বন্ধু

‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’; ভাৰত চীনৰ সম্পৰ্কৰ পিছতে হঠাৎ সুৰ সলনি ট্ৰাম্পৰ

‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’ শুল্কক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা অবিৰতভাৱে অব্যাহত আছে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সম্পৰ্ক সন্দৰ্ভত এক ডাঙৰ বক্তব্য আগবঢ়াইছে। ট্ৰাম্পে অ’ভেল অফিচত কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অতি বিশেষ

‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’

শুল্কক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা অবিৰতভাৱে অব্যাহত আছে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সম্পৰ্ক সন্দৰ্ভত এক ডাঙৰ বক্তব্য আগবঢ়াইছে।

ট্ৰাম্পে অ’ভেল অফিচত কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অতি বিশেষ আৰু সাম্প্ৰতিক উত্তেজনাৰ মাজতো মোদী আৰু মই বন্ধু হৈ থাকিম।তেওঁ এজন ভাল প্ৰধানমন্ত্ৰী। তেওঁ মহান।

কিন্তু তেওঁ এতিয়া যি কৰি আছে, মই সেইবোৰ পছন্দ কৰা নাই।কিন্তু ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক অতি বিশেষ।এই সন্দৰ্ভত চিন্তা কৰাৰ কোনো কথা নাই কাৰণ দুয়োখন দেশৰ মাজত কেতিয়াবা এনেকোৱা ঘটনা হয়েই থাকে।

আচলতে ৰাষ্ট্ৰপতিয়ে সেই প্ৰশ্নৰ উত্তৰ দি আছিল,য’ত তেওঁক প্ৰশ্ন কৰা হৈছিল যে ভাৰতৰ সৈতে পুনৰ সম্পৰ্ক উন্নত কৰিবলৈ তেওঁ সাজু নেকি?

কাৰণ শুল্কৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক যোৱা দুটা দশকৰ ভিতৰত আটাইতকৈ বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে।

ট্ৰাম্পে লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা ইমানখিনি তেল ক্ৰয় কৰাত তেওঁ অতি হতাশ হৈছে। আমি ভাৰতৰ ওপৰত বহুত শুল্ক আৰোপ কৰিছো,পঞ্চাশ শতাংশ শুল্ক।

প্ৰধানমন্ত্ৰী মোদীৰ লগত মোৰ ভাল সম্পৰ্ক আছে। মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম তেওঁ মহান হয়।তেওঁ কেইমাহমান আগতে ইয়ালৈ আহিছিল।

ভাৰত আৰু অন্যান্য দেশৰ সৈতে বাণিজ্যিক আলোচনা কেনেকুৱা হৈছে বুলি কৰা প্ৰশ্নত ট্ৰাম্পে কয় যে ই ভালদৰে চলি আছে। ইউৰোপীয় সংঘক লৈ আমি অতি হতাশ হৈছো।

ট্ৰাম্পে পূৰ্বে কৈছিল যে আমি অনুভৱ কৰোঁ যে আমি ভাৰত আৰু ৰাছিয়াক চীনৰ হাতত হেৰুৱাই পেলাইছো।ইয়াৰ লগতে ট্ৰাম্পে মোদী, পুটিন আৰু ছি জিনপিঙৰ এখন ছবিও পোষ্ট কৰে।

লগতে পঢ়ক: ‘চীনক সমৰ্থন কৰিলেই আমেৰিকাত নাপাব প্ৰৱেশ…’; ভিছা সন্দৰ্ভত ট্ৰাম্প চৰকাৰৰ ডাঙৰ ঘোষণা