পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ

পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ

মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ভ্ৰমণলৈ যোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে । বৈঠকৰ সময়ত তেওঁলোকে আগন্তুক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । সংবাদ সংস্থাসমূহৰ

মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ

চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ভ্ৰমণলৈ যোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে । বৈঠকৰ সময়ত তেওঁলোকে আগন্তুক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । সংবাদ সংস্থাসমূহৰ মতে, পুটিনে জয়শংকৰৰ সৈতে হাত মিলাই ক্ৰেমলিনৰ চেনেট পেলেচত থকা প্ৰতিনিধি কাৰ্যালয়ত তেওঁক আদৰণি জনায় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়াত কয় যে আজি মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰি সন্মানিত অনুভৱ কৰিছোঁ । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে আগন্তুক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয় । তেওঁলোকে আঞ্চলিক আৰু বিশ্বৰ উন্নয়নৰ বিষয়েও আলোচনা কৰে । তেওঁ লগতে কয় যে আমাৰ সম্পৰ্কক শক্তিশালী আৰু গভীৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আৰু পথ প্ৰদৰ্শনক তেওঁ অতিশয় মূল্য দিয়ে ।

ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰপতি পৰিষদৰ বৈঠকৰ বাবে মস্কোত মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ প্ৰতি বিশ্বই শূন্য সহনশীলতা দেখুৱাব লাগিব আৰু তেওঁ কয় যে ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি, আওকাণ কৰিব নোৱাৰি বা “ঢাকি ৰাখিব নোৱাৰি” ।

লগতে পঢ়ক : শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত