গ্ৰীণলেণ্ডক লৈ আকোঁৰগোজ ট্ৰাম্প; সীমা, পৰিচয় আৰু স্বাধীনতাৰ সৈতে আপোচ নকৰাৰ হুংকাৰ ডেনমাৰ্কৰ

গ্ৰীণলেণ্ডক লৈ পুনৰ এবাৰ নিজৰ প্ৰতিজ্ঞা দোহাৰিছে ট্ৰাম্পে । শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে এআইৰ দ্বাৰা নিৰ্মিত এখন মানচিত্ৰ শ্বেয়াৰ কৰিছে য’ত গ্ৰীণলেণ্ডক আমেৰিকাৰ অংশ হিচাপে দেখুওৱা হৈছে ।

বিশ্বৰ সৰ্ববৃহৎ দ্বীপ তথা ডেনমাৰ্কৰ অৰ্ধ স্বায়ত্তশাসিত ভূখণ্ড গ্ৰীণলেণ্ড বিশ্ব সংঘাতৰ প্ৰধান উৎস হোৱাৰ দিশে আগবাঢ়িছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এআইৰ দ্বাৰা নিৰ্মিত এখন মানচিত্ৰ শ্বেয়াৰ কৰিছে য’ত গ্ৰীণলেণ্ডক আমেৰিকাৰ অংশ হিচাপে দেখুওৱা হৈছে । ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে মানচিত্ৰখনৰ ওপৰত পোনপটীয়াকৈ কোনো মন্তব্য কৰা নাই যদিও তেওঁ যি কৈছে, সেই কথাই ডেনমাৰ্কৰ প্ৰস্তুতিৰ কথা প্ৰকাশ কৰিছে ।

মেট ফ্ৰেডেৰিকচেনে স্পষ্টকৈ কৈছে যে আমি আমাৰ স্বাধীনতা, পৰিচয়, সীমান্ত আৰু গণতন্ত্ৰৰ সৈতে আপোচ কৰিব নোৱাৰো । প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে বিশ্বৰ নেতাসকলৰ ওচৰত আবেদন জনাই কয় যে এইটো বিশ্ব ব্যৱস্থাৰ প্ৰশ্ন ।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ বাবে আটাইতকৈ বেয়া পৰ্যায় আহিব পাৰে বুলি আশংকা প্ৰকাশ কৰে । ট্ৰাম্পৰ নাম নোলোৱাকৈয়ে কয় যে যদি কোনোবাই ইউৰোপৰ সৈতে বাণিজ্য যুদ্ধ আৰম্ভ কৰে তেন্তে আমি নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিম ।

ইয়াৰ পূৰ্বে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে ২০২৬ চনৰ ১৯-২০ জানুৱাৰীত উল্লেখ কৰিছিল যে ট্ৰাম্পৰ শুল্ক ভাবুকিত ইউৰোপে ভয় নাখায় । ট্ৰাম্পে যদি শুল্ক আৰোপ কৰে তেন্তে ইউৰোপে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলিও কয় তেওঁ । ইউৰোপীয় ইউনিয়ন সম্পূৰ্ণৰূপে একত্ৰিত আৰু শুল্ক ব্যক্তিগত দেশৰ বাবে নহয়, সমগ্ৰ ইউৰোপীয় ইউনিয়নৰ বাবে প্ৰযোজ্য হ’ব বুলি কয় ফ্ৰেডেৰিকচেনে । তেওঁ লগতে কয় যে গ্ৰীণলেণ্ড বিক্ৰীৰ বাবে নহয় ।

ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে প্ৰতিজ্ঞা কৰিছিল যে গ্ৰীণলেণ্ডৰ নিয়ন্ত্ৰণ লোৱাৰ লক্ষ্যৰ পৰা কোনো ধৰণে পিছুৱাই যোৱা নাই । তেওঁ আৰ্কটিক দ্বীপটো বলপূৰ্বকভাৱে লোৱাৰ সম্ভাৱনাক নুই কৰা নাছিল আৰু ইউৰোপীয় নেতাসকলে ইয়াৰ প্ৰত্যুত্তৰ জনাবলৈ সংগ্ৰাম কৰাৰ বিষয়টোকো লক্ষ্য কৰি লৈছিল ।

