ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ শুল্ক হ্ৰাসৰ ঘোষণা কৰি ড’নাল্ড ট্ৰাম্পৰ দাবী

ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ সামগ্ৰীৰ ওপৰত পাৰস্পৰিক শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰি এক ডাঙৰ দাবী কৰিছে । ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি দাবী কৰিছে তেওঁ ।

ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব বুলি দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ সামগ্ৰীৰ ওপৰত পাৰস্পৰিক শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰি এই দাবী কৰিছে । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে ভাৰতৰ ওপৰত আৰোপ কৰা পাৰস্পৰিক শুল্ক ১৮ শতাংশলৈ হ্ৰাস কৰা হ’ব বুলি উল্লেখ কৰে ।

ভাৰতৰ শক্তি নীতি আৰু ভাৰত-ৰাছিয়াৰ শক্তিশালী সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পৰ এই দাবী তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ অংশ হিচাপে ভাৰত আৰু ৰাছিয়াই কিছুদিনৰ পৰা তেল আৰু শক্তি খণ্ডত সহযোগিতা আগবঢ়াই আহিছে । অৱশ্যে ট্ৰাম্পে তেওঁৰ এই দাবীৰ কোনো সুনিৰ্দিষ্ট কাৰণ বা সময়সীমা প্ৰদান কৰা নাই ।

এই বক্তব্যই স্বাভাৱিকতে এই প্ৰশ্ন উত্থাপন কৰে যে ভাৰতে শক্তি কৌশলত কোনো বৃহৎ পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে নেকি ?  ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰা সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবী সন্দৰ্ভত ভাৰত চৰকাৰে এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই, যাৰ ফলত পৰিস্থিতি অস্পষ্ট হৈ পৰিছে ।

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত ফোনযোগে বাৰ্তালাপ হয় । ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ফোনযোগে কথা পাতিছে আৰু অতি সোনকালে এক বৃহৎ ঘোষণা কৰা হ’ব । মাত্ৰ ডেৰ ঘণ্টাৰ পিছত আমেৰিকাই ভাৰতৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে ।

উল্লেখ্য যে, দুয়োখন দেশৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে অহৰহ আলোচনা চলি থকাৰ মাজতে এই শুল্ক হ্ৰাস কৰা হৈছে । ভাৰতে দীৰ্ঘদিন ধৰি আমেৰিকাৰ শুল্কৰ পৰা সকাহ বিচাৰি আহিছে । এই হ্ৰাসৰ ফলত ভাৰতৰ ৰপ্তানি খণ্ডত উত্থান ঘটিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : এই অংশীদাৰিত্বক এক নতুন উচ্চতালৈ লৈ যামঃ ট্ৰাম্পৰ ঘোষণাৰ পাছতেই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

‘ভাৰতৰ ওপৰত শুল্ক আৰু বৃদ্ধি কৰিব পাৰে…’; ৰাছিয়াৰ তেল ক্ৰয়ক লৈ পুনৰ ট্ৰাম্পৰ ভাবুকি

ৰাছিয়াৰ সৈতে তেল ক্ৰয়ক লৈ পুনৰবাৰ ডনাল্ড ট্ৰাম্পে ভাৰতক দিছে ভাবুকি। যদি ভাৰতে তেওঁৰ কথা মানি নলয় তেন্তে পুনৰ বৃদ্ধি কৰিব শুল্ক।

ভেনিজুৱেলাৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ পিছতে বাতৰিৰ শিৰোনাম দখল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।ইয়াৰ মাজতে ভাৰতক লৈ ট্ৰাম্পে এটা ডাঙৰ মন্তব্য কৰিছে।

ট্ৰাম্পে ভাৰতক সকীয়াই দি কয় যে শুল্ক আৰু বৃদ্ধি হ’ব পাৰে।ইয়াৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ কথাও উল্লেখ কৰে।

ভাৰতকে ধৰি বহু দেশৰ ওপৰত ট্ৰাম্পে শুল্ক আৰোপ কৰিছিল।এইটোও মন কৰিবলগীয়া যে তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।

ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয়, ‘এই বিষয়টোত তেওঁ মোক সঁচাকৈয়ে সন্তুষ্ট কৰিব বিচাৰিছিল,প্ৰধানমন্ত্ৰী মোদী বৰ ভাল মানুহ।তেওঁ জানিছিল যে ভাৰতে ৰাছিয়াৰ তেল কিনিলে মই সুখী নহয়’।

‘মোক সুখী কৰাটো গুৰুত্বপূৰ্ণ আছিল।যদি তেওঁলোকে ৰাছিয়াৰ তেল ক্ৰয় কৰি থাকে তেন্তে আমি অতি সোনকালে তেওঁলোকৰ ওপৰত শুল্ক বৃদ্ধি কৰিব পাৰো’।

আচলতে ২০২৫ চনৰ আগষ্ট মাহত ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।তেওঁ ৰাছিয়াৰ সৈতে ভাৰতৰ তেল ব্যৱসায়ত সুখী নাছিল আৰু কেইবাবাৰো এই কথা উল্লেখ কৰিছিল।

লগতে পঢ়ক: ‘নিজৰ জীৱন ৰক্ষা কৰক…’; কলম্বিয়াৰ ৰাষ্ট্ৰপতিক মুকলি ভাবুকি ট্ৰাম্পৰ

একেটা কক্ষপথতে নতুন মহাকাশ কেন্দ্ৰ; মহাকাশতো দৃশ্যমান ভাৰত-ৰাছিয়াৰ বন্ধুত্ব

ভাৰত আৰু ৰাছিয়াই নিজৰ ভৱিষ্যত মহাকাশ কেন্দ্ৰ একে কক্ষপথতে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্ত দুয়োখন দেশৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হ’ব ।

২০৩০-৩১ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ অভিযান সমাপ্ত হোৱাৰ কথা । তাৰ পিছত ৰাছিয়া আৰু ভাৰতে নিজৰ ভৱিষ্যত মহাকাশ কেন্দ্ৰ একে কক্ষপথতে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে । ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে নতুন দিল্লী ভ্ৰমণৰ সময়ত ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছৰ মুৰব্বী দিমিত্ৰী বাকানভে এই কথা ঘোষণা কৰে ।

দুয়োটা মহাকাশ কেন্দ্ৰ ৫১.৬ ডিগ্ৰী হেলনীয়াকৈ কক্ষপথত ঘূৰিব । এয়া সেই কক্ষ য’ত আজিৰ আই এছ এছ ঘূৰে । ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মহাকাশচাৰীসকলে ইখনে সিখন দেশৰ ষ্টেচনসমূহ সহজে পৰিদৰ্শন কৰিব পাৰিব, বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰিব পাৰিব আৰু জৰুৰীকালীন সহায় ল’ব পাৰিব ।

বাকানভে কয় যে এই সিদ্ধান্ত দুয়োখন দেশৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হ’ব । পূৰ্বে ৰাছিয়াই নিজৰ ৰাছিয়ান অৰ্বিটেল ষ্টেচন (ROS)ৰ বাবে ৯৬ ডিগ্ৰী হেলনীয়া কক্ষপথৰ কথা চিন্তা কৰিছিল যদিও এতিয়া ৫১.৬ ডিগ্ৰীত এই চুক্তিত উপনীত হৈছে ।

কি হয় এই নতুন বুবাবুজিৰ চুক্তি ?

ৰাছিয়াৰ ROS :  ৰাছিয়াৰ মহাকাশ কেন্দ্ৰটো এনাৰ্জিয়াই নিৰ্মাণ কৰিব । এই ষ্টেচনে গভীৰ মহাকাশলৈ মহাকাশযান নিৰ্মাণ আৰু উৎক্ষেপণৰ ভিত্তি হিচাপে কাম কৰিব । ইয়াৰ মডিউলাৰ ডিজাইনে দীৰ্ঘম্যাদী কাৰ্য্যকৰী জীৱন নিশ্চিত কৰিব ।

ভাৰতৰ BAS :  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ২০৩৫ চনৰ ভিতৰত মহাকাশ কেন্দ্ৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে । চন্দ্ৰযান-৩ৰ দৰে সফলতাৰ পিছত স্বাধীনতাৰ ১০০ বছৰীয়া জয়ন্তীৰ (২০৪৭) পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ।

একেটা কক্ষপথ কিয় ?

