ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল নকৰিব… ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি মেট ফ্ৰেডেৰিকচনৰ

ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল নকৰিব… ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি মেট ফ্ৰেডেৰিকচনৰ

শনিবাৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই এতিয়া গ্ৰীণলেণ্ড দখল কৰিবলৈ সাজু হৈছে । ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ। ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সকীয়নি দিয়ে । গ্ৰীণলেণ্ডক সংযুক্ত কৰাৰ সন্দৰ্ভত দিয়া ট্ৰাম্পে দিয়া

শনিবাৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই এতিয়া গ্ৰীণলেণ্ড দখল কৰিবলৈ সাজু হৈছে । ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সকীয়নি দিয়ে । গ্ৰীণলেণ্ডক সংযুক্ত কৰাৰ সন্দৰ্ভত দিয়া ট্ৰাম্পে দিয়া বক্তব্যৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই তেওঁ কয় যে আমেৰিকাই ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল কৰা উচিত নহয় । আমাক আক্ৰমণ কৰিলে নাটোৰ সামৰিক মিত্ৰতাৰ অন্ত পৰিব ।

ভেনিজুৱেলাত সংঘটিত সামৰিক অভিযানৰ পিছতে শনিবাৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই এতিয়া গ্ৰীণলেণ্ড দখল কৰিবলৈ সাজু হৈছে । তেওঁৰ এই বক্তব্যৰ সোমবাৰে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তেওঁ কয় যে আমেৰিকাই গ্ৰীনলেণ্ড দখল কৰিলে নাটোৰ সামৰিক মিত্ৰতাৰ অন্ত পৰিব । কাৰাকাছত মাজনিশা আমেৰিকাৰ সেনাই নেতা নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰিবলৈ চলোৱা অভিযানত বিশ্ব স্তম্ভিত হৈ পৰিছিল । আমেৰিকাৰ এই পদক্ষেপে ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ উদ্বেগ বৃদ্ধি কৰিছে । উল্লেখ্য যে, গ্ৰীণলেণ্ড ডেনমাৰ্কৰ অৰ্ধস্বায়ত্তশাসিত ভূখণ্ড আৰু সেয়েহে ই নাটোৰ অংশ ।

সোমবাৰে এক সাক্ষাৎকাৰত ফ্ৰেডেৰিকচেনে গ্ৰীনলেণ্ড সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বক্তব্যক তীব্ৰ সমালোচনা কৰি বিপৰ্যয়জনক পৰিণতিৰ সতৰ্কবাণী দিয়ে । তেওঁ কয় যে যদি আমেৰিকাই আন এখন নাটো দেশত সামৰিক আক্ৰমণ চলোৱাৰ সিদ্ধান্ত লয় তেন্তে সকলো স্তব্ধ হৈ পৰিব । তাৰ অৰ্থ হ’ল আমাৰ নাটো আৰু এইদৰে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত আমি যি নিৰাপত্তা লাভ কৰি আহিছো সেয়া শেষ হৈ যাব ।

ট্ৰাম্পে ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত আৰু দ্বিতীয় কাৰ্যকালৰ প্ৰথম মাহত গ্ৰীনলেণ্ডৰ ওপৰত আমেৰিকাৰ সাৰ্বভৌমত্ব বাৰে বাৰে দৃঢ়তাৰে দাবী কৰিছিল আৰু দ্বীপটোৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ সামৰিক শক্তি ব্যৱহাৰ কৰাৰ কথাও নুই কৰা নাই । দেওবাৰে তেওঁ ২০ দিনৰ পাছত গ্ৰীণলেণ্ডৰ কথা পাতিম বুলি মন্তব্য কৰিছিল । এই মন্তব্যই ভৱিষ্যতে আমেৰিকাই গ্ৰীণলেণ্ডত হস্তক্ষেপ কৰাৰ পৰিকল্পনা কৰা বুলি আশংকা আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল ।

ফ্ৰেডেৰিকচেনে লগতে কয় যে যেতিয়া ট্ৰাম্পে গ্ৰীণলেণ্ড বিচাৰে বুলি কয় তেতিয়া তেওঁক গুৰুত্বসহকাৰে লোৱা উচিত । তেওঁ লগতে কয় যে আমি এনে পৰিস্থিতি মানি নলওঁ য’ত আমি আৰু গ্ৰীণলেণ্ডক এইদৰে ভাবুকি দিয়া হয় ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ পিছত এইবাৰ গ্ৰীণলেণ্ডৰ পাল ! ভাবুকি নিদিবলৈ ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