নাটোৰ মহাসচিব মাৰ্ক ৰুটেৰ সৈতে বাৰ্তালাপৰ পিছত ট্ৰাম্পে কয় যে, “মই সকলোকে অতি স্পষ্ট কৰি দিছো যে ৰাষ্ট্ৰীয় আৰু বিশ্ব নিৰাপত্তাৰ বাবে গ্ৰীণলেণ্ড অতি প্ৰয়োজনীয় । এতিয়া পিছলৈ ঘূৰি যোৱাৰ কোনো উপায় নাই, সেই বিষয়ে সকলোৱে একমত ।”

এআই ইমেজত ট্ৰাম্পে নিজৰ উচ্চাকাংক্ষা প্ৰকাশ কৰিছে, য’ত তেওঁ গ্ৰীণলেণ্ডক আমেৰিকাৰ অংশ বুলি অভিহিত কৰিছে । যোৱা বছৰ কেইবামাহো ধৰি বজাৰ আৰু কোম্পানীসমূহক জোকাৰি যোৱা ইউৰোপৰ সৈতে বাণিজ্য যুদ্ধ পুনৰ আৰম্ভ কৰাৰ ভাবুকিও দিছে ট্ৰাম্পে ।

ইফালে ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ নকৰাক লৈয়ো অসন্তুষ্টিও প্ৰকাশ কৰিছে । নৰৱেৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা বাৰ্তাত তেওঁ কয় যে তেওঁ এতিয়া “শান্তি”তকৈ আমেৰিকাৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব দিব । ডাভোছ বৈঠকত ইউৰোপীয় দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে ।

লগতে পঢ়ক : ভাৰত–ইউ এ ই সম্পৰ্কঃ পশ্চিম এছিয়াৰ অস্থিৰতাৰ মাজতে কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব

ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল নকৰিব… ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি মেট ফ্ৰেডেৰিকচনৰ

শনিবাৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই এতিয়া গ্ৰীণলেণ্ড দখল কৰিবলৈ সাজু হৈছে । ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীৰ।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সকীয়নি দিয়ে । গ্ৰীণলেণ্ডক সংযুক্ত কৰাৰ সন্দৰ্ভত দিয়া ট্ৰাম্পে দিয়া বক্তব্যৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই তেওঁ কয় যে আমেৰিকাই ডেনমাৰ্কক ভেনিজুৱেলা বুলি ভুল কৰা উচিত নহয় । আমাক আক্ৰমণ কৰিলে নাটোৰ সামৰিক মিত্ৰতাৰ অন্ত পৰিব ।

ভেনিজুৱেলাত সংঘটিত সামৰিক অভিযানৰ পিছতে শনিবাৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই এতিয়া গ্ৰীণলেণ্ড দখল কৰিবলৈ সাজু হৈছে । তেওঁৰ এই বক্তব্যৰ সোমবাৰে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকচেনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু তেওঁ কয় যে আমেৰিকাই গ্ৰীনলেণ্ড দখল কৰিলে নাটোৰ সামৰিক মিত্ৰতাৰ অন্ত পৰিব । কাৰাকাছত মাজনিশা আমেৰিকাৰ সেনাই নেতা নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰিবলৈ চলোৱা অভিযানত বিশ্ব স্তম্ভিত হৈ পৰিছিল । আমেৰিকাৰ এই পদক্ষেপে ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ উদ্বেগ বৃদ্ধি কৰিছে । উল্লেখ্য যে, গ্ৰীণলেণ্ড ডেনমাৰ্কৰ অৰ্ধস্বায়ত্তশাসিত ভূখণ্ড আৰু সেয়েহে ই নাটোৰ অংশ ।

সোমবাৰে এক সাক্ষাৎকাৰত ফ্ৰেডেৰিকচেনে গ্ৰীনলেণ্ড সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বক্তব্যক তীব্ৰ সমালোচনা কৰি বিপৰ্যয়জনক পৰিণতিৰ সতৰ্কবাণী দিয়ে । তেওঁ কয় যে যদি আমেৰিকাই আন এখন নাটো দেশত সামৰিক আক্ৰমণ চলোৱাৰ সিদ্ধান্ত লয় তেন্তে সকলো স্তব্ধ হৈ পৰিব । তাৰ অৰ্থ হ’ল আমাৰ নাটো আৰু এইদৰে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত আমি যি নিৰাপত্তা লাভ কৰি আহিছো সেয়া শেষ হৈ যাব ।

ট্ৰাম্পে ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত আৰু দ্বিতীয় কাৰ্যকালৰ প্ৰথম মাহত গ্ৰীনলেণ্ডৰ ওপৰত আমেৰিকাৰ সাৰ্বভৌমত্ব বাৰে বাৰে দৃঢ়তাৰে দাবী কৰিছিল আৰু দ্বীপটোৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ সামৰিক শক্তি ব্যৱহাৰ কৰাৰ কথাও নুই কৰা নাই । দেওবাৰে তেওঁ ২০ দিনৰ পাছত গ্ৰীণলেণ্ডৰ কথা পাতিম বুলি মন্তব্য কৰিছিল । এই মন্তব্যই ভৱিষ্যতে আমেৰিকাই গ্ৰীণলেণ্ডত হস্তক্ষেপ কৰাৰ পৰিকল্পনা কৰা বুলি আশংকা আৰু অধিক তীব্ৰতৰ কৰি তুলিছিল ।

ফ্ৰেডেৰিকচেনে লগতে কয় যে যেতিয়া ট্ৰাম্পে গ্ৰীণলেণ্ড বিচাৰে বুলি কয় তেতিয়া তেওঁক গুৰুত্বসহকাৰে লোৱা উচিত । তেওঁ লগতে কয় যে আমি এনে পৰিস্থিতি মানি নলওঁ য’ত আমি আৰু গ্ৰীণলেণ্ডক এইদৰে ভাবুকি দিয়া হয় ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ পিছত এইবাৰ গ্ৰীণলেণ্ডৰ পাল ! ভাবুকি নিদিবলৈ ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ

ভেনিজুৱেলাৰ পিছত এইবাৰ গ্ৰীণলেণ্ডৰ পাল ! ভাবুকি নিদিবলৈ ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণৰ পিছত পুনৰ চৰ্চালৈ আহিছে গ্ৰীণলেণ্ড । ৰাষ্ট্ৰপতি ট্ৰাম্পে অঞ্চলটো দখলৰ ভাবুকি প্ৰদান কৰিছে । ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে গ্ৰীণলেণ্ড আমেৰিকাক প্ৰয়োজন বুলি দাবী কৰিছে ট্ৰাম্পে ।

ভেনিজুৱেলাৰ বিৰুদ্ধে সামৰিক পদক্ষেপৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দক্ষিণ আমেৰিকাৰ পৰা কেৰিবিয়ানলৈকে দেশসমূহক মুকলিকৈ ভাবুকি প্ৰদান কৰিছে । ইয়াৰ মাজতে ড’নাল্ড ট্ৰাম্পে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে আমেৰিকাক গ্ৰীণলেণ্ডৰ প্ৰয়োজন । তেওঁৰ এই বক্তব্যই পুনৰবাৰ আৰ্কটিক দ্বীপ গ্ৰীনলেণ্ডক চৰ্চালৈ আনিছে ।

ড’নাল্ড ট্ৰাম্পৰ এই বক্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত তেওঁৰ সমৰ্থকসকলে কৰা মন্তব্যই গ্ৰীনলেণ্ড আমেৰিকাৰ পৰৱৰ্তী লক্ষ্য হিচাপে পৰিগণিত হোৱাৰ উদ্বেগ বৃদ্ধি কৰিছে । ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে ট্ৰাম্পৰ এই বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গ্ৰীনলেণ্ড নিয়ন্ত্ৰণ কৰাৰ ভাবুকি বন্ধ কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক সকীয়াই দিয়ে ।

ট্ৰাম্পক সকীয়নি ডেনমাৰ্কৰ-

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীয়ে ট্ৰাম্পক স্পষ্টকৈ কয় যে, “ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ড নাটোৰ অংশ । ফলত তেওঁলোক মিত্ৰজোঁটৰ নিৰাপত্তা নিশ্চয়তাৰ অধীনত পৰে । ডেনমাৰ্কৰ সৈতে আমেৰিকাৰ ইতিমধ্যেই এক প্ৰতিৰক্ষা চুক্তি আছে যিয়ে আমেৰিকাক গ্ৰীণলেণ্ডত ব্যাপক প্ৰৱেশৰ সুবিধা প্ৰদান কৰে ।” তেওঁ লগতে কয়, “এই ভিত্তিত মই আমেৰিকাক আহ্বান জনাইছো যে ঐতিহাসিকভাৱে ঘনিষ্ঠ মিত্ৰ, দেশ আৰু লোকক তেওঁলোকে ভাবুকি দিয়া বন্ধ কৰক, যিয়ে স্পষ্টভাৱে তেওঁলোক বিক্ৰী নহয় বুলি কৈছে ।”

