“মই নহয়, তেওঁ হে মোক লগ কৰিবলৈ আহিছিল…”; জয়শংকৰৰ সৈতে কৰমৰ্দন কৰাক লৈ আয়াজ ছাদিকৰ বিস্ফোৰক মন্তব্য   

জয়শংকৰৰ সৈতে কৰমৰ্দন কৰাক লৈ আয়াজ ছাদিকৰ বিস্ফোৰক মন্তব্য । এছ জয়শংকৰেহে প্ৰথমে মিলাইছিল হাত।

ভাৰত আৰু পাকিস্তানৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাৰ মাজতে ঢাকাৰ এখন ছবিক লৈ পাকিস্তানত বাক্যবাণ তীব্ৰতৰ হৈ পৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে হাত মিলোৱাক লৈ পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ আয়াজ ছাদিকে ৰাজহুৱাভাৱে অস্বীকাৰ কৰিছে।ছাদিকে দাবী কৰিছে যে ঢাকাৰ এই বৈঠকৰ সময়ত জয়শংকৰ নিজেই তেওঁৰ ওচৰলৈ আহিছিল।

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ এছ জয়শংকৰ আৰু আয়াজ ছাদিক দুয়োজনেই ঢাকাত উপস্থিত হৈছিল।সাক্ষাৎ সময়ত দুয়োজন নেতাই ইজনে সিজনৰ লগত হাত মিলাইছিল।

মে’ মাহত সংঘটিত সামৰিক সংঘৰ্ষৰ পিছত ভাৰত আৰু পাকিস্তানৰ শীৰ্ষ নেতাসকলৰ এইখন প্ৰথম ৰাজহুৱা সভা বুলি বিবেচিত হৈছে।

ছাদিকে কয় যে,জয়শংকৰৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দল উপস্থিত হৈ সংসদৰ অপেক্ষা কক্ষত আছিল আৰু জয়শংকৰে নিজেই আহি তেওঁক লগ ধৰিলে।

ছাদিকৰ মতে,সেই সময়ত পাকিস্তানৰ বাহিৰেও মালদ্বীপ, নেপাল, ভূটান, বাংলাদেশৰ বিষয়াসকল ইতিমধ্যে অপেক্ষা কক্ষত উপস্থিত আছিল।ভিতৰলৈ অহাৰ লগে লগে জয়শংকৰে সকলো প্ৰতিনিধিক সম্ভাষণ জনালে।

তেওঁ আৰু কয়, সকলোকে লগ পোৱাৰ পিছত জয়শংকৰে তেওঁলোকৰ ওচৰলৈ আহি হাত মিলাই।সেই সময়ত তেওঁ পাকিস্তানৰ উচ্চায়ুক্তৰ লগত কথা পাতি আছিল।

ছাদিকৰ মতে, যেতিয়া পৰিচয় দিয়ে তেতিয়া এছ জয়শংকৰে কয় যে, ‘ আপোনাক মই চিনি পাওঁ,পৰিচয় দিয়াৰ প্ৰয়োজন নাই।

পাকিস্তানী বক্তাগৰাকীয়ে কয় যে,জয়শংকৰে তেওঁক গোপনে লগ কৰিবলৈ অহা নাছিল।তেওঁলোকৰ লগত কেমেৰা আছিল আৰু তেওঁলোকে ভালদৰেই জানিছিল যে এই কথা-বতৰা ৰেকৰ্ডিং কৰি সংবাদ মাধ্যমত দেখুওৱা হ’ব।

ছাদিকে দাবী কৰে যে জয়শংকৰে এই মুহূৰ্তৰ গুৰুত্ব আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱৰ বিষয়ে ভালদৰেই জানিছিল।

লগতে পঢ়ক: ‘আমি সকলোৱে আপোনাৰ কথা ভাবি আছো’; নিউয়ৰ্কৰ মেয়ৰ জোহৰাণ মামদানীৰ উমৰ খালিদলৈ পত্ৰ

ঢাকাত এছ জয়শংকৰক সাক্ষাৎ পাক সংসদৰ অধ্যক্ষৰ; ইউনুছে শ্বেয়াৰ কৰিলে ফটো

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ চৰ্দাৰ আয়াজ ছাদিকৰ। মহম্মদ ইউনুছে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো।

বুধবাৰে ঢাকাত পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ চৰ্দাৰ আয়াজ ছাদিক আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সাক্ষাৎ কৰে।

দুয়োগৰাকী নেতাৰ মাজত হোৱা এখন চুটি অনানুষ্ঠানিক সাক্ষাতৰ বিষয়ে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰদান কৰিছে।

অৱশ্যে,এই বৈঠকৰ সময়ত দক্ষিণ এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধি উপস্থিত আছিল,আৰু জয়শংকৰে সকলোকে লগ কৰি আছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ ঢাকাত উপস্থিত হয়।ভাৰত আৰু পাকিস্তানৰ নেতাসকলৰ এই সাক্ষাৎ এনে সময়ত হৈছে যেতিয়া চলিত বৰ্ষৰ মে’ মাহত চাৰিদিনীয়া যুদ্ধৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হৈছিল।

আৰু এই কথা কেৱল ৰাজনীতিতেই নহয় ক্ৰীড়াতো প্ৰতিফলিত হৈছিল।বৰঞ্চ ভাৰতীয় ক্ৰিকেট খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পাকিস্তানী খেলুৱৈৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিছিল।

পাকিস্তানী নেতাগৰাকীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ সাক্ষাৎকাৰৰ ছবি টুইট কৰি ইউনুছে ইনষ্টাগ্ৰামত লিখিছে, ‘পাকিস্তান ৰাষ্ট্ৰীয় বিধানসভাৰ অধ্যক্ষ চৰ্দাৰ আয়াজ ছাদিকে বুধবাৰে ঢাকাত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক অভিবাদন কৰে।’

লগতে পঢ়ক: খালেদা জিয়াৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব এছ জয়শংকৰে… ৩১ ডিচেম্বৰত যাব ঢাকালৈ

ঘূৰ্ণীত বিধ্বস্ত শ্ৰীলংকালৈ ভাৰতৰ সহায়ৰ হাত… ৪৫০ মিলিয়ন ডলাৰৰ সাহায্য পেকেজ ঘোষণা

শ্ৰীলংকালৈ ভাৰতে পুনৰ আগবঢ়াইছে সহায়ৰ হাত । প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত দেশখনৰ বাবে ভাৰতে সাহাৰ্য পেকেজ ঘোষণা কৰিছে ।

ঘূৰ্ণীবতাহ দিটৱাহাই শ্ৰীলংকাত যি ধ্বংসলীলা চলালে তাৰ পৰা পুনৰুদ্ধাৰ হ’বলৈ দেশখক কেইবাবছৰো প্ৰয়োজন হ’ব । ইয়াৰ মাজতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এক বিবৃতি প্ৰকাশ কৰিছে । তেওঁ উল্লেখ কৰে যে ভাৰত ঘূৰ্ণীবতাহত বিধ্বস্ত শ্ৰীলংকাৰ সৈতে থিয় দিছে আৰু দেশখনলৈ ৪৫০ মিলিয়ন মাৰ্কিন ডলাৰৰ সাহায্য পেকেজ আগবঢ়াইছে ।

উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণসূচীৰে গৈছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ । মঙলবাৰে (২৩ ডিচেম্বৰ) শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ এই মন্তব্য কৰে । লগতে ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কেলৈ প্ৰধানমন্ত্ৰী মোদীৰ এখন পত্ৰও প্ৰদান কৰে তেওঁ । জয়শংকৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, “ঘূৰ্ণীবতাহ দিটৱাহাৰ সময়ত শ্ৰীলংকাৰ সৈতে থিয় দি ভাৰতে গৌৰৱান্বিত ।”

‘প্ৰাকৃতিক দুৰ্যোগে নতুন সমস্যাৰ সৃষ্টি কৰিছে’

মঙলবাৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে ঘূৰ্ণীবতাহৰ সাহায্য আৰু মেৰামতিৰ বাবে ভাৰতে শ্ৰীলংকাক ৪৫০ মিলিয়ন ডলাৰৰ সাহায্য পেকেজ প্ৰদান কৰিব । শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী বিজিতা হেৰাথৰ সৈতে হোৱা বৈঠকত জয়শংকৰে কয় যে ২০২২ চনৰ অৰ্থনৈতিক সংকটৰ পৰা শ্ৰীলংকা এতিয়া সুস্থ হৈ উঠিছিলহে মাত্ৰ তেনেতে  এই প্ৰাকৃতিক দুৰ্যোগে নতুন সমস্যাৰ সৃষ্টি কৰিছে ।

৪৫ কোটি ডলাৰৰ সাহায্য পেকেজ-

তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্দেশ দিছিল যে আমি এতিয়া শ্ৰীলংকা চৰকাৰৰ সৈতে তেওঁলোকৰ অগ্ৰাধিকাৰৰ ওপৰত কাম কৰোঁ । এই সন্দৰ্ভত আমি ৪৫০ মিলিয়ন ডলাৰৰ সাহায্য পেকেজৰ প্ৰস্তাৱ আগবঢ়াইছো । তেওঁ কয় যে এই পেকেজত ৩৫০ মিলিয়ন ডলাৰৰ ৰেহাইমূলক ক্ৰেডিট লাইন আৰু ১০০ মিলিয়ন ডলাৰৰ অনুদান থাকিব । তেওঁ লগতে কয় যে শ্ৰীলংকা চৰকাৰৰ সৈতে আলোচনা কৰি এই পেকেজ চূড়ান্ত কৰা হৈছে ।

“সৰ্বাধিক ক্ষতিগ্ৰস্ত অঞ্চল সামৰি লোৱা হ’ব”

জয়শংকৰে কয়, “আমাৰ এই সাহায্যই ঘূৰ্ণীবতাহৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ সামৰি ল’ব, প্ৰথমতে, পথ, ৰে’লৱে আৰু দলং সংযোগৰ পুনৰ্বাসন আৰু পুনৰুদ্ধাৰ । দ্বিতীয়তে, সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা ঘৰ নিৰ্মাণৰ বাবে সহায় । তৃতীয়তে, স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাৰ প্ৰতি সহায়, বিশেষকৈ ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ঘৰসমূহৰ বাবে সহায় । চতুৰ্থতে, কৃষি, য’ত হ’ব পাৰে চুটি আৰু সম্ভাৱ্য অভাৱ দূৰ কৰা আৰু পঞ্চমতে, দুৰ্যোগৰ প্ৰতি সঁহাৰি আৰু প্ৰস্তুতিৰ দিশত কাম কৰা ।”

জয়শংকৰে কয় যে ক্ষয়-ক্ষতিৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে শ্ৰীলংকাৰ সহায়ৰ বাবে অহাটো স্বাভাৱিক । তেওঁ কয় যে দুৰ্যোগৰ প্ৰথম দিনাৰ পৰাই ভাৰতৰ অপাৰেচন সাগৰ বন্ধু আৰম্ভ হৈছিল । তেওঁ কয় যে আমাৰ বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্ত আৰু আই এন এছ উদয়গিৰি কলম্বোত উপস্থিত আছিল আৰু সাহায্য সামগ্ৰী যোগান ধৰিছিল, তাৰ পিছত হেলিকপ্টাৰ নিয়োগ কৰা হৈছিল ।

লগতে পঢ়ক : বাংলাদেশত ভাৰত বিৰোধী জুই জ্বলোৱা ৫ খলনায়ক কোন ?