 ৫১.৬ ডিগ্ৰীৰ হেলনীয়া আই এছ এছৰ দৰেই, যিয়ে পৃথিৱীৰ উত্তৰ-দক্ষিণ অক্ষাংশৰ ৫১.৬ ডিগ্ৰী সামৰি লৈছে । ইয়াৰ ফলত ৰাছিয়াৰ ছয়ুজ ৰকেট আৰু ভাৰতৰ গগাণযান অভিযানৰ মাজত সহজ ডকিং কৰিব পৰা যাব । আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা হ’ব ।

ৰাছিয়াৰ নিউজ চাইট প্ৰাভডাৰ মতে, ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভে কয়, “আমি সমান্তৰাল পথত আগবাঢ়িছো । আৰ অ’ এছৰ বাবে ৫১.৬ ডিগ্ৰীৰ হেলনীয়া অৱস্থা চূড়ান্ত কৰা হৈছে । ভাৰতেও নিজৰ ষ্টেচনৰ বাবেও একে কথা বিবেচনা কৰিছে ।” বাকানভে ইজভেষ্টিয়াক দিয়া এক সাক্ষাৎকাৰত কয় যে সহযোগিতাৰ ক্ষেত্ৰসমূহৰ ভিতৰত ইঞ্জিন নিৰ্মাণ, মানুহযুক্ত বিমান, প্ৰশিক্ষণ, ৰকেট ইন্ধন, আৰু ৰাষ্ট্ৰীয় ষ্টেচনৰ উন্নয়ন আদি অন্তৰ্ভুক্ত ।

কেতিয়া সাজু হ’ব ?

ROS নিৰ্মাণ : ২০২৮ চনত প্ৰথম বৈজ্ঞানিক আৰু শক্তি মডিউল মুকলি কৰা হ’ব । বাকী চাৰিটা মূল মডিউল ২০৩০ চনৰ ভিতৰত মুকলি কৰা হ’ব । ২০৩১-৩৩ চনত অতিৰিক্ত মডিউল যোগ কৰা হ’ব । খ্ৰুনিচেভ চেণ্টাৰক তিনিটা আংগাৰা-এ৫এম ৰকেট অৰ্ডাৰৰ নিৰ্দেশ দিয়া হৈছে ।

BAS নিৰ্মাণ : ইছৰোৱে ২০৩৫ চনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাখিছে । শেহতীয়া স্পেডেক্স উপগ্ৰহ ডকিং সফলতাৰ লগে লগে ভাৰত এই প্ৰযুক্তি লাভ কৰা চতুৰ্থখন দেশ (ৰাছিয়া, আমেৰিকা, আৰু চীনৰ পিছত) হিচাপে পৰিগণিত হৈছে ।

আই এছ এছৰ অন্তঃ ২০৩০-৩১ চনত দুয়োখন দেশ আই এছ এছৰ পৰা পৃথক হ’ব । ইতিমধ্যে ৰাছিয়াই ঘোষণা কৰিছে যে আই এছ এছ সন্দৰ্ভত আমেৰিকাৰ সৈতে সহযোগিতা নকৰে ।

এয়া কিয় ডাঙৰ পদক্ষেপ ?

সহজ যাত্ৰাঃ মহাকাশচাৰীসকলে বিশেষ ইন্ধন খৰচ নকৰাকৈ এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ স্থানান্তৰিত হ’ব পাৰিব ।

সহযোগিতা শক্তিশালী কৰাঃ ভাৰতীয় মহাকাশচাৰীক প্ৰশিক্ষণ দিব ৰাছিয়াই । ভাৰতে লাভ কৰিব ৰকেট ইঞ্জিন আৰু প্ৰযুক্তি ।

জৰুৰীকালীন সাহায্যঃ যদি এটা ষ্টেচনে কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে আনটো ষ্টেচনে উদ্ধাৰকাৰী পঠিয়াব পাৰিব ।