ভেনিজুৱেলাৰ আক্ৰমণৰ পিছতে চৰ্চাত গ্ৰীনলেণ্ড-

ভেনিজুৱেলাত আমেৰিকাৰ আক্ৰমণৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে বিশ্বৰ দৃষ্টি গ্ৰীণলেণ্ডত কেন্দ্ৰীভূত হয় । ইয়াৰ পোনপটীয়া কাৰণ আছিল ড’নাল্ড ট্ৰাম্পৰ বক্তব্য তথা ভাবুকি । দৰাচলতে পূৰ্বৰ কাৰ্যকালত ড’নাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ড ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল । গ্রীনলেণ্ড এটা উল্লেখযোগ্য কৌশলগত গুৰুত্বৰ অঞ্চল ৷ ইয়াৰ জনসংখ্যা মাত্ৰ ৫৬ হাজাৰ ।

আৰ্কটিক দ্বীপ গ্ৰীনলেণ্ড ভৌগোলিকভাৱে উত্তৰ আমেৰিকাৰ অংশ । কিন্তু ইউৰোপৰ সৈতে ৰাজনৈতিকভাৱে সংযুক্ত ডেনমাৰ্কৰ ভিতৰৰ ই এক স্বায়ত্তশাসিত ভূখণ্ড । আভ্যন্তৰীণ বিষয়ত গ্ৰীণলেণ্ড স্ব-শাসিত যদিও ইয়াৰ বৈদেশিক আৰু নিৰাপত্তা নীতি ডেনমাৰ্কৰ নিয়ন্ত্ৰণত আছে । কিন্তু ২০০৯ চনৰ আত্মশাসন আইন অনুসৰি ইয়াৰ সম্পূৰ্ণ স্বাধীনতা লাভ কৰাৰ অধিকাৰ আছে, যিটো গণভোটৰ জৰিয়তে গ্ৰীনলেণ্ডৰ জনসাধাৰণে বাছি ল’ব পাৰে ।

কিয় গুৰুত্বপূৰ্ণ গ্ৰীনলেণ্ড ?

ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ নেতাসকলে আমেৰিকাৰ এই স্থিতিক আন্তঃৰাষ্ট্ৰীয় আইন আৰু সাৰ্বভৌমত্ব উলংঘা কৰা বুলি অভিহিত কৰিছে । গ্রীনলেণ্ডৰ অৰ্থনীতি মূলতঃ মাছ ধৰাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । শেহতীয়া বছৰবোৰত আমেৰিকাৰ আপুৰুগীয়া খনিজ পদাৰ্থ, ইউৰেনিয়াম, লো খননকে ধৰি গ্ৰীনলেণ্ডৰ প্ৰাকৃতিক সম্পদৰ প্ৰতি আগ্ৰহ বাঢ়িছে ।

দৰাচলতে গোলকীয় উষ্ণতাৰ বাবে গ্রীনলেণ্ডক আবৰি থকা কিছুমান বৰফ গলি এই ঠাইবোৰ অধিক সুলভ কৰি তুলিব পাৰে । শেহতীয়াকৈ ট্ৰাম্পৰ বক্তব্যই ইয়াকেই ইংগিত দিছিল । বিশেষকৈ গলি যোৱা বৰফে নতুন জলপথ আৰু সামৰিক সুযোগ মুকলি কৰাৰ বাবে আৰ্কটিকত ৰাছিয়া আৰু চীনৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাবে গ্রীনলেণ্ড অতি গুৰুত্বপূৰ্ণ বুলি ট্ৰাম্পে মন্তব্য কৰিছিল ।

আমেৰিকাৰ দীৰ্ঘদিন ধৰি গ্রীনলেণ্ডৰ প্ৰতি নিৰাপত্তাৰ স্বাৰ্থ আছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীয়ে ডেনমাৰ্কৰ মূল ভূখণ্ড দখল কৰিছিল । ইয়াৰ পিছত আমেৰিকাই গ্ৰীণলেণ্ড আক্ৰমণ কৰি সমগ্ৰ ভূখণ্ডত সামৰিক আৰু ৰেডিঅ’ ষ্টেচন স্থাপন কৰে ।

লগতে পঢ়ক : মাদুৰোক গ্ৰেপ্তাৰৰ পিছত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক আহ্বান…