহে পদ্ধতি অনুসৰণ কৰিছিল । তেওঁ কয় যে মহিলাগৰাকী কোনো ধৰণৰ জোৰ-জবৰদস্তি বা আটকৰ সন্মুখীন হোৱা নাছিল । মাও নিঙে কয় যে তদন্ত সম্পূৰ্ণ আইনী আৰু আইন প্ৰয়োগকাৰী সংস্থা নিৰপেক্ষ । লগতে দাবী কৰে যে বিমান সংস্থাই তেওঁক থকাৰ ব্যৱস্থা আৰু খাদ্যৰ ব্যৱস্থা কৰিছিল ।

ব্ৰিটেইনৰ ভাৰতীয় নাগৰিক থংডকে ২১ নৱেম্বৰত লণ্ডনৰ পৰা জাপানলৈ গৈ আছিল । তেওঁৰ তিনি ঘণ্টাৰ ট্ৰেনজিট আছিল যদিও চীনৰ বিষয়াসকলে তেওঁৰ পাছপ’ৰ্ট অবৈধ বুলি দাবী কৰি আটক কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশ বুলি তালিকাভুক্ত হোৱাৰ বাবেই এনে হৈছিল । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত ১৮ ঘণ্টা ধৰি ৰখাৰ লগতে বাৰে বাৰে প্ৰশ্ন কৰা বুলি বৰ্ণনা কৰে তেওঁ । এই অভিজ্ঞতা অপমানজনক বুলিও কয় মহিলাগৰাকীয়ে ।

ইফালে  ঘটনাৰ দিনাই ভাৰতে চীনক কঠোৰ ডেমাৰ্চ জাৰি কৰিছিল । ভাৰতে স্পষ্টকৈ উল্লেখ কৰিছিল যে অৰুণাচল প্ৰদেশ “নিঃসন্দেহে” ভাৰতীয় ভূখণ্ড আৰু ইয়াৰ জনসাধাৰণৰ ভাৰতীয় পাছপ’ৰ্টত পৃথিৱীৰ যিকোনো ঠাইলৈ যাত্ৰা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । লগে লগে ছাংহাইত থকা ভাৰতীয় কনছুলেটে স্থানীয়ভাৱে হস্তক্ষেপ কৰি মহিলাগৰাকীক সহায় আগবঢ়ায় । দূতাবাসৰ বিষয়াৰ সহায়ত তেওঁ গভীৰ নিশাৰ বিমানেৰে চাংহাই এৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : চাংহাই বিমানবন্দৰত ভাৰতীয় মহিলাক হাৰাশাস্তি; চীনক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