বৈজ্ঞানিক লাভালাভঃ যৌথ পৰীক্ষাই চন্দ্ৰ, মংগল আৰু গ্ৰহাণু অভিযানত সহায় কৰিব ।

অৰ্থনৈতিকঃ ৰাছিয়াই ইঞ্জিন বিক্ৰী কৰি উৎপাদন স্থানান্তৰ কৰিব, যাৰ ফলত ভাৰত স্বাৱলম্বী হ’ব ।

লগতে পঢ়ক : মহাকাশত অলকানন্দা… ভাৰতীয় বিজ্ঞানীৰ বৃহৎ সফলতা

আজি ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি; পুটিনক আদৰিবলৈ সাজু নতুন দিল্লী

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । ৰাষ্ট্ৰপতিগাৰীক আদৰিবলৈ সাজু হৈ উঠিছে নতুন দিল্লী ।

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । সন্ধিয়া প্ৰায় ৬ বজাত ভাৰতত উপস্থিত হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনৰ সন্মানাৰ্থে এক ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰিব । যি সময়ত আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তীব্ৰ অৱনতি ঘটিছে, সেই সময়তে ভাৰত-ৰাছিয়াৰ কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাটোৱেই হৈছে পুটিনৰ এই ভ্ৰমণৰ সামগ্ৰিক উদ্দেশ্য ।

পুটিনৰ ভ্ৰমণৰ দ্বিতীয় দিন, শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া শীৰ্ষ সন্মিলনত প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি, বাহ্যিক চাপৰ পৰা দ্বিপাক্ষিক বাণিজ্যক সুৰক্ষা দিয়া আৰু সৰু মডিউলাৰ ৰিয়েক্টৰত সম্ভাৱ্য সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব । পশ্চিমীয়া দেশসমূহে এই আলোচনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচী-

-বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত পুটিন দিল্লীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

-ৰাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ।

-শুকুৰবাৰে পুৱা ৯:১৫ বজাত ৰাষ্ট্ৰপতি ভৱনত পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব ।

-মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাট ভ্ৰমণ কৰিব পুটিনে ।

-হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ মাজত বাৰ্ষিক শীৰ্ষ সন্মিলন ।

-ভাৰত মণ্ডপমত ভাৰত-ৰাছিয়া ফ’ৰামৰ বৈঠক ।

-ৰাষ্ট্ৰপতি ভৱনত কাৰ্যসূচী ।

-ৰাছিয়ালৈ ৰাওনা হ’ব পুটিন ।

মোদী-পুটিনৰ শীৰ্ষ সন্মিলনঃ

শুকুৰবাৰে পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ পিছত পুৱা ১১ বজাত ২৩ সংখ্যক ভাৰত-ৰাছিয়া শীৰ্ষ সন্মিলন অনুষ্ঠিত হ’ব । ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল বৃহৎ পৰিমাণে ক্ৰয়ৰ কৰাৰ বাবে বৃদ্ধি পোৱা বাণিজ্যিক ঘাটিৰ বিষয়টো শীৰ্ষ সন্মিলনত উত্থাপন হোৱাৰ সম্ভাৱনা আছে । হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদীয়ে পুটিন আৰু তেওঁৰ প্ৰতিনিধি দলৰ বাবে দুপৰীয়াৰ আহাৰো আয়োজন কৰিব আৰু শুকুৰবাৰে পুৱা পুটিনে ৰাজঘাটো ভ্ৰমণ কৰিব । শীৰ্ষ সন্মিলনৰ পিছতে পুটিনে ৰাছিয়াৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰক প্ৰতিষ্ঠানটোৰ ভাৰতৰ চেনেল মুকলি কৰিব, তাৰ পিছত তেওঁৰ সন্মানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাজকীয় ভোজৰ আয়োজন কৰিব । প্ৰায় ২৮ ঘণ্টীয়া ভ্ৰমণৰ অন্তত শুকুৰবাৰে নিশা প্ৰায় ৯:৩০ বজাত ভাৰতৰ পৰা ৰাছিয়া অভিমুখে যাত্ৰা কৰিব পুটিনে ।