পুটিনৰ ভাৰত ভ্ৰমণৰ পূৰ্বে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ

মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ জয়শংকৰৰ

চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ ভ্ৰমণলৈ যোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে । বৈঠকৰ সময়ত তেওঁলোকে আগন্তুক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে । সংবাদ সংস্থাসমূহৰ মতে, পুটিনে জয়শংকৰৰ সৈতে হাত মিলাই ক্ৰেমলিনৰ চেনেট পেলেচত থকা প্ৰতিনিধি কাৰ্যালয়ত তেওঁক আদৰণি জনায় ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছ’চিয়েল মিডিয়াত কয় যে আজি মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সাক্ষাৎ কৰি সন্মানিত অনুভৱ কৰিছোঁ । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে আগন্তুক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয় । তেওঁলোকে আঞ্চলিক আৰু বিশ্বৰ উন্নয়নৰ বিষয়েও আলোচনা কৰে । তেওঁ লগতে কয় যে আমাৰ সম্পৰ্কক শক্তিশালী আৰু গভীৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আৰু পথ প্ৰদৰ্শনক তেওঁ অতিশয় মূল্য দিয়ে ।

ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰপতি পৰিষদৰ বৈঠকৰ বাবে মস্কোত মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ প্ৰতি বিশ্বই শূন্য সহনশীলতা দেখুৱাব লাগিব আৰু তেওঁ কয় যে ইয়াক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি, আওকাণ কৰিব নোৱাৰি বা “ঢাকি ৰাখিব নোৱাৰি” ।

লগতে পঢ়ক : শ্বেখ হাছিনাক মৃত্যুদণ্ড; মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত

আমেৰিকালৈ নাযায় প্ৰধানমন্ত্ৰী মোদী; UNGA ত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী জয়শংকৰে

UNGA ত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী জয়শংকৰে

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠক (UNGA)ত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

তেওঁৰ সলনি আমেৰিকালৈ যাব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। সভাৰ সংশোধিত বক্তাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত এই তথ্য পোহৰলৈ আহিছে।

৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশন। ২৩ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ চলিব এই উচ্চ পৰ্যায়ৰ বৈঠক।

এই বৈঠকত ব্ৰাজিলে প্ৰথম বক্তা হিচাপে পৰিগণিত হ’ব, তাৰ পিছত আমেৰিকাই সাধাৰণ পৰিষদত ভাষণ দিব।২৩ ছেপ্টেম্বৰত UNGAৰ মঞ্চৰ পৰা বিশ্বৰ নেতাসকলক সম্বোধন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালত ৰাষ্ট্ৰসংঘৰ অধিৱেশনত তেওঁ প্ৰথমবাৰৰ বাবে ভাষণ দিব।ভাৰতৰ হৈ বৈদেশিক মন্ত্ৰী জয়শংকৰে অহা ২৭ ছেপ্টেম্বৰত অধিৱেশনত ভাষণ দিব।

কিন্তু ইয়াৰ পূৰ্বে জুলাই মাহত প্ৰকাশ পোৱা বক্তাৰ তালিকাত প্ৰধানমন্ত্ৰী মোদীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। সেই তালিকা অনুসৰি ২৬ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইউএনজিএক সম্বোধন কৰিবলৈ ওলাইছিল।

লগতে পঢ়ক: ‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’; ভাৰত চীনৰ সম্পৰ্কৰ পিছতে হঠাৎ সুৰ সলনি ট্ৰাম্পৰ

‘দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আটাইতকৈ সুস্থিৰ’; পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ

মস্কোত পুটিনক সাক্ষাৎ এছ জয়শংকৰৰ

বৃহস্পতিবাৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।এই বৈঠক এনে সময়ত সংঘটিত হৈছে যেতিয়া আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।

দৰাচলতে ট্ৰাম্প প্ৰশাসনে কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি পৰোক্ষভাৱে ইউক্ৰেইন যুদ্ধৰ বাবে ধন আগবঢ়াইছে।

তিনিদিনীয়া ৰাছিয়া ভ্ৰমণলৈ যোৱা বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে পুটিনৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰত-ৰাছিয়াৰ সম্পৰ্কক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বৰ অন্যতম সুস্থিৰ সম্পৰ্ক বুলি অভিহিত কৰা হৈছিল।

একে সময়তে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভেও ইয়াক বিশেষ কৌশলগত অংশীদাৰিত্ব বুলি অভিহিত কৰে।

ইয়াৰ পিছত জয়শংকৰে কয় যে লাভৰভৰ সৈতে তেওঁৰ বৈঠক ৰাজনৈতিক সম্পৰ্ক আৰু দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনাৰ এক উত্তম সুযোগ আছিল।

ইয়াৰ লগতে জয়শংকৰে ৰাছিয়াৰ কোম্পানীসমূহক ভাৰতীয় অংশীদাৰৰ সৈতে অধিক সম্পৰ্ক স্থাপন কৰিবলৈও আহ্বান জনায় আৰু নিবিড়ভাৱে কাম কৰিবলৈ আহ্বান জনাই কয় যে দুয়োখন দেশে বাণিজ্যত আৰু অধিক বৈচিত্ৰ্যতা সৃষ্টি কৰিব লাগিব।

জয়শংকৰে ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভৰ সৈতেও আলোচনাত মিলিত হয়।ইয়াৰ সময়ত তেওঁ লজিষ্টিক বাধা আঁতৰোৱা, অশুল্ক বাধা আঁতৰোৱা, উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ, উত্তৰ সাগৰীয় পথ আৰু চেন্নাই-ভ্লাডিভষ্টক কৰিডৰৰ দৰে বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছিল।তেওঁ কয় যে আমাৰ মন্ত্ৰ হ’ব লাগে অধিক কৰা আৰু বেলেগ ধৰণে কৰা। 

লগতে পঢ়ক: ৰে’ল যাত্ৰীৰ অতিৰিক্ত লাগেজত নাথাকিব কোনো ধৰণৰ জৰিমনা; কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে স্পষ্ট

‘ভাৰত আৰু চীনৰ মাজত সহযোগিতা প্ৰয়োজনীয়’; চীনৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ এছ জয়শংকৰৰ

চীনৰ উপ-ৰাষ্ট্ৰপতিক সাক্ষাৎ এছ জয়শংকৰৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আজি চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙক সাক্ষাৎ কৰে।তেওঁ ভাৰত-চীনৰ সম্পৰ্ক ক্ৰমান্বয়ে স্বাভাৱিক কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

এছ জয়শংকৰৰ এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কাৰণ ২০২০ চনত পূব লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত সামৰিক ষ্টেণ্ডঅফৰ পিছত এইটোৱেই তেওঁৰ প্ৰথম চীন ভ্ৰমণ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে  চাংঘাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ বাবে চীনলৈ গৈছে।

ইয়াত দিয়া বক্তব্যত তেওঁ কৈছে যে বৰ্তমানৰ পৰিস্থিতিত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাটো প্ৰয়োজনীয়।

বেইজিঙত উপস্থিত হোৱাৰ পিছত বৈদেশিক মন্ত্ৰীগৰাকীয়ে চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেঙক সাক্ষাৎ কৰি ইয়াক লৈ সুখ প্ৰকাশ কৰে।তেওঁ চীনৰ চাংঘাই সহযোগিতা সংস্থা (SCO)ৰ অধ্যক্ষতাত ভাৰতৰ সমৰ্থন পুনৰ দৃঢ় কৰে।

বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে যি সময়ত দুয়োখন দেশৰ মাজত বৈঠক চলি আছে, সেই সময়ত আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি অত্যন্ত জটিল।

এনে পৰিস্থিতিত চুবুৰীয়া দেশ আৰু প্ৰধান অৰ্থনীতি হিচাপে ভাৰত আৰু চীনৰ মাজত মত আৰু দৃষ্টিভংগীৰ মুকলি আদান-প্ৰদান অতি গুৰুত্বপূৰ্ণ।

তেওঁ কয় যে চীনৰ এছ চি অ’ৰ অধ্যক্ষ পদৰ সফলতা ভাৰতে সমৰ্থন কৰে আৰু অনুমান কৰা হৈছে যে যোৱা অক্টোবৰ মাহত কাজানত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত হোৱা বৈঠকৰ পিছৰে পৰা আমাৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমাগতভাৱে উন্নত হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে কৈলাশ মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ হোৱাৰ কথা ভাৰতত অতি ইতিবাচকভাৱে শলাগ লোৱা হৈছে।

ইয়াৰ জৰিয়তে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক আৰু ধৰ্মীয় সম্পৰ্ক সুদৃঢ় কৰাৰ সুযোগ আহিছে।লগতে দ্বিপাক্ষিক আলোচনাক আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে।

