‘নিজৰ জীৱন ৰক্ষা কৰক…’; কলম্বিয়াৰ ৰাষ্ট্ৰপতিক মুকলি ভাবুকি ট্ৰাম্পৰ

‘নিজৰ জীৱন ৰক্ষা কৰক…’; কলম্বিয়াৰ ৰাষ্ট্ৰপতিক মুকলি ভাবুকি ট্ৰাম্পৰ

কলম্বিয়াৰ ৰাষ্ট্ৰপতিক মুকলি ভাবুকি ট্ৰাম্পৰ। কোকেইন প্ৰস্তুত কৰাৰ বাবে দিলে সাৱধানবাণী। ভেনিজুৱেলাৰ আক্ৰমণ আৰু তাৰ পিছত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰা ঘটনাই লেটিন আমেৰিকাৰ দেশসমূহত আতংকৰ সৃষ্টি কৰিছে। আমেৰিকাৰ এই সাহসক সকলোৱে সৰ্বসন্মতিক্ৰমে সমালোচনা কৰিছে।ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলিকৈ কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ক

কলম্বিয়াৰ ৰাষ্ট্ৰপতিক মুকলি ভাবুকি ট্ৰাম্পৰ। কোকেইন প্ৰস্তুত কৰাৰ বাবে দিলে সাৱধানবাণী।

ভেনিজুৱেলাৰ আক্ৰমণ আৰু তাৰ পিছত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰা ঘটনাই লেটিন আমেৰিকাৰ দেশসমূহত আতংকৰ সৃষ্টি কৰিছে।

আমেৰিকাৰ এই সাহসক সকলোৱে সৰ্বসন্মতিক্ৰমে সমালোচনা কৰিছে।ইয়াৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলিকৈ কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ক ভাবুকি দিছে।

মাদুৰোক ক্ষমতাচ্যুত কৰাৰ পিছত,ট্ৰাম্পে কলম্বিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সাৱধান হ’বলৈ সকীয়াই দিয়ে।ট্ৰাম্পে ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ক নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ কয়।ভেনিজুৱেলাৰ নেতা মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত ট্ৰাম্পে কয় যে, পেট্ৰ’ই নিজৰ জীৱনৰ যত্ন ল’ব লাগে।

ট্ৰাম্পে পেট্ৰ’ৰ বিষয়ে কয় যে তেওঁ কোকেইন বনাই আছে আৰু ইয়াক আমেৰিকালৈ প্ৰেৰণ কৰি আছে,গতিকে তেওঁ সাৱধান হ’ব লাগিব।এখন সংবাদমেলত ট্ৰাম্পে এই মন্তব্য কৰিছে।

শনিবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে ভেনিজুৱেলাৰ একনায়কত্ববাদী নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰি মেক্সিকোৰ ৰাষ্ট্ৰপতিগৰাকীকো পৰোক্ষভাৱে সকীয়াই দিছিল।

লগতে পঢ়ক: আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