-প্ৰতিৰক্ষা সম্পৰ্কৰ পৰ্যালোচনাৰ সম্ভাৱনা আছে ।

-এছ-৪০০ ক্ষেপণাস্ত্ৰৰ নতুন বেচ ক্ৰয়ৰ বাবে বিবেচনা চলি আছে ।

-ৰাছিয়াৰ পৰা নতুন প্ৰজন্মৰ এছ-৫০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰয় কৰাৰ বাবে বিবেচনা চলি আছে ।

-ৰাছিয়াৰ চুখয়-৫৭ যুদ্ধ বিমান যোগান ধৰাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা হ’ব পাৰে ।

-চুখয়-৩০ যুদ্ধ বিমানৰ আধুনিকীকৰণ আৰু অন্যান্য জটিল সামৰিক সঁজুলি ক্ৰয়ৰ ক্ষেত্ৰতো আলোচনাৰ সম্ভাৱনা ।

-বাণিজ্যিক সম্পৰ্কক নতুন উচ্চতালৈ উন্নীত কৰাৰ বাবে আলোচনা ।

-ভাৰত আৰু ৰাছিয়াই আমেৰিকান ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা দূৰ কৰিবলৈ নিজৰ মুদ্ৰাৰ ব্যৱসায়ৰ ব্যৱস্থা গঢ়ি তোলাৰ কথা চিন্তা কৰিব পাৰে ।

-ৰাছিয়ালৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

-১০ লাখ দক্ষ ভাৰতীয় পেছাদাৰীক নিয়োগ কৰিবলৈ দুয়োখন দেশৰ মাজত শ্ৰমিক গতিশীলতাৰ চুক্তি হ’ব পাৰে ।

-শক্তি, জলবায়ু পৰিৱৰ্তন, নতুন শক্তি, দুৰ্যোগ ব্যৱস্থাপনা আৰু শিক্ষাৰ দৰে ক্ষেত্ৰতো ৰাছিয়াৰ সৈতে বহু নতুন চুক্তি বা পুৰণি চুক্তিৰ নবীকৰণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : তেওঁলোকৰ উদ্দেশ্য শান্তি নহয়… ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ক’লে পুটিনে

পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ পৰা আহিল ভাল খবৰ; কি হয় RELOS

ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাছিয়াৰ পৰা আহল এক ভাল খবৰ । এই বিশেষ চুক্তিত ৰাছিয়াৰ সংসদে দিলে অনুমোদন ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বৃহস্পতিবাৰ আৰু শুকুৰবাৰে (৪-৫ ডিচেম্বৰ, ২০২৫) দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ’ব । অৱশ্যে পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মঙলবাৰে ৰাছিয়াৰ সংসদে (ডুমা) ভাৰতৰ সৈতে এক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনায় । এই প্ৰতিৰক্ষা চুক্তিৰ জৰিয়তে দুয়োখন দেশে ইখনে সিখনৰ ভূখণ্ডত যৌথ অনুশীলন, মানৱীয় সাহায্য, দুৰ্যোগ সাহায্যৰ বাবে সৈন্য আৰু সঁজুলি নিয়োগ কৰিব পাৰিব ।

ৰাছিয়া আৰু ভাৰতৰ মাজত ৰেচিপ্ৰ’কেল এক্সচেঞ্জ অৱ লজিষ্টিকছ চাপৰ্ট (RELOS) নামৰ এই চুক্তিখন চলিত বৰ্ষৰ আৰম্ভণিতে ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল আৰু যোৱা সপ্তাহত ৰাছিয়াৰ প্ৰধানমন্ত্ৰী মিখাইল মিছুষ্টিনে ৰাছিয়াৰ সংসদৰ নিম্ন সদন ডুমাত উত্থাপন কৰিছিল আৰু এতিয়া অনুমোদন লাভ কৰিছে ।

ভাৰত আৰু ৰাছিয়াৰ তিনিও সেনাৰ সামৰিক অনুশীলন “ইন্দ্ৰ”-

ভাৰত আৰু ৰাছিয়াৰ সেনাই “ইন্দ্ৰ” নামৰ যৌথ সামৰিক অনুশীলন কৰে । তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় সেনাবাহিনীৰ তিনিটা শাখা সেনা, বায়ুসেনা আৰু নৌসেনাৰ সৈতে যৌথ সামৰিক অনুশীলন চলোৱা বিশ্বৰ প্ৰথমখন দেশ হৈছে ৰাছিয়া । এই যুদ্ধাভ্যাসক “ইন্দ্ৰ” বুলিও কোৱা হয় ।