লগতে পঢ়ক: দালাই লামাৰ উত্তৰাধিকাৰীত্বক লৈ বিচলিত চীন; এছ জয়শংকৰৰ ভ্ৰমণৰ পূৰ্বে দিলে সতৰ্কবাণী

দালাই লামাৰ উত্তৰাধিকাৰীত্বক লৈ বিচলিত চীন; এছ জয়শংকৰৰ ভ্ৰমণৰ পূৰ্বে দিলে সতৰ্কবাণী

দালাই লামাৰ উত্তৰাধিকাৰীত্বক লৈ বিচলিত চীন

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ চীন ভ্ৰমণক দুয়োখন দেশৰ মাজত সুসম্পৰ্কৰ আৰম্ভণি হিচাপে দেখা গৈছে। ইফালে চীনে দালাই লামা আৰু তেওঁৰ উত্তৰাধিকাৰী সন্দৰ্ভত ডাঙৰ সতৰ্কবাণী দি ভাৰতৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।

তেওঁ কয় যে এয়া চীনৰ আভ্যন্তৰীণ বিষয় আৰু ‘শিজাং কাৰ্ড’ খেলাটো নিশ্চিতভাৱে নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে হ’ব।

সম্পূৰ্ণ ঘটনাটো কি?

চলিত মাহৰ আৰম্ভণিতে তিব্বতী বৌদ্ধ আধ্যাত্মিক নেতা দালাই লামাই ৯০ সংখ্যক জন্মদিন পালন কৰিছিল। জন্মদিন উপলক্ষে তেওঁ কয় যে তেওঁৰ উত্তৰাধিকাৰীত্বত চীনৰ কোনো ভূমিকা নাই।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুকে ধৰি ভাৰতৰ জ্যেষ্ঠ নেতাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তিব্বতীসকলে কয় যে যিকোনো মহান বৌদ্ধ সন্ন্যাসীৰ আত্মাৰ মৃত্যুৰ পিছত পুনৰ জন্ম হয়।

অৱশ্যে চীনে কয় যে দালাই লামাৰ উত্তৰাধিকাৰীয়ে তেওঁলোকৰ নেতাৰ অনুমোদন ল’ব লাগিব। উল্লেখ্য যে দালাই লামাই ১৯৫৯ চনৰ পৰা ভাৰতত নিৰ্বাসনত বাস কৰি আহিছে।

চীনৰ দূতাবাসৰ মন্তব্য

কাৰো নাম নোলোৱাকৈয়ে চীনৰ দূতাবাসৰ এগৰাকী মুখপাত্ৰই এক্সত লিখিছে যে পৰ্যবেক্ষণ কৰা হৈছে যে ভাৰতৰ প্ৰাক্তন বিষয়াৰ সৈতে কৌশলগত আৰু শৈক্ষিক সম্প্ৰদায়ৰ একাংশ লোকে দালাই লামাৰ পুনৰ্জন্মৰ সন্দৰ্ভত কিছু অনুচিত মন্তব্য কৰিছে।

ইয়াৰ উপৰিও লিখিছে যে, বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞসকলে, তেওঁৰ শিঝাঙৰ লগত জড়িত বিষয়বোৰৰ সংবেদনশীলতাৰ বিষয়ে সম্পূৰ্ণৰূপে জ্ঞান থাকিব লাগিব।

একে সময়তে দালাই লামাৰ পুনৰ্জন্ম আৰু উত্তৰাধিকাৰ স্বাভাৱিকতে চীনৰ আভ্যন্তৰীণ বিষয় হয়, য’ত কোনো বাহ্যিক শক্তিৰ হস্তক্ষেপ সহ্য কৰা নহব।

তেওঁ লগতে লিখিছে যে চীন চৰকাৰে সংখ্যালঘু জনগোষ্ঠীয় সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্ব দিয়ে।

শিজাঙত তিব্বতীসকলে নিজৰ পৰম্পৰাগত সংস্কৃতি, যেনে পৰম্পৰাগত সাজ-পোছাক, খাদ্য, আৰু স্থাপত্য শৈলী আদিক স্বাধীন হিচাপে বজাই ৰখা হৈছে যদিও শিজাং সঠিকভাৱে কি সেই বিষয়টো চীন-ভাৰতৰ সম্পৰ্কত কাঁইটীয়া হৈ পৰিছে আৰু ভাৰতৰ বাবে ই এক বোজা হৈ পৰিছে। শেষত তেওঁ লিখিছিল যে ‘শিজাং কাৰ্ড’ খেলাটো নিশ্চয় নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ দৰে হ’ব।

লগতে পঢ়ক: কানাডাৰ ওপৰত ৩৫% শুল্ক আৰোপ কৰিব ড’নাল্ড ট্ৰাম্পে; সকলো বস্তুতে হ’ব প্ৰযোজ্য

লণ্ডনত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা;  খালিস্তানিয়ে ফালিলে ভাৰতৰ পতাকা  

খালিস্তানিছে ব্ৰিটিছ ৰাজধানী লণ্ডনত ভাৰতীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ বাহনত আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। কেৱল সেয়াই নহয়, বহু সংখ্যক সমবেত খালিস্তানীয়ে ভাৰতৰ পতাকাও ফালি পেলাইছিল।

ভাৰতীয় বৈদেশিক মন্ত্ৰীয়ে লণ্ডনৰ চাথাম হাউচ থিংক টেংকত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ গৈছিল। লণ্ডনৰ এই ঘটনাৰ প্ৰতি ভাৰতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ভাৰতে কৈছিল যে এইটো এটা উচতনিমূলক কাৰ্য আৰু বিচ্ছিন্নতাবাদী সকলে গণতান্ত্ৰিক স্বাধীনতাৰ অপব্যৱহাৰ কৰি আছে।

এজন বিশেষজ্ঞই কৈছে যে ইউকে দীৰ্ঘদিন ধৰি ভাৰতৰ পলাতক আৰু সন্ত্ৰাসবাদীসকলৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল হৈ পৰিছে। তেওঁলোকে ভাৰতক ইউকেৰ সৈতে এফটিএ ৰ বিষয়েও সতৰ্ক কৰি দিছে।

এই সন্দৰ্ভত, ইউকে বৈদেশিক কাৰ্যালয়ে এতিয়া কৈছে,”বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ ইউকে ভ্ৰমণৰ সময়ত চাথাম হাউচৰ বাহিৰত সংঘটিত ঘটনাক আমি তীব্ৰ গৰিহণা দিছো।”

ইউকে-য়ে শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰসমৰ্থন কৰে, কিন্তু ৰাজহুৱা অনুষ্ঠানবোৰক ভয় খুৱাবলৈ, বা ব্যাহত কৰাৰ যিকোনো প্ৰচেষ্টা সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়।”

লণ্ডনত খালিস্তান পন্থী শ্ল’গান দি খলিস্তান পন্থী প্ৰতিবাদকাৰীৰ এটা সৰু গোটৰ অংশ হৈ থকা এজন ব্যক্তিয়ে নিৰাপত্তা বেষ্টনী ভাঙি থিংক টেংক চাথাম হাউচৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰে।

ভাৰতে বিচ্ছিন্নতাবাদী আৰু উগ্ৰপন্থীৰ এই সৰু গোটটোৰ উচতনিমূলক কাৰ্যকলাপক গৰিহণা দিছিল। ভাৰতে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰৰ সৈতে জড়িত ঘটনাটোত নিৰাপত্তাৰ ত্ৰুটিক গৰিহণা দিছিল আৰু ব্ৰিটিছ চৰকাৰক ইয়াৰ কূটনৈতিক দায়বদ্ধতা পূৰণ কৰিবলৈ আহ্বান জনাইছিল।

ইউকেৰ বৈদেশিক কাৰ্যালয়ে কয়, “মেট্ৰ’পলিটান পুলিচে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ দ্ৰুততাৰে কাম কৰিছিল আৰু আমাৰ আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতা অনুসৰি আমাৰ সকলো কূটনৈতিক দৰ্শনাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আমি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”