হাতত হেণ্ডকাফ, চকুত ক’লা পটী… আমেৰিকাৰ জিম্মাত থকা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

ড’নাল্ড ট্ৰাম্পে আমেৰিকান সেনাই বন্দী কৰা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ এখন ফটো প্ৰকাশ কৰিছে । ফটোত দেখা গৈছে যে, মাদুৰোৰ হাতত হেণ্ডকাফ লগতে তেওঁৰ চকুত ক’লা পটি বান্ধি থোৱা আছে । ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাৰ আক্ৰমণৰ পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত প্ৰকাশ

ড’নাল্ড ট্ৰাম্পে আমেৰিকান সেনাই বন্দী কৰা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ এখন ফটো প্ৰকাশ কৰিছে । ফটোত দেখা গৈছে যে, মাদুৰোৰ হাতত হেণ্ডকাফ লগতে তেওঁৰ চকুত ক’লা পটি বান্ধি থোৱা আছে ।

ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত আমেৰিকাৰ আক্ৰমণৰ পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথত প্ৰকাশ কৰিছে এখন বিশেষ ফটো । ট্ৰাম্পে শ্বেয়াৰ কৰা ছবিখনত বন্দী অৱস্থাৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক দেখা গৈছে । ফটোত দেখা গৈছে যে, আমেৰিকান সেনাৰ জিম্মাত থকা মাদুৰোৰ হাতত হেণ্ডকাফ লগতে তেওঁৰ চকুত ক’লা পটি বান্ধি থোৱা আছে । প্ৰকাশিত বাতৰি অনুসৰি শোৱনি কোঠাত শুই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় মাদুৰোক ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক আমেৰিকাৰ যুদ্ধ জাহাজ USS Iwo Jimaত ৰাখি নিউয়ৰ্কলৈ লৈ যোৱা হৈছে ।

আক্ৰমণৰ পিছত ফক্স নিউজৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত ট্ৰাম্পে মাদুৰোক আত্মসমৰ্পণ কৰিবলৈ কোৱা বুলি কয় । ট্ৰাম্পে কয় যে মই স্পষ্টকৈ কৈছিলো যে আপুনি আত্মসমৰ্পণ কৰিব লাগিব । তেওঁ লগতে কয় যে তেওঁ মাদুৰোৰ সৈতে প্ৰায় এসপ্তাহ পূৰ্বে বাৰ্তালাপ কৰিছিল । ট্ৰাম্পৰ মতে, “আমাৰ মাজত আলোচনা হৈছিল, মই নিজেই তেওঁৰ সৈতে কথা পাতিছিলো, কিন্তু মোৰ বাৰ্তা স্পষ্ট আছিল যে, আপুনি আত্মসমৰ্পণ কৰিব লাগিব ।”

কাৰাকাছত আমেৰিকাৰ আক্ৰমণৰ পিছত এই বক্তব্য প্ৰকাশ পাইছে, তাৰ পিছত ডেল্টা ফৰ্চে মাদুৰোক বন্দী কৰা বুলি দাবী কৰিছিল ট্ৰাম্পে । ভেনিজুৱেলা চৰকাৰে এই ঘটনাক “আক্ৰমণ” বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে আহ্বান জনাইছে ।

বিচাৰৰ সন্মুখীন হ’ব পাৰে মাদুৰো আৰু তেওঁৰ পত্নী-

আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডীয়ে কয় যে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছ অভিযুক্ত হোৱাৰ পিছত নিউয়ৰ্কত অপৰাধমূলক অভিযোগৰ সন্মুখীন হ’ব লাগিব । বণ্ডীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয় যে শীঘ্ৰেই এই দম্পতীহালে আমেৰিকাৰ মাটিত আমেৰিকাৰ আদালতত আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব লাগিব । উল্লেখ্য যে, ২০২০ চনত নিউয়ৰ্কত মাদুৰোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল ।

লগতে পঢ়ক : কিমান ঘাতক ভেনিজুৱেলাত প্ৰৱেশ কৰি ৰাষ্ট্ৰপতিক বন্দী কৰা ডেল্টা ফৰ্চ ? ই কিয় বিপদজনক ?

শেহতীয়া প্ৰৱন্ধসমূহ