ভাৰতৰ সৈতে সম্পন্ন হোৱা এই প্ৰতিৰক্ষা চুক্তি সন্দৰ্ভত ডুমাৰ অধ্যক্ষ ব্যাচেছলাভ ভ’লডিনে সদনৰ পূৰ্ণাংগ অধিবেশনত কয় যে, “ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক কৌশলগত আৰু ব্যাপকভাৱে শক্তিশালী আৰু আমি তেওঁলোকক বিশেষ গুৰুত্ব দিওঁ । আমি বিশ্বাস কৰোঁ যে আজিৰ এই চুক্তিত অনুমোদন দিয়াটো দুয়োখন দেশৰ মাজত সহযোগিতা আৰু আমাৰ সম্পৰ্কৰ বিকাশৰ দিশত আন এক পদক্ষেপ ।”

লগতে পঢ়ক : তেওঁলোকৰ উদ্দেশ্য শান্তি নহয়… ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ক’লে পুটিনে

তেওঁলোকৰ উদ্দেশ্য শান্তি নহয়… ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ক’লে পুটিনে

ভাৰত ভ্ৰমণৰ পূৰ্বে ইউৰোপীয় দেশসমূহক লক্ষ্য কৰি ল’লে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে

ইউক্ৰেইনত যুদ্ধৰ অন্ত পেলাবলৈ চলি থকা আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টা সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এক শক্তিশালী বিবৃতি প্ৰকাশ কৰি কয় যে ইউৰোপীয় দেশসমূহে ইচ্ছাকৃতভাৱে শান্তিৰ দিশত লোৱা পদক্ষেপসমূহ বিধ্বস্ত কৰিছে । পুটিনে অভিযোগ কৰে যে ইউৰোপে আমেৰিকাৰ নেতৃত্বত শান্তি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে আৰু যুদ্ধৰ অন্ত পেলোৱাৰ দিশত কোনো ইতিবাচক উদ্দেশ্য প্ৰদৰ্শন কৰা নাই ।

আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফ আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ জোঁৱাই জেৰেড কুছনাৰৰ সৈতে হোৱা বৈঠকৰ পিছতে মস্কোত বিনিয়োগ মঞ্চত ভাষণ দি পুটিনে এই মন্তব্য কৰে । পুটিনে আঙুলিয়াই দিয়ে যে ইউৰোপীয় দেশসমূহে যোৱা কেইসপ্তাহমানৰ পৰা গতি লাভ কৰা আমেৰিকাৰ নেতৃত্বত শান্তি প্ৰস্তাৱসমূহৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে, যিটো ৰাছিয়াই কোনো কাৰণতে মানি ল’ব নোৱাৰে ।

ইউৰোপৰ উদ্দেশ্য শান্তি নহয়- পুটিন

পুটিনে অভিযোগ কৰে যে ইউৰোপীয় দেশসমূহে শান্তিৰ এজেণ্ডা বিচৰা নাই, বৰঞ্চ “যুদ্ধৰ পক্ষত থিয় দিছে” । তেওঁ কয় যে ইউৰোপে ৰাছিয়াৰ স্বাৰ্থ বিৰোধী প্ৰস্তাৱ অহৰহ আগবঢ়াই আহিছে আৰু ইয়াৰ প্ৰকৃত লক্ষ্য আলোচনা আগবঢ়াই নিয়া নহয় বৰঞ্চ ইয়াক বাধা দিয়াহে । পুটিনৰ মতে ইউৰোপৰ এই কাৰ্য্য ৰাছিয়াক দোষী হিচাপে চিত্ৰিত কৰাৰ কৌশলৰ অংশ, আনহাতে আচলতে ইয়েই এই প্ৰক্ৰিয়াটোক বাধা দি আছে ।

