বিশ্ব কঁপোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা, ৩৪ সেনা জোৱানৰ কৰুণ মৃত্যু
সোমবাৰে সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে
দক্ষিণ আমেৰিকাৰ কলম্বিয়াত সোমবাৰে সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাত বহু লোক এতিয়াও সন্ধানহীন হৈ আছে । ১২৫ জন যাত্ৰী কঢ়িয়াই নিয়া বিমানখন উৰণৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয় ।
কলম্বিয়াৰ সেনাই প্ৰায় ৬৬ জন জোৱানৰ মৃত্যু নিশ্চিত কৰিছে । ইয়াৰ পূৰ্বে কলম্বিয়াৰ প’ৰ্ট’ লেগুইজামোৰ মেয়ৰে কয় যে বিমান দুৰ্ঘটনাত ৩৪ জন জোৱানৰ মৃত্যু হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০ জনতকৈ অধিক জোৱান সন্ধানহীন হৈ আছে । বায়ুসেনাই জনোৱা মতে, হাৰকিউলিছ চি-১৩০ বিমানখনত ১১০জন জোৱান আৰু ১১জন ক্ৰুকে ধৰি ১২১জন লোক আছিল । সোমবাৰে উৰণৰ সময়ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । কলম্বিয়াৰ পুটুমায়োৰ পুয়েৰ্টো লেগুইজামোৰ পৰা উৰা মাৰিছিল যদিও কিছু সময়ৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন আছিল আমেৰিকাৰ কোম্পানী লকহিড মাৰ্টিনৰ দ্বাৰা নিৰ্মিত হাৰকিউলিছ চি-১৩০ পৰিবহণ বিমান । এই দুৰ্ঘটনাটোত সামৰিক পৰিবহণ বিমানখনত কঢ়িয়াই নিয়া গোলাবাৰুদ আৰু বিস্ফোৰক বিস্ফোৰণৰ ফলত ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে উদ্ধাৰৰ কামো জটিল হৈ পৰে । হাৰকিউলিছ চি-১৩০ বিমান ১৯৫০ চনত নিৰ্মাণ কৰা হৈছিল আৰু ১৯৬০ চনৰ শেষৰ ফালে কলম্বিয়াই ক্ৰয় কৰিছিল । বৰ্তমান এই বিমানসমূহ কলম্বিয়াৰ সৈন্যক কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হয় ।
উল্লেখ্য যে, ইকুৱেডৰ আৰু পেৰুৰ সীমান্তৱৰ্তী আমাজন অঞ্চলৰ এখন প্ৰদেশ পুটুমায়োত অৱস্থিত পুয়েৰ্টো লেগুইজামো । প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰ’ ছানচেজে এক্সত জনোৱা মতে, সোমবাৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনে জোৱান কঢ়িয়াই পুটুমায়োৰ আন এখন চহৰলৈ লৈ গৈছিল । কলম্বিয়াৰ সংবাদ মাধ্যমে অনলাইনত শ্বেয়াৰ কৰা ছবিত দেখা গৈছে যে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা পথাৰখনৰ পৰা ধোঁৱাৰ ডাঠ ডাৱৰ ওপৰলৈ উঠি আহিছে । জোৱান কঢ়িওৱা এখন ট্ৰাকো ঘটনাস্থলীৰ দিশে তীব্ৰ বেগেৰে গৈ থকা দেখা গৈছে । বায়ুসেনাই এক বিবৃতিত কয় যে দুৰ্ঘটনাস্থলীৰ পৰা কমেও ৭৭ জন লোক আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে বিষয়াসকলে এতিয়াও চূড়ান্ত মৃত্যুৰ সংখ্যাৰ তদন্ত কৰি আছে ।
লগতে পঢ়ক : মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন