ইউক্ৰেইনৰ ৰাজধানী কীভত পুনৰ ৰাছিয়াই ড্ৰোন আৰু বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলাই। এই আক্ৰমণক শেহতীয়া আক্ৰমণবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আক্ৰমণৰ অন্যতম বুলি গণ্য কৰা হৈছে।
ৰাছিয়াই পুনৰ এবাৰ ইউক্ৰেইনৰ ওপৰত এক ভয়ংকৰ বিমান আক্ৰমণ চলাইছে। বৃহস্পতিবাৰে পুৱতি নিশা ৰাজধানী কীভক ড্ৰোন আৰু বেলিষ্টিক মিছাইলৰ দ্বাৰা লক্ষ্য কৰি লয়। এই আক্ৰমণক শেহতীয়া আক্ৰমণবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আক্ৰমণৰ অন্যতম বুলি গণ্য কৰা হৈছে। মাজনিশা আৰম্ভ হোৱা এই আক্ৰমণৰ পিছতে সমগ্ৰ কীভত ‘এয়াৰ ৰেইড চাইৰেন’ বাজি উঠে আৰু হাজাৰ হাজাৰ লোকে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে মেট্ৰ’ ষ্টেচন আৰু বাংকাৰসমূহত আশ্ৰয় ল’বলৈ বাধ্য হয়। ইফালে পোলেণ্ডতো সতৰ্কবাণী জাৰি কৰা হয়।
ৰাজধানীখনৰ কেইবাটাও অঞ্চলত ধাৰাবাহিকভাৱে বিকট বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইউক্ৰেইনৰ এয়াৰ ডিফেন্স চিষ্টেমে গোটেই নিশা ৰাছিয়াৰ ড্ৰোন আৰু মিছাইলসমূহক প্ৰতিহত কৰাৰ চেষ্টা চলাই থাকে। আকাশত মিছাইলসমূহক বাধা দিয়া ‘ট্ৰেচাৰ ফায়াৰ’ৰ পোহৰ স্পষ্টকৈ দেখা গৈছিল।
কীভৰ মেয়ৰ ভিটালি ক্লিটচকোৱে জনোৱা মতে, চহৰখনত ড্ৰোন আৰু বেলিষ্টিক মিছাইলেৰে ধাৰাবাহিকভাৱে আক্ৰমণ কৰা হৈছে। এই সময়ছোৱাত চহৰখনৰ কেইবাটাও অংশত জুই লাগি যায়।
এই আক্ৰমণত আৱাসিক অঞ্চলসমূহৰো ব্যাপক ক্ষতিসাধন হয়। এটা ন মহলীয়া এপাৰ্টমেণ্ট ভৱনৰ এটা অংশ খহি পৰে, যাৰ ফলত বহু লোক ভগ্নাৱশেষৰ মাজত আবদ্ধ হৈ পৰে।
উদ্ধাৰকাৰী দলে লগে লগে সাহায্য অভিযান আৰম্ভ কৰে আৰু আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰে। এটা এম্বুলেন্স ষ্টেচনো এই আক্ৰমণৰ কবলত পৰে, য’ত এজন পেৰামেডিক গুৰুতৰভাৱে আহত হয়। প্ৰাথমিক তথ্য অনুসৰি, অতি কমেও ১১ জন লোক আহত হৈছে, অৱশ্যে উদ্ধাৰ অভিযান চলি থকাৰ বাবে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে চোৰাংচোৱা সংস্থাসমূহে পূৰ্বেই এই বৃহৎ আক্ৰমণৰ সতৰ্কবাণী দিছিল। সেই বাবেই তেওঁ আয়াৰলেণ্ডৰ ডাবলিন ভ্ৰমণ আধাতে সামৰি লগে লগে ইউক্ৰেইনলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয়।
লগতে পঢ়ক: প্ৰচণ্ড উত্তাপে দহিছে ইউৰোপ: অভিলেখ ভংগকাৰী গ্ৰীষ্ম প্ৰৱাহত ১,৩০০ৰো অধিক মৃত্যু, স্তব্ধ জনজীৱন!