শান্তি প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে- পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইউৰোপীয় দেশসমূহে শান্তি প্ৰস্তাৱসমূহত সংশোধনী সংযোজন কৰিছে যিবোৰ ৰাছিয়াৰ বাবে “সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়” । তেওঁ কয় যে এই পৰিৱৰ্তনে শান্তি প্ৰক্ৰিয়াটো কাৰ্যতঃ স্তব্ধ কৰি পেলাইছে । ইউৰোপে ইচ্ছাকৃতভাৱে এই প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে আৰু তাৰ পিছত ৰাছিয়াক দোষাৰোপ কৰি বিশ্বক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে বুলি পুটিনে দাবী কৰে ।

ট্ৰাম্প প্ৰশাসনৰ সৈতে ৰাছিয়াৰ আলোচনা-

ট্ৰাম্প হোৱাইট হাউছলৈ ঘূৰি অহাৰ পিছৰে পৰা আমেৰিকা আৰু ৰাছিয়াৰ মাজত শান্তি আলোচনা ত্বৰান্বিত হৈছে । যোৱা কেইমাহমানৰ পৰা যুদ্ধৰ অন্ত পেলোৱাৰ বাবে ৱাশ্বিংটনে নতুন পদক্ষেপ হাতত লৈছে । পুটিনে কয় যে ইউৰোপে এই প্ৰচেষ্টাসমূহত বাধাৰ সৃষ্টি কৰিছে । ৰাছিয়াই বাৰে বাৰে কৈ আহিছে যে প্ৰস্তাৱসমূহ ন্যায্য হ’লেহে আলোচনা চলিব আৰু কোনো পক্ষৰ ওপৰত একপক্ষীয় হেঁচা প্ৰয়োগ কৰিব নালাগে ।

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বাৰ্ষিক শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব এছ-৪০০ মিছাইল; পাকিস্তান আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি

ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব এছ-৪০০ মিছাইল

ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী হোৱাৰ মাজতে  এক অতি গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে।

৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত ভাৰতে ৫টা এছ-৪০০ স্ক্ৱাড্ৰনৰ দাবী কৰিবলৈ ওলাইছে।

ইয়াৰ উপৰিও এছ-৪০০ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰিবলৈ ৩০০টা ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ ক্ৰয় আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।কোৱা হৈছে যে ভাৰতে শীঘ্ৰেই ৩০০ ক্ষেপণাস্ত্ৰৰ বাবে ৰাছিয়াক প্ৰস্তাৱৰ বাবে অনুৰোধ (RFP) জাৰি কৰিব।

এই মিছাইলসমূহৰ উদ্দেশ্য হৈছে অপাৰেচন সেন্দূৰৰ সময়ত ব্যৱহাৰ কৰা এছ-৪০০ ব্যৱস্থাত ইন্ধন ভৰোৱা। সূত্ৰ অনুসৰি এই পদক্ষেপ ভাৰতৰ বিমান নিৰাপত্তা আৰু অধিক শক্তিশালী কৰাৰ অংশ।

ভাৰতে ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ ছু-৫৭ যুদ্ধ বিমান দুটাৰ পৰা তিনিটা স্ক্ৱাড্ৰন ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে। ৰাছিয়াই ইয়াক আমেৰিকাৰ এফ-৩৫ লাইটনিং IIৰ বিকল্প হিচাপে প্ৰচাৰ কৰিছে।

এইটো ভাৰতীয় বায়ুসেনাৰ বাবে পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমানখনৰ ২-৩টা স্ক্ৱাড্ৰন অন্তৰ্ভুক্ত কৰাৰ কথা। এয়া হ’ব অস্থায়ী ব্যৱস্থা,যেতিয়া লৈকে স্বদেশী ষ্টেল্থ এএমসিএ (উন্নত মধ্যমীয়া যুদ্ধ বিমান) ২০৩৫ চনলৈকে ই সাজু নহ’ব।

কিন্তু ছু-৫৭, এফ-৩৫ বা আন কোনো বিকল্পৰ ক্ষেত্ৰত এতিয়াও কোনো সিদ্ধান্ত লোৱা হোৱা নাই। ভাৰতে মস্কোৰ পৰা অতিৰিক্ত এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয় কৰাৰ কথাও চিন্তা কৰিছে।

