অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাজু মোদী চৰকাৰ; বৃহৎ বৈঠকৰ আহ্বান অমিত শ্বাহৰ

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাজু মোদী চৰকাৰ; বৈঠকৰ আহ্বান  অমিত শ্বাহৰ

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈ কেন্দ্ৰীয় চৰকাৰ। ৯ জুলাইত ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান সকলৰ সৈতে এখন বৈঠক আহ্বান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰাৰ পিছত, এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী ডাঙৰ পদক্ষেপ হ’ব অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈ কেন্দ্ৰীয় চৰকাৰ। ৯ জুলাইত ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান সকলৰ সৈতে এখন বৈঠক আহ্বান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে।

দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰাৰ পিছত, এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী ডাঙৰ পদক্ষেপ হ’ব অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তৰফৰ পৰা এখন কমিটিও গঠন কৰা হৈছে। এতিয়া অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ কৰাৰ কৌশল প্ৰস্তুত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯ জুলাই, ২০২৬ ত ৰাজ্যসমূহৰ আৰক্ষী সঞ্চালক প্ৰধান সকলৰ সৈতে এখন বৈঠক আহ্বান কৰিছে।

এই বৈঠকত কেৱল অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু তেওঁলোকক ঘূৰাই পঠোৱাৰ কৌশলেই নহয়, বৰঞ্চ তেওঁলোকক সুৰক্ষা প্ৰদান কৰা সমগ্ৰ নেটৱৰ্কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবেও ৰোডমেপ প্ৰস্তুত কৰা হ’ব।

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আটাইতকৈ ডাঙৰ অভিযানৰ প্ৰস্তুতি আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৯ জুলাইত সকলো ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ বৈঠক আহ্বান কৰিছে। এই বৈঠকত আই বি, ৰ’, এন আই এ, বি এছ এফ, এছ এছ বিকে ধৰি সকলো ডাঙৰ কেন্দ্ৰীয় সংস্থাৰ মুৰব্বীয়েও অংশগ্ৰহণ কৰিব।

সমগ্ৰ দেশতে অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ, তেওঁলোকক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা আৰু অনুপ্ৰৱেশৰ সৈতে জড়িত সমগ্ৰ ইক’-চিষ্টেম (Ecosystem) ধংস কৰাৰ বাবে এক যুটীয়া কৌশল প্ৰস্তুত কৰা। গৃহমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত এই বিষয়টোক লৈ নিজৰ প্ৰতিশ্ৰুতি দোহাৰি আহিছে।

চৰকাৰৰ মতে, প্ৰত্যাহ্বানটো কেৱল সীমান্ত পাৰ হোৱাতে সীমাবদ্ধ হৈ থকা নাই। অনুপ্ৰৱেশকাৰীসকলক সংস্থাপন দিয়া, ভুৱা নথিপত্ৰ যোগান ধৰা, কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা আৰু দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা এটা সমগ্ৰ নেটৱৰ্ক সক্ৰিয় হৈ আছে। সূত্ৰৰ খবৰ অনুসৰি, এই বৈঠকত উক্ত নেটৱৰ্কটোৰ ওপৰত আটাইতকৈ ডাঙৰ আঘাত সনাৰ কৌশলৰ ওপৰতো আলোচনা কৰা হ’ব।

প্ৰকৃততে, বিগত বৰ্ষৰ ১৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা দিয়া ভাষণত সীমান্তৱৰ্তী এলেকাসমূহৰ জনগাঁথনিৰ পৰিৱৰ্তনক ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি অভিহিত কৰিছিল। ইয়াৰ পিছতে গৃহ মন্ত্ৰালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ নেতৃত্বত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰে,যিয়ে সীমান্ত অঞ্চলৰ লগতে মহানগৰ আৰু উদ্যোগিক চহৰৰ বিষয়ে অধ্যয়ন কৰি আছে। চৰকাৰে বিশ্বাস কৰে যে বিভিন্ন ৰাজ্যত পৃথক পৃথক কাৰ্য্যৰ জৰিয়তে নহয়, দেশজোৰা অভিযান আৰম্ভ কৰিলেহে এই প্ৰত্যাহ্বান ফলপ্ৰসূভাৱে মোকাবিলা কৰিব পৰা যাব।

এই বৈঠকৰ পিছত আশা কৰা হৈছে যে যিদৰে সমগ্ৰ দেশত ‘নক্সালমুক্ত অভিযান’ চলাই নক্সালবাদীসকলক নিৰ্মূল কৰা হৈছিল, ঠিক তেনেদৰেই সমগ্ৰ দেশজুৰি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলোৱা হ’ব আৰু দেশৰ পৰা অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ কৰা হ’ব।

লগতে পঢ়ক: তিনিদিনিয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি

শেহতীয়া প্ৰৱন্ধসমূহ