'ভাৰতৰ ওপৰত শুল্ক আৰু বৃদ্ধি কৰিব পাৰে...'; ৰাছিয়াৰ তেল ক্ৰয়ক লৈ পুনৰ ট্ৰাম্পৰ ভাবুকি

‘ভাৰতৰ ওপৰত শুল্ক আৰু বৃদ্ধি কৰিব পাৰে…’; ৰাছিয়াৰ তেল ক্ৰয়ক লৈ পুনৰ ট্ৰাম্পৰ ভাবুকি

ৰাছিয়াৰ সৈতে তেল ক্ৰয়ক লৈ পুনৰবাৰ ডনাল্ড ট্ৰাম্পে ভাৰতক দিছে ভাবুকি। যদি ভাৰতে তেওঁৰ কথা মানি নলয় তেন্তে পুনৰ বৃদ্ধি কৰিব শুল্ক। ভেনিজুৱেলাৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ পিছতে বাতৰিৰ শিৰোনাম দখল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।ইয়াৰ মাজতে ভাৰতক লৈ ট্ৰাম্পে এটা ডাঙৰ মন্তব্য কৰিছে। ট্ৰাম্পে

ৰাছিয়াৰ সৈতে তেল ক্ৰয়ক লৈ পুনৰবাৰ ডনাল্ড ট্ৰাম্পে ভাৰতক দিছে ভাবুকি। যদি ভাৰতে তেওঁৰ কথা মানি নলয় তেন্তে পুনৰ বৃদ্ধি কৰিব শুল্ক।

ভেনিজুৱেলাৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ পিছতে বাতৰিৰ শিৰোনাম দখল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।ইয়াৰ মাজতে ভাৰতক লৈ ট্ৰাম্পে এটা ডাঙৰ মন্তব্য কৰিছে।

ট্ৰাম্পে ভাৰতক সকীয়াই দি কয় যে শুল্ক আৰু বৃদ্ধি হ’ব পাৰে।ইয়াৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ কথাও উল্লেখ কৰে।

ভাৰতকে ধৰি বহু দেশৰ ওপৰত ট্ৰাম্পে শুল্ক আৰোপ কৰিছিল।এইটোও মন কৰিবলগীয়া যে তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।

ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয়, ‘এই বিষয়টোত তেওঁ মোক সঁচাকৈয়ে সন্তুষ্ট কৰিব বিচাৰিছিল,প্ৰধানমন্ত্ৰী মোদী বৰ ভাল মানুহ।তেওঁ জানিছিল যে ভাৰতে ৰাছিয়াৰ তেল কিনিলে মই সুখী নহয়’।

‘মোক সুখী কৰাটো গুৰুত্বপূৰ্ণ আছিল।যদি তেওঁলোকে ৰাছিয়াৰ তেল ক্ৰয় কৰি থাকে তেন্তে আমি অতি সোনকালে তেওঁলোকৰ ওপৰত শুল্ক বৃদ্ধি কৰিব পাৰো’।

আচলতে ২০২৫ চনৰ আগষ্ট মাহত ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।তেওঁ ৰাছিয়াৰ সৈতে ভাৰতৰ তেল ব্যৱসায়ত সুখী নাছিল আৰু কেইবাবাৰো এই কথা উল্লেখ কৰিছিল।

লগতে পঢ়ক: ‘নিজৰ জীৱন ৰক্ষা কৰক…’; কলম্বিয়াৰ ৰাষ্ট্ৰপতিক মুকলি ভাবুকি ট্ৰাম্পৰ