ভাৰতে ৰাছিয়াৰ এছ-৪০০ ট্ৰাইমফ এয়াৰ ডিফেন্স মিছাইল চিষ্টেমক ‘সুদৰ্শন চক্ৰ’ নামেৰে নামাকৰণ কৰিছে। এই নামটো মহাভাৰতৰ পৰাই লোৱা হৈছে, যিটো ভগৱান বিষ্ণুৰ এই অস্ত্ৰই সঠিকতা, গতি আৰু মাৰাত্মকতাৰ প্ৰতীক।

লগতে পঢ়ক: নিজৰ শুল্কৰ বাবেই বিপদত ট্ৰাম্প; ৬ খনকৈ দেশে বাতিল কৰিলে এফ-৩৫ যুঁজাৰু বিমানৰ চুক্তি

পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ

মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ

চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ভ্ৰমণলৈ যোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে । বৈঠকৰ সময়ত তেওঁলোকে আগন্তুক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । সংবাদ সংস্থাসমূহৰ মতে, পুটিনে জয়শংকৰৰ সৈতে হাত মিলাই ক্ৰেমলিনৰ চেনেট পেলেচত থকা প্ৰতিনিধি কাৰ্যালয়ত তেওঁক আদৰণি জনায় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়াত কয় যে আজি মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰি সন্মানিত অনুভৱ কৰিছোঁ । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে আগন্তুক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয় । তেওঁলোকে আঞ্চলিক আৰু বিশ্বৰ উন্নয়নৰ বিষয়েও আলোচনা কৰে । তেওঁ লগতে কয় যে আমাৰ সম্পৰ্কক শক্তিশালী আৰু গভীৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আৰু পথ প্ৰদৰ্শনক তেওঁ অতিশয় মূল্য দিয়ে ।

ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰপতি পৰিষদৰ বৈঠকৰ বাবে মস্কোত মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ প্ৰতি বিশ্বই শূন্য সহনশীলতা দেখুৱাব লাগিব আৰু তেওঁ কয় যে ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি, আওকাণ কৰিব নোৱাৰি বা “ঢাকি ৰাখিব নোৱাৰি” ।

লগতে পঢ়ক : শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত

মুকলি দিনাই মঞ্চতে বাগৰি পৰিল ৰাছিয়াৰ প্ৰথমটো AI ৰবট…

মুকলি দিনাই মঞ্চতে বাগৰি পৰিল ৰাছিয়াৰ প্ৰথমটো AI ৰবট…

ৰাছিয়াই নিৰ্মাণ কৰা প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা (AI) চালিত মানৱৰূপী ৰবট মুকলিৰ দিনাই বিফলতাৰ সন্মুখিন হয়। উৎক্ষেপণৰ পূৰ্বে হঠাতে ৰবটটোৱে মঞ্চতে বাগৰি পৰিল।

ইয়াৰ পিছত এই ভিডিঅ’টো ইণ্টাৰনেটত শ্বেয়াৰ কৰা হয় আৰু কেইঘণ্টামানৰ ভিতৰতে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে।

ৰবটটোক এই সপ্তাহতে মুকলি কৰাৰ কথা আছিল, কিন্তু তাৰ আগতেই ৰবটটোৱে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই মাটিত বাগৰি পৰিল।জানিব পৰা মতে এই ৰবটটোৰ নাম এল্ডোল।

মুকলিৰ বাবে ৰবটটোক মঞ্চলৈ অনাৰ বাবে সাজু কৰি আছিল। ৰবটোৰ লগত দুগৰাকী ক্ৰু মেম্বাৰ আছিল। চাউণ্ড ট্ৰেক আৰম্ভ হোৱাৰ লগে লগে এল্ডোল নামৰ ৰবটটো মঞ্চলৈ আহে।

কিন্তু মাত্ৰ কেইখোজ মান দিয়াৰ পিছতে ৰবটটো বাগৰি পৰাৰ লগতে ইয়াৰ কিছু অংশও ভাঙি থাকিল। সামাজিক মাধ্যমত বৰ্তমান এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

লগতে পঢ়ক: চীনৰ ডাঙৰ সফলতা; ২০৩০ৰ ভিতৰত চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ প্ৰস্তুতি